কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১২ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১২ ) ? Assamese Storyboard

Assamese Storyboard

 

 পিছদিনা,

 বেদান্তই ৰিয়াক বিচাৰি তাইৰ ৰুমলৈ আহিল।
 "ৰিয়া , ৰিয়া কত আছা তুমি?"
ৰিয়া: কি হল বেদান্ত, তুমি এনেকৈ কিয় চিঞৰি আছা?( Assamese Storyboard )
বেদান্ত: যোৱাকালি দাদায়ে মোৰ আৰু উৰ্মিৰ বিষয়ে গম পালে
ৰিয়াই চক খাই উঠি কলে,"কি?"
 বেদান্ত: অ যোৱাকালি তেওঁ আমাক দেখিলে।
ৰিয়া: তেন্তে এতিয়া চাগে তেওঁ বহুত খং কৰিছে
বেদান্ত: তেনেকোৱা একো নাই , দাদায়ে মাত্ৰ সুধিলে মই সকলো সঁচা কৈ দিলো। কিন্তু এটা কথা মই বুজি পোৱা নাই যে দাদায়ে তোমাৰ কথা কিয় সুধি আছিল।
ৰিয়া: কিন্তু মোৰ কথা কিয়?
বেদান্ত: অ, দাদাই সুধিছিল তুমি মোৰ আৰু উৰ্মিৰ সম্বন্ধৰ বিষয়ে জানা নে নাজানা আৰু তুমি এই কথাটো লৈ সুখী হয় নে?
ৰিয়া:এতিয়া ইয়াত মই গম পোৱা আৰু সুখী হোৱাৰ কথা কৰ পৰা আহিল। তোমাৰ দাদাও যে বৰ অজিব দেই। ৰাতি মোক তেওঁ কৈ আছিল মোৰ লগত কিবা কথা পাতিব আছে বুলি। কি কথা পাতিব নাজানো, মোৰ বহুত চিন্তা হৈছে।
বেদান্ত: ১মিনিট, তুমি দাদাৰ লগত কথা পাতিলা তাতে আকৌ ৰাতি। তোমালোক দুয়োৰে মাজত সকলো ঠিক হৈ গল মানে আৰু যদি হল মোক এতিয়ালৈকে কিয় কোৱা নাই তুমি? মই তোমাক বেয়া পাইছোঁ যোৱা।

ৰিয়া: "নহয় তুমি ভুল বুজিছা।"
তাৰ পাছত তাই বেদান্তক ৰাতিৰ সকলো কথা কলে । বেদান্তই তাইক জোকাই কলে," অ'হ তেন্তে  এইটো কথা। বাৰু দাদাই তোমাৰ চিন্তা কৰিব যে ধৰিছে।"
ৰিয়া: তুমিও যে নহয়, কৰ কথা কলৈ লৈ গৈ আছা। তেওঁ মাত্ৰ মোৰ লগত বন্ধুত্ব কৰিব খুজিছে কিন্তু মই মানা কৰি দিলো।
বেদান্ত: বন্ধুত্ব কৰি লোৱা আকৌ তাত নো কি সমস্যা আছে? হয়তো তাৰ পাছত তোমালোকৰ মাজত সকলো ঠিক হৈ যাব পাৰে।


 ৰিয়াই তাৰ কানখন টানি কলে," তুমি আজিকালি অলপ বেছি কব লৈছা নেকি? আৰু মই ইমান সোনকালে সেইবোৰ পাহৰিব নোৱাৰো। বহুত কন্দুৱালে তোমাৰ দাদাই মোক।" কথাখিনি কৈ তাই তাৰ কানখন এৰি দিলে আৰু উদাস হৈ পৰিল।
বেদান্ত: তুমি আকৌ উদাস হৈ পৰিলা, মই মানা কৰিছিলো নহয় তোমাক উদাস নহবলৈ। এতিয়া হাঁহি দিয়া আৰু তোমাৰ হাতৰ স্পেচিয়াল চাহ কাপ খোৱাবা , আজি মই বহুত সুখী।
  ৰিয়াই হাঁহি মাৰি কলে,"ঠিক আছে নি আছো তুমি তললৈ ব'লা।"
বেদান্তই তললৈ আহি দেখিলে ৰিংকু বাহিৰত অকলেই বহি আছে আৰু সি ৰিয়াক মাত লগালে," ৰিয়া তিনি কাপ চাহ বনোৱা আৰু বাৰাণ্ডালৈ লৈ আহিবা দাদাও তাতেই আছে।"
ৰিয়াই পাকঘৰৰ পৰাই মাত লগালে," ঠিক আছে গৈ আছো।"

ৰিয়াই বাহিৰলৈ চাহ লৈ আনি দেখিলে দুইজন ককাই ভাই বাৰাণ্ডাতেই বহি কথা পাতি আছে। ৰিয়াই চাহৰ ত্ৰে খন থৈ নিজৰ চাহৰ কাপটো লৈ তাৰ পৰা ভিতৰলৈ আহিব লওঁতে ৰিংকুয়ে কলে,"ভিতৰলৈ কিয় গৈছা ? ইয়াতে বহি আমাৰ লগত চাহকাপ খোৱা।"
ৰিয়া তাতেই বেদান্তৰ ওচৰত ঝুলনা খনত বহিলে। ৰিংকুয়ে ৰিয়াৰ ফালে চালে। তাই চাহ খাই থাকোতে নিজৰ ফোনটোত ব্যস্ত আছিল। ৰিংকুয়ে তাইক ভালকৈ চালে। বেদান্তই এইবোৰ দেখি ফোন অহাৰ ভাও ধৰি তাৰ পৰা উঠি আহিল।
 ৰিংকুয়ে ৰিয়াৰ ফালে চাই ভাবিলে," একেবাৰেই সাধাৰণ আৰু আজলী। ইমান সাধাৰণ ভাবে থকাৰ পাছতো কেনেকৈ ইমান ধুনীয়া হব পাৰে। তাৰোপৰিও তাইৰ মেলি থোৱা দীঘল চুলিয়ে আৰু ধুনীয়া কৰি তুলিছিল তাইক।"
ৰিংকুয়ে যে কিমান দিনৰ পাছত তাইক ইমান গভীৰভাৱে লক্ষ কৰিছে। সি তাইক এনেদৰে চাই মনত এক শান্তি লাভ কৰিছিল।
 ৰিংকুৰ সেই তিনি বছৰ পুৰণি দিনটো মনত পৰিছে যেতিয়া সি এয়াৰপৰ্টৰ পৰা ঘৰলৈ উভতি আহিছিল কিবা বস্তু নিবলৈ। তাৰ কিবা বস্তু থাকি গৈছিল নে এইটো কম যে সি জানি বুজি এৰি থৈ গৈছিল। সেইদিনাও সি তাৰ বেলকণীৰ পৰা লুকাই তাইক এনেদৰেই চাই ৰৈছিল। ৰিয়াক এবাৰ চাবৰ বাবেইটো সি বস্তু নিয়াৰ অজুহাতেৰে ঘৰলৈ উভতি আহিছিল। সেইদিনাও তাই এই ঝুলনা খনত বহি নিচিন্ত মনে নিজৰ মোবাইলটোতে ব্যস্ত আছিল। কিছু সময়ৰ মুৰে মুৰে তাই মূৰ উঠাই ইফালে সিফালে চাই আছিল হয়তো তাই কাৰোবাক বিচাৰি আছিল

কৰবাত নহয় কৰবাত ৰিংকুয়েও তাইক পছন্দ কৰিছিল। প্ৰতিবাৰ যেতিয়া সি ছুটিত ঘৰলৈ আহে তেতিয়া বেদান্তই তাক ৰিয়াৰ ফটোবোৰ দেখুৱাই আৰু সি তাৰেই কেইখনমান মনে মনে লৈ যায়। এইয়া আকস্মিক ভাবেই ঘটিছিল যে সিও মনে মনে ৰিয়াক পছন্দ কৰিছিল। কিন্তু যেতিয়া সি বেদান্তই মাকক ৰিয়াক প্ৰেম প্ৰস্তাৱ দিয়া কথাটো শুনিলে তেতিয়া সি নিজকে বাধা দিলে। সি নিজৰ ভায়েককো বহুত ভাল পায়। তথাপিও সেইদিনা যেতিয়া বেদান্তই ৰিয়া অহাৰ কথাটো কলে তেতিয়া সি নিজকে এবাৰ ৰিয়াক চোৱাৰ হেঁপাহৰ পৰা ৰখাব নোৱাৰিলে আৰু সি জানি বুজি তাৰ পাছপোৰ্ট খন থৈ গল ঘৰত।
ইফালে ৰিংকুয়ে নিজৰ মাজতেই মগন হৈ হাঁহি আছিল আৰু আনফালে ৰিয়াই অনুভৱ কৰিলে যে কোনোবাই তাইক চাই আছে। তাই মূৰ উঠাই দেখিলে ৰিংকুয়ে মিচিকয়াই তাইৰ ফালেই চাই আছে।
 " কি যে আচৰিত মানুহ নহয় এইজন মোক কেনেকৈ চাই আছে। হওঁতে আকৌ মোৰ স্বামী কিন্তু মোক পত্নী ৰূপে স্বীকাৰ কৰিবলৈ মানা কৰি দিলে। আৰু এতিয়া মোৰফালে এনেকৈ চাই আছে যেন আজিলৈকে কোনো ছোৱালীক দেখিয়েই পোৱা নাই। কিবা ওলোটা পোলোটা কাণ্ড নকৰে তো? এই বেদান্ত ও যে কত গুচি গল নহয়।"


তাৰ পিছত ৰিয়াই নিজৰ চিন্তাধাৰাত হাঁহি নিজৰ মনত কলে," এনেকৈ কি যি তি কাণ্ড কৰিব পাৰে নেকি? তেওঁৰ তো মোৰ প্ৰতি কোনো ইচ্ছা নাই। আৰু যদি কিবা কৰিব চেষ্টা কৰে তেন্তে মই কি চাই থাকিম নেকি ? গোটেই কেইটা দাঁত ভাঙি হাতত দি দিম। এনেকৈয়ে এৰি নিদিওঁ নহয়। এটিটিউড কেৱল তেওঁৰেই নাই মোৰো আছে। কিবা কৰিবলৈ সাহস কৰি দেখাওক চোন তেতিয়া গম পাই যাব মই কি  বস্তু।"
তাই তাৰ পৰা উঠি যাব লওঁতেই ৰিংকুয়ে তাইক কলে,"ৰিয়া ব'হা , মোৰ তোমাৰ লগত কথা পাতিব লগা আছে।"
ৰিয়াই বহি লৈ কলে,"হয় কওক ।"
ৰিংকু: তুমি বেদান্ত আৰু উৰ্মিৰ বিষয়ে গম পোৱা?
ৰিয়া: উম গম পাওঁ।
ৰিংকু: কেতিয়াৰ পৰা?
ৰিয়া: "তেতিয়াৰ পৰা গম পাও যেতিয়া বেদান্তই প্ৰথমবাৰ উৰ্মিক দেখা পাইছিল।"  তাই বুজি পোৱা নাই যে ৰিংকুয়ে এইবোৰ কিয় সুধিছে তাইক।
 ৰিংকু: তেন্তে এইবোৰ লৈ তোমাৰ কোনো আপত্তি নাই?
ৰিয়া: ইয়াত আকৌ মোৰ কিয় আপত্তি থাকিব?
ৰিংকু: তুমি সচাই কৈছা নে?
ৰিয়াৰ এতিয়া অলপ আচৰিত লাগিল। হঠাৎ তাইৰ মনত পৰাত তাই কলে," ৰ'ব ৰ'ব , আপুনি মোৰ আৰু বেদান্তৰ বন্ধুত্বক বেয়া দৃষ্টিৰে চোৱা নাই তো?"
ৰিংকুয়ে চকু তল কৰি মৌন হৈ পৰিল।
ৰিয়াই তাক মনে মনে থকা দেখি খঙত চিঞৰি উঠিল," এতিয়া কিয় মনে মনে আছে? কিবা এটা কওক। একো নকয় কিয় যে আপুনি মোৰ আৰু বেদান্তৰ বিষয়ে কি ভাবিছিল? "
ৰিংকুয়ে কি কব ভাবি পোৱা নাই। সি ইমান দিনৰ পৰা তাৰ মনত এটা ভুল ধাৰণা লৈ আছিল। সি একো কব নোৱাৰিলে।( Assamese Storyboard )

ৰিয়া: আপোনাৰ মৌনতাই বহুত কথাই কৈছে মিষ্টাৰ ৰিংকু। আপুনি এনেদৰে ভাবিব কেনেকৈ পাৰিলে? এতিয়া মই বুজিছো আপুনি আমাৰ সম্বন্ধটোক কিয় স্বীকাৰ নকৰিলে। ইমান ডাঙৰ ভুল ধাৰণা এটা যেতিয়া মনত পুহি ৰাখিছিল তেন্তে বিয়াৰ বাবে কিয় মান্তি হল? অন্তত তেতিয়া মই ইমান দুখ নাপালো হয়। এবাৰ নিজৰ ভাইটিৰ লগত কথা পাতিব পাৰিলে হয়। মোক নালাগে কিন্তু নিজৰ ভাইটিক বিশ্বাস কৰিব লাগিছিল।"
 ৰিংকুয়ে লাহেকৈ কলে," চ'ৰি ৰিয়া,মই ভাবিছিলো...।"
ৰিয়াই তাৰ কথাৰ মাজতে আকৌ কলে,"কি চ'ৰি? আপোনাৰ সাহস কেনেকৈ হল মোৰ বিষয়ে এনেকুৱা কথা ভাবিবলৈ। আপুনি মোৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন কৰিলে। আপুনি মোৰ বিষয়ে জানেনো কি? এবাৰো মোক আৰু বেদান্তক নোসোধাকৈ আমাৰ বিষয়ে ইমান বেয়াকৈ কেনেকৈ ভাবিব পাৰিলে?" তাই কান্দিব ধৰিলে।
ৰিংকুয়ে আকৌ কব বিচাৰিলে,"ৰিয়া প্লিজ নাকান্দিবা। মোক প্লিজ মাফ কৰি দিয়া।"

ৰিয়াই কান্দি কান্দি কলে,"আপুনি বহুত ভুল বুজিলে। ইমানেই নহয় আপুনি মোৰ জীৱনটোক ধেমালি বুলি ভাবিলে। যেতিয়া মোৰ বিষয়ে ইমান বেয়াকৈ ভাবিব পাৰিলে তেন্তে মোক বিয়া কিয় কৰালে?সেই সময়ত কিয় মানা নকৰিলে? আপুনি ভাবি চাইছে নে যদি বেদান্তই গম পায় যে তাৰ নিজৰ দাদাই তাৰ বিষয়ে কি ভাবি আছে  তাৰ কিমান বেয়া লাগিব?"
তাই কথাখিনি কৈ যাব লওঁতেই ৰিংকুয়ে তাইক আকৌ ধৰি ৰাখিব বিচাৰিলে কিন্তু তাই চিঞৰি উঠি কলে," এতিয়াৰ পৰা আৰু মোৰ লগত কথা পাতিবলৈও চেষ্টা নকৰিব। মই গম পোৱা নাছিলো আপোনাৰ চিন্তাধাৰা ইমান ঠেক বুলি। আপুনি ৰাশিৰ দৰে পবিত্ৰ বন্ধন এটাটো বিশ্বাস কৰিব নোৱাৰিলে। বেদান্ত আৰু মোৰ মাজত বায়েক ভায়েকৰ সম্বন্ধ আছে আৰু আপুনি মোৰ নাম তাৰ লগত জোৰা লগাই দিলে। কিমান লেতেৰা চিন্তা ভাৱনা আপোনাৰ। আপুনি বহুত বেয়া হয় ।" তাই কান্দি কান্দি ভিতৰলৈ গুচি গল।
এতিয়া ৰিংকু আৰু আচৰিত হল। সি সঁচাকৈয়ে গম পোৱা নাছিল যে বেদান্তই ৰাখি পিন্ধোৱা বান্ধৱী জনী ৰিয়া হয়। সি মাত্ৰ ইমানেই জানিছিল যে বেদান্তৰ কোনোবা বান্ধৱীয়ে তাক ৰাখি বান্ধিছিল।
"কিমান ডাঙৰ ভুল কৰিলো মই। মইও যে কিমান ডাঙৰ মূৰ্খ হয়। এবাৰ বেদান্তৰ লগত কথা পাতি লোৱা হলে আজি কথাটো ইমান ডাঙৰ নহল হেতেন। এতিয়া মই কি কৰো? কেনেকৈ মান্তি কৰাম ৰিয়াক? বহুত খং কৰিছে তাই মোক। আৰু খং কৰিবও তাই মোৰ বাবে তাইৰ অন্তৰ যে ভাঙিল।"সি মনৰ ভিতৰতে কৈ থাকিল।



"যদি বেদান্তই এইবোৰ গম পায় তেন্তে সি মোৰ বিষয়ে কি ভাবিব? সঁচাকৈয়ে মই বহুত ডাঙৰ মূৰ্খ। সকলোৱে যেতিয়া গম পাব মোৰ কথা কি ভাবিব? আৰু ৰিয়া, তাইক কেনেকৈ মান্তি কৰাও? কেনেকৈ তাইক বিশ্বাস দিয়াম যে মই তাইক পছন্দ কৰোঁ, ভাল পাওঁ তাইক ?
 কিয় নোৱাৰিম?নিশ্চয় বিশ্বাস দিব পাৰিম। এতিয়াটো তাইৰ আৰু মোৰ মাজত সম্বন্ধ গঢ়ি উঠিলে। এই সম্বন্ধৰ দ্বাৰা তাই মোৰ হয় কেৱল মোৰ। মই তোমাক ভাল পাওঁ ৰিয়া।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup




No comments:

Post a Comment

Advertisement

Pages