কু-চৰিত্ৰৰ পুৰুষ সকলৰ পৰা তাই নিজকে ৰক্ষা কৰিব পাৰিব নে ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

কু-চৰিত্ৰৰ পুৰুষ সকলৰ পৰা তাই নিজকে ৰক্ষা কৰিব পাৰিব নে ? Assamese Storyboard

Assamese Storyboard

মিনতিৰ জীৱনৰ ফুলপাহ ভালদৰে ফুলি নুথুতেই মৰহি গল। তাই জনা নাছিল যে, যিয়ে দুবছৰৰ আগতে অগ্নিক সাক্ষী কৰি ওৰেটো জীৱন লগত থাকিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেইজনেই ইমান সোনকালেই লগ এৰি দিব বুলি।( Assamese Storyboard )

বিয়া পাছত মিনতি বহু সুখী আছিল।তাইৰ স্বামী দিলীপে তাইক নিজতকৈও বেছি ভাল পাইছিল। দিলীপে, মিনতিক সুখী কৰি ৰাখিবলৈ সকলো ফালৰে পৰা চেষ্টা কৰিছিল। সি দিনে ৰাতিয়ে কষ্ট কৰিছিল কিন্তু মিনতিক অলপো কষ্ট পাবলৈ নিদিছিল।তাই প্ৰায়ে ঘৰৰ ভিতৰতে থকাৰ বাবে ওচৰৰ মানুহে তাইক এবাৰ চাবলৈ বাট চাই ৰৈছিল কিন্তু মিনতিৰ এই সুখ বেছিদিনলৈ নাথাকিল। দিলীপে পথাৰত কাম কৰি থাকোতে, পথাৰতে তাক সাপে দংশন কৰাত, দিলীপে পথাৰতে মৃত্যুক সাৱটি ললে। মিনতিয়ে এতিয়া বিধৱাৰ জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। কাৰণ দিলীপে উপহাৰ স্বৰূপে  মিনতিক এটা সন্তান দি গৈছিল। মিনতিয়ে আন কাৰোবাৰ পৰা পইচা ধাৰত লৈ দিলীপৰ শেষকৃত্যৰ নিয়ম নীতি সমূহ সম্পন্ন কৰিলে। কিন্তু ধাৰত লোৱা পইচা কেনেকৈ দিম তাকে ভাৱি মিনতি চিন্তিত হৈ উঠিছিল। 


যেতিয়া ভোকে পিঁয়াহে থকা লৰাটোৰ কান্দোন মিনতিৰ কাণত পৰিছিল, তেতিয়া তাইৰ অন্তৰে কান্দি উঠিছিল। কিন্তু তাই সেই সময়ত কৰিব কি! যি জনী মিনতিক দেখা পাবলৈ ঘৰৰ ওচৰৰ সকলো লোকে বাট চাই ৰৈছিল, এতিয়া সেইজনী মিনতিয়ে দিন হাজিৰা কৰা লোকৰ মাজত কাম কৰিছিল। গাওঁৰ ডেকা লৰাবোৰে তাইক বহুত জোকাৰিছিল। কিন্তু সেইবোৰক আউকান কৰি মিনতিয়ে নিজৰ কাম কৰি গৈছিল। 

এদিন গাওঁবুঢ়াই কলে, মিনতি, দিলীপে অকস্মাৎ মৃত্যুক সাৱটি লোৱা বাবে তুমি বিডিঅ' অফিচৰপৰা দহ'হাজাৰ টকা পাবা। মই সকলো কাম কৰি দিলো। তুমি কাইলৈ বিডিঅ' ছাৰক লগ কৰিবাগৈ। পাচদিনা মিনতিয়ে বিডিঅ' অফিচলৈ গৈ বিডিঅ' অফিচাৰজনক নিজৰ দুখৰ সকলো কথা বিৱৰি কলে। বিডিঅ' অফিচাৰজনে প্ৰথমে, মিনতিক ওপৰৰ পৰা তললৈ মনোযোগেৰে লক্ষ্য কৰিলে। তাৰপাছত আপোন ভাৱ দেখুৱাই নিজে ফ্ৰম খন পূৰ্ণ কৰিলে। ফৰ্ম খনত মিনতিৰ আঙুলিৰ চিন ললে আৰু এসপ্তাহৰ পাছত ২বাৰ লগ ধৰিবলৈ কলে। মিনতি বহুত সুখী হৈছিল আৰু মনতে গাওঁবুঢ়া আৰু বিডিঅ' অফিচাৰজনক ধন্যবাদ দিছিল। এসপ্তাহৰ পাছত পুনৰ মিনতি বিডিঅ' অফিচলৈ গল। বিডিঅ' অফিচাৰজনে আদৰেৰে মিনতিক চকীত বহিবলৈ কলে।

 মিনতিয়ে লাজ কৰি কলে, নালাগে ছাৰ, মই চকীত নবহো। এনেকৈয়ে ঠিক আছো। বিডিঅ' অফিচাৰজনে মিনতিৰ হাতত ধৰি চকীত বহুৱাই লৈ কলে, তুমি নাজানা নি এতিয়া সামাজিক ন্যাৰ চৰকাৰ হৈ আছে। এতিয়া কেৱল দৰিদ্ৰ লোকোহে চকীত বহিব। মোৰ ফালে চোৱা, মই তোমাৰ দৰে দৰিদ্ৰ। চকীত বহি থকা মিনতিৰ মুখ মণ্ডল জিলিকি উঠিছিল। তাই এয়া ভাবিছিল যে, আজি তাই পইচা পাব। আৰু আনফালে বিডিঅ' অফিচাৰজনে কামত ব্যস্ততা দেখুৱাই, বেয়া দৃষ্টিৰে মিনতিৰ শৰীৰটোলৈ চাই মনতে আনন্দ উপভোগ কৰিছিল। ( Assamese Storyboard )


১ঘন্টাৰ পাছত বিডিঅ' অফিচাৰজনে কলে, তোমাৰ সকলো কাম হৈ গল। বেংকত চেকখনো আহিল। কিন্তু ইয়াৰ বিধায়কজন বহুত লুভীয়া হয়। তেওঁ পইচা বিচাৰিছিল।কিন্তু তুমি চিন্তা নকৰিবা,কাইলৈ মই তোমাৰ ঘৰলৈ যাম আৰু তাতে মনে মনে তোমাক পইচাখিনি দিম। মিনতি অলপ নিৰাশ হল।

তথাপিটো কলে, ঠিক আছে ছাৰে, কাইলৈ নিশ্চয় আহিব। এয়া কয়ে, মিনতিয়ে মিচিকিয়া হাঁহি মাৰি বিডিঅ' অফিচৰ পৰা ওলাই আহিল।

পাচদিনা মিনতিয়ে নিজৰ ভঙা পজাটোক ভালদৰে চাফ চিকুন কৰি ৰাখিছিল। তাই ভাৱিছিল যে, ইমান ডাঙৰ অফিচাৰ তাইৰ ঘৰলৈ আহিব, সেইবাবে কিবা খোৱাৰ ব্যৱস্হাও কৰি ৰাখিব লাগে। ঠাণ্ডাৰ সময় আছিল। অন্য লোকে খেতি পথাৰত কাম কৰি আছিল। সকলো ফালৰেপৰা শান্ত হৈ আছিল বিডিঅ' অফিচাৰজন ঠিক দুপৰীয়া ১২মান বজাত মিনতিৰ ঘৰ গৈ পালেগৈ। মিনতিয়ে বহু আদৰৰে বিডিঅ' অফিচাৰজনক বহিবলৈ দিলে। মিনতিয়ে আজি চাফ চিকুন ধুনীয়া হৈ আছিল। যাৰ বাবে তাইক আজি বহুত ধুনীয়া লাগিছিল।

আপুনি বহকচোন ছাৰ, মই আপোনালৈ চাহ বনাই আনো। মিনতিয়ে মিচিকিয়া হাঁহি মাৰি কলে।

 হব হব নালাগে। চাহৰ কোনো প্ৰয়োজন নাই। মই এতিয়া দুপৰীয়া আহাৰ গ্ৰহণ কৰি আহিছো, বিডিঅ অফিচাৰজনে কলে। মনা কৰা পাছটো মিনতিয়ে চাহ বনাবলৈ ভিতৰলৈ গুচি গল। আৰু আনফালে মিনতিক দেখা পায়, বিডিঅ অফিচাৰজন আপোন পাহৰা হৈ পৰিল। এতিয়া বিডিঅ' অফিচাৰজনে এয়াই ভাৱি ৰৈছিল যে, কেতিয়া তেওঁ মিনতিক নিজৰ দুবাহুত সাৱটি লব। তেতিয়াই বিডিঅ' অফিচাৰজনে উঠি ঘৰৰ দুৱাৰখন বন্ধ কৰি দিলে। সোনকালেই মিনতিয়ে চাহ লৈ আহিল। কিন্তু বিডিঅ' অফিচাৰজনে চাহৰ কাপটো লৈ টেবুলত থৈ দিলে আৰু মিনতিক নিজৰ বাহু বলেৰে সাৱটি ধৰিলে যে, বহু চেষ্টা কৰাৰ পাছটো মিনতি বিডিঅ' অফিচাৰজনৰ দুবাহুৰ পৰা মুক্ত হব পৰা নাছিল। বিডিঅ' অফিচাৰজনে মৰমেৰে মিনতিৰ চুলিত হাত ফুৰাই লৈ কলে, চোৱা, মিনতি যদি তুমি এতিয়া মনা কৰা, তোমাৰে বদনাম হব। সকলোৱে এয়াই কব যে, মিনতিয়ে বিধৱা হোৱাৰ দূৰ্বলতা দেখুৱাই বিডিঅ' অফিচাৰজনক ফচাঁলে। আৰু তুমি মনে মনে থাকিলে, তোমাক মই মহাৰাণী কৰি দিম। 


কিন্তু মিনতিয়ে জোৰেৰে উফাল মাৰি বিডিঅ' অফিচাৰজনৰ দুবাহুৰ পৰা মুক্ত হৈ কলে, আপুনি নিজকে নিজে কি বুলি ভাৱিছে! মই দহ হাজাৰ টকাত বিক্রি হৈ যাম। ইয়াতকে ভাল যে, মই ভিক্ষা মাগি, দিলীপৰ বিধৱা হৈয়ে থাকিম। কিন্তু ৰাণী হৈ, তোৰ হাতৰ পুতলা নহওঁ। মিনতিৰ এই ব্যৱহাৰৰ দ্বাৰা বিডিঅ' অফিচাৰজনৰ সকলো নিচা নাইকিয়া হয় গল। তেওঁ ভৱাও নাছিল যে, মিনতিয়ে ইমান হুলস্থুল কৰি দিব। এতিয়া বিডিঅ' অফিচাৰজনে হাত জোৰ কৰি মিনতিক মনে মনে থাকিবলৈ প্ৰাৰ্থনা কৰিলে। মিনতিয়ে চিঞঁৰি চিঞঁৰি কবলৈ ধৰিলে, তই ইয়াৰ পৰা অতি সোনকালেই আঁতৰি যা, নহলে মই আৰু হুলস্থুল কৰি সকলোকে একেগোট কৰিম। ভয় খায় বিডিঅ' অফিচাৰজনে তাৰপৰা সোনকালে আঁতৰি অহাটোৱে ঠিক বুজিলে।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages