দুখীয়া প্ৰেমিক সকলৰ অৱস্থা প্ৰায় এনেকোৱাই হয় : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

দুখীয়া প্ৰেমিক সকলৰ অৱস্থা প্ৰায় এনেকোৱাই হয় : Assamese Storyboard

Assamese Storyboard

ধুনীয়া প্ৰেমিকা জনীয়ে তেওঁৰ দৰিদ্ৰ প্ৰেমিকক কৈছে-- তোমাৰ লগত এইয়াই মোৰ শেষ দেখা দেখি ৷ দুদিন পিছত মোৰ বিয়া, তেওঁ ভাল চাকৰি কৰে ( Assamese Storyboard )৷ তুমি মোক ভুল নুবুজিবা, মোতকৈ তুমি বহুত ভাল ছোৱালী পাবা ৷ আছলতে মই তোমাৰ যোগ্যই নাছিলো, সেয়ে ভগৱানে মোক তোমাৰ হ'বলৈ নিদিলে ৷


ল'ৰাটোৱে তাইলৈ মাত্ৰ সেমেকা চকুৰে অসহায় হৈ কিছুসময় ৰ  লাগি চাই ৰ'ল ৷ পিছদিনা তাই এখন চিঠি পালে ল'ৰাটোৰ পৰা ৷ তাত লিখা আছিল-


" কালিলৈৰ পৰা তোমাৰ জীৱনৰ গতি পথ সলনি হৈ যাব ৷ তোমাৰ সুখেই সুখ হ'ব, তেতিয়া মনত পেলাবা - এটা দুখীয়া ল'ৰা আছিল, যাৰ লগত বিয়া নোহোৱাৰ কাৰনেই আজি মই এই সুখ পাইছো ৷


কেতিয়াবা ক'ৰবাত ফুৰিবলৈ যাওঁতে যেতিয়া নিজৰ গাড়ীখনত উঠি বহিবা তেতিয়া মনত পেলাবা- এটা দুখীয়া ল'ৰাক ভাল পাইছিলো, যাৰ লগত বিয়া হোৱা হ'লে আজি ৰিক্সাত নাইবা খোজকাঢ়ি যাব লগা হ'লহেতেন ৷( Assamese Storyboard )


দামী দামী ৰেষ্টোঁৰাত সোমাওঁতে এবাৰলৈ হ'লেও মনত পেলাবা- এটা দুখীয়া ল'ৰা আছিল, যাৰ লগত বিয়া হোৱা হ'লে আজি ৰেষ্টোঁৰাৰ সলনি ফুটপাথৰ ঘুমতিত দহটকীয়া চাওমিন খাব লগা হ'লহেতেন ৷


যদিহে কেতিয়াবা তোমাৰ পতিয়ে তোমাক সময় দিব নোৱাৰে, তেওঁক অভিমান কৰি গালি নাপাৰিবা, কাৰণ তেওঁ সহজ ভাৱে নল'বও পাৰে আৰু তেতিয়া তুমি এটা কথা মনত নেপেলোৱা যেন যে- এটা দুখীয়া ল'ৰা আছিল, যি টকাৰ দুখীয়া হ'লেও মনৰ দুখীয়া নাছিল, নিজৰ কাম এৰি তোমাক সময় দিছিল, এষাৰো টান কথা কোৱা নাছিল, তুমি আঘাত পোৱা বুলি জানিলে নিৰৱে কান্দি উঠিছিল, প্ৰতি পল তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছিল, তোমাৰ লগত বহুসময় কথা পাতিছিল, তোমাৰ চকুপানী মচি দিছিল আৰু তোমাক বহুতো নামেৰে মৰমত মাতিছিল ৷ কেতিয়াও মনত নেপেলাবা, মাত্ৰ সান্তনা ল'বা যে, এটা দুখীয়া ল'ৰা আছিল, যি বৰ্তমান ফটা চিটা লেতেৰা কাপোৰ পিন্ধি বাটে ঘাটে চিঞঁৰি ঘুৰি ফুৰে আৰু মানুহ বোৰে তাক পগলা বুলি হাঁহে ৷

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

:


No comments:

Post a Comment

Advertisement

Pages