নীহাৰিকা, এজনী ধুনীয়া ছোৱালী, যিয়ে তাইক দেখা পায় সেইজনে নীহাৰিকালৈ একেথৰে চায়ে ৰৈছিল। কলেজৰ সকলোৱে তাইৰ বাবে পগলা, প্ৰতিটো লৰাৰে নীহাৰিকা হৃদয়ৰ স্পন্দন। সকলো লৰাই তাইৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল।( Assamese Storyboard )
নীহাৰিকা এখন সৰু চহৰৰ এগৰাকী ধনী নাম থকা ব্যৱসায়িৰ জীয়ৰী আছিল। নীহাৰিকা বহুত চতুৰ আছিল। তাই নিজৰ সন্মুখত আন লোকক একো বুলিয়েই গণ্য নকৰিছিল। অহংকাৰ আৰু আত্মবিশ্বাসেৰে ভৰা তাইৰ মুখ মণ্ডল প্ৰতি সময়তে জিলিকি ৰৈছিল। যেতিয়া নীহাৰিকাই হাঁহিছিল তেতিয়া এনে লাগিছিল যেন তাই সন্মুখত থকা জনৰ ওপৰত যেন দয়া হে কৰিছে। কলেজখনত এজন ধনী ব্যৱসায়িকৰ জীয়ৰী যদি ধুনীয়া আৰু আগবঢ়া হয়, তেতিয়া তাইৰ আগে পাছে থকা লোকৰো সংখ্যা দীঘলীয়া হয়।
কিন্তু নীহাৰিকাই সকলো লৰাৰে ভিতৰত ৰূপমকহে পচন্দ কৰিছিল, যি প্ৰতিটো সময়তে কিতাবৰ মাজতে থাকে আৰু ৰূপম অতি দৰিদ্ৰ ঘৰৰ লৰা আছিল। ৰূপমৰ কেৱল পঢ়া শুনা কৰাটোৱে তাৰ পৃথিৱী আছিল। ৰূপম নীহাৰিকাৰ সহপাঠী আছিল। আৰু গাওঁৰ এজন দৰিদ্ৰ খেতিয়েকৰ পুত্র আছিল। ৰূপমৰ দেউতাকৰ আকষ্মিক ভাৱে মৃত্যু হোৱাত, বৰ কষ্টৰে তাৰ বিধৱা মাকে ৰূপমক পঢ়ুৱাইছিল। আৰু এইফালে নীহাৰিকাই ৰূপমকে পচন্দ কৰিছিল। কাৰণ সি ওখ, শকত আৱত, ধুনীয়া আৰু কষ্ট কৰিব পৰা লৰা আছিল। নীহাৰিকাই যেতিয়াই তেতিয়াই তাক কিবা সুধাৰ বাহানাৰে ৰূপমক নিজৰ কাষলৈ মাতি আনে। চাওতে চাওতে তাহাঁতৰ বন্ধুত্বৰ কথা এতিয়া সম্পূর্ণ কলেজতে আৰম্ভ হল। ৰূপম অন্যমনষ্ক ভাৱে থাকিবলৈ ধৰিলে। লাহে লাহে এই মেধাৱী লৰাটোৰ পঢ়া যে থমকি ৰল। আনফালে যত নীহাৰিকা পঢ়াত পাছপৰা আছিল, এতিয়া তাই ৰূপমে বনোৱা নোটচৰ সহায়ত প্ৰথম হবলৈ ধৰিলে। এই সকলোবোৰৰ পাছত ৰূপমৰ কষ্টৰ ফল আছিল। সি ৰাতিটো তাইৰ বাবে নোটচ তৈয়াৰ কৰিছিল। লেবটৰীত এক্সপ্ৰিমেন্ট সি কৰে, কিন্তু সি কৰা কষ্টৰ ফল নীহাৰিকাই লাভ কৰিছিল। ৰূপম কেৱল নিজৰ প্ৰেমিমাৰ প্ৰেমত অন্ধ হৈ পৰিছিল। ৰূপমে, নীহাৰিকাৰ বাদে অন্য একোকে ভাবিবকে নোঁৱাৰিছিল।কথা এনে হৈছিল যে, এতিয়া কলেজ বন্ধ হলেও ৰূপম মাকৰ ওচৰলৈ গাওঁলৈ নোযোৱা হৈছিল। এই সকলোবোৰ দেখা পায় মাকো অসুস্থ হৈ পৰিছিল। ৰূপম মৰম ভালপোৱাত ইমানেই অন্ধ হৈ পৰিল যে, সি প্ৰায়ে পাহৰি গৈছিল গাওঁত তাৰ মাক থাকে বুলি। সেই মাকেই আকৌ নিজৰ গহণা বিক্রি কৰি তাৰ কলেজৰ মাচুল দিছিল। মাকে আনৰ খেতিত কাম কৰি, গাওঁবুঢ়া ঘৰত দিন হাজিৰা কৰি ৰূপমৰ পঢ়া শুনাৰ খৰচ ওলিয়াইছিল।
মাকৰ প্ৰতি মৰম থাকিও ৰূপমে মাকৰ বিষয়ে ভাৱিবলৈ পাহৰি গৈছিল। কাৰণ নীহাৰিকাৰ লগত তাইৰ বাবে প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰা, আকৌ নীহাৰিকাৰ ঘৰলৈ যোৱা, আকৌ যদি নীহাৰিকা কৰবালৈ যায়, তেতিয়া তাইৰ লগত যোৱাটো, তাইৰ লগত চিনেমা তথা পাৰ্টিলৈ যোৱা, এই সকলোবোৰ কামেই ৰূপমে কৰিবলৈ ধৰিলে। সি এই সকলোবোৰ কৰোঁতে ইমানে ভাগৰুৱা হৈ পৰে যে তাৰ নিজলৈ ভাৱিবলেও সময় নহৈছিল। কলেজৰ এটা প্ৰগেমত ৰূপমে নীহাৰিকাক দেখা পায় এই গীতটো গাইছিল, পল পল দিল কে পাচ, তুম ৰেহটি হৌ। এই গীতটো ৰূপমে ইমান সুন্দৰ ভাৱে গাইছিল যে, বহু সময়লৈ সকলোৰে হাত চাপৰি বাজিয়েই থাকিল। কিন্তু সি সন্মুখত বহি থকা নীহাৰিকাকে চাই ৰল। যেন সি হাত চাপৰিৰ শব্দও শুনা নাপালে। নীহাৰিকা গৰ্ব হল।এতিয়া কলেজতে তাই জুলিয়েটৰ নামেৰে পৰিচিত হল। এই ভালপোৱাত নীহাৰিকাই একো হেৰুওৱা নাছিল কাৰণ ৰূপমে কেতিয়াও তাইক আঙুলি এটাকো চোৱা নাছিল। এইফালে পৰীক্ষা চলি থাকোতেই নীহাৰিকাৰ বিয়া ঠিক হল। নীহাৰিকাৰ কোনো দুখ হোৱা নাছিল, কাৰণ তাই বহু আনন্দ কৰিছিল। কেতিয়াও প্ৰেম কৰা নাছিল, তাই কেৱল মনোৰঞ্জন আৰু প্ৰয়োজনৰ বাবে ৰূপমক ব্যৱহাৰ কৰিছিল।
এসময়ত ৰিজাল্ট ওলাল। নীহাৰিকা ভালদৰে প্রথম বিভাগত উত্তীর্ণ হল আৰু ৰূপমৰ দুখন বিষয়ত বেয়া হল। ৰূপমৰ এটা বছৰ সম্পূর্ণ ৰূপে বেয়া হৈ হল। আনফালে নীহাৰিকাও বিবাহ পাশত আৱদ্ধ হৈ গুচি গল। ৰূপমে যেতিয়া ভালপোৱাত অসফলতা লাভ কৰিলে। তাৰ এটা বছৰ সম্পূর্ণ বেয়া হৈ গল, ইয়াৰ কোনো দুখ নাছিল ৰূপমৰ। কিন্তু ৰূপমে যাক নিজতকৈও অধিক ভাল পাইছিল, সেইজনী নীহাৰিকাই তাক এনেদৰে অৱহেলা কৰি গুচি যোৱাত ৰূপম একেবাৰে ভাঙি পৰিছিল।যাৰ বাবে সি টুপনিৰ ঔষধ খায় নিজৰ জীৱনটো শেষ কৰি দিবলৈ প্ৰয়াস কৰিছিল। যেতিয়া নীহাৰিকাৰ বৰযাত্ৰী আহিছিল, তেতিয়া ৰূপমে হস্পিটালত জীৱন মৰণৰ সৈতে যুঁজি আছিল। তাৰ মাকৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। মাকে বুজি পোৱা নাছিল যে,সকলো শ্ৰেণীতে প্ৰথম অহা তেওঁৰ লৰা ৰূপম আজি কেনেদৰে অৱৰ্তীন হল! সি বৰ বুদ্ধিয়ক, বুজি পোৱা আৰু কষ্ট কৰা লৰা আছিল।আৰু সেয়ে মাকে ৰূপমক লৈ অসংখ্য সপোন গাঠিছিল। কিন্তু এজনীৰ মিছা ভালপোৱাৰ বাবে তাক ইমানে কষ্ট দিলে যে সি এতিয়া মদ খাবলেও ধৰিলে। ৰূপমৰ ধুনীয়া শৰীৰ আৰু মুখ মণ্ডল একেবাৰে শুকাই খীনাই গল। ৰূপম, নিজৰ মাকৰ লগত গাওঁলৈ গুচি আহিল। মাকে, তাক লৈ বহু চিন্তিত হৈ পৰিল। ৰূপম কেৱল গাওঁত অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। সি কোনো কাম নকৰা হল। গাওঁৰ লোকে কবলৈ ধৰিলে, প্ৰেমত বলীয়া হল। সেই ছোৱালী জনীটো গুচি গল, মিছলীয়া কৰবাৰ।
এদিন ৰাতি ৰূপমে পথাৰত থকা পুখুৰী এটা ওচৰলৈ গল আৰু নিজৰ জীৱনৰ দ্বাৰা নিৰাশ হৈ পুখুৰীত জাপ দিবলৈ প্ৰয়াস কৰিলে। কিন্তু সেই সময়তে এজনী ছোৱালী আহি তাক টানি ধৰিলে। সেই ছোৱালীজনীৰ নাম আছিল জুনুকা। জুনুকাই ৰূপমৰ গালত চৰ সুধাই দিলে। আৰু কলে, বলীয়া, এনেধৰণে কোনোবাই নিজৰ জীৱন শেষ কৰি দিয়ে নি! ৰূপমে কান্দিবলৈ ধৰিলে। ঠিকেই কয় গাওঁৰ লোকে, সেই ছোৱালীজনীয়ে তোক পগলা কৰি দিলে। জুনুকাই কলে।( Assamese Storyboard )
হয়, নীহাৰিকা, মোৰ মনৰ পৰা আঁতৰিয়েই নাযায়। ৰূপমে কলে। তাইৰ কথা, তাইৰ হাঁহিয়ে মোক একোকে কৰিবলৈ নিদিয়ে। এনে দৰে জীয়াই থকাতকৈ মৰি জোৱাই ভাল।
জুনুকাই কলে, সেই মিছলীয়াজনীৰ বাবে, তুমি তোমাৰ জীৱন শেষ কৰি দিবলৈ লৈছা। তাই এতিয়া নিজৰ স্বামী লগত বহুত সুখী, চহৰত আনন্দ কৰি ফুৰিছে। তাই তোমাক কেতিয়াবাতে পাহৰিলে। আৰু এইফালে তোমাৰ মায়ে, দিনে ৰাতিয়ে ইমান কষ্ট কৰে, সেইবাবে তুমি দুবেলা দুমুঠি খাবলৈ পাইছা। আৰু তুমি তোমাৰ মাক পাহৰি সেই মিছলীয়াজনীৰ কথা ভাৱি ভাৱি পগলা হৈ পৰিছা! তুমি এয়াও নাভাৱিলা যে, তোমাৰ মৰি যোৱা পাছত তোমাৰ মাৰ কি হব! তেওঁ কাৰ লগত থাকিব!
মই কি কৰো! ৰূপমে সুধিলে!
জুনুকাই কলে, সকলো পাহৰি আগবাঢ়ি যোৱা। যেনে মই সকলো পাহৰি মোৰ জীৱনত আগবাঢ়ি আহিছো।
তুমি! ৰূপমে সুধিলে!
জুনুকাই কলে, হয়, মোৰ বিয়া হৈছিল। বিয়াৰ পাছত মোৰ মদাহী স্বামীয়ে মোক মাৰ পিট কৰে। সদায়ে এই সকলোবোৰ মই সহি গৈছিলো। কিন্তু এদিনাখন সি আন এগৰাকী মহিলা ঘৰলৈ লৈ আহিল আৰু সকলো সময়তে তাইৰ লগতে থাকে। মই সেই সকলোবোৰ আৰু সহি থাকিবলৈ নোৱাঁৰা হলো। মোৰ দেউতা এজন দৰিদ্ৰ খেতিয়ক আৰু মোৰ দুজনী ভন্তী আছে। মই একো বুজিপোৱা নাছিলো যে মই কি কৰোঁ! মই আত্মহত্যা কৰিবলৈ বিচাৰিছিলো? কিন্তু এই কথা ভাৱি থমকি গলো, এই সকলোবোৰৰ মোৰ কি ভুল! মই এনে কাম কৰিলে মোৰ মা দেউতাই বহুত দুখ পাব। এই কথা ভাৱি মই বৰ ভয় খালো আৰু সকলো এৰি থৈ ইয়ালৈ গুচি আহিলো। ইয়ালৈ আহি মই মোৰ বাকী থকা পঢ়া সম্পূর্ণ কৰিলো। মই কলেজ যাবলৈ আৰম্ভ কৰিলো। আৰু এতিয়া গাওঁৰে স্কুলতে লৰা ছোৱালীক পঢ়োৱাও। আৰু লগতে নিজেও পঢ়িছো। তুমিও পঢ়া, আগবাঢ়ি যোৱা আৰু জীৱনত কিবা কৰি দেখুৱা।
ৰূপমে, জুনুকৰ কথা শুনি মনতে ভাৱিলে, তাই ঠিক কৈছে, নীহাৰিকাই মোক কেতিয়াবাতে পাহৰি আগুৱাই গল। আৰু মই ইয়াত বলীয়াৰ দৰে তাইক মনত পেলাই আছো। ৰূপম পুনৰ চহৰলৈ গল, পঢ়িবলৈ। পঢ়াৰ লগত এতিয়া সি ক'চিং চেন্টাৰ এটাত চাকৰিও কৰিছিল। তাৰ কলেজৰ পঢ়া সম্পূর্ণ হল। কলেজতে তাৰ চাকৰি হল। আৰু বহু মন দি পঢ়ি গল। যেতিয়া সি সাহস হেৰুৱাইছিল, তেতিয়া তাক জুনুকাই মনোবল দিছল। চাওঁতে চাওঁতে কিছু বছৰতে ৰূপম জিলা কালেক্টৰ হল। সি বহুত সুখী হৈছিল। এই সকলোবোৰ জুনুকাৰ বাবে হৈছিল। যদি তাই নথকা হলে, আজি সি জীৱিত নাথাকিলে হয়। ৰূপমে এতিয়া মনে মনে জুনুকাক পচন্দ কৰিবলৈ ধৰিছিল। ৰূপমে জুনুকাক বিয়াৰ প্ৰস্তাব দিলে।
কিন্তু জুনুকাই মনা কৰি দিলে। আৰু কলে যে, তাই ৰূপমৰ যোগ্য নহয়, ডিভোর্স দিয়া আৰু ৰূপমতকে দুবছৰ ডাঙৰ হয়।
কিন্তু ৰূপমে কলে, মোৰ এই সকলো কথাৰ কোনো প্ৰয়োজন নাই। তুমি মোক লগ দিলা, সাহস দিলা। সকলো সময়তে মোৰ মনোবল শক্তিশালী কৰিলা। মোৰ বাবে তোমতকে ভাল জীৱনৰ লগৰী আৰু কোনো হব নোঁৱাৰে। জুনুকা আৰু ৰূপমৰ বিয়া হৈ গল। এদিন জুনুকা আৰু ৰূপম এটা পাৰ্টিলৈ গল। যত নীহাৰিকাও আহিছিল আৰু তাই ৰূপমক দেখা পায় থৰ লাগিছিল। নীহাৰিকা আচৰিত হৈ ৰৈছিল যে, ৰূপম ইমান দৰিদ্ৰ হৈও জিলা কালেক্টৰ কেনেদৰে হলগৈ! তাই মনে মনে জ্বলি উঠিছিল
নীহাৰিকা, ৰূপমৰ কাষলৈ গল আৰু কথা পাতিবলৈ বিচাৰিলে। কিন্তু ৰূপমে তাইৰ ফালে ঘূৰিও নাচালে। তেতিয়া নীহাৰিকাই এখন সৰু কাগজত তাইৰ নাম্বাৰটো লিখি ৰূপমক দিলে। কিন্তু ঘৰলৈ আহি ৰূপমে সেই কাগজৰ টুকুৰা ফালি পেলালে। ৰূপমে মনতে কলে, তুমি আজিও সলনি নহলা নীহাৰিকা! আজি মোৰ এই সফলতা দেখা পায় আজিও তুমি মোৰ কাষলৈ আহিবলৈ বিচাৰিলা। নালাগে মোক তোমাৰ মিছলীয়া প্ৰেম। মোৰ লগত জুনুকাৰ দৰে সচাঁ ভালপোৱা আছে। যি দেখাত তোমাৰ সমান ধুনীয়া নহয় কিন্তু মনৰ পৰা বহুত ভাল আৰু মোক বহুত ভালপাই।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment