লকডাউনৰ অন্তত যেতিয়া মদৰ দোকানবোৰ খোলা হয় : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

লকডাউনৰ অন্তত যেতিয়া মদৰ দোকানবোৰ খোলা হয় : Assamese Storyboard

Assamese Storyboard

সদায় কৰ্মব্যস্ততাৰ মাজত থকা মানুহজনৰ এই লকডাউনৰ সময়খিনি নাযায় নুপূৱাই যেন হৈছে । দিনটো কামৰ খাতিৰত ঘৰৰ বাহিৰত থকা মানুহজনে এইকেইটা দিন একেবাৰে এলেহুৱা হৈ পৰিল , দিনতো টিভি আৰু মবাইলতে ব্যস্ত ( Assamese Storyboard )। ঘৰত সোমাই সোমাই এনে অৱস্থা হৈছে যে , চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া সময়ৰ ভিতৰতো দুই এটা বস্তু কিনিবলৈ ওলাই নাযায় । পৰিবাৰে সুধিলে কয় 

--" কি যাবাহে , নিজৰ মন পচন্দৰ বস্তু কিবা পাম জানো , সকলো বন্ধ । "

--" হলেও এবাৰ ওলাই যাওকগৈচোন, যি পাই তাকেই আনিব , অন্ততঃ গেলামালৰ দোকানখন পাব , আপোনাক চুগাৰে পাব বুজিছে , অলপ লৰচৰ কৰক ।" 


--" এহ , ৰ'বাহে চুগাৰ , মানুহ মৰিছে ক'ৰোণাৰ ভয়ত , চুগাৰটো আমাৰ সকলোৰে ঘৰৰ পোহনীয়া বেমাৰ । "

--" হয়নে , দেখিম নহয় , ময়ো আপোনাৰ হে পত্নী দেই , কৈ থলো । "

--" হেৰা , এটা কাম নকৰা কিয় , মই যেনেকৈ দিনটো ঘৰত আহিবলৈ সময় নাপাও, তুমিও তেনেকৈ ওলাই যাবলৈ সময় নোপোৱা , কামেই কাম ঘৰৰ । "

--'' মিছা নেকি কিবা কথাটো , তিৰোতাৰ কামৰ শলাগ ল'লে  পুৰুষবোৰে আকৌ কাপুৰুষ হৈ যোৱা বুলি ভয় কৰে নহয় । "

--" হেৰা, মই তেনে নহয় দেই , এটা কাম কৰা , তুমি আৰু বাবাই বজাৰ কৰি আনা , পুলিচে মহিলাৰ একো নকৰে , সোনকালে আহিব পাৰিবা । " 

--" এৰা, যাব পাৰো তো , ঠিকেই কৈছে আপুনি । " 


    তাৰ পিছত দুদিন ল'ৰাটোৰ লগত গৈ পৰিবাৰে দিনৰ ভাগতে বজাৰ কৰি আনিলে । এনেদৰে দুসপ্তাহ পাৰ হ'ল । চাওঁতে চাওঁতে বিহু পালেহি । এইবাৰতো বিহু সেমেকা । তথাপিও গেলামাল দোকান খনতে চিৰা গুৰ আদি যি পাই তাকেই আনিম বুলি ঘৈণীয়েক বিহুৰ আগদিনা যাবলৈ ওলাল । কিন্তু মানুহ জনে যাবলৈ নিদিলে , ক'লে --" হেৰা , তুমি যাব নালাগে , বৰ ভিৰ হ'ব দোকানত , কাইলৈ গৰু বিহু , তুমি ঘৰতে থাকিবা , ময়েই যাম , মন পচন্দৰ কিবা পাও নেকি চাম , এনেদৰে সোমাই থাকিলে পাগল হম বুজিছা । " ঘৈণীয়েকে ভালেই পালে , বিহু বুলি মানুহজন বাহিৰ ওলাম বুলি কৈছে  যে । খোজ কাঢ়িলে গাটো পাতল হ'ব ।( Assamese Storyboard )


      গৰুবিহুৰ দিনা তেখেতে বৰ উৎসাহেৰে গা পা ধুই সোনকালেই বজাৰলৈ গ'ল । পৰিবাৰে ঘৰৰ কামত ব্যস্ত হ'ল । অলপ পিছতে টিভি চাই থকা ল'ৰজনে মাকক চিঞৰি চিঞৰি মাতিলে --" মা , মা চোৱাচোন চোৱা , দেউতাক টিভিত দেখাইছে , আহানা জলদি । " মাকেও দৌৰ মাৰি আহি চালে , হয়  মানুহবোৰে নিৰ্দিষ্ট দুৰত্ব বজাই ৰাখি শাৰী পাতি দোকানৰ সন্মুখত ৰৈ আছে । মুখত এখন মাস্ক পিন্ধি তেওঁৰ স্বামীদেৱতাও শাৰীত থিয় হৈ আছে । তেওঁ ভাবিলে মাস্ক খন গুছাই দিলে ভালকৈ এবাৰ দেখা পালেহেতেন । কিন্তু টিভি চেনেলৰ কেমেৰামেন জনে মানুহৰ শাৰী দেখাই দেখাই এঠাইত যেতিয়া কেমেৰা জুম কৰি ৰাখিলে , তেতিয়াহে আচল কথা ধৰা পৰিল । সেইখন বিলাতী সুৰাৰ দোকান । বাপতিসাহোন বিহুৰ দিনাই চৰকাৰে মদৰ দোকান খুলিব দিছে । বেছেৰি মানুহ জনীৰ খঙে চুলিৰ আগ পালে । আহক আজি ঘৰলৈ , বজাৰত যোৱাৰ বাহানা উলিয়াই দিম । তেওঁ বাৰাণ্ডাত ৰৈ থাকিল ।

     কিছুসময় পিছত বৰ আনন্দ মনেৰে মানুহজন ঘৰলৈ আহিল । ঘৈণীয়েকক দেখিয়েই ক'লে --" আজিহে অলপ মনতো  ভাল লাগিছে জানা । "

-- " কি বজাৰ আনিলে চাও, ইমান দেৰি লাগেনে । " 

--'' বাপৰে , বৰ ভিৰহে আজি, বিহু যে । " 

--" ভিতৰলৈ আহক, বিহু দেখুৱাই আছো আজি । " খঙত অগ্ধিশৰ্মা হৈ থকা ঘৈনিয়েকৰ পিছে পিছে তেওঁ ভিতৰলৈ গ'ল । দেউতাকক দেখাৰ ল'গে ল'গে ল'ৰাজনে ক'লে -" দেউতা দেউতা , অলপ আগতে তোমাক টিভিত দেখিছোঁ । "


--" হা , কি ক'লা , টি ভি ত ? কেতিয়া ।"

--" অ , তুমি যে ওৱাইন চপৰ আগত শাৰী পাতি ৰৈ আছিলা , দেখিয়েই চিনি পাইছো মই, আৰু কি কৈছিল জানা, মদাপীৰ পৰা বোলে দিচিপ্লিন শিকিব লাগে । " 

--"হেই , কি কৈছা এইবোৰ , মই নহয় । "

--" হয় , হয় তুমিয়েই , মই ফটো মাৰি থৈছোঁ । " 


কমলেন্দ্ৰ শৰ্মা

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages