ৰাতিপুৱাই হোৱাদুৱা লাগিল..., থানাৰ পৰা ডেডবডীটো নাইকীয়া হল, খবৰটো পাই মাধুৰী থানালৈ আহিল.... আচৰিত মানুহদেই আপোনালোক , ৰাতি পহৰা দিছিল নে কুম্ভকৰ্ণ নিদ্ৰা মাৰিছিল ( Assamese Storyboard )।
আপোনালোকৰ দৰে কাণ্ড জ্ঞান নথকা এচামৰ বাবেই Police Departmentৰ বদনাম হৈছে, কেনেবাকৈ যদি কথাটো মেডিয়াই গম পাই আমাৰ সকলোৱে চাকৰি যাব , শইকীয়া ৰাতি আপুনি আৰু কেউত আছিল তথাপিও থানাৰ ভিতৰৰ পৰা ডেডবডীটো কেনেকৈ নিবলৈ পালে , অৱশ্যে চি.চি. টিভি ফুটেজত সকলো ধৰা পৰি যাব , হত্যাকাৰী যিমানেই চালাক নহওঁক কিবা নহয় কিবা এটা ক্লু এৰি যাবই...., শইকীয়া ৰত্নাকৰক লগত লৈ মৃণাল আৰু ৰাজুক থানালৈ লৈ আহক.., মই ফুটেজখিনি চেক কৰি লওঁ..., কি চাই আছে ভেবা লাগি go first..., শইকীয়াৰ লগতে কেউতো যাবলৈ ওলাল.., আপুনি কত যায় মি: কেউত , ইমিডিয়েট মোৰ বাবে চাহ একাপ আনক , ৰাতিপুৱাই মূৰটো গৰম কৰি দিলে , চকীখনত বহি দীঘলকৈ উশাহ ললে , টেবুলত থকা লেণ্ড ফোনটো কিৰিং কিৰিং কৈ বাজি উঠিল...
: হেল্ল'
: হেল্ল' মেডাম মই কোঁৱৰপুৰৰ পৰা কৈছোঁ , কথা এটা শুনিছোঁ সঁচা নে মিছা জানিবলৈ ফোন কৰিলোঁ....,
: কি কথা কওকচোন...!
: মানে মেডাম ডেডবডীটো বোলে থানাৰ পৰা নাইকিয়া হৈছে...?
: What..., কোনে কলে আপোনাক...,
: চুবুৰীয়া দুই এজনৰ মুখত শুনিলোঁ ,
: মানুহবোৰৰ আৰু কাম নাই..., ডেডবডী মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেললৈ পঠোৱা হৈছে,
: বেয়া নাপাব মেডাম ...
: আপুনি গাঁওবাসীক এধৰণৰ উৰা বাতৰি উলিয়াবলৈ মানা কৰিব...,
: ঠিক আছে মেডাম , মই তেওঁলোকক বুজাম
ফোনটো কাটি দিছিল মাধুৰীয়ে...., কেউত...! আপোনালোকৰ হেমাহীৰ বাবেই থানাখনৰ বদনাম হৈছে , গাওঁবুঢ়াই ফোন কৰিছিল , বিৰাট লাজ পাইছোঁ মই , ভোৰভোৰাই ভোৰভোৰাই মাধুৰীয়ে ফুটেজবোৰ চাবলৈ ধৰিলে, দুজন লৰা , এজনে মুখখন গামোচাৰে ঢাকি ৰাখিছে আনজনে পাতল কাপোৰ এখনে মুখখন ঢাকি ৰাখিছে , zoom কৰি কৰি ফটোদুখন ভালকৈ চালে , গামোচাৰে মুখবন্ধাজনৰ চকুযোৰ ঠিক যেন মৃণালৰ দৰেই , মাধুৰীয়ে মৃণালৰ মুখখন বাৰে বাৰে মনত পেলাবলৈ যত্ন কৰিলে , .....হয় এইটো মৃণালেই হয়..., মোৰ চকু ইমান বেয়া নহয় ,
: মেডাম চাহ লওঁক..., কেউতে চাহকাপ টেবুলতে থলে...
: চাহকাপ আনোতেই ইমান সময় লাগে নে....!
: হব...., আপুনি ইয়াতে থাকক , মই ৰূমৰ পৰা আহো ,
কথাবোৰ ভাবি ভাবি মাধুৰী ৰূম পালেহি , গাটো তিয়াই গোসাঁইঘৰত চাকিগজ জ্বলালে, তাতে বৃহস্পতিবাৰ , থাপনাৰ সন্মুখত চাকিগছি জ্বলাই ড্ৰেচযোৰ পিন্ধি হাতত মেমৰী কাৰ্ডখন লৈ মাধুৰী আকৌ থানালৈ আহিল , চিন্তাত মাধুৰীৰ মুখখন শুকাই যোৱা যেন লাগিছিল , ইফালে মিতালিৰ মিডিকেল ৰিপৰ্টটোও অহা নাই , উপায় নাপায় মাধুৰীয়ে মেমৰিখন লগাই চালে , পল্লভ আৰু মৃণালৰ মুখখন স্পষ্টহৈ আছিল , বিচনাত পৰি মিতালিয়ে চটফটাই আছিল , ইটোৰ পাছত সিটো মিতালিৰ দেহৰ ওপৰত জপিয়াই পৰিছিল , দৃশ্যবোৰ দেখি মাধুৰীৰ চকুহাল সেমেকি উঠিল , ....মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰে , মিতালিয়ে বহু চেষ্টা কৰিছিল নিজৰ সতীত্ব ৰক্ষা কৰিবলৈ , কিন্তু পশুতুল্য সেই নৰপিশাচ কেইটাৰ হাতৰ পৰা তাই নিজকে ৰক্ষা কৰিব নোৱাৰিলে , কথাবোৰ ভাবি থাকোতেই মৃণাল আৰু ৰাজু নামৰ লৰাজন সোমাই আহিল, ( Assamese Storyboard )
....মেডাম এইদুটাই আমাক দেখি পলাব চেষ্টা কৰিছিল , খেদি খেদি ধৰি আনিছোঁ .... মাধুৰীৰ ওচৰ চাপি শইকীয়াই কথা কেইটা কলে....
: শইকীয়া বেতডাল লৈ আহক , ঐ ডেডবডীটো কত থৈছ ....., শুনিছ নাই , মই তহঁতক কিবা সুধি আছোঁ , তল মুৰ কৰি থাকিব নালাগে , মোক উত্তৰ লাগে....,
: আমি সেইবোৰ একো নাজানো মেডাম..., আপুনি মিছাতেই...
: চুপ......, কাক ৰঙা চকু দেখুৱাইছ.... হা..? চৰত চকু বাহিৰ হৈ যাব...., শইকীয়া বেতডাল আনোতেই ইমান দেৰি লাগে নে....! ভালদৰে দুকোবমান দি দিলে সকলো কথা মুখেৰে ওলাই যাব....,
: এইডাল লওঁক মেডাম...., শইকীয়াই বেতডাল আগবঢ়াই দিলে মাধুৰীক....,
: ভালে ভালে সুধিছো ..., মুখ খুলিবি নে....?
: কৈছোঁ....! কৈছোঁ....! মেডাম... থানাৰ পৰা কিচুদূৰত থকা হাবিখনত শিমলু জোপাৰ তলতে ডেডবডীটো পুটীথৈ আহিছোঁ.....,
: কেউত দুয়োটাকে হাতভৰি বান্ধি সোমোৱাই থৈ দিয়া...,
: চুপ.....! এটাও শব্দ উচ্চাৰণ নকৰিবি...., নাৰীহত্যা কৰ....., দেখাই আছোঁ বিহু....., ৰত্নাকৰ, শইকীয়া বলক
: ok মেডাম....,
আগে আগে ৰত্নাকৰ মাজত মাধুৰী , লতা গুচাই গুচাই তেওঁলোক আগবাঢ়ি গল..., বহু কষ্ট কৰি শিমলুজোপা বিচাৰি পালে..., বহু সময় খান্দি খান্দি ডেডবডীটো উলিয়াই আনিলে , এম্বুলেঞ্চ এখন মাতি ডেডবডীটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেললৈ পঠাই দিলে মাধুৰীয়ে...., প্ৰখৰ ৰদত মাধুৰী ঘামি জুৰুলী জুপুৰি হৈ গৈছিল....., ফেনখন চলাই মাধুৰীয়ে চকীখনত বহি অলপ আৰাম কৰিলে ,
........ মেডাম আগলৈ আৰু এনে ভুল নকৰোঁ , আমাক যাবলৈ দিয়ক...., দুয়োটাই হাতযোৰ কৰি মাধুৰীক কলে...
: ইয়াত কিবা অসুবিধা হৈছে নেকি.....?
: বৰ কষ্ট পাইছোঁ মেডাম , ৰাতিপুৱাৰ পৰা একো এটা খুৱা নাই ......
: শইকীয়া শুনিছেনে...., এওঁলোকৰ হেনো ভোক লাগিছে .....
: মেডাম চাহ একাপকে....!
: একো দিব নালাগে ...., মই এতিয়া ৰূমতে গৈ অলপ আৰাম কৰোঁ...., ৰাতি ইহঁতৰ লগত কথা পাতিম , ৰত্নাকৰ আপুনি মেডিকেললৈ গৈ মিতালিৰ ৰূপৰ্টটো লৈ আহিব , শইকীয়া আৰু কেউত আপোনালোক থানাৰ পৰা এখোজোঁ নিহিলিব..., মই আহিছোঁ....., খৰ খোজেৰে ওলাই গৈছিল মাধুৰী......
.......... ক্ৰমশঃ
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment