লৰাৰ হোষ্টেলৰ ৰুমত বিতু মাত্ৰ শুই উঠিছিল আৰু বিক্ৰমৰ ফোন আহিল।
বিক্ৰম: বিতু, তোৰ কিবা এটা অজিব যেন লগা নাই নে?( Assamese Storyboard )
বিতু: কি হল নো? ৰাতিপুৱাই কি কথাবোৰ কৈ আছা ?
বিক্ৰম: এই ৰিয়া আৰু বেদান্তৰ দাদা ৰিংকুৰ মাজত বাদ বিবাদবোৰ আজিকালি বেছি হোৱা নাই নে?
বিতু: অ তুমি ঠিকেই কৈছা। মোৰো অলপ অজিব লাগিছে।
বিক্ৰম: তুমি মাত্ৰ উপলব্ধি কৰি থাকা আৰু ইফালে ৰিয়া আৰু ৰিংকুদাৰ মাজৰ কাজিয়াই বেলেগ ৰূপ লব।
বিতু: ভাল কথা কোৱা। এইবোৰ কথা কৈ মোক জীয়াই জীয়াই নামাৰিবা।
বিক্ৰম: তেন্তে তুমি সোনকালে তাইক মনৰ কথা কিয় কৈ নিদিয়া?
বিতু: মইও এইটোৱেই বিচাৰো কিন্তু তাইৰ সন্মুখত সাহস কৰিব নোৱাৰো। আৰু অনবৰতে ৰিয়া নহলে বেদান্ত তাইৰ বডিগাৰ্ড হৈ লগতেই থাকে।
বিক্ৰম: তেন্তে ইয়াত কি সমস্যা আছে? চোৱা, মইতো কওঁ যে তুমি বেদান্তৰ সন্মুখত তাইক মনৰ কথা কৈ দিয়া যাতে বেদান্তইউ বেয়া নাপায় আৰু আমাৰ বন্ধুত্বৰ ওপৰত কোনো প্ৰভাৱ নপৰে। সি ৰিয়াক নিজৰ বাইদেউ হিচাপে মানে। বেদান্তৰ সন্মুখত সকলো হলে ভালেই হব।
বিতু: অ এইটো ঠিক হব। বাৰু অহাকাইলৈ কলেজৰ পিছত তাইক মই মনৰ কথা কৈ দিম।
বিক্ৰম: কাইলৈ কিয়? আজিয়েই কৰি দিয়া।
বিতু: আজি... কিন্তু কেতিয়া আৰু কেনেকৈ?
বিক্ৰম: তোমাৰ কথাৰ মাজত ফচি মই আচল কথাটো কব পাহৰিলোয়েই যাৰ বাবে তোমাক ফোন কৰিলো। আচলতে মোৰ আৰু নেহাৰ মা দেউতাই আমাৰ বিয়া ফাইনেল কৰি দিলে।
বিতু: বঢ়িয়া, তেন্তে আজি পাৰ্টি দিবই লাগিব।
বিক্ৰম:সেইবাবেইটো ফোন কৰিছো। আজি ৰাতি আকাশ ৰেষ্টুৰেণ্টত আমাৰ গোটেই গ্রুপটোৰ বাবে ৰাতিৰ আহাৰ মোৰ ফালৰ পৰা। আৰু আজি তাত ৰিয়াও থাকিব গতিকে মনৰ কথা কৈ দিবা
বিতু: কিন্তু ৰিয়া আহিব জানো?
বিক্ৰম: সেইবোৰ তুমি মোৰ ওপৰত এৰি দিয়া। মই আৰু ৰিয়াই কিবা উপায়েৰে তাইক পাৰ্টীলৈ আহিবলৈ মান্তি কৰাম।বিতু: ধন্যবাদ বন্ধু বহুত বহুত ধন্যবাদ। তুমিয়েই মোৰ আচল বন্ধু।
বিক্ৰমে নেহাক ফোন কৰি কলে যে ৰিয়াক ৰাতি ৰেষ্টুৰেণ্টলৈ আহিবলৈ যেনেতেনে মান্তি কৰাব লাগে। তাৰ পাছত সি বেদান্তক ফোন কৰি তাৰ আৰু নেহাৰ বিয়া ঠিক হোৱাৰ খবৰটো দিলে আৰু ৰাতিৰ বাবে নিমন্ত্ৰণ জনালে। লগতে ৰিয়াকো লৈ আনিবলৈ কোৱাত বেদান্তই কলে," মইতো যাম কিন্তু ৰিয়া যাব নে নাই সেইটো মই কব নোৱাৰিম।"
বিক্ৰম: কি যে কোৱা , কিয় নাহিব তাই? মোৰ সুখত তাই সুখী নহব নেকি? তুমি এবাৰ চেষ্টা কৰি চোৱা।ঠিক আছে যদি তুমি কোৱা তেন্তে মই এবাৰ কথা পাতি চাওঁ।
বেদান্ত: ঠিক আছে মই কথা পাতি চাওঁ।
ইফালে নেহাই উৰ্মিক ফোন কৰি এই ভাল খবৰটো দিলে আৰু ৰেষ্টুৰেণ্টলৈ নিমন্ত্ৰণ জনালে। তাৰ পাছত নেহাই ৰিয়াক ফোন কৰি আহিবলৈ কোৱাত ৰিয়া দোমোজাত পৰিল। ইয়াৰ আগতে তাই কেতিয়াও এনেকৈ ৰাতি বাহিৰলৈ যোৱা নাই আৰু মা দেউতাই বা কি কয়?
নেহা: মই এইবোৰ একো নাজানো। যদি তুমি নাহা তেন্তে মই ভাবিম যে তুমি মোৰ সুখত সুখী নহয়।
ৰিয়া : তেনেকুৱা কোনো কথা নাই। মই তোমালোক দুয়োটাৰ বাবে বহুত সুখী। কিন্তু মই মা দেউতাক কি কম?
নেহা: তেন্তে মই খুড়া খুড়ী হতক কৈ দিম।
তাৰ পাছত ৰিয়াই কল্পনাৰ লগত কথা নেহাৰ কথা পতাই দিলে তেওঁ ৰিয়াক যাবলৈ অনুমতি দি কলে," ৰিয়া তুমিও তোমাৰ বন্ধুৰ লগত গুচি যোৱা। এনেদৰে বন্ধু বান্ধবীৰ লগত বাহিৰলৈ ফুৰিবলৈ যাবা। কিমান নো আৰু সদায় কিতাপ আৰু পাকঘৰৰ মাজত ব্যস্ত হৈ থাকিবা?"
ইফালে বিতুৱে এইটো ভাবি বহুত ফুৰ্তিত আছিল যে সি আজি ৰিয়াক মনৰ কথাবোৰ কৈ দিব। সি বাৰে বাৰে ৰিয়াক তাৰ মনৰ কথা কবলৈ প্ৰেক্টিছ কৰিলে।
সন্ধিয়া ৰিয়াক লৈ বেদান্ত প্ৰথমে হোষ্টেললৈ আহি উৰ্মিক লগত লৈ ৰেষ্টুৰেণ্টলৈ গল। তাত বিক্ৰম আৰু নেহা আগৰ পৰাই উপস্থিত আছিল। সকলোৱে বিক্ৰম আৰু নেহাক শুভেচ্ছা জনালে আৰু সকলো ভিতৰলৈ বুক কৰি থোৱা টেবুললৈ গুচি গল।
বিতুৱে বাৰে বাৰে ৰিয়াৰ ফালে চাই আছিল। ৰিয়াই আজি হালধীয়া আৰু ক্ৰীম ৰঙৰ কুৰ্তী পিন্ধি আহিছিল। কোনো মেক আপ নকৰাকৈয়ে তাইক বহুত ধুনীয়া লাগিছিল। তাই আজি চুলিবোৰ মেলি থৈছিল যি তাইৰ মুখৰ আগলৈ বাৰে বাৰে আহি আছিল।
বিতুক এনেদৰে ৰিয়াৰ ফালে চাই থকা দেখি বিক্ৰমে তাক কাণৰ ওচৰত গৈ কলে," হব আৰু কিমান চাবা তাইক? চাই চাই নজৰ লগাই দিবা নেকি? সোনকালে মনৰ কথা কৈ দিয়া।"
বিতুৱে কথাষাৰ শুনি হৰবৰাই গল। বিক্ৰমে সন্মুখত চকু ফুৰাই দেখিলে তাত ডান্স কৰা ফ্ল'ৰত কেইজন মান লোকে ডান্স কৰি আছে। তেতিয়া তাৰ মনলৈ এটা বুদ্ধি আহিল। সি বেদান্তক তালৈ ডান্স কৰিব যোৱা কথাটো কলে।
উৰ্মিয়েও বেদান্তক যাবলৈ কলে।
সিহঁত চাৰিওতা নাচিবলৈ গুচি গল। তাত গান বাজি আছিল,
..........
..........
..........
..........
বিতুৱে ৰিয়াক যাবলৈ সোধাত তাই মানা কৰি দিলে। এতিয়া টেবুলত সিহঁত দুয়ো বাকী আছিল। তাত বাজি থকা গানটোৱে যেন বিতুৰ মনৰ কথা কৈ দিলে। সি এতিয়া যিমান সোনকালে পাৰে ৰিয়াক মনৰ কথা কৈ দিব বিচাৰিছিল।
বিতুৱে ৰিয়াৰ ফালে চাই কলে,"ৰিয়া আজি তোমাক বহুত ধুনীয়া লাগিছে।"
ৰিয়াই শুনি হাঁহি দিলে," তেন্তে ইয়াৰ আগতে কি মোক ধুনীয়া লগা নাছিল?" বিতুৱে লাজ কৰাদি কলে," নহয় নহয়, তুমিতো সদায় ধুনীয়া কিন্তু আজি অলপ বেছিয়েই ধুনীয়া লাগিছে। সেইবাবে কৈ দিলো মই।"
ৰিয়াই হাঁহি হাঁহি কলে," অ তেন্তে সেইটো কথা। তেন্তে ইয়াত ইমান আচৰিত হৈ কবলগীয়া কি আছে?"
বিতুৱে বুজি পোৱা নাই যে ৰিয়াক সি কেনেকৈ কব। সি কলে," বিক্ৰম আৰু নেহা চেটেল হৈ গল কিমান যে ভাল লগা কথা। বেদান্তও ৰিয়াৰ লগত আছে। মোৰ মতে পৰিয়ালৰ লোকেও সিহঁতক মানি লব।"
ৰিয়া: সেইটো হয় বাৰু। আৰু মই ৰিয়াক কথা দিছো মোৰ বোৱাৰি বনাবলৈ।
বিতু: আৰু তুমি? তুমিও তো নিজৰ বাবে কিবা ভাবিছা চাগৈ?
ৰিয়া: মই একো বুজা নাই।
বিতু: মানে ভৱিষ্যতৰ কথা কিবা ভাবিছা নিশ্চয়। কাৰোবাক ভাল লাগে নে তোমাৰ? নে খুড়াৰ পছন্দ মতেই বিয়া হবা?
বিতুৰ এই প্ৰশ্নটোত ৰিয়া চিন্তিত হল যে এতিয়া তাই কি কব। তাই বেদান্তৰ ফালে চালে যি ডান্স কৰি আছিল ৰিয়াৰ লগত। বিতুৱে তাইৰ চিন্তা ধৰিব পাৰিছিল আৰু কলে," ৰিয়া চ'ৰি, হয়তো মই এনেদৰে তোমাক ব্যক্তিগত প্ৰশ্ন কৰিব নালাগিছিল।"
ৰিয়াইও লাহেকৈ কলে ,'কোনো কথা নাই।'
বিতু: ৰিয়া মই তোমাক কিবা কব বিচাৰো। কিন্তু কেনেকৈ কম ভাবি পোৱা নাই।
ৰিয়া : কিবা বিশেষ কথা নেকি?
বিতু: অলপ বিশেষ হয়।
ৰিয়া: তেন্তে কোৱা আকৌ।
বিতু: 'ৰিয়া .. মই তোমাক..এইটো কব বিচাৰো যে...মই তোমাক ' সি কথাষাৰ কব লওঁতেই ৰিয়াই কলে,"ৰিংকু দা আপুনি ইয়াত।"
বিতুৱে পিছলৈ ঘূৰি চাই ৰিংকুক দেখা পালে।
ৰিংকু: ৰিয়া তুমি ইয়াত অকলে, বেদান্ত আৰু উৰ্মি কত আছে?
ৰিংকুয়ে ৰিয়া আৰু বিতুক অকলে দেখি সুধিলে। ৰিংকুক দেখি ৰিয়াৰ উদাস হৈ থকা চেহেৰাটো ফুৰ্তিত উজ্জ্বলি উঠিল। তাইৰ চেহেৰাৰ সেই উজ্জলতা বিতুৱেও অনুভৱ কৰিলে। এতিয়া সি উদাস হৈ পৰিল।
বিতু: ৰিংকু দাদা আপুনি, আহক বহক। বেদান্ত, বিক্ৰম আৰু নেহা ডান্স ফ্ল'ৰত আছে। ৰীয়াই ডান্স কৰিব খোজা নাছিল সেইকাৰণে মই ইয়াতেই তাইৰ লগত বহি থাকিলো।
ৰিংকু: কোনো কথা নাই।
তেতিয়াই সিহঁত চাৰিওতা ডান্স ফ্ল'ৰৰ পৰা আহিল। বেদান্তই ৰিংকুক দেখি কলে," দাদা তুমি ইয়াত?" আৰু সি ৰিংকুক সাৱতি ধৰিলে । উৰ্মিও ৰিংকুক দেখি সুখী হল।
ৰিংকু: অ মই ইয়াত মোৰ বন্ধু এজন লগ কৰিবলৈ আহিছিলো আৰু ৰিয়াক দেখি এইফালে আহিলো।( Assamese Storyboard )
উৰ্মিয়ে কলে," দাদা আপুনি আহিলে যেতিয়া আপোনাৰ বন্ধুৰ লগত আমাকো জইন কৰি লওক।
বিক্ৰম আৰু নেহাইও ৰিংকুক জোৰ কৰাত সি ৰিয়াৰ ফালে চালে আৰু তাইক দেখি এনেকুৱা লাগিল যেন ৰিয়াই ও তাকেই বিচাৰে, সেইবাবে সি মান্তি হল
কিছুসময় পাছত ৰিংকু তাৰ বন্ধু এজনৰ লগত আকৌ সিহঁতৰ ওচৰলৈ উভতি আহিল। তেতিয়া বেদান্তই নিহাৰক দেখি ফুৰ্তিতে কলে," নিহাৰ দা আপুনি কেতিয়া অসমলৈ আহিলে?"
নিহাৰেও তাক আলিংগন কৰি কলে," যোৱাকালি আহিছো। তুমি কোৱা তোমাৰ কেনে? তোমাৰ পঢ়া কেনে চলি আছে?"
বেদান্ত: 'সকলো ঠিকেই চলি আছে দাদা।'
আকৌ সি ৰিয়াক কলে," ৰিয়া এওঁৰ লগত চিনাকি হোৱা, এইজন ৰিংকু দাৰ একমাত্ৰ বন্ধু।"
তাৰ পাছত নিহাৰক সকলোৰে লগত চিনাকি কৰাই ৰিয়াক পৰিয়ালৰ ব্যক্তি বুলি চিনাকি কৰাই দিলে।
আৰু সকলোৱে বহি কথা পাতিব ধৰিলে। ৰিংকুয়ে জানি বুজি ৰিয়াৰ কাষৰ চকী খনত বহি দিলে। বিতু ৰিয়াৰ কাষৰ চকীখনত বহিব বিচাৰিছিল কিন্তু ৰিংকুক দেখি সি মনে মনে থাকিল।
কিছুসময় পাছত আহাৰ আহিল আৰু সকলোৱে খাবলৈ বহিল। তাৰ পাছতেই তাত এজনী ছোৱালী আহিল। ৰিংকু আৰু নিহাৰক দেখি ফুৰ্তিত চিঞৰি দিলে," হাই ৰিংকু, হাই নিহাৰ । তোমালোক দুয়োকে একেলগে দেখি বহুত ভাল লাগিছে। তোমালোক অসমলৈ কেতিয়া আহিলা?"
সকলোৱে সেই মাতটোৰ ফালে ঘূৰি চালে। ক'লা ৰঙৰ কাপোৰ আৰু বহুত মেক আপৰ সৈতে গোটেইজনী ম'ডেল যেন লাগিল।
ৰিংকু আৰু নিহাৰে উঠি তাইক আলিংগন কৰিলে। এইবোৰ দেখি ৰিয়াই কাঁহী দিলে। ৰিয়াই এনে কৰা দেখি ৰিংকুয়ে হাঁহি দিলে
ৰিংকু: স্বাতি তুমি ইয়াত কেনেকৈ?
নিহাৰ: অ কলেজৰ পিছত আজি একেবাৰে ইয়াত লগ পাইছোঁ। মাজতে কত গুচি গৈছিলা?
স্বাতি: মই নাইকিয়া হৈ যোৱা নাছিলোঁ, তোমালোকহে নাইকিয়া হৈছিলা। দিল্লীলৈ গৈ মোক পাহৰিয়েই গলা তোমালোকে।
নিহাৰ: আমি তোমাক কেনেকৈ পাহৰিব পাৰো? মাত্ৰ পঢ়াত ব্যস্ত হৈ পৰিলো।
ৰিংকু: আৰু তুমিও পুৰণা ফোন নম্বৰটো সলাই দিলা তোমাৰ। আমি তোমাক যোগাযোগ কেনেকৈ কৰিম?
তাৰ পাছত ৰিংকুয়ে স্বাতিক বেদান্ত আৰু তাৰ লগৰবোৰৰ লগত চিনাকি কৰাই দিলে। স্বাতিয়ে তেওঁলোকক অৱহেলা কৰাৰ দৰে কলে," মই মোৰ বন্ধুৰ লগত ইয়ালৈ আহিছিলো, তোমাৰ মাততো শুনি এইখিনি পালোহি। অৱশ্যে ৰিংকু তুমি দিল্লীলৈ গৈ বহুত হেণ্ডছম হৈ পৰিলা। এতিয়াও চিংগেল আছা নে...?"বুলি কৈ ৰিংকুৰ কান্ধত হাত থৈ দিলে।
ৰিয়াৰ এইবোৰ দেখি বহুত খং উঠিল আৰু কাষতে বহি থকা উৰ্মিক কাণৰ ওচৰত গৈ কলে," উৰ্মি এইজনী চোন জেঠীৰ দৰে ৰিংকু দাৰ অলপ বেছিয়েই কাষ চাপিছে।"
উৰ্মিৰ হাঁহি উঠি গল আৰু তাইৰ মুখৰ পৰা ওলাই পৰিল "জেঠী"
সকলোৱে তাইৰ ফালে চোৱাত তাই কলে," মই দেখা নাই, ৰিয়াই হে জেঠী দেখিলে।"
স্বাতিয়ে জোৰত চিঞৰি দিলে,"জেঠী , কত আছে জেঠী?" তাই চাৰিওফালে চাই থকা দেখি ৰিয়াই কলে," কত আছে জেঠী? কতো তো নাই। মইতো এনেই কৈ দিলো।" তাইৰ চকুত যে খং আছিল সেইটো সকলোৱে লক্ষ কৰিলে।
এইবাৰ স্বাতিৰ ধ্যান ৰিয়াৰ ওপৰত পৰিল আৰু ৰিংকুক কলে," আৰে ৰিংকু, আগতে এই ছোৱালীজনিক তোমাৰ পৰিয়ালত দেখা নাই। কোন হয় এইজনী?"
বেদান্ত: 'তাই আমাৰ খুড়াৰ ছোৱালী হয় আৰু আমাৰ লগতেই থাকে।' কথাষাৰ কৈ বেদান্তৰ নিজকে দোষী যেন লাগিল।
ৰিয়াই মনত বহুত কষ্ট পালে এইবোৰ শুনি। নাই নিজৰ সঠিক পৰিচয় কাৰো ওচৰত দিব নোৱাৰে। তাই বেদান্তক কলে," বেদান্ত বহুত দেৰি হল এতিয়া যাও ব'লা। আমি অহাকালিৰ বাবে প্ৰজেক্ট তো ৰেডী কৰিব লাগিব।"
বেদান্ত: কি যে নহয় তুমি অনবৰতে পঢ়াটোহে মনত থাকে। ইমান পঢ়ি কি কৰিবা? পাপাইটো দুই এটা কোম্পানী তোমাৰ নামত কৰি দিবই গতিকে এতিয়া এঞ্জয় কৰা।
বেদান্তৰ কথা শুনি স্বাতিৰ মুখৰ পৰা ওলাই গল," বহুত বিশেষ অতিথি যেন পাওঁ এইগৰাকী সেইবাবেইটো খুড়াই কোম্পানী তাইৰ নামত কৰি দিব।"
তেতিয়া ৰিংকুয়ে কলে," ৰিয়া কোনো আলহী নহয় ,বৰঞ্চ আমাৰ পৰিয়ালৰ বহুত বিশেষ সদস্য হয়।" ৰিংকুয়ে এনেদৰে কোৱা বাবে ৰিয়াৰ ভাল লাগিল।
কিন্তু স্বাতিয়ে শুনি ভাল নাপালে। তাই তাৰ পৰা অজুহাত দেখুৱাই গুচি আহিল।
বিতুৱে ভাবিলে যে বেদান্তই যেতিয়া ৰিয়াক নিজৰ বাই ভনী বুলি ভাবে সেইবাবে ৰিংকুয়ে তাইক পৰিয়ালৰ বিশেষ ব্যক্তি বুলি কলে। তথাপিও তাৰ মনত এতিয়া ভয় লাগিব ধৰিলে।
নিহাৰে এইবোৰ বহুত দেৰি চাই থকাৰ পাছত কলে," ৰিয়া , তুমি যেতিয়া ৰিংকুৰ পৰিয়ালৰ এজন বিশেষ সদস্য হয় তেন্তে তুমি হোষ্টেলত কিয় থাকা?"
তেতিয়া বিক্ৰমেও কলে," অ ৰিয়া , আমিও এইটো কথা বুজি নাপালো যে তুমি হঠাৎ কিয় হোষ্টেললৈ গুচি আহিলা?"
ৰিয়াই এতিয়া কি উত্তৰ দিব বুজি নাপালে। তাই এতিয়া আকৌ এবাৰ ৰিংকুৰ ফালে খঙেৰে চালে। ৰিংকুয়ে লাহেকৈ কলে,"মাৰিলো এতিয়া আকৌ ব'ম ফুটিব।" এইয়া শুনি নিহাৰে হাঁহি দিলে।
বেদান্তই কথাষাৰ চম্ভালি কলে," কোনো বিশেষ কাৰণ নাই । ৰিয়া আৰু ৰিংকু দাৰ অনবৰতে কাজিয়া হৈ থাকে বাবে তাই এই শেষৰ চেমিষ্টাৰতো পঢ়াত দিগদাৰ হব বুলি ভাবি হোষ্টেললৈ আহিলে।"উৰ্মিয়েও লৰালৰিকৈ কলে," তোমালোকে জানাই চোন ৰিয়া পঢ়াক লৈ কিমান চিৰিয়াছ।"
নেহা: সেইটো হয় বাৰু। সেইবাবেইটো প্ৰতি বছৰে ট'পাৰ হয়।
তাৰ পাছত সকলো যাবলৈ ওলোৱাত ৰিংকুয়ে কলে," ৰিয়া তুমি মোৰ লগতেই যাবা ৰৈ দিয়া। মইও এতিয়া ঘৰলৈ যাম। বেদান্তই প্ৰথমে উৰ্মিক হোষ্টেলত থৈ ঘৰলৈ যাব যেতিয়া তুমি মোৰ লগত ব'লা।"
ৰিয়াই তো আগৰ পৰাই ৰিংকুক খং কৰি আছিল। তাই একেষাৰে মানা কৰি কলে," নাই নাই আপুনি চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ বন্ধুবোৰৰ লগত ফুৰ্তি কৰক। মই বেদান্তৰ লগতেই যাম।"
ৰিংকু: শুনাচোন।
ৰিয়াই মাজত ধৰি কলে,"অহাকালিৰ প্ৰজেক্ট তো আধা হৈ আছে সেইটোও সম্পূৰ্ণ কৰিব লাগিব মই।"
এতিয়া ৰিংকুয়ে বুজি পালে যে তাই বহুত খঙত আছে,"ঠিক আছে তেন্তে যোৱা কিন্তু মই সম্পূৰ্ণ হল নে চেক কৰিবলৈ যাম।" সি হাঁহি হাঁহি কোৱা কাৰণে ৰিয়াই মুখ বেঁকা কৰি উৰ্মিৰ লগত বাহিৰলৈ ওলাই গল।
ৰিয়াই খং কৰা কাৰণে সি তাৰ মূৰটো মাৰি ললে,"আকৌ গণ্ডগোল লাগি গল।"
নিহাৰ: এইটো তুমি স্বাতিক সাৱটি ধৰাৰ আগত ভাবিব লাগিছিল।
এতিয়া ৰিংকুয়ে তাৰ মুখলৈ চালে যে সি কি কৈছে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment