কি ভুলৰ বাবে এই প্ৰেম হৈ ৰল আধৰুৱা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 24, 2021

কি ভুলৰ বাবে এই প্ৰেম হৈ ৰল আধৰুৱা : Assamese Storyboard

Assamese Storyboard

প্ৰেম এক স্বৰ্গীয় অনুভূতি বুলি সকলোৱে কোৱা শুনিছিলো, কিন্তু বুজি পোৱা নাছিলোঁ প্ৰেম মানে কি। ( Assamese Storyboard )

           শিৱসাগৰ আমগুৰিৰ এখন গাঁৱলীয়া পৰিবেশত মই ডাঙৰ দীঘল হৈছিলোঁ মোৰ নাম প্ৰিয়া ভাগৱতী। ঘৰখনৰ সৰু আছিলোঁ মই, আৰু মোৰ দেউতা পেচাত এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল, অলপ উৎপতিয়া স্বভাৱৰ বাবে ঘৰ খনৰ সকলোৰে বৰ মৰমৰ আছিলো, মা আৰু দেউতাহতে মৰমতে  মুনু বুলি মাতিছিল। 


    সিদিনা খনৰ কথা হঠাৎ মোৰ খুৰাৰ ডাঙৰ লৰা অভিজিত দাদাৰ বিয়াৰ খবৰ ওলাল, আৰু খবৰটো পায় মই আনন্দত আত্মহাৰা হৈ গৈছিলো। আৰু বিয়াত কি পিন্ধিম কি কৰিম সকলো ভাবিব লাগি গলো মই, কাৰণ মই খুবেই চঞ্চল আৰু অলপ উট্পতিয়া স্বভাৱৰ আছিলোঁ, এইবোৰ ভাবি ভাবি মই বিচনাতে শুই পৰিছিলোঁ। হঠাৎ মোৰ মা আহি মাজনী বুলি চিঞৰি দিয়াত মই মোৰ সপোনৰ পৃথিৱীৰ পৰা ওলাই চক খাই গলোঁ।


মা: অথনিৰ পৰা যে চিঞৰি আছিলোঁ কি মূৰটো কৰি আছিলি


প্ৰিয়া(মুনো): তুমিও যে মা, মোৰ সপোনটো আহি ভাঙি দিলাহি।


মা: দিন দুপৰতে কিহৰ সপোন দেখি আছ হা।


প্ৰিয়া: কাকু দাদাৰ বিয়াত কেনেকে ওলাম, কি পিন্ধিম্ ভাবি আছোঁ।


মা: ইহঁ,,, ৰাম জন্ম হবলে পোৱাই নাই, তাই ৰামায়ন ৰচিলেই।


প্ৰিয়া: অ, মা শুনা অক্ মোৰ যে হালধীয়া নতুন কাপোৰযোৰ  আছে তাকে পিন্ধিম, চিলাই আনি দিবা মোক ।


মা: ককাইয়েৰক দি দিবি, মইনো কত দৌৰি ফুৰিম।


প্ৰিয়া: ইহ হৈছে আৰু তোমাৰ পুতেৰাই যে মোক কাপোৰ আনি দিব।


মা: হব যি হৈ দেখা যাব, এতিয়াও ১ সপ্তাহ আছেই দেখোন।


মুনো: হব দিয়া মা, মই চাহ কৰোঁ তুমি পাপাক কল এটা কৰি লোৱা।


মা: যা, বনা মই কম বুলিয়ে আহিছিলোঁ।

মা আৰু মোৰ সম্পৰ্ক খুব ভাল আছিল, আমি মাক জীয়েক নহয় যেন বান্ধৱী তেনেদৰে সকলো পাতিছিলো।

                

             এনেকৈয়ে ১ সপ্তাহৰ পিছত দাদাৰ বিয়াৰ দিন আহি পালে, মোৰ দাদা এজন আৰক্ষী বিষয়া আছিল আৰু তেওঁ হব লগা পত্নীয়ো একে বিভাগৰে আছিল। সকলো বিয়াৰ কাম কাজত ব্যস্ত আছিল, বিয়া বৰ ডাঙৰকৈ পতা হোৱা নাছিল যদিও হঠাৎ হোৱাৰ বাবে থুল মূলকৈ পতাৰ সিদ্ধান্ত হল।

      

                 ১৫ মে, ২০২০ এই দিনটোতে দাদাৰ বিয়াৰ বাবে দিন ধাইজ্য কৰা হল, বিয়া বুলি কলে সকলোৰে মন উগুল থুগুল হৈ ঠিক তেনেদৰে মইও বিয়া বুলি কলেজ নগলোঁ, ৰাতিপুৱাই ৫মান বজাত দৰা, মোৰ দাদা, বৰমা, খুৰা এনেকৈ ১০ জন মান মানুহ লৈ ছোৱালী আনিবলৈ বুলি মৰিগাঁওলৈ ৰাওনা হল, তাৰ পিছত আমিও কামত লাগিলোঁ।


  খুৰী: অ মুণু এইফালে আহিবিচোন।


প্ৰিয়া: অ খুৰি কোৱা, কিয় মাতিচিলা।


খুৰি: এটা কাম কৰি দে, ৰাজু খুৰি যে তাহাতৰ ঘৰত গাখীৰ লৈ থৈছিলো আনি দিবি?


মুন: হব খুৰি, মই দ্বিজেন ভাইটিৰ লগত এ যাওঁ। 

       দ্বিজেন আছিল মোৰ সৰু খুৰি লৰা, সি বৰ মৰমিয়াল আছিল সকলোৰে, তাৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল, সিও মোক খুবেই ভাল পাইছিল।


প্ৰিয়া: অ দ্বিজেন আমি গাখীৰ আনিব যাওঁ বল


দ্বিজেন: ৰহ ৰহ মুনো বাই মইও যাম ।


প্ৰিয়া: তোৰ চাইকেল খনত যাম দে


দ্বিজেন: হব বাৰু, কিন্তু তই মোক দাবুল কৰিব লাগিব


প্ৰিয়া: হব দে, ময়ে কৰিম উঠ এতিয়া, দেৰি হব নহলে মোৰ বহুত কাম আছে।


দ্বিজেন: আইও এইজনি লাহে লাহে যা, নহলে পৰিম যিহে বেয়া ৰাস্তা।


        সিদিনা বৰষুণৰ বতৰ আছিল আৰু আমি তেনেকৈয়ে গৈ আছিলোঁ, তাতে গাঁওৰ ৰাস্তা, কিন্তু আমাৰ গাওঁৰ মেইন আলিটো পকা ইটাৰে গথা আছিল।



প্ৰিয়া: হা হা,, নকবি আৰু বৰষুণৰ বতৰত হবই এনেকুৱা

 

দ্বিজেন: অই ৰখা পালোহি ।


প্ৰিয়া: অ আইতা, আইতা গাখীৰ নিব আহিছোঁ।


আইতা: অ আই বহিবি আঁহ।

 

প্ৰিয়া: গাখীৰ খিৰালে নিকি?


আইতা: ইমান সোনকালে নিখিৰাও নহয় আই


প্ৰিয়া: তেনেহলে মই যাওঁ আইতা


আইতা: হব যাহ, মই খুৰীয়েৰৰ ঘৰত খবৰ কৰিব যাম নহয় লৈ যাম।


প্ৰিয়া: হব আইতা যাওঁ দে।


     আইতা ঘৰৰ পৰা ওলাই আহি ভাইটিক চালোঁ কিন্তু সি গৈ কৰবাত পালেগে।


প্ৰিয়া: অই ৰহ্ এৰি থৈ গলি যে।


দ্বিজেন: অই তই জঁপিয়াই উঠিব পাৰিবি নাই?


প্ৰিয়া: পাৰিম তই চলা মই জপিয়াম।

  কথামতে কাম মই ভাইটীৰ চাইকেলৰ কেৰীয়াত জঁপিয়াই দিছিলোঁ, কিন্তু মই উঠিব নোৱাৰি পকা ৰাস্তাৰ মাজতে পৰি গলো,  কাষতে বহুত মানুহ আছিল, মই বহুত লাজ পালোঁ তাতে লৰা আছিল সেইবাবে আৰু বেছি লাজত মই ততাতয়াকৈ উঠিলোঁ। হাতত বহুত আঘাত পালোঁ, লগতে মোৰ সকলোতকৈ প্ৰিয় কফি কাপটো মোৰ হাতৰ পৰা পৰি ভাঙি থাকিল, যিটো মই গাখীৰ আনিম বুলি লৈ গৈছিলো, মনটো বহুত দুখ লাগিল, কাৰণ কাপটো মোক মোৰ বন্ধু মাধৱে জন্ম দিনত উপহাৰ দিছিল ।


দ্বিজেন: অই কেনেকৈ পৰিলি, মই অক তই উঠিলি বুলি চলাই দিলোঁ বাপেকে


প্ৰিয়া: কেলা, বৰ লাজ পালোঁ বিতো হতে চাই আছিল, আৰু মোৰ কাপটো গল। 


 এনেকৈয়ে কথাৰ মাজেৰে ঘৰ পালোঁহি।


মা: কত গৈছিলি?


প্ৰিয়া: ৰাতি গাখীৰ লাগিব যে আনিব দিছিল


মা: হব মই খুঁৰি ঘৰত অলপ লাগি দিও তই গা ধুই ল


প্ৰিয়া; ঠিক আছে মা, মই অলপ পিছত গৈ আছোঁ।


       বিয়া বুলি মোৰ মন উগুল থুগুল হৈ আছিল, কিন্তু মোৰ পিন্ধিব লগা কাপোৰযোৰ এতিয়াও সময়ত নাপাম বুলি মনটো মৰহি গৈছিল।


  ঘৰৰ সকলো কাম কাজ কৰি সন্ধিয়া মই বিয়া ঘৰ পালোগৈ, ৰভাতলিত সোমাইয়ে দেখিলোঁ ধুনীয়া লৰা এজন বহি আছে, মই বৰ মন নকৰি ভিতৰলৈ যাব লওতে মোৰ মাজু পেহিয়ে মাত লগালে।


পেহি: অই মুনো 


প্ৰিয়া: অ পেহী কিবা কব


পেহী: এইয়া, কোন চিনি পাইছ নাই। ( লৰা জনলৈ দেখাইছিল)


প্ৰিয়া: উম্ হো, নাইপোৱা নহয়


পেহী: কাকু দাদাৰ বন্ধু চেতিয়া দা


প্ৰিয়া: নমস্কাৰ।


চেতিয়া দা: নমস্কাৰ।


প্ৰিয়া: আপুনি বহক, অলপ ভিতৰত লাগি দিও।


চেতিয়া দা: অহ ঠিক আছে যোৱা।


       ভিতৰ গৈ দেখিছোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত, মইও ইটো সিটো কামত হাত আগবঢ়াই দিলোঁ। যিহেতু দাদাৰ বিয়া বহাগৰ শেষৰ দিনা আছিল গতিকে আমি কইনাৰ বাবে সকলো যিমান সোনকালে পাৰি কৰি গলোঁ। কাৰণ অসমীয়া সমাজত কোৱা হয় জেঠত বিয়া পাতিব নোৱাৰি কিন্তু বহাগৰ শেষৰ দিনা ছোৱালী আনিব যোৱাৰ বাবে ১২ বজাৰ আগত সকলো নীতি নিয়ম শেষ কৰিব লাগিব, সেইয়ে সোনকালে কামবোৰ কৰা হৈছিল।

     খুৰিয়ে  মোক বেঙেনা ফ্ৰাই কৰা কামত লগাই দিলে মইও কৰি আছিলোঁ তেনেতে মোৰ সৰু দাদা মইনা মানে দৰাৰ ভাইয়েক আহিল


মইনা: অই জেলে, ( মোক মৰমত মতা নাম) পানী ১ জাৰ দেচুন


প্ৰিয়া: ৰবা দিছোঁ, তোমাৰ পাটনাৰ বোৰ আহি গল চাগে ন


মইনা: নকবী আও,,, লৈ পেলাইছে মোক 

    

       মইনা দাদাৰ লগৰবোৰ আহি পাই গৈছিল, কিন্তু তাত লগৰ বুলিবলৈ ২জন মান আছিল, বাকীবোৰ মোৰ সহপাঠী সুমণ, বিটোপন হত আছিল, যি কেইটাক মই সমূলি দেখিব নোৱাৰিচিলো। 


          ৰাতি ১০ বাজিল, কইনা আহি পাবৰ হৈছিল, লৰা ছোৱালী সকলোৱে নাচ গান কৰাত লাগি গল, সুমন হতে বিকট উকি মাৰি মাৰি জঁপিয়াই নাচিব ধৰিল। মদৰ নিচাত তাহাতৰ মাত উচ্চ স্বৰত উলাইছিল।

       নাচ গানৰ মাজতে সকলোৱে ৰভাতলি সজাব পাহৰি গল, গতিকে মইয়ে পিছদিনা ৰিচিপচনৰ বাবে ৰভাতলী সজোৱাত লাগি গলো, লগতে সহায় কৰিল ওচৰৰে জুনদাই। আমি দুইও জনে ৰঙা নীলা বেলোনেৰে সজাই তুলিলো, বিয়া বুলি মনত খুব ফুৰ্তি আছিল, তাতে নিজৰ দাদাৰ বিয়া আছিল, অৱশেষত বহু অপেক্ষাৰ মূৰত কইনা আহি পালে, আমাৰ অসমীয়া সমাজৰ নিয়ম অনুসৰি ৰাস্তাত দৰা গাড়ী আগভেটি ধৰিল, আমিও কইনা আদৰিবলৈ ৰৈ আছিলোঁ, ভালে ভালে সকলো নীতি নিয়মৰ মাজেৰে হৈ গৈছিল, ৰাতি তেনেদৰে হাঁহি ফূৰ্তি মাজেৰে দিনটো পাৰ হল, মইও ভাগৰ লগাত ঘৰত আহি বিচনাত দীঘল দিলোঁ।


         পিছদিনা বিয়া ঘৰ আলহিৰে উদুলি মুদুলি হৈ আছিল, মইও নিজক ৰখাব পৰা নাছিলোঁ কেতিয়া যাম ফটো উঠিম নাচিম, তেনেকুৱা লাগি আছিল, কিন্তু দুভাগ্য কথা আছিল যে মোৰ কাপোৰ আহি পোৱা নাছিল।


অৱশেষত, ১২ মান বজাত দাদাই কাপোৰযোৰ আনি দিলে, ততা তয়াকৈ মুখ হাত ধুই মা লগতে মইও ৰেডী হলো, হালধীয়া বৰণৰ নীলা বোতা বছা কাপোৰযোৰ গাত মেৰিয়াই ললো,হাতত সোণালী বৰণৰ খাৰু, কাণত দীঘলকৈ ফুলী, আৰু খোপাতো অলপ ষ্টাইলত বান্ধি অলপ পাতলীয়া মেকআপ লগাই মা লগত ৩ মান বজাত বিয়া ঘৰ পালোঁ, বহুত মানুহ বহি আছিল অলপ লাজো লাগিছিল, কাৰণ মোৰ লাজটো খুবেই বেছি, লাজ লাজকে মা লগত সোমাই গলোঁ।


         মোক দেখি খুৰাই মাত দিলে,

 

খুৰা: কোন খন ট্ৰেইনত আহিলি আই


প্ৰিয়া: হা হা,, গাড়ী পোৱা নাছিলোঁ অ খুৰা, সেইয়ে দেৰি হল


খুৰা: হব দে, তই বঁটা লৈ ছফ, তামোল দিবি


প্ৰিয়া: ঠিক আছে কণিকা হত নাই নিকি?


 কণিকা: অই মই ইয়াত আছোঁ


প্ৰিয়া: আহিছোঁ হে মই এতিয়া।


কণিকা: তোৰ বাবে বৌ ভনীয়েক ৰৈ আছিল, তই খোপা বান্ধি দিবলে


প্ৰিয়া: মই কম ভালকৈ বান্ধিব জানো যে, মোৰ বাবে ৰৈ আছা


কণিকা: আমাৰ বায়ে বহুত ধুনীয়াকৈ জানে

  

ভন্টি: ( বৌ ভনীয়েক) মই যি টি কৈ বান্ধি ললোঁ এতিয়া নালাগে দিয়া


প্ৰিয়া: দুইজনিকে ধুনীয়া লাগিছে


কণিকা: তোক বেছি ধুনীয়া লাগিছে, বগা মানুহ যে


      এনেকৈ হাঁহি ফুৰ্টি কৰি ৩ জনি লগ হয় আলহীক তামোল, চফ্ দিয়া কাম কৰিলো, মাজে মাজে চেলফি ললোঁ, দাদা বৌৰ লগতয়ো বহুত ফটো উঠিলোঁ আৰু ভাগৰ লাগি চকী এখনতে বহি পৰিলোঁ, মোৰ ওচৰতে দাদাৰ লগৰ ৪ জনমান বহি আছিল মোক দেখি চফ্ খুঁজিলে, তেনেতে দৰা অৰ্থাৎ মোৰ দাদা আহিল


দাদা: মোৰ বৰতা ছোৱালী দেই


প্ৰিয়া: নমস্কাৰ।


        দাদা কেইজনে মোক বহুত প্ৰশ্ন সুধি আছিল, মই অলপ আমনি পাই, খাই বৈ ফ্ৰেছ হবলৈ বুলি ঘৰত গুচি গলোঁ, তেতিয়া সময় প্ৰায় ৪মান বাজিছিল, ঘৰত গেট খুলি দেখিলোঁ গাড়ীৰে  ঘৰ ভৰি আছে, যেনে তেনে ফাঁকে ফাঁকে গৈ ভিতৰ সোমালোঁ, অকণমান ৰেষ্ট কৰোঁ বুলি বাগৰ দিলোঁ, ৬ মান বজাত আকৌ সাজি কাঁচি মই বিয়া ঘৰ যাব লওতে ঢোলৰ মাত শুনা পালোঁ, তেন্তে মনত পৰিল আজি গাওঁৰ 

হুঁচৰিজোৰা বিহু গাব মাতিছিল, মই পতাপত ওলাই গলোঁ, বিয়া ঘৰ গৈ দেখিলোঁ বহুত মানুহে বিহু চাই আছে, মইও মাজু খুৰি কাষতে ৰৈ বিহু চাই আছিলোঁ, অলপ ভালকৈ চাবৰ বাবে ঘৰৰ ষ্টেপটোত উঠি দিলোঁ, আৰু তেতিয়াই মোৰ চকু পৰিছিল কেইজনমান লৰাৰ ওপৰত আৰু ভালকৈ চাই দেখিলোঁ সেইয়াটো দিনত লগ পোৱা দাদা কেইজনমান হয়, কিন্তু তাত নতুনকৈ এজনক দেখা পালোঁ, কিন্ত মই বৰ মন নকৰি বিহু চাই থাকিলোঁ।


  তেনেতে আহিল নহয় মহাপুৰুষ কেইজনে মোক আমনি কৰিবলে। মোৰ পিছফালে ৰৈ ইজনৰ পিছত সিজনে ইটো সিটো কথা সুধি আছিল। কিন্তু তাৰে মাজত থকা নতুন লৰা জনে সুধিছিল


     তুমি অভিজিতৰ কি হয়?


প্ৰিয়া: মই তেওঁলৈ নুচুৱাকৈয়ে  কৈছিলো বৰ্তাকৰ জীয়েক।

     

তেতিয়া বেলেগ এজন দাদাই কৈছিল দাতিৰ ঘৰটো নহয় জানো?


প্ৰিয়া: হয়, কিমান নুহুধে একেটাকে, দিনত দেখোন কৈছিলো হুহঃ

 

      এনেকৈয়ে গোটেই কেইটাই মোক কথা সুধি পাগল কৰি দিলে, উপায় নাপাই মই আঁতৰি আহিলো।বিহু শেষ হোৱাৰ পিছত মই ভিতৰতে ভন্টি হতৰ লগত ছফ্ লৈ বহি আছিলোঁ, আৰু তাতে এটা বৰ অদ্ভূত ধৰণৰ লৰা বহি আছিল, কিন্তু আমি কোনো নাজানিছিলোঁ লৰাটো কোন হয়, তাক জোকাৰো বুলি গোটেই কেইজনিয়ে বিভিন্ন কথা সুধি বিৰক্তি কৰি দিলোঁ, লৰা জনেও খুব সাধাৰণভাৱে উত্তৰ দি আছিল, তেতিয়াই আকৌ মই নতুনকৈ দেখা লৰাজন মোৰ চকুত পৰিল, তেওঁ আমাৰ ওচৰতে আহি বহিছিল, লগতে মোৰ সৰু জনী খুৰি আহি তেখেতৰ লগত কথা পাতিছিল, ভন্তিৰ পৰা গম পালোঁ তেওঁৰ নাম মুকুল, সৰুতে বোলে দাদাৰ লগত আমাৰ ঘৰত আহিছে, তাতকৈ বেছি মই তেখেতৰ বিষয়ে একো গম নাপালোঁ

তেওঁ খুৰি লগত হাঁহি হাঁহি কথা পাতি আছিল, মাজে মাজে মইও তেওঁক চাই আছিলোঁ লুকাই চুৰ কৰি, আৰু তেওঁ যে মোক চাই মাজে মাজে সেইয়া মোৰ চকুত ধৰা দিছিল।( Assamese Storyboard )

অলপ পিছত আকৌ সেই মাথা চোবাই থকা কামোৰ দাদা কেইজন আহি বহি ললে, খুৰিয়ো কোনোবাই মতা দেখি উঠি গল, ভন্টি মই আৰু তেওঁলোক বহি আছিলোঁ, আকৌ মোক আৰু ভন্তিক যি টি সুধিব লাগি গল, তেতিয়াই মোৰ দাদা আহিল আৰু ভিতৰত কিবা খোৱাৰ বাবে মাত দিছিল, যিহেতু গোটেই কেইজন পুলিচ বিষয়া আছিল কিবা কিবি সুৰাপান খাবৰ বাবে মতা বুলি সন্দেহ হৈছিল, কথাৰ মাজতে মোক খুৰা এজনে নাচিবৰ বাবে টানি আজুৰি লৈ যোৱাত ইচ্ছা নথকা চৰ্তেও গলোঁ।


     কিনো চাৱনিৰে  চালা মোক অই,,

     গানটো লাগি আছিল মই অকলে নাচি আছিলোঁ, আৰু তেওঁ মানে মুকুলে উঠি আহি মোক হাঁহি হাঁহি চাই আছিল, মই দেখি লাজতে ৰঙা পৰিছিলোঁ, তেওঁ মিছিকিয়াই হাঁহি এটা মাৰি ভিতৰলৈ খাবৰ বাবে সোমাই গল।

    

       এনেকৈ উৎপাত কৰি কৰি ৭ মান বাজি গল, তেওঁক মই আকৌ দেখিলোঁ, নাজানো মোৰ কি হৈছিল, মোৰ চকুজুৰিয়ে যেন মনে মনে তেওঁক বিচাৰি আছিল, নিবিছৰা চৰ্তেও তেওঁক ইফালে সিফালে মই বিচাৰি ভিতৰ যাব লওতে তেওঁ পিছফালৰ পৰা মাত লগাইছিল।


মুকুল: ৰবা


প্ৰিয়া: অলপ হাঁহি মাৰি হয় ক'ক


মুকুল: তোমাৰ নামটো অথনি ভালকৈ নুহুনিলো, কি আছিল


প্ৰিয়া: প্ৰিয়া, মানে  প্ৰিয়া ভাগৱতী।


মুকুল: কথা এটা কম বেয়া পা

পাবা নিকি


প্ৰিয়া: কি কথা কলে কব পাৰিম, বেয়া নাপাওঁ বাৰু কওঁক


মুকুল: তোমাৰ মোবাইল নম্বৰটো দিবা নিকী? যদি বেয়া নোপোৱা।


প্ৰিয়া: ঠিক আছে, কিন্তু এইটো মোৰ মা নম্বৰ হয় মোৰ ওচৰতে থাকে বাৰু।


মুকুল: দিয়া তেন্তে, মোৰ যাবৰ সময় হল।


প্ৰিয়া: আপোনাৰটো দিয়ক মই মেচেজ কৰি দিম


মুকুল: ঠিক আছে লোৱা, ৯৮০৫*******


প্ৰিয়া: এতিয়া মোৰ ফোনত চাৰ্জ নাই, পিছত মেচেজ কৰি দিম, বৰ্তমান মোৰ লগত ফোনটো নাই।


       তাৰ পিছত, তেওঁ একো কোৱাৰ সুবিধা নাপালে, কিবা কব লওঁতে, খুৰি আহি গল। আৰু খুৰীয়ে অলপ সন্দেহ কৰিব বুলি মই অলপ চাইড হৈ দিলোঁ।

আমাৰ প্ৰথম দেখা আছিল যদিও মোৰ মনটো তেওঁৰ ফালে গৈ আছিল, বাৰে বাৰে মই তেওঁক চাই আছিলোঁ। অলপ পিছত তেওঁ লগৰ কেইজনমানক ৰভাটলীত কিবা কৈ থকা দেখিলোঁ, লগৰ কেইজনেও তেওঁক জুকাইছিল, মই ভিতৰ পৰা হাঁহি হাঁহি চাই আছিলোঁ, তেওঁ যাওঁ বুলি কৈ গুচি গল, আৰু মই চাই থাকিলো, তেখেতৰ ওচৰত যাম ভাবিছিলো কিন্তু কথাটো বৰ ঠিক নহব বুলি ভাবি নগলো, তেওঁ যোৱাৰ পিছত মোৰ একেবাৰে মন বহা নাছিল।

সকলো সপোন যেন লাগিল তেওঁ আহিল চিনাকি হল, কথা পাতি গুচি গল, মনে মনে মই যেন তেওঁক বিচাৰি আছিলোঁ, শেষত মই ঠিক কৰিলোঁ যে মই তেওঁক এটা মেচেজ কৰিম, আৰু কথা মতে মই ঘৰত আহি প্ৰথমে মোবাইলটো চাৰ্জ কৰিলোঁ, কিন্তু মা মোবাইলটো বৰ এটা ঠিক নাছিল, মই বাৰে বাৰে ফোনটো চালোঁ চাৰ্জ হৈছে নাই বুলি।

ৰাতি এঘাৰ বাজিল, তেখেতক এটা মেচেজ কৰোঁ বুলি হাই লিখি লৈ, আকৌ কাট কৰি থৈ দিলোঁ তেওঁ বা কি ভাবিব ইমান ৰাতি এইজনীয়ে মেচেজ কৰিছে, তাতে আজি দিনৰ লৰা জুখি চাবও পাৰে বুলি ভাবি থৈ দিলোঁ। কিন্তু মনটোয়ে নমনাত হাই বুলি মেচেজ দিলোঁ, আৰু লগালগ ইফালৰ পৰা তেওঁ কল আহিছিল। স্কিনত তেওঁৰ নাম জিলিকি উঠিল, লাজ লাজকৈ ৰিচিভ কৰিলোঁ।


মুকুল: হেল্লো


প্ৰিয়া: হেল্লো


মুকুল: কি কৰিছা? 


প্ৰিয়া: বিয়া ঘৰৰ পৰা আহি শুই আছোঁ।আৰু আপুনি


মুকুল: মইও অলপ আগত আহি পালোঁ, এতিয়া শুব লৈছোঁ, কাইলৈ মোৰ ডিউটি আছে 


প্ৰিয়া: ঠিক আছে তেন্তে শুই দিয়ক এতিয়া, বহুত টাইম হল।


মুকুল: হব দিয়া, গুড নাইট


প্ৰিয়া: গুড নাইট বাই।


      এনেকৈ সিদিনা ২জনৰ মাজত অলপ সময় কথা বতৰা হৈছিল।কিন্তু মোৰ মনে এক বেলেগ অনুভৱ কৰি আছিল, শুই শুই মই তেওঁৰ কথা ভাবি আছিলোঁ, দেখাত খুব সাধৰণ, নম্ৰ, যেন লগা লৰাজন খুবেই ধুনীয়া আছিল, আৰু বাৰে বাৰে তেওঁৰ হাঁহিটোয়ে মোক বেছিকৈ আমনি দি আছিলে। তেওঁৰ হাঁহিতো বৰ মৰম লগা আছিল, কথাবোৰ ভাবি ভাবি কেতিয়া শুই পৰিলোঁ গম নাপালোঁ।


         দিনক দিনে মুকুল আৰু মোৰ মাজত কথা বাঢ়ি গৈছিল, তেওঁ নহলে যেন মই আধৰুৱা এনে অনুভৱ হব ধৰিল, প্ৰতিদিনে মই তেওঁৰ ফোন মেচেজৰ বাবে অপেক্ষা কৰোঁ, লাহে লাহে আমাৰ মাজৰ সম্পৰ্ক আৰু গভীৰ হব ধৰিল, মই মনে মনে তেওঁক ভাল পাই পেলাইচিলো। এদিন তেওঁ মোক হঠাৎ মেচেজ কৰি থকাৰ মাজতে কিবা এটা কম কলে


মুকুল: অই, কথা এটা কম বেয়া পাবা নিকি


প্ৰিয়া: নাপাওঁ কোৱা


মুকুল: সঁচা বেয়া নোপোৱাটো


প্ৰিয়া: আৰে বাবা, নাপাওঁ কোৱাছোন


মুকুল: আই লাভ ইউ ❤️


প্ৰিয়া: (কি কম কি নকম ভাবি)

            মোক অলপ টাইম দিয়া, মই কম বাৰু


মুকুল: হব ভাবি লৈ কবা মোক,এতিয়া ডিউটি আছে যাওঁ, বাই।


প্ৰিয়া: ঠিক আছে বাই।


         মই বুজাব নোৱাৰোঁ যে, তেওঁৰ প্ৰস্তাৱ পাই মই কিমান সুখ পাইছিলো। ভিতৰি ভিতৰি মই যেন সেইটোৱে শুনিব খুজি আছিলোঁ তেওঁৰ পৰা। 

জীৱনত প্ৰথমবাৰৰ বাবে মই প্ৰেমত পৰিছিলোঁ, খুব ধুনীয়া অনুভূতি আছিল, খন্তেকতে তেওঁৰ লগত বহুত সপোন ৰচি দিছিলোঁ, এনেকৈয়ে এদিন মই তেওঁক উত্তৰ দিলোঁ , যিটো শুনি তেওঁ সুখী আছিল, অৱশেষত আমি এক বান্ধোনত বান্ধ খাই পৰিলোঁ, চিৰ জীৱন তেওঁৰ লগত থকাৰ প্ৰতিশ্ৰুতি ললোঁ মনতে।


   দিন বাগৰি গল আৰু খুব কম সময়ৰ ভিতৰতে মুকুল আৰু মই গভীৰ হৈ পৰিলোঁ, সুখ দুখ সকলো কথা এজনে আনজনৰ আগত ব্যক্ত কৰিছিলোঁ, তেওঁ যদিও এজন আৰক্ষী বিষয়া আছিল তথাপিও মোক কোনো দিনে ব্যস্ততাৰ অজুহাত দেখুৱা নাছিল, যেনেকৈ সময় বিচাৰোঁ তেনেকৈয়ে দিছিল।

মই যিহেতু, হাইআৰ চেকেণ্ডেৰী পঢ়ি আছিলোঁ ফাইনেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ মাজতো আমি বহুত বেছি কথা পাতিছিলো, কেতিয়াবা যদি ভিদিও ক'লত, আকৌ কেতিয়াবা অডিও ক'লত। 

তেওঁ ঘৰৰ পৰা ডিউটিলৈ অহা যোৱা কৰিছিল, ৰাতিপুৱাই যায় আৰু ৰাতি এঘাৰ বজাত সোমাই, ৰাতিপুৱা যোৱাৰ আগত তেখেতে মোক এটা কল কৰি সদায় যাওঁ বুলি কৈ যায়, তেনেদৰে ৰাতিও দিনটো কষ্ট কৰি অহাৰ পিছতো মোৰ লগত কথা পাতিছিল, ১২ মান বজা লৈকে ফুচ ফুচাই ২ জনে প্ৰায়য়ে  কথা পাটো, আমাৰ মাজৰ কথাবোৰত এনে অনুভৱ হৈছিল, সি যেন মোৰ কাষত আছে আৰু মোক দুবাহুৰ মাজত সুমুৱাই ৰাখি বহুত মৰম জাচিছে। 


তাক মই বিয়াৰ পিছত কটো লগ পোৱা নাছিলোঁ, তাৰো সময় নাছিল কিন্তু এদিন হে চুটি পোৱাত মোক লগ কৰিবৰ বাবে আহি ৰাস্তাৰ কাষৰ দলং খনৰ ওপৰতে ৰৈ আছিল। সিদিনা আমি লগ কৰিছিলোঁ মোৰ কলেজ টাইমত্।


মুকুল: মই আহি পালোঁ কত আছা


প্ৰিয়া: গৈ আছোঁ ৰৈ থাকা, বাই।

       

        মই ৰাস্তাৰ পৰাই তাক ধৰিব পাৰিছিলো। অলপ পাতল বৰণীয়া সেউজীয়া হাফ পেন্ত আৰু টি চাৰ্ত পিন্ধি চান গ্লাচ লগাই মোৰ বাবে অপেক্ষা কৰি আছিল, দেখাত খুব ধুনীয়া লাগিছিল।ওচৰত গৈয়ে মই লাজ লাজকৈ মাত দিলোঁ।


প্ৰিয়া: অই,,



মুকুল: উঠা, লাহে লাহে যাম।


প্ৰিয়া: বলা।

   

       প্ৰথমবাৰৰ   বাবে এজন লৰাৰ গাত গা লগাই গৈ আছিলোঁ। ভালো লাগিছিল তেওঁক কাষত পাই, অলপ অলপ লাজো লাগিছিল। তেনেতে সি মাত লগাইছিল


মুকুল: কি হল, মনে মনে আহিছে যে।


প্ৰিয়া: কত নো কি হল, আগলে চোৱা আৰু গৈ থাকা

    

        মাজে মাজে তেওঁ মোৰ হাতত স্পৰ্শ কৰিছিল, মোৰ গাৰ নোম চিয়ৰি উঠিল।


প্ৰিয়া: দেখিব কোনোবাই আগলৈ চোৱা


মুকুল: একো নহয়, কোনোবাই চালে চাব দিয়া।


প্ৰিয়া: বদমাশ বলা


      গোটেই ৰাস্তাটোত দুষ্টামি কৰি কৰিয়ে মোৰ কলেজৰ ওচৰ পালোঁ, মোৰ মনটো বেয়া লাগিব ধৰিল কাৰণ এতিয়া তেওঁ মোক থৈ গুচি যাব। গৈ পাই সি গাৰী খন পাৰ্ক কৰি ললে।


প্ৰিয়া: ইয়াতে ৰখাই দিয়া, অলপ আগত মোৰ কলেজ আছে, ইমান সোনকালে পালোহি নাজাও এতিয়া।


মুকুল: ঠিক আছে বেলেগ কৰবাত যাওঁ বলা।


প্ৰিয়া: নালাগে ইয়াতে কথা পাতিম।


       বহুত বেছি লাজ কৰিছিলোঁ মই তালৈ ভালকৈ মুখ উঠায় চোৱাই নাছিলোঁ।


মুকুল: কি হল এইফালে চোৱা, চাও ছোৱালীজনীক।


প্ৰিয়া: অলপ লাজ কৰি তালৈ চালোঁ।

মই দেখোন চাই আছোঁ চোৱা ।


       অলপ সময় সি থৰ লাগি চাই আছিল। মইও চাইছিলো এবাৰ তালৈ এবাৰ ৰাস্তাৰ ফালে।


মুকুল: বলা হোটেলত বহো।


প্ৰিয়া: ইহ,, নাযাও মই কোনোবাই দেখিলে ঘৰত লগাই দিব।


মুকুল: একো নহয় বলা, মই আছোঁ নহয়।


প্ৰিয়া: নাযাও অ,, 


মুকুল: তেনেহলে অহা ছেলফি এখন লও।

   

      মই লাজ  লাজকৈ তাৰ ওচৰত সেলফি উঠিব গলো।


মুকুল: কি ইমান দুৰত আছা, অলপ চাপি আহা।


প্ৰিয়া: এতিয়া হব নে চাৰ।


মুকুল: মিচিকিয়াই হাঁহি, হব 



     সি মোৰ গাত হাত থৈ ফটো মাৰিছিল, মোৰ খুব ভাল লাগিছিল।তাক পাই মই সকলো পোৱা যেন অনুভৱ কৰিব ললো। 


মুকুল: কিবা খাও বলা।


প্ৰিয়া: মই নাখাও তুমি খোৱা।


মুকুল: তুমি নাখালে মই অকলে খাম নিকি।


প্ৰিয়া: মই ইমান ৰাতিপুৱাই খাব নোৱাৰো। তুমি খোৱা।


           মই নোখোৱাৰ বাবে তেওঁ নাখালে। আৰু মোক কিবা কিবি কলেজত খোৱাৰ বাবে কিনি দিলে। 


প্ৰিয়া: বলা যাওঁ, কলেজ টাইম হʼল।


মুকুল: কলেজৰ ওচৰত থম নে?


প্ৰিয়া: অʼহ বলা।


      সি মোক কলেজৰ ওচৰত নমাই দিলে। উপৰৰ পৰা লগৰবোৰে চাই আছিল। তেতিয়াই মোৰ লগৰ অনুপম আহি মাত দিছিল।


অনুপম: হেই ভাগৱতী আহিলা।


প্ৰিয়া: উম আহিলো।


অনুপম: কাণতে ফুচ ফুচাই কলে, এইয়া তোমাৰ সেইজন নিকি?


প্ৰিয়া: হাহা হয় হয় 


অনুপম: চিনাকি কৰাই দিয়া অʼক্।


প্ৰিয়া: এইয়া মোৰ লগৰ দে অনুপম।


         মই তাক মুকুলৰ লগত চিনাকী কৰাই দিলো। অনুপম বৰ ধেমেলীয়া লʼৰা আছিল, দুইজনে চা-চিনাকী হʼল। আৰু মইও তেওঁক বাই দি কলেজৰ ভিতৰত গলোঁ।

সেই দিনটো মই ভাষাৰে বুজাব নোৱাৰো কিমান যে ভাল লাগিছিল।


        ইমান এটা গভীৰ সম্পৰ্কৰ মাজত হঠাৎ এজাক ধুমুহা আহিল, সকলো নিমিষতে থান-বান কৰি গʼল। মোৰ সপোনবোৰ নিমিষতে ভাঙি গৈছিল।


লাহে লাহে মুকুলে মোক ইগনৰ কৰিব ললে, কথা কমকৈ পতা হল, মইও ডিউটিৰ ব্যস্ততা বুলি ভাবি ইমানকৈ ভাবি নাথাকিলো। 


       কিন্তু মই জনা নাছিলোঁ যে সি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাটক কৰিব


    সিদিনা আছিল দেওবাৰ, কলেজ বন্ধ বাবে ঘৰতে আছিলোঁ, ঘৰৰ কাম বন সামৰি বিচনাখনত দীঘল দি হোৱাটচ এপৰ ইচটেটাছ চাই আছিলোঁ, আৰু মই যি দেখিলোঁ মোৰ মূৰৰ উপৰত আকাশ খহি পৰিল। শিল পৰা কপৌৰ দৰে মই থʼৰ হৈ ৰলো।

মুকোলে এজনী ছোৱালীৰ লগত বগা কাপোৰ পৰিধান কৰি হাতত হাত ধৰা ফটো দেখা পালোঁ, সেইয়া দেখি মোৰ চকুলো বৈ আহিছিল, মই অনুমান কৰিব পাৰিছিলো যে, সেই ছোৱালী জনি সি ভাল পাই, আৰু মই লগালগ তাক মেচেজ কৰিলোঁ কোন হয় বুলি, কিন্তু সি চিন কৰি একো উত্তৰ নিদিলে। লাহে লাহে সি আঁতৰি গল কিন্তু এদিন হঠাৎ কল কৰিল।


মুকুল: হেল্ল


প্ৰিয়া: কোৱা কি হল।


মুকুল: ভালে আছা।


প্ৰিয়া: আছোঁ বাৰু, কিন্তু তোমাৰ দৰে ভাল নহয়।


মুকুল: সেইজনি মোৰ লগত লাগি আছিল অ,, মোৰ উপায় নাই, কিন্তু মই তুকো ভাল পাইছিলো।


প্ৰিয়া: ভাল পাইছিলা বাবে ইমান ডাঙৰ বিশ্বাসঘাটক কৰিব পাৰিলা। 


বহুত কষ্ট হৈছিল কিন্তু কোনো মতে মই তাৰ লগত কথা পাতি আছিলোঁ, প্ৰতিটো দিন তাৰ বাবে চকুলোঁ বোৱালো কিন্তু তাৰ মোলৈ এবাৰো বেয়া নালাগিল।


মুকুল: মই ২ জনিকে আনিম আহিবি নাই।


প্ৰিয়া: মই আচৰিত হলো কি কথা কৈছে সি

এইটো কেনেকৈ সম্ভৱ ।২ জনিক নিব নালাগে মই আঁতৰি যাওঁ তুমি তাইক বিয়া পাতা, বহুত ভাল পাই চাগে তোমাক, এনেকৈ মই ফোনটো কাটি কান্দোনত ভাগি পৰিলোঁ, কিন্তু কোনে আহি মোক বুজাব সি যে মোক নহয় আন কাৰোবাক ভাল পায়। নোৱাৰিছিলো এই সত্যতা মানি লবলৈ কিন্তু কথাতে কয় নহয়, সঁচা প্ৰেম সকলোৰে ভাগ্যত নাথাকে বুলি, মোৰ লগতয়ো  সেইয়াই হল, সি আঁতৰি গল কিন্তু মই তাক ধৰিব নোৱাৰিলোঁ।


এতিয়া আমাৰ মাজৰ সম্পৰ্ক এনেকুৱা যেন এজনে আনজনক চিনি নাপাও।


এতিয়াও বুজিব নোৱাৰিলোঁ তেওঁ মোৰ মনটোৰ লগত কিয় খেল কৰিলে, ইমান সহজে সকলো কেনেকৈ পাহৰি যাব পাৰিল, মোক দেখুৱাই প্ৰেমিকাৰ ফটো দিবলৈ অলপোঁ দুখ নালাগে নে??? আজিও বহুত প্ৰশ্নই মোক আগুৰি আছে কিন্তু কোনে মোক উত্তৰ দিব, আজিও তেওঁৰ লগত যোগাযোগ নাই, মাথোঁ ইজনে সিজনৰ ইচটেটাছ চাও, তাৰ বাহিৰে একো নাই যদিও মই তেওঁক পাহৰিব পৰা নাছিলোঁ, বহুত ভাল পাইছিলো তেখেতক, কিন্তু সঁচাকৈ তেওঁ মোক ঠগিলে।


এতিয়া তেওঁ বিবাহিত । মনে বিচৰা গৰাকী পালে আৰু আগবাহিও গল, কিন্তু মই,,,,


তেওঁ মোৰ লগত অন্যায় কৰিল যদিও মই তেওঁৰ বেয়াটো নিবিচাৰোঁ। সুখময় হওঁক তেওঁলোকৰ যুগ্ম জীৱন।


এইয়াই মোৰ আধৰুৱা প্ৰেম আছিল, যিবোৰ আজিও সজীৱ হৈ আছে।


           এনেদৰে প্ৰিয়া আৰু মুকুলৰ প্ৰেম বিচ্ছেদ হʼল। আৰু আধৰুৱা হৈ ৰল প্ৰিয়াৰ প্ৰেম।

প্ৰেৰক-- পূৰৱী ভাগৱতী। (শিৱসাগৰ, আমগুৰি)

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

1 comment:

Advertisement

Pages