আমাৰ প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা অভাৱ,অপূৰ্ণতা থাকেই।কেতিয়াবা জীৱনৰ জটিল সমস্যা আৰু সংঘাটবোৰে আমাৰ মন মগজুক ইমান ভাৰাক্ৰান্ত কৰি পেলাই যে আমাৰ জীয়াই থকাৰ ইচ্ছাই কমি যাবলৈ ধৰে।বিশেষকৈ আজিৰ সময়ত মানুহৰ বিবেক বিবেচনা ইমানেই ঠুনুকা হবলৈ ধৰিছে যে,ক্ষণিকতে যিকোনো ভুল সিদ্ধান্ত লোৱাত এবাৰো ধৈয্য সহকাৰে ভাবি চোৱা নাযায়।( Assamese Storyboard )
আমাৰ জীৱনটো গতিশীল,আজিৰ আমাৰ যিটো পৰিস্থিতি কেইদিনমান পিছত সেই পৰিস্থিতি হৈ কেতিয়াওঁ নাথাকে।কিন্তু হঠাৎ সন্মুখিন হোৱা বেয়া পৰিস্থিতিটোৰ মোকাবিলা হোৱাৰ সাহঁস নথকাৰ বাবে আমি কেতিয়াবা জীৱনৰ পৰাই পলাওঁ।এইয়া উচিত জানো?
❄তাইৰ জীৱনটোও সাধাৰণ নাছিল।দূৰ্ভাগ্যই তাইৰ জীৱনটোক কুঁহিয়াৰ ৰস উলিওৱাৰ দৰে চেপি চেপি একেবাৰে শেষৰ ৰসহীন জাৱৰখিনি যেন কৰি পেলাইছিল।তথাপি তাই থমকি ৰোৱা নাছিল,বৰং অলপ সময় বিবেকৰ কোঠৰিত জিৰাই আকৌ এখোজ আগবাঢ়িবলৈ চেষ্টা কৰিছিল।তাই জানিছিল মানুহ বিবেকেৰে বাধাগ্ৰস্ত হোৱাটোহে ডাঙৰ অভিশাপ।শৰীৰ বাধাগ্ৰস্ত হোৱাটো ডাঙৰ কথা নহয়।এই শক্তিশালী মানসিকতাই তাইক প্ৰতিদিন জীয়াই তুলিছিল।
তাই তেতিয়া সৰু আছিল।দেউতাক ঘৰৰ পৰা বহু দূৰত আৰক্ষী বিভাগত চাকৰি কৰিছিল।মাজে মাজে ঘৰলৈ অহা যোৱা কৰে।এদিন খোৱা মজিয়াতে দেউতাকে কৈছিল - আজিকালি এটা বেমাৰৰ প্ৰকোপ বাঢ়িবলৈ ধৰিছে,শৰীৰটো বিকল কৰি পেলায়"।তাইও খেল ধেমালী কৰা বয়সতে ভাগৰত বহি পৰে।এদিন খোজকাঢ়ি থাকোতেই তাই মাটিত ধলি পৰে।ঘৰৰ মানুহে ততাতৈয়াকৈ তাইক চিকিৎসালয়লৈ লৈ যায়।চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি জনাই যে --" তাই পলিঅ ৰোগত আক্ৰান্ত হৈছে।বৰ্তমান তাইৰ দেহৰ প্ৰতিটো অংগ কাম নোহোৱা হৈছে,মাত্ৰ মস্তিস্কটোহে ঠিকে আছে।আমাৰ ওচৰত আৰু একো চিকিৎসা নাই তাইক ভাল কৰিব পৰাকৈ,গতিকে তাইক ঘৰলৈ নিব পাৰে"।।
কিন্তু মাকৰ হৃদয়ে জানো মানিব পাৰে?মাক হাৰ নামানিল,ভাৰতৰ সকলো ঠাইলৈকে প্ৰতিখন চিকিৎসালয়লৈ তাইক চিকিৎসাৰ বাবে লৈ গৈছিল। মাকৰ প্ৰবল বিশ্বাস আৰু প্ৰচেষ্টাৰ ফলত তাই দেহটো সুস্থ হবলৈ ধৰে, কিন্ত ভৰি দুখন সম্পূৰ্ণ সুস্থ নহল।
সমস্যা ইমানতে শেষ হোৱা নাছিল।যিগৰাকী মাকে তাইক জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা কৰি আছিল,সেই মা ৰ এটা অচিন শাৰীৰিক লক্ষণে দেখা দিছিল।তেজ বমি কৰিছিল,চিকিৎসকক দেখুৱাই গম পাই মাক কেন্সাৰৰ ৰুগি,লাষ্ট স্তেজ।তিনিমাহৰ পিছত মাক এই পৃথিৱীৰ পৰা বিদায় মাগে।তাইৰ মন উদাস তথাপি গতানুগতিক ভাৱে দিনবোৰ গৈ থাকিল।এদিন ককায়েকে তাইক আৰু বাক দুজনীক দিল্লীলৈ লগত লৈ গল।তাতে তাইক স্কুলত পুনৰ নাম লগাই দিলে।
প্ৰত্যেকজন মানুহেই কিবা এটা দিশত বিশেষ গুণ লৈ জন্মগ্ৰহণ কৰে।তাইও এটা বিশেষ প্ৰতিভাৰ গৰাকী আছিল।তাইৰ সৃষ্টিশীল মনটোৱে ধুনীয়া ধুনীয়া ছবিবোৰ কেনভাচ্ ত আঁকি থয়।এবাৰ তাইৰ শিক্ষয়িত্ৰীয়ে তাই আঁকা পেইন্টিং বোৰ দেখি তবধ মানে আৰু বহুত প্ৰশংসা কৰে।তেতিয়া তাই দশম মানৰ ছাত্ৰী আছিল।ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেইন্টিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তাইৰ নামটো শিক্ষয়িত্ৰীয়ে ভৰাই দিছিল। তাইক ঘৰৰ মানুহে যাবলৈ মানা কৰিছিল ,কাৰণ এডজাষ্টেবল ওৱৰ্কিং ষ্টিকৰ সহায়ত তাই দূৰলৈ যোৱাটো অসুবিধা হ'ব বুলি ভাবিছিল।তাই যাব নোৱাৰাকে ককায়েকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ডিউতিলৈ গুছি গৈছিল।তাই বাধা মানা বিধৰ নাছিল।সিদিনা তাই মনে মনে বাছত গৈ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুনৰ ঘৰলৈ ঘূৰি আহি শুই আছিল।
সেইদিনা আছিল ১২ নৱেম্বৰ ১৯৯৪ চন।ককায়েকে তাইক ওচৰলৈ মাতিলে।
:ভন্তি ওচৰলৈ আঁহচোন।
:কি দাদা
:সিদিনা পেইণ্টিং প্ৰতিযোগিতালৈ গৈছিলি?
তাই ভয়তে নাই বুলি কৈছিল।--ভয় কৰিব নালাগে এইখন চা চোন।নৱভাৰত কাকতৰ প্ৰথম পৃষ্ঠাতে তাইৰ নামটো জিলিকি আছিল।সৰ্বভাৰতীয় পেইণ্টিং প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে।পেইণ্টিং জগতখনলৈ তাইৰ উৎসাহ দুগুণে বাঢ়িল।
🌀তাই কথনশৈলীতো নিপুণ আৰু পাকৈত আছিল।সেয়েহে অল. ইন্দিয়া ৰেডিঅত আৰ.জে হিচাপে ৰেৰ্কডিং অনুষ্ঠানৰ কেইবাটাও 'শ্ব' কৰিছিল। সেই ৰেৰ্কডিং অনুষ্ঠানৰ সময়সূচী জানিবলৈ এছ.টি.ডি কল কৰিবলৈ গৈ থাকিব লগা হৈছিল।এছ.টি.ডি ৰ সেই ল'ৰাজনে তাইক প্ৰাইয়ে নিৰীক্ষণ কৰি থাকে।চাই থাকে,তাইৰ প্ৰতি আৰ্কষিত হোৱা যেন লাগে।তাইৰ লগত কথা পাতিব বিচাৰে। এদিন সি তাইক ঘৰৰ ওপৰৰ মহলালৈ লৈ গৈছিল মাকক চিনাকী কৰি দিবলৈ।--চোৱা মা তোমাৰ আগত কৈ থকা সাঁহসি ছোৱালীজনী এইজনীয়ে।কথা বতৰা পাতি তাই ঘৰলৈ যাবলৈ তললৈ নামি আহিল।পিছে পিছে ল'ৰাজন ও।গাড়ীৰ ওচৰলৈ আগবাঢ়ি গল,ল'ৰাজনো বাইক খন লৈ তাইৰ ওচৰত ৰৈ দিলে।--মোৰ বাইকত উঠাচোন,মইয়ে তোমাক থৈ আহিম।তাই মানা কৰিছিল।ল'ৰাজনো আঁকোৰগোজকৈ লাগি থাকিল--উঠা ভয় কৰিব নালাগে,বেয়া পোৱা ধৰণৰ একো কামে নকৰো।
তাই উপায় নাপাই বাইকত বহিল।আধা কিঃমিঃ মান যোৱাৰ পিছত সি বাইক খন ৰখাই ওচৰতে থকা এখন বেন্সত তাইক বহিবলৈ ক'লে।তাই অনিচ্ছাকৃত ভাৱে বহিছিল হে ঃউইল ইউ মেৰি মি? তাই ল'ৰাজনৰ কথাষাৰত থৰ হৈ চাই থাকিল।ঃতুমি মোলৈ বিয়া হবানে কোৱা?ল'ৰাজনে বাৰে বাৰে আগবঢ়োৱা প্ৰস্তাৱটোত হঠাতে তাইৰ বুকুৰ ধিপ ধিপনি তীব্ৰ গতিৰে বাঢ়িবলৈ ধৰিছিল!যেন সাগৰৰ বিশাল ঢৌৱে পাৰ ভাঙি তাইক কৰবালৈ উটুৱাই নিলে।যৌৱনৰ প্ৰথম প্ৰেমৰ ধুমুহা জাকে তাইৰ দেহ মন তচ নচ্ কৰি পেলাইছে।তাই একো ক'ব পৰা নাই।ল'ৰাজনে আকৌ শুধিলে ঃমোলৈ তুমি বিয়া হ'বানে?জীৱনত কোনোদিন তোমাক দুখ পাবলৈ নিদিওঁ।যদি তুমি মোৰ নোহোৱা,মই জীৱনত আৰু কাৰোকে বিয়া পাতিব নোৱাৰো"।এই কথাষাৰে তাইৰ মনটোক তিয়াই পেলালে,তাৰ হাত খনত খামুচি ধৰিলে............
ভালপোৱাৰ মানুহজনৰ লগতে তাইৰ বিয়া হ'ল।মনত বহু সপোন কঢ়িয়াই শহুৰেকৰ ঘৰলৈ লৈ গ'ল।ঃইচ্ কেনেকৈ যে ভিতৰলৈ সোমাম! সকলো মানুহ ফুৰ্টি কৰি তাইক আগুৰি ধৰিব, জোকাব, মই মানুহজনৰ আৰতে লুকাম"। ভাৱি থাকোতেই দৰাৰ ঘৰ পালে।তাই যেনে তেনে গাড়ীৰ পৰা নামি আহিল।কিন্তু এয়া কি?তাই ভাৱি অহা সম্পূৰ্ণ ওলোটা পৰিৱেশ এটাহে চাক্ষুস হ'ল।গোমা গোমা অন্ধকাৰ পৰিৱেশ এটাই যেন উশাহ নিশাহ ল'ব নোৱাৰাকৈ সকলোকে বন্দি কৰি ৰাখিছে। পোনছাটেই এজনী ননন্দিয়েকে মাত লগালে ঃদাদা যি গৰাকীক বিয়া কৰি লৈ আনিছা তাই অহাৰ লগে লগেই দেখোন আকাশৰ ক'লা ডাৱঁৰবোৰ ঘৰলৈ নামি আহিল।।--এয়া মাথো আৰম্ভণিহে আছিল!!
লাহে লাহে শহুৰেকৰ ঘৰৰ সকলো মানুহে তাইক বিভিন্ন ধৰণেৰে শাৰীৰিক মানসিক নিৰ্যাতন চলাবলৈ ধৰিলে।যাতে তাই নিজেই সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা উলাই যায়।অৱশ্যে সিহঁতক চাকৰণি এজনীৰ প্ৰয়োজন আছিল।ভালকৈ খোজকাঢ়িব নোৱাৰা ভৰি দুখনেৰে তাই সকলো কাম কৰিব লগা হৈছিল।তাই পাঁচ মাহৰ গৰ্ভৱতী আছিল, দিনৰ দিনটো কাম কৰিও তাইক একো খাব দিয়া নাছিল।ভোকত তাইৰ পেট টোৱে কলমলাই আছিল,ভোকৰ তাড়নাত তাই সিদিনা চৰুৰ পৰা ভাতকেইটামান লৈ খাব লৈছিলহে,শাহুৱেকে তাইৰ হাতৰ পৰা ভাতৰ থালীখন কাঢ়ি লৈ গল।সন্ধ্যা গিৰিয়েক ডিউতিৰ পৰা ঘৰলৈ আহিছিল।গিৰিয়েকক কোনে কি কি ক'লে তাই নাজানে। কিন্তু ভোকতে বিচনাত লেও দি শুই থকা তাইজনীক বিচনাৰ পৰা গুৰ মাৰি তলত পেলাই দিছিল। তাই চকুঁপানীৰে বাট নেদেখা হৈছিল।এনেকৈ প্ৰায়ে বিভিন্ন অজুহাতত গিৰিয়েকে মাৰিবলৈ ধৰিলে।তাইৰ গৰ্ভপাত হ'ল।মনটো নিৰাশাৰে সন্মুখৰ জীৱন পথটো ধোৱা ধোৱা দেখিবলৈ ধৰিলে।দুখতে তাই ককায়েক বৌয়েকৰ ঘৰলৈ গুছি গ'ল।তাই ভালপাই বিয়া হৈছিল,যিমান যি নহওঁক ভালপোৱা মানুহজনক পাহৰি যোৱাটো ইমান সহজ কথা নহয়।বহু দিন পাৰ হৈ গ'ল।মানুহজনক এবাৰ দেখা পোৱাৰ হাবিয়াস মনে মনে জাগে।তাই মনৰ কথা যেন গিৰিয়েকে গম পালে,গিৰিয়েকক দেখা পাই তাইৰ অলপ হলেও মনটো ভাল লাগিল।( Assamese Storyboard )
ঃতুমি মোৰ লগত থাকিবা নে গোটেই জীৱন দাদা বৌৰ লগতে থাকিবা?
ককায়েক বৌয়েকৰ লগত থকাটোও প্ৰত্যাহ্বানমূলক।তাই ককায়েক বৌয়েকৰ জীৱনত বোজা হ'ব নিবিচাৰে।যাক বিয়া হৈছে যিমান যি শাস্তি খালেও তেওৰ লগতে জীৱন কটোৱাৰ সিদ্ধান্ত ল'লে।তাই পুনৰ শহুৰেকৰ ঘৰলৈ গ'ল।সকলোৱে ঠাট্টা মস্কৰাৰে তাইক আদৰিলে যদিও মনে মনে নিজৰ কোঠাটোলৈ সোমাই গ'ল। *ক'ৰবাত কিবা এটা যেন খেলি মেলি লাগিল।তাই যেনেকৈ কোঠাটোৰ পৰা গুছি গৈছিল তেনেকুৱা হৈ থকা নাই।তাই পৰিধান নকৰা অন্তৰ্বাস আৰু বিভিন্ন সামগ্ৰী পাই মনটোক এক অজান ভয়ে ম্লান কৰি পেলালে।গিৰিয়েক যেতিয়া কোঠাত সোমাই সেই সন্দেহটো প্ৰকাশ কৰিলে। গিৰিয়েকে সামান্য সংকোচ নকৰাকৈয়ে কৈ গ'ল ঃ হয় মই তোমাৰ অনুপস্থিতিত দ্বিতীয় বিবাহ কৰিছো।
তাইৰ চকুঁৰ সন্মুসতেই গিৰিয়েকে নতুন পত্নীৰ গোটেই দেহত চুমাৰে উপচাই পেলাইছিল।গিৰিয়েকৰ মনত অলপো লজ্জাবোধ আৰু সংকোচ নাই। যেন এটা ভাল কামহে কৰিছে। ঃএয়াই ভালপোৱা আছিল নেকি?ভালপোৱাৰ প্ৰতিজ্ঞাবোৰ এয়াই আছিল নেকি? তাই থিয় হৈ থকা পৃথিৱীখন হঠাৎ খহি পৰিল,যেন শূণ্যতহে ওপঙি আছে তাই।তাইৰ কাৰণে জীয়াই থকাৰ সকলো কাৰণেই শেষ হৈ গৈছিল।জড় পদাৰ্থলৈ হে যেন ৰূপান্তৰিত হ'ল।প্ৰতিনিশা গিৰিয়েকে তাইক টয়লেতলৈ পঠিয়াই তাইৰ বিচনাখনতে নতুন পত্নীৰ লগত সকলো কাম কৰিছিল।গিৰিয়েকৰ কাৰণে তাই মাত্ৰ ব্যক্তিগত সম্পত্তি আছিল,যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰে।গিৰিয়েকে ভাৱে ঃতাইতো এজনী শাৰীৰিক বাধাগ্ৰস্ত নাৰীহে,তাইক বিয়া পাতি উপকাৰ কৰিছো।
গতিকে তাইৰ মনৰ ইচ্ছা অনিচ্ছাৰ কথা শুধাৰ প্ৰয়োজন কোনোদিন অনুভৱ নকৰিলে।তাই আকৌ এবাৰ গৰ্ভপাতৰ সন্মুখিন হ'ব লগা হ'ল।এইবাৰ তাইৰ অচেতন অৱস্থাত থকা মনটোৱেও প্ৰতিবাদ কৰিবলৈ ধৰিলে ,তাই আৰু এই ঘৰত থাকিব নিবিচাৰে।তাইক বেলেগকৈ থকাৰ ব্যৱস্থা কৰি দিব লাগে। তাইক এটা ভাড়া ৰুম ঠিক কৰি দিয়া হ'ল।এদিন তাই এজনী ধুনীয়া ছোৱালী সন্তান জন্ম দিলে।নিজে জন্ম দিয়া ছোৱালী জনীৰ মুখ খন চাই সকলো দুখ কষ্ট নিমিষতে পাহৰি যাবলৈ ধৰিলে।তাই জীয়াই থাকিব লাগিব।অন্ততঃ ছোৱালীজনীৰ বাবে। সিদিনা তাই নেদেখাজনক সাক্ষী কৰিয়ে ছোৱালীজনীক কোলাত লৈ ভাড়া ৰুমটো তলা মাৰি সন্মুখলৈ খোজ দিলে।ৰাতিটো তাই বাল্যকালৰ বান্ধবি এজনীৰ ঘৰতে থাকি ৰাতিপুৱাই কাম বিচাৰি ওলাই গ'ল।কল চেন্টাৰত মাহিলী৫০০০ টকা দৰমহাৰে এটা চাকৰি পালে।দিনকেইটা নতুন হ'বলৈ ধৰিছিল হে,দূৰ্ভাগ্যই তাইৰ পিছে পিছে খেদি গ'ল।গিৰিয়েকে তাইক কৰ্মস্থানত পাগল ঘোষণা কৰাৰ কাৰণে তাই চাকৰিটো হেৰুৱাবলগীয়া হ'ল। প্ৰতিদিনে গিৰিয়েক তাইৰ ওচৰলৈ আহি হাত ভৰি বান্ধি মুখ বন্ধ কৰি নিজৰ শৰীৰৰ ইচ্ছা পূৰণ কৰি গুছি যায়।এনেকৈ তাই তিনিটা সন্তানৰ মাতৃ হ'ব লগা হয়।কিন্তু পোহ পালনৰ দায়িত্বৰ কথা গিৰিয়েকে কোনোদিনে নাভাৱিলে।
এদিন পেটৰ ভোকত ল'ৰা ছোৱালী কেইটা কান্দি থকা শব্দ শুনি ওচৰৰ খুৰীয়েক এজনী তাইৰ ওচৰলৈ আহি তাই আঁকা পেইণ্টিং বোৰ দেখি অভিভূত হ'ল।
ঃতুমি কিয় আকৌ পেইণ্টিং নকৰা হ'লা।এই ২০০ টকা লোৱা কিবা এটা আনি ল'ৰা ছোৱালীকেইটাক খোৱাবা।
তাই সেই ২০০ টকাৰে অলপ খোৱা বস্তু আৰু পেইণ্টিং ৰ কাৰণে সজুঁলি কেইটামান কিনি আনিলে। কোনোবাই তাইক কৈছিল ট্ৰেড ফেয়াৰ চলি আছে বুলি।তাই গোটেই ৰাতিটো পেইণ্টিং চাঁৰিখন বনাই ৰাতিপুৱাঁ ট্ৰেড ফেয়াৰলৈ ওলাই গ'ল। তাতেই তাই এঠাইত বহি ল'লে।৫ মিনিট,২০ মিনিট,১ ঘণ্টা,২ ঘণ্টা সময় পাৰ হৈ গৈ থাকিল কোনো গ্ৰাহকে ওচৰলে নাহিল।হতাশ মনেৰে বহি থাকোতে হঠাৎ এজন বয়সস্থ লোক তাইৰ ওচৰলৈ আহিল.....ঃপেইণ্টিং বোৰ তুমি নিজেই কৰা নেকি?ঃহয় ছাৰ।
ঃমই যদি আৰু অৰ্ডাৰ দিও পেইণ্টিং কৰিব পাৰিবানে?
ঃপাৰিম ছাৰ!
মানুহজনে ২০০০ টকাৰে তাইৰ চাঁৰিখন পেইণ্টিং কিনি লৈ গ'ল।লগতে তেওঁৰ ফোন নম্বৰ দি গ'ল।এয়াই তাইৰ জীৱনৰ টাৰনিং পইণ্ট।
অৰ্ডাৰ পাই থাকিল,পেইণ্টিংবোৰ বিক্ৰী কৰি গৈ থাকিল।কেতিয়াবা যদি পেইণ্টিংবোৰ ফুটপাথত বিক্ৰী কৰে,কেতিয়াবা আকৌ ট্ৰেড ফেয়াৰ,হুনাৰ হাৰ্ট ত। এতিয়া দেশৰ আগশাৰীৰ নিউজ চেনেলবোৰে তাইৰ সাক্ষাৎ লয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰিয়াই তাইক সাক্ষাৎ কৰি ভূয়সী প্ৰশংসা কৰে। দেশৰ প্ৰথম মহিলা আই.পি.এচ বিষয়া কিৰণ বেদী তাইক লৈ বাৰুকৈ প্ৰভাৱিত হয়।
******এতিয়া তেওঁ এগৰাকী সুখী আত্মনিৰ্ভৰশীল নাৰী। তেওঁ নিজাকৈ এটা ঘৰ বিশ লাখ টকাৰে কিনিলে। য'ত জীয়াই থকাৰ সকলো সুখ স্বাচ্ছন্দ্যৰ বস্তুৰে ঘৰখন আটকধুনীয়া কৰিলে।
********সকলোতকৈ ডাঙৰ সুৰটো হ' ল তেওঁৰ নিজৰ তিনিটা সন্তানে কয় "মা তুমি বহুত সাহসী। আমি তোমাৰ নিচিনা হব বিচাৰোঁ"।
🔴এই সত্য কাহিনীৰ নায়িকা আন কোনো নহয় তেওঁ হৈছে দেশৰ প্ৰখ্যাত মহিলা চিত্ৰকৰ মেহজেবিন বানু🔴
✍️ববিতা. ডি. শৰ্মা
গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment