প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৪ ) : Assamese Storyboard

Assamese Storyboard

ৰিমাশ্ৰী আৰু প্ৰণৱৰ প্ৰেম আগবাঢ়িব লৈছিল নানান প্ৰতিশ্ৰুতিৰে। কিন্তু দুয়োৰে এই সচা প্ৰেম , স্বৰ্গীয় অনুভুতি সফল হবনে? সমাজে গ্ৰহন কৰিবনে দুয়োৰে ভালপোৱাক? প্ৰণৱৰ মাক দেউতাকে বাৰু বিপৰীত ধৰ্মৰ ছোৱালী এজনীক বোৱাৰী হিচাপে মানি ল'বনে? নে হেজাৰ সপোন ঠাহ খাই ৰব অন্তৰৰ এক গোপন কোনত।( Assamese Storyboard )

     সেইদিনা ৰাতি প্ৰায় ১১.০০ বজাত ৰিমাই অনুৰাধা শৰ্মা পূজাৰীৰ "কাঞ্চন" কিতাপখন পঢ়ি পঢ়ি কাঞ্চনৰ জীৱনটো অধ্যয়ন কৰি আবেগিক হৈ পৰিল। হঠাতে কিয় জানো তাইৰ বুকুখন বিষাব ল'লে। মাকৰ টোপনি ভাঙিব নোখোজি তাই পিছফাললৈ গ'ল। ৰিমাই তেজ বমি কৰিব ল'লে। তাইৰ পেটটোও বৰকৈ বিষাব ধৰিলে। তাইৰ বহুত ভয় লাগিল। 


আজি প্ৰায় দুমাহেই হ'ল। ৰিমাৰ বুকুৰ বিষ আৰু তেজ বমি বাঢ়িব ল'লে। তাই কিন্তু কথাষাৰ গোপনে ৰাখিছিল। এদিন হঠাতে তাই প্ৰণৱৰ লগত থাকোঁতে অচেতন হৈ পৰিল। প্ৰণৱে লগে লগে তাইক হস্পাতাললৈ লৈ গ'ল। কিছু সময় পিছত ডক্তৰে জনালে যে- ৰিমাৰ এটা কিডনী বেয়া হৈ গৈছে আৰু তাইৰ ভয়ানক ব্লাড কেন্সাৰ আছে। গোটেই সৰগখন যেন প্ৰণৱৰ মুৰৰ ওপৰত পৰিল। প্ৰণৱে ডক্তৰক জনালে যে- ৰিমাক কিডনী প্ৰণৱে দিব। কিন্তু কেনেকৈ দুয়োৰে তেজৰ গ্ৰুপ চোন বেলেগ বেলেগ। ডক্তৰে প্ৰণৱক মানা কৰি দিলে। প্ৰণৱে ৰিমাৰ মাকক জনাব বিচাৰিছিল। কিন্তু মাকে দুখ পাব বুলি ৰিমাই মাকক ক'বলৈ মানা কৰিলে আনকি শপত দিলে যে তাইৰ বেমাৰৰ কথা যেন মাকে গম নাপায়। প্ৰণৱ বৰ দোমোজাত পৰিল। ডক্তৰে প্ৰণৱক অকলশৰে মাতি নি ক'লে-( Assamese Storyboard )


: চোৱা মি.প্ৰণৱ চৌধুৰী যিহেতু এওৰ এটা কিডনী বেয়া হৈছে লগতে ব্লাড কেন্সাৰো আছে গতিকে এওঁ আৰু প্ৰায় তিনি চাৰিবছৰৰহে আলহী। 

: ডক্তৰ মই যিমান লাগে সিমান টকা খৰচ কৰিবলৈ সাজু কিন্তু চাৰ ৰিমাক একো হ'বলৈ নিদিব।

: কিডনী নোপোৱালৈ আমি একো কৰিব নোৱাৰিম।

: কিন্তু চাৰ !


ডক্তৰ তাৰ পৰা আতৰি গ'ল। এইফালে শয্যাশায়ী ৰিমা আনফালে হস্পাতালৰ মজিয়াত প্ৰণৱৰ হিয়া ভৰা কান্দোন। এখন নভবা সৰগ যেন দুয়োৰে মুৰত খহি পৰিল। কি হ'ব বাৰু দুয়োৰে এই নিস্বাৰ্থ প্ৰেমত। ৰিমা হাৰি যাব নেকি জীৱনৰ এই যুজ খনত। নে প্ৰণৱে হাৰ মানিব সময়ৰ আগত।


আগলৈ.........….......................

(কাহিনী ভাগে মন চুব পাৰিবনে নাই নাজানো কিন্তু  এই কাহিনীটোৱে আমাৰ সমাজ আৰু মানসিকতাৰ ভাৱধাৰা উদঙাই তুলিব। পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে"।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages