ৰাতিপুৱাৰ পৰাই গোটেই ঘৰখন পাৰ্টিৰ বাবে ব্যস্ত দেখা পোৱা গল। পাৰ্টি বাহিৰৰ বাগিচাত হব সেইবারে গোটেই বাগিচাখন সজাই তোলা হল।( Assamese Storyboard )
কল্পনাই বাৰে বাৰে চিৰিৰ ফালে চাই আছিল। কিন্তু ৰাতিপুৱাৰ পৰাই ৰিংকু আৰু ৰিয়াৰ কোনো দেখা দেখি নাই। শেষত তেওঁ বেদান্তক সুধি পেলালে," ইহঁত দুয়োটা কত আছে নো? এতিয়ালৈকে তললৈ অহা নাই।"
বেদান্ত: ৰাতি সিহঁতৰ দেৰি হল চাগে। এতিয়ালৈকে শুই আছে চাগে। মা তুমি অলপ শান্ত হোৱা আৰু সিহঁতকো আৰাম কৰিব দিয়া।
তেতিয়াই ৰিংকুক বাহিৰৰ পৰা অহা দেখিলে," এইয়া দাদা আহিল মা। তোমাৰ মৰমৰ ৰিয়াও এতিয়া আহিবই। এতিয়া তুমি সুখী নে?"
কল্পনাই ৰিংকুৰ ফালে চোৱাত তাক অলপ ভাগৰুৱা যেন দেখিলে। তেওঁৰ অলপ চিন্তা হল," ৰিংকু তুমি ৰাতিপুৱাই কত গৈছিলা? আৰু এইবোৰ কি অৱস্থা বনাই থৈছা তুমি? ৰিয়া কত আছে ৰাতিপুৱাৰ পৰা দেখা নাই?" তাৰ ওচৰলৈ আহি কলে আৰু তাৰ চেহেৰাটো দেখি আচৰিত হল," তোমাৰ চকু কিয় ৰঙা হৈ আছে? তুমি...কান্দিছিলা নেকি? মনে মনে কিয় আছা? কি হৈছে আৰু ৰিয়া কত?"
বেদান্তইও দৌৰি আহিল,"দাদা কি হল তোমাৰ সকলো ঠিকে আছে নহয়?"
ৰিংকুয়ে লাহেকৈ কলে," মা এইবোৰ বন্ধ কৰি দিয়া, ইয়াত কোনো পাৰ্টি নহয় আজি।"
কল্পনা এইবাৰ চিন্তাত পৰিল," তুমি এইবোৰ কি কৈছা? কি হৈছে তোমাৰ আৰু ৰিয়া কত আছে নোকোৱা কিয়?"
ৰিংকু: তাই কত আছে মই নাজানো। মোৰ তাইৰ লগত কোনো মতলব নাই।
বেদান্ত: দাদা তুমি এনেকৈ কিয় কৈছা? ৰাতিটো তোমালোক টেৰেছত আছিলা ন? ৰিয়াই তোমাৰ লগত আকৌ কাজিয়া কৰিলে নেকি? ঠিক আছে মই তাইক লৈ আনিছো ৰবা। তুমি চিন্তা নকৰিবা মই এতিয়াই তাইক মান্তি কৰাই লৈ আনিম।
ৰিংকুয়ে ব্যংগ কৰি কলে," অ তোমাৰেইটো কথা শুনিব। মইনো হওঁ কোন তাইৰ?" কিন্তু বেদান্তই শুনি নাপালে কাৰণ সি তেতিয়ালৈকে তাৰ পৰা গুচি আহিল। সি দৌৰি ৰিয়াৰ ৰুমলৈ গল,"ৰিয়া... ৰিয়া কত আছা? বাথৰূমত আছা নেকি?" ৰুমত তাইক কতো নেদেখি সি বাথৰূমত চালে। কিন্তু বাথৰূমৰ দৰ্জা খোলা আছিল। তাৰ মানে তাই বাথৰূমটো নাই।
"বাথৰূমটো নাই তেন্তে কত যাব পাৰে? হয়তো ওপৰত চাদত আছে" বুলি সি ওপৰলৈ গল।
ওপৰলৈ গৈ তাৰ দুভৰি থমকি ৰল। গোটেই টেৰেছতো বিশৃংখল হৈ আছিল। এইবোৰ দেখি সি এক অজান আশংকাৰে আগবাঢ়ি গল আৰু তাৰ চকু তলত পৰি থকা ফটোবোৰত পৰিল। সি ফটোকেইখন তুলি লোৱাত স্তব্ধ হৈ পৰিল। তাত সি ৰিয়াক কোলাত দাঙি আৰু সাৱটি ধৰা ফটো আছিল। তাত আৰু কিছুমান ফটো পৰি আছিল। সি লাহে লাহে গোটেই কেইখন ফটো গোতাই চাবলৈ ধৰিলে। গোটেই কেইখন ফটো তাৰ আৰু ৰিয়াৰ আছিল যি ভুল এটা দৃষ্টিকোণৰ পৰা তোলা হৈছিল।
এই ফটোবোৰ আৰু টেৰেছৰ অৱস্থা দেখি সি বুজিব পাৰিলে যে ৰাতি ইয়াত কি হৈছিল? তাৰ কান্দিব মন গৈছিল। ভুলক্ৰমে হলেও সি আকৌ এবাৰ তাৰ বন্ধুৰ সুখৰ মাজত কাঁইট হৈ পৰিল।
"ৰিয়া, ৰিয়া কত আছা তুমি? ভয় নকৰিবা মই দাদাক বুজাম।" ৰিয়াৰ কথা মনলৈ অহাত সি গোটেই ঘৰতে তাইক বিচাৰিলে কিন্তু তাইক কতো বিচাৰি নাপালে।
সি ভাগৰি পৰি মাকৰ ভৰিত পৰি দিলে। তাৰ হাতত সেই ফটোবোৰৰ পেকেটতো আছিল আৰু কল্পনাই সেইটো দেখি সুধিলে," কত আছে ৰিয়া? এই খামটোত কি আছে?"
ৰিংকুয়েও সেই খামতো বেদান্তৰ হাতত দেখিলে,"তোমাৰ মৰমৰ ৰিয়াৰ কাণ্ড কাৰখানা বোৰ আছে তাত।"
কল্পনাই খঙেৰে কলে," তুমি গম পাইছা নে কি কৈ আছা? যি মনলৈ আহিছে কৈ গৈ আছা।"
তেনেকুৱাতে অমৰ বাহিৰৰ পৰা আহিল আৰু চ'ফাট বহি ললে," অ, তাৰ চিন্তাধাৰাৰ মতে সি থিকেই কৈছে। কাৰণ সি ইয়াতকৈ আগলৈ আৰু একো ভাবিবও নোৱাৰে।" তাৰ পাছত তেওঁ নিজৰ ফোনটো উলিয়াই চেক্ৰেটৰি জনক কলে,"যিমানবোৰ অতিথি নিমন্ত্ৰণ কৰা হৈছিল সকলোকে নম্ৰতাৰে ক্ষমা বিচাৰি পাৰ্টি নোহোৱাৰ খবৰটো দি দিয়াম" আৰু অনুস্থানতো সজাই তোলা মানুহক ফোন কৰি সকলো বস্তু পেক কৰি লৈ যাবলৈ কলে।
কল্পনাই খঙত কলে," হৈছে কি ইয়াত মোক কোনোবাই কব নে? আৰু আপুনি পাৰ্টি কিয় কেঞ্চেল কৰিছে? ৰিয়াকো বিচাৰি পোৱা নাই। কত আছে ঠিক নাই, বেদান্ত উৰ্মিক এবাৰ ফোন কৰা হয়তো তাইৰ ওচৰলৈ যাব পাৰে।"
তেতিয়াই উৰ্মি সিহঁতৰ ঘৰলৈ আহে," খুড়ী কত আছে আপোনাৰ মৰমৰ মাজনী? ৰাতিপুৱাৰ পৰা ফোনটো অফ কৰি থৈ দিছে।" তাৰ পাছত তাই লক্ষ কৰিলে যে ঘৰৰ বাতাবৰণ ভাল নহয়। তাই ভালকৈ চালে ," নিশ্চয় ইয়াত কিবা ঘটনা ঘটিল।" তাৰ পাছত তাই মনে মনে থাকিল।
কল্পনাই উৰ্মিক দেখি কলে," কি? ৰিয়া তোমাৰ ওচৰতো নাই?"
উৰ্মি: মই বুজা নাই খুড়ী। ৰিয়া আকৌ মোৰ ওচৰত কিয় থাকিব? ৰাতি মোক ফোন কৰি সোনকালে আহিব কৈছিল ৰাতিপুৱা।
ৰিংকুয়ে হাঁহি হাঁহি কলে,"মা, তাই গুচি গল চাগে। তাইৰ সঁচা কথাবোৰ মই গম পালোঁ যে সেইকাৰণে। তাৰ পাছত নো আৰু তাই কেনেকৈ চকু মিলাব পাৰিব আমাৰ লগত?"
উৰ্মিয়ে আচৰিত হৈ বেদান্তৰ ফালে চালে যি থৰ হৈ মাটিত বহি একেথৰে তললৈ চাই আছিল। তাৰ হাতত এটা খাম আছিল। তাই ভয় কৰি ৰিংকুক সুধিলে," দাদা কিবা হল নেকি?"
ৰিংকু:' তোমাৰ বেষ্টফ্রেণ্ডৰ সঁচা কাহিনীবোৰ গম পালোঁ। আহা তোমাকো তাইৰ আচল ৰূপটো দেখুৱাই দিও' বুলি কৈ বেদান্তৰ হাতৰ পৰা খামতো ললে আৰু মাকক দিলে," লোৱা মা তোমাৰ মৰমৰ ৰিয়াক চাই লোৱা আৰু উৰ্মি তুমিও চাই লোৱা তাই তোমাক কিদৰে ঠগিলে।"
উৰ্মিয়ে ফটোবোৰ উলিয়াই চালে। ফটোবোৰ চাই তাই সকলো বুজি পালে যে ৰিংকুয়ে আকৌ ৰিয়া আৰু বেদান্তৰ বিষয়ে ভুল বুজিছে।
"দাদা ,আপুনি এই ফটোবোৰৰ যিটো অৰ্থ উলিয়াইছে সেইয়া একেবাৰে সঁচা নহয়। এইয়া তো কাৰোবাৰ ষড়যন্ত্ৰ হয়।" আৰু তাই বেদান্তৰ ওচৰলৈ আহিল।
"তুমি মনে মনে কিয় আছা? তুমি একো নোকোৱা কিয় আৰু ৰিয়া কত?"
বেদান্তই লাহেকৈ কলে," ৰিয়া গোটেই ঘৰত কতো নাই হয়তো তাই ঘৰ এৰি গুচি গল।"
উৰ্মি:কি?
ৰিংকুয়ে উৰ্মিৰ হাতৰ পৰা ফটোবোৰ লৈ মাকক দেখুৱাই কলে,"চোৱা মা, তুমি এতিয়াও মোৰেই ভুল বুলি কবা। চোৱা ইয়াত কিদৰে বেদান্ত আৰু ৰিয়া ইমান কাষ চাপি আছে। এতিয়া কোৱা যে মই যিটো কৈছোঁ সেইয়া ভুল নেকি? মা তুমি তো সকলো জানিছিলা ৰিয়া আৰু বেদান্তৰ বিষয়ে তাৰ পাছতো তাইৰ বিয়া কিয় মোৰ লগত কৰাইছিলা? তাই যিহেতু বেদান্তক পছন্দ কৰিছিল তেন্তে বেদান্তৰ লগত কিয় বিয়া পাতি নিদিলা? তাই নিজেই কৈছে যে বেদান্তক তাই নিজৰ জীৱনটোতকৈ ও বেছি ভাল পায়।"
তেতিয়া হঠাৎ কপ্লনা বহি থকাৰ পৰা উঠি ৰিংকুক জোৰেৰে এটা চৰ মাৰিলে। সেই চৰ তোৰ শব্দত বেদান্ত আৰু উৰ্মি স্তব্ধ হৈ পৰিল। ৰিংকুয়ে তো গালত হাত থৈ মাকলৈ চাই আছিল।
কল্পনা: হয়, ৰিয়াই বেদান্তক নিজৰ প্ৰাণতকৈও বেছি ভাল পায় আৰু নাপাব নো কিয়? ইয়াত ভুল কি? তুমি মোক এই ফটোবোৰ দেখুৱাই সিহঁতৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰিছা নহয়, ৰবা মইও তোমাক কিবা দেখুৱাও। সেইবোৰ চাই তুমি কবা যে বেদান্তৰ বাবে ৰিয়াৰ যি মৰম আছে সেইয়া কিয় ভুল " কিছুসময় পাছত যেতিয়া তেওঁ উভতি আহিল তেওঁৰ হাতত এটা পুৰণি ফটোৰ এলবাম আৰু এখন কাগজ আছিল।
কল্পনাই সেইবোৰ ৰিংকুৰ হাতত দি কলে," এইয়া চোৱা বেদান্তৰ জন্মৰ প্ৰমাণ পত্ৰ আৰু তাৰ ১ বছৰলৈকে থকা ফটো। এতিয়া কোৱা যে ইয়াত ৰিয়াৰ মনত বেদান্তৰ প্ৰতি থকা মৰম কেনেকৈ ভুল হব পাৰে? এতিয়াও তুমি এইবোৰ ভুল বুলি ভাবিছা?"
ৰিংকুয়ে যেতিয়া ফটোবোৰ দেখিলে তাত দুটি নবজাত শিশুৰ ফটো আছিল। এখন ফটোত ৰিয়াৰ দেউতাকৰ কোলাত দুয়োটা সন্তান আছিল। সি একো বুজি নুপুৱাত জন্মৰ প্ৰমাণ পত্ৰ খন চালে। যেতিয়া সি তাত মাক দেউতাকৰ নাম নেদেখি ৰিয়াৰ মাক দেউতাকৰ নাম দেখিলে সি মাকৰ ফালে চাই থৰথৰকৈ কঁপিব ধৰিলে," নহয় মা, এইয়া সঁচা হব নোৱাৰে।"
কল্পনা: কি হল এতিয়া তোমাৰ? এতিয়া গম পালা তুমি কিমান ডাঙৰ ভুল কৰিলা। ভুল নহয় পাপ কৰিছা তুমি। তুমি বায়েক আৰু ভায়েকৰ সম্বন্ধ এটাত মিছা লাঞ্চন লগালা। ৰিয়া আৰু বেদান্ত কেৱল নামৰে নহয় সঁচাকৈয়ে বায়েক ভায়েক হয়। দুয়োটা যমজ হয়। প্ৰশান্ত দা আৰু নিশা বৌৰ দুয়ো যমজ সন্তান। আৰু মই যি ফটো তোমাক দিছোঁ সেইয়া সিহঁতৰ জন্মৰ সময়ৰ ফটো হয়। বাৰু তুমি এইটো কথা গম পোৱা নাছিলা মানি লৈছোঁ কিন্তু এইটো কথা তো তুমি গম পোৱা যে ৰিয়াই বেদান্তক ৰাখি পিন্ধাই। বেদান্তইউ তাইক বাইদেউ বুলি ভাবে। তেন্তে তুমি কেনেকৈ বেলেগৰ কথা শুনি এইটো বিশ্বাস কৰিব পাৰিলা যে ইহঁতৰ মাজত কিবা ভুল আছে? কেনেকৈ তুমি তাইক এই ফটোবোৰৰ আধাৰত দোষী সজাব পাৰিলা? লাজ নালাগিল নে তোমাৰ? এবাৰো তুমি ভাবি নাচালা। বেলেগৰ লগত নহলেও অন্তত মোৰ লগত এবাৰ কথা পাতিব লাগিছিল। আজি তুমি মই দিয়া সংস্কাৰক ভুল প্ৰমাণিত কৰিলা।" ( Assamese Storyboard )
এইবোৰ শুনি ৰিংকুৰ কাণেৰে তেজ বৈ অহা যেন লাগিল। ইফালে যেতিয়া বেদান্তই এইবোৰ কথা শুনিলে সি দৌৰি আহি ৰিংকুৰ হাতৰ পৰা ফটোবোৰ লৈ মাকক কলে,," মা, তুমি সচাই কৈছা নে? ৰিয়া সচাকৈ মোৰ বাইদেউ হয় নে? মোৰ জমজ বাইদেউ। তুমি মোক আগতে কিয় নকলা যে ৰিয়া মোৰ বা হয়?" সি ফুৰ্তিৰে উৰ্মিৰ ফালে চাই কলে," উৰ্মি তুমি শুনিছা নহয় , ৰিয়া মোৰ নিজৰ বা হয়। মোৰ তাইৰ লগত তেজৰ সম্পৰ্ক আছে।" সি ফুৰ্তিত আপুন পাহৰা হৈ গল । হঠাৎ তাৰ চকু সেই জন্মৰ প্ৰমাণ পত্ৰ খনত পৰিল যত মাক দেউতাকৰ নামৰ ঠাইত ৰিয়াৰ মাক দেউতাকৰ নাম লিখা আছিল," মা, তাৰমানে মই.... তোমালোকৰ....."
কল্পনাই তাক ওচৰত বহুৱাই লৈ কলে," অ , এইটো সঁচা যে তুমি মোৰ নহয় নিশা বৌৰ সন্তান হয়। বৌয়ে যমজ সন্তান জন্ম দিছিল। সেই সময়ত ৰিংকু ৩ বছৰীয়া আছিল আৰু মই দ্বিতীয়বাৰ মাক হোৱাৰ ক্ষমতা হেৰুৱাইছিলোঁ। মই ছোৱালী বহুত ভাল পাইছিলোঁ। তোমাৰ জন্মৰ সময়ত মই তাতেই আছিলোঁ। যেতিয়া আমি গম পালোঁ যে নিশা বৌৰ যমজ সন্তান জন্ম হব তেতিয়া আমি সিদ্ধান্ত ললোঁ যে যদি এটা সন্তান লৰা আৰু এটা ছোৱালী হয় তেন্তে ছোৱালী সন্তানটো মই ৰাখিম। আৰু সেই ছোৱালীজনীক মই নিজৰ ছোৱালী বুলি ভাবি ডাঙৰ দীঘল কৰিম। তোমালোক দুয়ো জন্মৰ সময়ত বহুত দুৰ্বল আছিলা সেইবাবে আমি ঠিক কৰিলোঁ যে ১ বছৰৰ পাছত আহি আমি ৰিয়াক লৈ যাম।"
কিন্তু যেতিয়া আমি ১ বছৰ পাছত আকৌ গাঁৱলৈ উভটি গলো তেতিয়া তুমি আৰু দূৰ্বল হৈ পৰিছিলা। তুমি প্ৰায়ে অসুস্থ হৈ আছিলা। ডাক্তৰেও উত্তৰ দি দিছিল। তেতিয়া নিশা বৌএ কলে," কল্পনা, তুমি মোৰ এটা সন্তান বিচাৰিছিলা নহয়, তুমি বেদান্তক লৈ যোৱা আৰু তাক চিকিৎসা কৰি বচোৱা।"
তেতিয়ালৈকে ককাইদেউৰ চাকৰি হোৱা নাছিল আৰু বৌৰ গা তো বেছি বেয়া হবলৈ ধৰিলে। হয়তো তেওঁ বুজি পাইছিল যে তেওঁৰ হাতত আৰু বেছি দিন নাই। তেতিয়া মই তেওঁক ধেমালিতে কলো,' বৌ, মইতো ৰিয়াক লগত লৈ যাম ভাবিছিলোঁ।'
তেতিয়া বৌয়ে হাঁহি মাৰি কলে," লৈ যাবা কোনে নো বাধা দিব তোমাক? ৰিংকুৰ কইনা সাজি লৈ যাবা।" তাৰ ৫ বছৰ পাছত তেওঁৰ মৃত্যু হল। তেতিয়া মই আৰু তোমাৰ পাপাই মিলি ঠিক কৰিলোঁ যে প্ৰতি বছৰ গৰমৰ বন্ধত আমি গাঁৱলৈ যাম যাতে তোমালোক বায়েক ভায়েক দুইটাই একেলগে অলপ সময় কটাব পাৰা। আৰু আমি বেছি কষ্ট কৰিব লগাও নহল কাৰণ তুমি সৰুৰে পৰাই ৰিয়াক নিজৰ বাইদেউ মানিবলৈ লৈছিলা।
ৰিংকুয়ে ইমান দেৰীৰ পৰা সকলো শুনি আছিল আৰু হঠাৎ সি মাত লগালে," মা, ৰিয়াই এইবোৰ জানে নে?"
তেতিয়া বেদান্তইও কলে," অ মা কোৱাচোন , ৰিয়াই গম পায় নে মই যে তাইৰ নিজৰ ভায়েক হয়?"
কল্পনা: 'অ, তাই গম পায়।' বুলি কৈ তেওঁ উৰ্মিক ওচৰলৈ মাতি আনি উৰ্মিৰ হাতত থকা খাৰুজুৰ দেখুৱাই কলে," এইয়া চোৱা এইজোৰ ৰিয়াই দিছে উৰ্মিক। এইজোৰ কাৰ খাৰু হয় জানানে? এইজোৰ নিশা বৌৰ খাৰু হয় যি বেদান্তৰ পত্নীৰ বাবে গঢ়াইছিল। কিন্তু তাই এইবোৰ কেতিয়াৰ পৰা গম পায় সেইটো মই নাজানো। কিন্তু তাই মোক বহুত মাহৰ পৰা কৈ আছিল যে ৰিংকুক এইবোৰ কথা মই কৈ দিব লাগে।"
এতিয়ালৈকে অমৰ মনে মনে আছিল। তেওঁ লাহেকৈ সিহঁতৰ ওচৰলৈ আহি বেদান্তৰ ওচৰত বহি তাৰ মূৰত হাত ফুৰাই কলে," কল্পনা, হয়তো ৰিয়াই জানিছিল যে ৰিংকুৰ সন্দেহ উপজিছে। হয়তো সেইবাবে তাই তোমাক ৰিংকুক সকলো কথা কৈ দিবলৈ কৈছিল। মইও তোমাক বহুতবাৰ কলো যে সিহঁত এতিয়া ডাঙৰ হল, সিহঁতৰ অধিকাৰ আছে সঁচা কি জানিবলৈ। কিন্তু তুমি মোৰ কথা নামানিলা।"
কল্পনাই কান্দি কান্দি কলে," মই নো কি কৰিম? মই ভয় কৰিছিলোঁ সঁচা গম পোৱাৰ পাছত দুয়ো ককাই ভাইৰ মাজত দূৰত্ব বাঢ়ি যাব বুলি। বেদান্তক মই জন্ম নিদিব পাৰো কিন্তু তাক মই বুকুত সাৱটি ডাঙৰ কৰিছোঁ। ভয় কৰিছিলোঁ সকলো গম পোৱাৰ পাছত যদি সি আমাক এৰি গুচি যায় "
বেদান্তই মাকৰ চকুলো মোহাৰি কলে," মা, তুমি যদি আগতেই এই সকলোবোৰ কৈ দিলা হয় তেন্তে মই তোমাক এৰি কতো নগলো হয়। আৰু ৰিয়াও এতিয়া ইয়াতেই আছিল যেতিয়া মইনো যাম কত? কিন্তু এতিয়া তাই কত বা আছে কি অৱস্থাত আছে?" সি তাৰ পৰা উঠি ৰিয়াৰ ৰুমলৈ গল। কল্পনাই উৰ্মিক ইঙ্গিত দিয়াত তাইও তাৰ পিছে পিছে গল।ইফালে বেদান্তই ৰিয়াৰ ফটোখনৰ ওচৰত বহি কান্দি আছিল। উৰ্মিয়ে পিছফালৰ পৰা আহি তাৰ কান্ধত হাত থোৱাত সি উভতি তাইক সাৱটি ধৰিলে আৰু কান্দিলে।
"উৰ্মি মই বহুত দুৰ্ভগীয়া ভায়েক হয় ন ? প্ৰতিবাৰেই নিজৰ বাৰ সুখৰ ৰাস্তাত বাধা হৈ পৰো। যদি সৰুতেই মই অসুস্থ নহলো হয় তেন্তে আজি ৰিয়া মোৰ ঠাইত থাকিল হয়। এতিয়া মোৰ বাবে তাইৰ বিবাহিত জীৱনটো ধংশ হৈ গল। মোৰ বাবে দাদায়ে তাইক আকৌ অস্বীকাৰ কৰিলে। তাই কিমান ফুৰ্তিত আছিল আৰু দাদাক তাই ইমান ভাল পায়। এইবুৰটো তুমিও জানা কিন্তু আজি মোৰ কাৰণে আকৌ এবাৰ সকলো খেলিমেলি হৈ গল। তাই আকৌ এবাৰ নিজৰ ভালপোৱাৰ পৰা দূৰ হৈ গল। তাইক কথা দিছিলোঁ যে উৰে জীৱন তাইৰ ৰক্ষক হৈ থাকিম। আৰু এতিয়া মই গোটেই জীৱনৰ বাবে তাইৰ দুখৰ কাৰণ হৈ পৰিলোঁ। উৰ্মি মই কৰ পৰা ৰিয়া, মোৰ নিজৰ বাক বিচাৰি আনিম? যেতিয়া মই তাইক তেজ দিছিলোঁ তেতিয়া তুমি কৈছিলা যে এতিয়া আমাৰ মাজত তেজৰ সম্পৰ্ক গঢ়ি উঠিল। এতিয়া তাইৰ সুখৰ ধ্যান ৰখাটো তোমাৰ দায়িত্ব। কিন্তু আমাৰ জন্মৰ পৰাই তেজৰ সম্পৰ্ক আছিল । তথাপিও মই তাইৰ সুখৰ ধ্যান ৰাখিব নোৱাৰিলোঁ। বৰঞ্চ তাইৰ সুখৰ হত্যাকাৰী হলো। তাই কি অনুভৱ কৰিছে নাজানো?" এনেদৰে কৈ সি কান্দিব ধৰিলে।
উৰ্মিয়েও কান্দিছিল কিন্ত তাই নিজক চম্ভালি বেদান্তৰ মূৰত হাত ফুৰাই তাক মনে মনে থাকিব দিলে ," বেদান্ত শান্ত হোৱা, আমি লগ হৈ ৰিয়াক বিচাৰিম। আমি তাইক নিশ্চয় বিচাৰি পাম। তোমাক বহুত মৰম কৰে সেইবাবে তোমাক এৰি বহুত বেছি দূৰলৈ যাব নোৱাৰে। আৰু সেই ৰাজুক সি কৰা ভুলৰ শাস্তি দিব আছে সেইবাবে শান্ত হোৱা। চোৱা , তোমাক ৰিয়াৰ শপত মনে মনে থাকা।"
দুৱাৰ মুখত ৰৈ ৰিংকুয়ে সকলো কথা মনে মনে শুনি আছিল। তাৰ সাহস হোৱা নাছিল সিহঁতৰ উছৰলৈ গৈ কিবা কবলৈ। তেতিয়াই উৰ্মিৰ চকু তাৰ ওপৰত পৰিল,"চোৱা বেদান্ত, ৰিংকু দাদা।"
বেদান্তই উৰ্মিক এৰি দিলে। ৰিংকু লাহেকৈ তাৰ ওচৰলৈ আহি তাৰ হাতত ধৰি তলত বহি দিলে," বেদান্ত, মোৰ ভাই মোক মাফ কৰি দিয়া। দুৰ্ভিগীয়া তুমি নহয় মই হয় যিয়ে তাইৰ ওপৰত সন্দেহ কৰিলোঁ। তাই মোক কব বিচাৰিছিল কিন্তু মই খঙত পাগল হৈ তাইৰ কথা শুনিবই নিবিচাৰিলো। মই তোমাৰ আৰু তোমাৰ বাৰ অপৰাধী হয়। মই তোমাক তোমাৰ বাৰ পৰা দূৰ কৰি দিলোঁ। মোৰ এই ভুলৰ বাবে তুমি যি শাস্তি দিব বিচৰা মোক দিয়া। মই সকলো ধৰণৰ শাস্তি ভুগিবলৈ ৰাজী আছোঁ। কিন্তু মোৰ ভাই আৰু নাকান্দিবা।" বুলি কৈ তাৰ চকুলো মোহাৰি দিলে। বেদান্তই মাত্ৰ এইটোৱেই কলে," দাদা, তাই তোমাক বহুত ভাল পাইছিল।"
উৰ্মিয়ে কলে," দাদা সেই ফটোবোৰ সিদিনা ৰাতি কলেজৰ বিদায় সভাৰ দিনাৰ হয়। সিদিনা ৰাজুয়ে তাই গম নোপোৱাকৈ কোল্ড ড্ৰিংক্সৰ লগত ৱাইন মিলাই খুৱাই দিছিল।" আৰু উৰ্মিয়ে সেইদিনা ৰাতিৰ সকলো কথা ৰিংকুক কলে।
এতিয়া ৰিংকুৰ আৰু বেয়া লাগিব ধৰিলে," যেতিয়া তাইক মোৰ দৰকাৰ আছিল মই তাইক ইমান এটা ডাঙৰ অপবাদ দিলোঁ। মই মোৰ কোনো এটা দায়িত্ব পালন কৰিব নোৱাৰিলোঁ। পাপাই ঠিকেই কয় মোৰ মাজত চিন্তা কৰিব পৰা শক্তিয়েই নাই। সেইকাৰণে মই প্ৰতিবাৰেই ভুলতো ভাবো আৰু সকলো ধংশ কৰি দিওঁ।"হঠাৎ উৰ্মিৰ চকু পঢ়া টেবুলত পৰিল। তাত কিবা এটা আছিল। ওচৰলৈ গৈ চোৱাত তাই তাত ২খন চিঠি দেখা পালে। এখন ৰিংকুৰ আৰু আনখনত বেদান্তৰ নাম লিখা আছিল। উৰ্মিয়ে সেইখন খুলি চোৱাত ৰিয়াৰ হাতৰ আখৰ দেখি পালে। তাই বেদান্তক কলে," বেদান্ত চোৱা, ৰিয়াই তোমালোকৰ বাবে কিবা লিখি থৈ গৈছে।" আৰু দুয়োকে নিজৰ নিজৰ নামৰ চিঠি দি দিলে। ৰিংকুয়ে সেমেকা দুচকুৰে চিঠিখন চালে।
সেই সময়ত উৰ্মিয়ে নিজৰ বেগৰ পৰা ৰিয়াৰ ডায়েৰী খন উলিয়ালে। সেইখন ৰিংকুক দি কলে," দাদা ,আপুনি এই চিঠিখনৰ পাছত ডায়েৰী খনো পঢ়ি লব। এইখন ৰিয়াৰ ডায়েৰী হয়। যেতিয়া বেদান্তই হোষ্টেলৰ পৰা তাইৰ বস্তুবোৰ লৈ আনিছিল তেতিয়া এইখন মই লুকুৱাই থৈছিলোঁ। মই ভাবিছিলোঁ আপুনি যেতিয়া ৰিয়াৰ লগত জীৱনত আগবাঢ়িবলৈ সাজু হব তেতিয়া এইখন আপোনাক দিম। যাতে আপুনিও তাইৰ মনৰ অনুভৱবোৰ উপলব্ধি কৰিব পাৰে যে তাইও আপোনাক বহুত ভাল পায়।"
সি সকলো হেৰুৱাই ডায়েৰী আৰু চিঠিখন বুকুত সাৱটি ধৰিলে। আৰু সি সেই চিঠিখন পঢ়িব ধৰিলে।
"ৰিংকু দা......."
আগলৈ…
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment