*জানে প্ৰিয়ম দা, দেউতাই কেতিয়াও পাৰমিছন নিদিলে হয় !
ঘৰৰপৰা বাইকত আহি থাকোঁতে মানৱে কৈ গৈছিল ।
*কিয় ?( Assamese Storyboard )
*দেউতাই ভাবে বেছিকৈ ফুৰা চকা কৰিলে পঢ়া লোকচান হʼব ।
*অ , সেইটো টো হয় বাৰু !
*কিন্তু সেইবুলি চৌবিশ ঘন্টাটো পঢ়া টেবুলত বহি থাকিব নোৱাৰি ন !
*সেইটোও হয় বাৰু !
*কিন্তু দেউতাই ভাবে অকল পঢ়ি আকিলেই হʼব । মোৰ যে ফুৰিবলৈ মন যাব পাৰে , দেউতাই নুবুজেই !
*সেইটোও হয় বাৰু !
*কেতিয়াবা বৰ খং উঠে নিজৰ ওপৰত !
*কিয় ?
*পঢ়া শুনাত বেয়া হ'লেই ভাল আছিল । তেতিয়া অন্তত পঢ়াৰ কথা চিন্তা নকৰি মুকলিকৈ ঘূৰি ফুৰিব পাৰিলো হয় !
*সেইটোও হয় বাৰু !
*মই বাৰু আপোনাক বʼৰ কৰি আছো নেকি?
*অ সেইটো হয় ।
*কি কʼলে ?
*অ হয় ।
*কি মই মানে আপোনাক বʼৰ কৰি আছো অথনিৰেপৰা ?
*ধেত নহয় অ!
*তেন্তে কি অ অ কৈ আছে !
*অ সেইটো হয় বাৰু ।
*উফ প্ৰিয়ম দা , কি এইবোৰ ?
*কি হল, মাইনা ?
*আপুনি যে কি "অ সেইটো হয় বাৰু , অ সেইটো হয় বাৰু" বুলি বাৰে বাৰে কৈ আছে , মোৰ কথাখিনি শুনি আছেনে নাই !
*শুনিছোঁ তো ।
*তেন্তে ! এটাই ডাইলগ ৰিপিট কৰি আছে যে ।
*নকৰো দিয়া মাইনা ।এতিয়া ভালকৈ ধৰি লোৱা ।তুমি পৰিলে দেউতাৰাই মোক খং কৰিব এইবাৰ !!
*ধৰিয়েই তো আছো ।
*নহয় ভালকৈ ধৰা । মই স্পীড বঢ়াই আছোঁ ।
*অ আটচা ।
এইবুলি মানৱে পিছফালৰ পৰা প্ৰিয়মক সাৱটাৰ নিচিনাকৈ ধৰি ললে ।কিয় জানো তেনেকৈ কৰিবলৈ পাই তাৰ বৰ ভাল লাগিছিল । ঠান্ডাও বহুত ।তাতে বাইকত কাণৰ কাষেৰে চেঁচা ফেৰফেৰীয়া বতাহজাকে গা কঁপাই দিয়ে এপলক ।গতিকে সমুখত এজনক ধৰাৰ বাবে ঠান্ডাটো কমকৈ অনুভৱ হৈছে ।প্ৰিয়মে তো বেচি স্পীডত চলোৱা নাই । তেন্তে তাক ভালকৈ ধৰিব কোৱাৰ অৰ্থ কি নো? কিজানি প্ৰিয়মে তাৰ শৰীৰৰ উত্তাপ বিচাৰি ....!!
"নাই, প্ৰিয়ম দা তেনেকুৱা নহয় ।ভাইটি বুলি আন্তৰিকতা আছে মাত্ৰ ।'"
মানৱে কাষেৰে পাৰ হৈ যোৱা দোকানবোৰলৈ চাই চাই কথাবোৰ ভাবি থাকে । হয়তো এনেকৈ গধূলি ওলাই অহা তাৰ মনতে নপৰে ।সদায় কিবা নহয় কিবা কামত হে আহিবলগীয়া হয় তাৰ ! কিন্তু মুকলিকৈ ফুৰিবলৈ যেন অৱকাশেই নাই মানৱৰ ।পঢ়াৰ বোজাত কয়দী হৈ ঘৰতেই সন্ধিয়াৰ সময়বোৰ পাৰ কৰিব লাগে সি আৰু তাৰ পহৰাদাৰ হৈ থাকে দেউতা ...!! দেউতা গগন কলিতা...যাৰ বিৰুদ্ধে হয়তো মাত এটাও মাতিব নোৱাৰে সি ,লাগিলে নিজৰ লগত অন্তৰ্দ্বন্দ্বত পৰাজিত নহʼওক কিয় কি ? লাগিলে নিজৰ হেপাহবোৰ মোটোকাই পেলাই নিদিয়ক কিয়..! কিন্তু দেউতাকৰ বিৰুদ্ধাচৰণ কৰা তাৰ কাৰণে সপোনৰো অগোচৰ আছিল ।
আজি দেউতাকে বিয়ালৈ অহা দূৰ সম্পৰ্কীয় পেহীয়েকক ঘৰলৈ গৈছিল । বাছখন গৈ পাঁওতে পলম হ'ল ।সেয়ে তেওঁ আজি উভতি আহিব নোৱাৰিব । দুপৰীয়া ভাতসাঁজ খোৱাৰ পিছত প্ৰিয়মে মানৱৰ মাকৰ লগতেই কথা পাতি আছিল ।তেঁৱেই কৈছিল বোলো মানৱৰ লগত এঠাইলৈ যাবলগীয়া আছিল ।মাকে হাঁহিমুখে সম্মতি জনাইছিল ।
মাজে সময়ে মানৱৰ নিজৰ ওপৰতো সন্দেহ জাগে , সি বাৰু সঁচাকৈয়ে লʼৰা হয় নে! ইমান শাসনতো আজিকালি ছোৱালী কো নকৰে কোনেও !! আগতে সৰু থাকোতে কথা বেলেগ আছিল । এতিয়া সি ডাঙৰ হৈছে , কলেজ পাইছে। এতিয়াও দহ/বাৰ বছৰীয়া লʼৰাৰ দৰে কিয় ভাবে বাৰু তাক মাক দেউতাকে ? মাকে বাৰু অলপ বুজেই তাক ।নিজৰ তিনিগৰাকী ছোৱালী তকৈ বেছি তাকেই মৰম কৰে মাকে । কিন্তু দেউতাকৰ চকুত তাৰ মান কিমান ? তাক বাৰু দেউতাকে মৰম কৰেনে? কিহৰ বাবে ইমান শাসন তেওঁৰ ? তিনিজনী জীয়েকক নিয়ন্ত্ৰণ কৰি কৰি এতিয়া পুতেকো একেই নজৰ কিয় ? সি বাৰু বিপথে যাব বুলি ভয় কৰেনেকি ? নে তাৰ কিবা ব্যক্তিক্ৰমী স্বভাৱ মন কৰিছে ?? .....এনে শাসনৰ বাঘজৰীৰে সি কাৰো লগত বন্ধুত্ব ও কৰিব নোৱাৰে ।কিয়নো সি নিজৰ মতে বন্ধুক সময় দিব নোৱাৰে । অৱশ্যে তাক ভালকৈ বুজি বন্ধুত্বৰ হাত আগবঢ়োৱা মানুহো লগ পোৱা নাছিল সি...গতিকে সি নিজেও সকলোৰে পৰা আঁতৰি কিতাপৰ লগতে বন্ধুত্ব কৰিছিল ।কথা পাতিছিল কিতাপৰ সʼতে, ব্যক্ত কৰিছিল নিজৰ অনুভৱ বোৰ হেঁপাহৰ চিয়াঁহীৰে জীৱনৰ সাঁচিপাতত .....ৰচি গৈছিল জীৱনৰূপী উপন্যাস ডায়েৰীৰ মনোমোহা পৃষ্ঠাত......!!
*Jingle bells jingle bells
Jingle all the way
Oh what fun it is to ride
In a one horsed open sleigh.........*
গীৰ্জাঘৰটোৰপৰা কেৰʼলৰ ধ্বনি প্ৰতিধ্বনিত হৈ আছিল ।বতৰটো বৰ মোহনীয়া হৈ পৰিছিল ।শীতৰ সেমেকা পৰশে পৰিবেশটো আছন্ন কৰি ৰাখিছিল ।লগতে চালে চকুৰোৱা আলোকসজ্জাৰে চৌদিশে উজলি আছিল ।যেন আকাশৰ তৰাবোৰ নামি আহি আজি নিজৰ মাজতে ৰচকী মেলাহে পাতিছে । আটকধুনীয়া পোছাকেৰে সকলোৱে গীৰ্জালৈ ঢাপলি মেলিছিল ,প্ৰভু যীশুৰ আশীষ বিচাৰি ।সকলোৰে মনবোৰ হাঁহি আনন্দেৰে ভৰা আজি । সমনীয়াবোৰে কাষে কাষে আৰু সৰুবোৰে ডাঙৰৰ হাত ধৰি গীৰ্জাৰ ভিতৰলৈ সোমাই গৈছিল । আজি যে শুভ পবিত্ৰ বৰদিন ।
* মেৰী খ্ৰীষ্টমাছ মাইনা ।
বাইকখন গীৰ্জাৰ সমুখত ৰখাই প্ৰিয়মে মানৱক কʼলে ।
ৰুক্মিণী গাঁৱৰ গীৰ্জাঘৰটোলৈকেই দুয়ো আহিছিল ।প্ৰিয়মৰ আজি অফিচ বন্ধ তাতে প্ৰতি বছৰে বৰদিনত গীৰ্জালৈ অহাটো তাৰ অভ্যাসত পৰিণত হৈছিল ।গতিকে ভাবিলে মানৱকো এইবাৰ লৈ আনিব ।মানৱে হেনো কেতিয়াও গীৰ্জাঘৰ আহি পোৱা নাছিল ।( Assamese Storyboard )
*মেৰী খ্ৰীষ্টমাছ প্ৰিয়ম দা ।ৱাউ আপুনি ইয়ালৈ আনিব মোক ভবাই নাছিলো।
*হেপী?
*বহুত ।
*বʼলা , ভিতৰলৈ যাঁও।
*অকে ।
দুয়ো আগুৱাই গ'ল ।দুৱাৰমুখতে মমবাতি কেইডালমান কিনি লʼলে প্ৰিয়মে ।তাৰ পিছত যথাস্থানত গৈ জ্বলাই ললে। মানৱেও মমবাতি জ্বলাই যীশুলৈ বুলি প্ৰাৰ্থনা জনালে,
"হে প্ৰভু , পৃথিৱীৰ দুখ গুচোৱাৰ দৰে মোৰো জীৱনৰ দুখবোৰ দূৰ কৰা ।অন্ধকাৰ আঁতৰাই মোক পোহৰ দিয়া আৰু জীৱনৰ বাটত খোজ মিলাবলৈ শক্তি আৰু সাহস প্ৰদান কৰা ।"
******************************************
*ন- সময়*
মুকুতাময়ী ক্ষণবোৰ সৰে
এটি এটিকৈ,
সময়ৰ সাঁচিপাতত।
নানাৰঙী কাহিনীৰে উদ্ভাষিত হৈ,
এটোপ দুটোপকৈ
আবেগৰ নিয়ৰ কঁপে,
পোৱা নোপোৱাৰ খতিয়ানত!
হেঙুলীয়া আভাৰে উজলি উঠে
জীৱনৰ আকাশ,
প্ৰাপ্তিৰ বন্যাৰে কুলুকুলুকৈ বৈ
সফলতাৰ শাখা বিন্যাস !
উশাহবোৰে জিৰণি লয়
নতুনৰ আগমণত,
যেন এক স্থবিৰ অৱকাশৰ মূহুৰ্তই
চুমা আঁকিব বিচাৰে,
হৃদয়ৰ মণিকোঠাৰ পৰিসীমাত
কৰ্মৰে মহীয়ান হৈ নৰমনিচ
অনুভূতিৰ বলুকাত আপ্লুত হৈ,
দিঠকৰ উপন্যাসত জিলিকি ৰৈ,
দূৰ দিগন্তৰ ভোটাতৰা হৈ !
হেঁপাহৰ জোন জ্বলে কপালত,
অস্তগামী সুৰুষৰ কিৰণ বিচাৰি ,
আশাৰ পানচৈ ঘূৰে বতাহত,
সপোনৰ সাৰ্থক ৰূপ বিচাৰি !!
নাশ হঁওক কালবিষৰ মকৰাজাল,
পাৰ হঁওক কলুষিত অমানিশা ,
উজলি উঠক জীৱন প্ৰভাত ,
ৰামধেনুৰ সাতোৰঙী আচ্ছাদনৰে
নৱ নৱ কণিকাক কৰি স্বাগতম ..!!
......... ডায়েৰীৰ পাতত অনুভূতিৰ মালিতা লিখিব ধৰে মানৱে ।সময়ৰ বলুকাত দিন বাগৰি পুৰণি বছৰটি শেষ হৈ নতুন বছৰৰ আগমণ ঘটিলেহি। নতুন আশা, প্ৰত্যাশা আৰু এবুকু সপোন সাঁচি মানৱেও আদৰণি জনায় নতুন বছৰটোক । আজিকালি কিতাপৰ লগতে মানৱৰ প্ৰিয় বন্ধু হৈছে প্ৰিয়ম ..!! যেন মানৱৰ আধা হৈছে প্ৰিয়ম ...এয়া বন্ধুত্ব, প্ৰেম নে আন্তৰিকতা সি বুজা নাছিল ।পুৰুষে পুৰুষৰ প্ৰেমত পৰে জানো !! এয়া প্ৰকৃতি বিৰুদ্ধ নহয় জানো !! নে প্ৰেমে নামানে প্ৰকৃতিৰো বাধা ....!!
সৰু বায়েকৰ বিয়াত প্ৰথম চিনাকি প্ৰিয়মৰ লগত ।তাৰ পিছৰেপৰাই মানৱৰ লগত প্ৰিয়মে সময় কটাবলৈ ধৰে ।বিয়াৰ আনুষ্ঠানিক পৰ্ব শেষ হোৱালৈ অহা যোৱাবোৰ ঠিকেই আছিল । কিন্তু তাৰ পিছতো যেন প্ৰিয়মে মানৱহঁতৰ ঘৰলৈ আহিবলৈ নাপাহৰা হ'ল ।বৰদিনৰ দিনা মানৱক ঘৰত নমাই থৈ প্ৰিয়ম ঘৰলৈ গুচি গৈছিল ।যাঁওতে মানৱক উপহাৰ দি গৈছিল এটা ডাঙৰ চকলেটৰ লগতে এসোপামান অনুভৱ আৰু স্মৃতিৰ সুগন্ধি ..!!
তাৰ দুদিন পিছত মানৱ আৰু মাকে সৰু বায়েকৰ ঘৰলৈ গৈছিল ফুৰিবলৈ ।যাঁওতে মিঠাইৰ টোপোলা আৰু ফলমূল লৈ গৈছিল তেওঁলোকে ।মানৱৰ সৰু ভিনীয়েক ডাঃ ৰবীন ডেকা অঞ্চলটোৰ বিখ্যাত চিকিৎসক আছিল । তেওঁৰ দিনে নিশাই ব্যস্ততা । ভাগ্যে বিয়াৰ বাবে লোৱা এমাহ ছুটি তেতিয়াও উকলা নাছিল ।
বায়েক মানসীয়ে সিদিনা সেউজীয়া পাটৰ সাজ পিন্ধি আছিল ।শিৰত সদ্যবিবাহিতিৰ সেন্দুৰ জিলিকি আছিল ।মূৰত ওৰণি ।যেন একান্ত বাধ্য বোৱাৰী ।শহুৰৰ ঘৰত শাহু শহুৰ আৰু ননদ এগৰাকী আছিল ।ননদ গৰাকী মানৱৰ লগৰে হʼব ।তাই সিদিনা ঘৰত ফ্ৰক পিন্ধি আছিল ।
মানৱ আৰু মাকে যথাসময়ত ডেকা পৰিয়ালৰ ড্ৰয়িং ৰুমত বহিল ।
*দেউতা, নাহিল যে মা ?
মানসীয়ে প্ৰশ্ন কৰিছিল ।
*এ জান ই চোন দেউতাৰাৰ কথা ।আমাকেই পঠিয়াই দিলে ।পিছত আহিব দে ।
*অ নিশ্চয় , মিতিৰৰ ঘৰলৈ তো আহিব ই লাগিব ।
ভিতৰৰ পৰা মানসীৰ শাহুৱেক ওলাই আহিল ।মানৱহতে হাঁহিৰে সম্ভাসণ জনাই মিঠাইৰ টোপোলাটো আগবঢ়াই দিলে ।
*বা, এইটো ল ।
মানৱে কʼলে ।
*এইবোৰ কিয় আনিব লাগে ।
শাহুৱেকে মাত লগালে ।
*এহ একো নহয় দিয়ক ।লʼৰা ছোৱালী কেইটাই খাব ।
মানৱৰ মাকে কʼলে ।
*মা , মই চাহ কৰোগৈ ।
মানসীয়ে কাক মা বুলি মাতিলে মানৱে ধৰিব নোৱাৰিলে ।কিয়নো চোফাত বহী থকা দুগৰাকীয়েই এতিয়া মানসীৰ মা.... এগৰাকী জন্মদিয়া মা আৰু এগৰাকী শাহুমা ..!! কোন বাৰু আচল মা !!
কথাটো মানৱৰ মনলৈ ইয়াৰ আগতেও কেবাবাৰো আহিছিল ।ঘৰত থকা হ'লে মানৱে কিবা এটা প্ৰশ্ন কৰিলে হয় তেতিয়াই কিন্তু বায়েকৰ ঘৰত নো সি কি বুলি কʼব এইবোৰ ..! সি কথাবোৰ মনৰ মাজতে পাগুলি থাকিবলৈ ধৰিলে ।
মানৱক আমণ জিমণকৈ বহি থকা দেখি মিছেছ ডেকাই মাত লগালে ।
*বোপা, তুমি ভিতৰলৈ যোৱাগৈ ।বাইদেউৰ নতুন ঘৰটো চাই লোৱা আকৌ ।
মানৱে ভালেই পালে । তিনিমহলীয়া ঘৰটো সম্পূৰ্ণ কৈ চাবলৈ তাৰ তেতিয়াৰ পৰাই মন গৈ আছিল ।সি এপাকত দৌৰি গৈ ভিতৰ পালেহি ।
__________________________
(আগলৈ)
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* ।আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।লগতে কিবা ভুল ক্ৰূটি দেখিলে আগুলিয়াই দিয়ে যেন ।ধন্যবাদ।)
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment