প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৯ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 10, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৯ ) : Assamese Storyboard

Assamese Storyboard


   প্ৰণৱে পাগলী ৰূপী মাকজনীক তাতেই এৰি পেহীয়েকৰ ঘৰৰ ফালে খোজ ল'লে। পেহীয়েকে জনালে-


: বোপাই আইজনীৰ অৱস্থা চোন বৰ বেয়াৰ ফালে আহিছে আৰু.....।( Assamese Storyboard )

: আৰু কি পেহী?

Assamese Storyboard

: তাইৰ পেটত তোৰ সন্তানে ঠাই লৈছে। তাইক উচিত চিকিৎসা নিদিলে তোৰ সন্তানটো..

: নাই পেহী তই তেনেকৈ নকবি ৰিমা সুস্থ হ'ব। এয়া তই দিয়া খাৰুযোৰ বেচি ১৫,০০০ পাইছো আগতে ৰিমাৰ ব্লাডৰ টেস্তটো কৰাই লও।

: যা বোপাই যা।


প্ৰণৱে ৰিমাক হস্পাটাললৈ লৈ গ'ল। তাতেই প্ৰণৱ নিশ্চিত হ'ল যে ৰিমা গৰ্ভৱতী। সেইদিনা ৰিমাৰ টেস্ত আৰু ঔষধ কিনোতে ১০,০০০ গ'ল। হাতত আছে মাথোঁ ৫,০০০ টকা। সেইখিনি লৈ সি আহি পেহীয়েকৰ ঘৰ পালে। ৰিমাক শুৱাই দি প্ৰণৱে ৰিমাৰ কাষতেই বহি পৰিল। ৰিমাই ক'ব ল'লে-


: প্ৰণৱ

: উম ৰিমা

: আমাৰ বোলে সন্তান হ'ব। মই তাক বহুত মৰম কৰিম দেই।

: কৰিম ৰিমা কৰিম।

: প্ৰণৱ মই বাৰু আমাৰ সন্তানটোক দেখা পামনে? নে মই মৰি যাম ও প্ৰণৱ?


প্ৰণৱে ৰিমাক সাৱটি লৈছিল। দুয়োয়ে কান্দিব লৈছিল। পেহীয়েকেও দুয়োকে দেখা পাই কান্দিছিল। পেহীয়েক আৰু প্ৰণৱে এইটো জানিছিল যে ৰিমা আৰু কেইদিনমানৰ হে আলহী।( Assamese Storyboard )

    ইমান হৈ যোৱাৰ পিছতো কিন্তু সিদ্ধান্ত সলনি হোৱা নাছিল মৃণাল চৌধুৰীৰ। মানসিকতা সলনি হোৱা নাছিল ভদ্ৰ সমাজখনৰ। এয়াই হৈছে সমাজৰ নিয়ম। এতিয়াটো সমাজৰ কু-নিয়ম আৰু মৃণাল চৌধুৰীৰ মন্তব্যত তিনিটা জীৱন শেষ হ'ব ওলাইছিল। 

প্ৰণৱ বৰ অসহায় হৈ পৰিছিল। যিজন ল'ৰাক আগতে ৰাস্তাৰে গ'লে মানুহে সন্মান কৰিছিল আজি সেইজন ল'ৰা দোকানৰ চাকৰ হৈ আছিল। দিনৰ দিনটো কষ্ট কৰি সন্ধিয়া ঘৰলৈ আহে আৰু নিশা যেতিয়া সমস্ত পৃথিৱী শুই পৰে তেতিয়া প্ৰণৱে ভগৱানক দোষ দি চিঞৰিব লয়। এতিয়া সি ভাবিব লৈছে আহিবলগাজনক সি খুৱাব কি। ৰিমাৰো চোন আজি দুবছৰৰ বেছি হ'ল। তাৰমানে ডক্তৰে কোৱা অনুসৰি ৰিমা আৰু কেইমাহমানৰ আলহী। প্ৰণৱে কান্দিব ল'লে। এনেতে ভিতৰৰ পৰা পেহীয়েক ওলাই আহিল।

Author Image

About Social Media Journalism

No comments:

Post a Comment

Advertisement

Pages