এগৰাকী অসহায় দৰিদ্ৰ মহিলাৰ কৰুণ কাহিনী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 23, 2021

এগৰাকী অসহায় দৰিদ্ৰ মহিলাৰ কৰুণ কাহিনী : Assamese Storyboard

Assamese Storyboard


ৰাতিপুৱাৰে পৰাই বিষটো অলপ অলপকৈ আহি আছে ।বোধহয় আজি নহলেও কালিলৈ মানে কিবা এটা হ'ব পাৰে । অকলশৰীয়া মানুহজনীয়ে কেনেকৈ কি কৰোঁ ভাবিয়ে ভয় লাগিছে ( Assamese Storyboard )। হওঁতে মানুহজন লগত নথকা নহয় । পিছে থকা নথকা একেডাল কথা । সেয়া হে গ'ল নহয় বোৱাৰী পুৱাতে ৰঙীন পানীৰ জুতি ল'বলৈ ।। 


মই  নোকোৱা নহ'য় । মোৰ যে গা বেয়া কৰিছে কেইবাবাৰো ক'লোঁ । বোলে একো নহ'য় দে এনেই পেট বিষ হৈছে । গেছ হব পাই । যা ঠাণ্ডা পানী অলপ খাই লৈ শুই থাক । 


মোৰ কান্দোন এসোপা ওলাই অহাৰ বাহিৰে মুখৰ পৰা মাত নোলোল ।আহিবলগীয়া সন্তানৰ কথা ভাবি মই ধয্য ধৰিব লাগিব । 


লাহেকৈ উঠি টিউবেল মাৰি পানী এবাল্টি আনিলোঁ । গাটো যেনেতেনে তিয়াই ললোঁ। পাকঘৰ সোমাব লাগিব । মানুহটো ঘূৰি পকি আহি খোৱা নাপালে আকৌ বিহু তুলিব । 


নাই , নোৱাৰিছোঁ । বিষ বেছি হৈ আহিব ধৰিছে। ঘন কৈ অহা হৈছে। যেতিয়া বিষ আহে ঠিয় থকাতে বেৰত খামুচি ধৰো ।দীঘলীয়া উশাহ লওঁ। বিষটো মাৰি আকৌ কামত ধৰো । কিন্তু সহ্য কৰা টান হৈছে । ঘৰতো সাৰিব পৰা নাই মই । চাপৰিলে যেন ওলাই পৰিব,,,,,,


## উস 


মানুহটোৰ কোনো খবৰ নাই এতিয়াও । আধা ঘণ্টাৰ ভিতৰত তিনিবাৰ বিষ আহিল । শেষৰ বাৰ দেখুৱাব যাওঁতে নাৰ্ছ বাইদেউৱে কোৱা মনত আছে ঘনাই বিষ আহিলে হস্পিতেল গুচি যাবি । 


কাৰ লগত যাওঁ বাৰু । কি কৰোঁ মই ! হে প্ৰভু ইমান যন্ত্ৰণা কিয় দিছা ।


ওখকৈ মেখেলা খন পিন্ধি কপাহী চাদৰ এখন গাত মেৰিয়াই ললোঁ । বেগটোত পানী বটল , বেদ কভাৰ , গিলাচ এটা আৰু ফটা চাদৰ দুখন লৈ আলি লৈ ওলাই আহিলোঁ । কিবাকৈ হস্পিতেল পাবগৈ লাগিব ।।


### ঐ ভাই ।


ৰিক্সা খন ওচৰতে ৰৈ দিলে । 


### হস্পিতেললৈ কিমান লবি ?


### ত্ৰিশটকা । 


### তোক মই পঞ্চাশ টকা দিম । একেবাৰে লাহে লাহে গাঁত বচাই মোক হস্পিতেলত থৈ আহিবি ব'ল । 


ৰিক্সাৱালাজনে এবাৰ মোলৈ আৰু এবাৰ উফন্দি থকা পেটটোলৈ চাই ক'লে ।


### বহ ।


ৰিক্সাতে মোৰ তিনিটা মান বিষ গ'ল ।। দুই হাতে ৰিক্সাৰ হেণ্ডেলত খামুচি কথমপী চিঞৰ নহাকৈ থাকিলোঁ । নৱেম্বৰ মাহৰ ঠান্ডাটো মোৰ দেহ ঘামত তিতি জুৰুলি জুপুৰি হ'ল । ৰিক্সাৱালাজনৰ বেয়া লাগিছে হবলা । কিনাৰত ৰখাই পানী এবটল আনজ দিলে । বিষ কমিলত পানী বটল চকুত মাৰি উশাহ ললোঁ । 


হস্পিতেলত বহুত দীঘলীয়া শাৰী ।।ইয়াত শাৰী পাতিলে শাৰীতেই সন্তান জন্ম হ'ব । শাৰীত ঠিয় দিয়াৰ শক্তি মোৰ নাই। মানুহ ঠেলি ঠেলি মই আগলৈ গৈ আছোঁ। 


$$$ লাইন কৰক বাইদেউ,,,,,,


$$$ আমি বহুত সময় লাইনত আছোঁ ,,,,


$$$ পিছত আহি আগত দেখুৱালে নহ'ব নহ'য় ,,,,,


কাৰো কথাত মন দিবৰ সময় মোৰ নাই । ইফালে তলত ভৰ কৰি আছেহি ।


দুৱাৰত থকা লৰাটোক ঠেলি মই ডঃ ৰ ওচৰলৈ সোমায় গ'লোঁ ।


ৰোগী চাই থাকে ডঃ জন কিছু খঙত দেখা গ'ল । দিয়ক গালি । কোনো কথা নাই । মোক চাওক মাত্ৰ । 


মেখেলাখন ধুতিৰ পোন্ধ মৰাৰ দৰে বান্ধি ললোঁ । নহলে হয়তো পকীত পৰি,,,,,,,,


### ছাৰ,,,,,,,,


মই চিঞৰি ডঃ ক মাতিলোঁ ।


#### কি হল তোৰ ?


তাচ্ছিল্য ভৰা মাতেৰে মোক সুধিলে । 


### মই নোৱাৰিছোঁ ছাৰ । কিবা এটা কৰক ।


ডঃ য়ে মোক তেতিয়া ভালকৈ লক্ষ কৰিলে ।


### ইস ৰাম । ইমান দেৰি লৈ আহিবলৈ থাকিব লাগে নে ?


তেওঁ ৱাৰ্ড বয় জনক কৈ ষ্টেচাৰত মোক বেদলৈ লৈ গ'ল । নিজেই ভালকৈ পৰীক্ষা কৰিলে আৰু গহীন হৈ পৰিল ।


এইটো কেচ ইয়াত নহ'ব । অতি সোনকালেই ডিব্ৰুগড় মেডিকেলত ভৰ্তি হ' গৈ যা। 


মোৰ মূৰত আকাশ ভাগি পৰিল । মানুহটোৰ এতিয়াও খবৰ নাই । কোনে জানে কত পানী খাই পৰি আছে ।।কোনোদিনে ডিব্ৰুগড় গৈ নোপোৱা মানুহজনীয়ে মই কেনেকৈ,,,,,


### ছাৰ , ইয়াত কিবা এটা কৰি,,,,,,


#### $$ Risk আছে । ইয়াত নহব । মই লিখি দিছোঁ । তই ডিব্ৰুগড়ত ভৰ্তি হ ।


কৈয়ে ডঃ খৰখেদাকৈ গুচি গ'ল । লগত থকা নাৰ্ছ জনীয়ে ক'লে ।


## বেবীতো একেবাৰে মুখত আহি গৈছে । সোনকালে গুছি যাওক বাইদেউ । 


উপায় নাই মোৰ । চিঞৰি কান্দিছোঁ । আৰু কি কৰো । হাতত টকা এশ আছিল । মইনুল ভাইৰ ঘৰত চাউল জাৰি পোৱা । কেনেকৈ কি কৰি ডিব্ৰুগড় যাওঁ ।


বেগটো হাতত লৈ এইবাৰ বগুৱাই বগুৱাই বাহিৰ পালোহি । খোজ কাঢ়িব নোৱাৰো থিয় হৈ । বহি বহি বাৰাণ্ডা পাই দেখিলোঁ , মই অহা ৰিক্সাৱালাজন আছেই । 


$$ভাই,,,,,অ' ভাই,,,,


সি মোক ঘৰত নমাই গ'ল । ঘূৰি অহা টকা নল'লে । দুৱাৰখন খুলি বস্তা এটা পাৰি মোক বহুৱাই দি সি গ'লগৈ । 


বিষ এতিয়া অহা নাই । গধুৰ হৈ হে আছে । বিষ নাহোতেই কাম অলপ কৰি লওঁ ।


মানুহটো এবাৰো ঘৰত অহা চিন নাপালোঁ । ৰাতিপুৱা বনোৱা শাক ভজা খিনি তেনেকৈয়ে আছে । গৰম ভাত অলপ পাতি দিলোঁ ।।


ওচৰৰ সৰু ছোৱালী এজনী মাতি আনি টিউবেলৰ পৰা পানী অলপ ভিতৰ ভৰাই ললোঁ । তাই 10 টকা ল'লে । 


ভাত উতল আহিছে । বিষটো চোন নহা হ'ল । হয়তো ঈশ্বৰে মোক চকু মেলি চালে । 


বিছনাখন পাৰি লওঁতেই আকৌ বিষ,,,,,,,


এইবাৰ বহুত বেছি,,


##কোন ক'ত আছ ! আহ হঁত ঐ মই আজি মাৰিলোঁ ,,,,

বিষ আহে প্ৰতি মোৰ মুখৰ পৰা চিঞৰ ওলাল যদিও শুনোতা নাই । 


বস্তাত পৰি বাগৰি বাগৰি বিষ মাৰিছোঁ মই । কেতিয়াবা বাগৰি চাং তল সোমাইছোঁ আকৌ বিষ গলে ওলাই আহি বস্তাখনত পৰি ৰৈছোঁ ।


## ভনী আছ নে,,,,,


মইনুল ভাই আহিছে বোধহয় । কাম থাকিলে বিচাৰি আহে ।


## আছোঁ ঐ মোক ধৰ ঐ । মোৰ কিবা এটা হৈছে ।।


পানীত পৰা মানুহে কূটা ডাল খামুচি ধৰা দৰে মইও কাকূটি কৰিলোঁ । ( Assamese Storyboard )


মইনুল ভাই সোমাই আহিল । 

$$ কি হৈছে ভনী ।


আৰু একো নক'লে । মোৰ অৱস্থা দেখি চিধা ওলাই গ'ল । যাওঁতে কৈ গ'ল ,,,


## তাক বিচাৰি আনো ।


আকৌ বিষ । মোৰ যেন সমস্ত প্ৰাণ বাহিৰ হৈ আহিব ।


#' হে প্ৰভু । তুমি নাই নেকি,,,,,

মই চিঞৰি দিলোঁ ।


#' মোৰ কোনো নাই ঈশ্বৰ । তোমাৰ বাহিৰে কোনো নাই ।


পাতৰ ঘৰটো জমজমাই উঠিল । এছাটি বতাহে মোক শীতল কৰি গ'ল । অলপ বিষ কমিল ।।


পানী অলপ পোৱা হ'লে,,,,, ওঁঠ শুকাই গৈছে । চুচৰি চুচৰি পাকঘৰ পালোগৈ । 


পানী,,,,,,


তাই আনিছিল নহয় । 


নাই । বাল্টি উদং । 


জিভাখনেৰে ওঁঠ তিতাই আকৌ ঘূৰি আহিলোঁ । 


বিষ,,,,,,,


$$ মৰিলো ঐ……মোক আৰু সন্তান নেলাগে 

কোনে পাৰ লৈ যা, মই সহ্য কৰিব পৰা নাই ,,,,,,,


## আহ হঁত ঐ,,,,,,,ঐ আছ নে কোনোবা,,,,,,,


ঘৰটো কপি উঠিল । ধুমুহাৰ দৰে বতাহ এজাক সোমাই আহিল । লগত বগা সাজ পিন্ধি সেইজনী নাৰ্ছ দেখোন । 


## নিচিঞৰিবি ।।মই আছোঁ ।


নাৰ্ছ জনীয়ে আদেশৰ সুৰত ক'লে । 


মই সকাহ অনুভৱ কৰিলো । হয়তো মইনুল ভাই পঠাই দিছে । 


নাৰ্ছজনীয়ে মোক বস্তাত ওপৰমুৱাকৈ শুৱাই দিলে । মূৰত হাত ফুৰাই সান্তনা দিলে । নিশ্চিতি পাই মই চকু মুদি দিলোঁ । 


প্ৰসৱৰ যন্ত্ৰণা এনেকুৱা । নোপোৱাজনে অনুভৱ কৰিব নোৱাৰে । এতিয়া মোৰ আহিবলগীয়া সন্তানতোলৈ হেঁপাহ জন্মিছে। মোৰ বুকুৰ আপোন । মোৰ নিজৰ মঙহ । 


তোক মই মানুহ কৰি ডাঙৰ কৰিম মোৰ বাছা ।


আজিব অনুভৱ এটা হৈছে । কিবা যেন গাৰ মঙহ এটুকুৰা লাহে লাহে বাহিৰ ওলাই আহিছে ।। গৰম গৰম ,,,,পিছল,,,,,লোপঠোপিয়া ,,,,,,,,,


আই ঐ,,,,,,,,


শেষ যন্ত্ৰণা চাগে এয়া ।।


প্ৰাণ উৰি গৈছে মোৰ । 


কি হল নাজানো । গাটো পাতল লাগি গ'ল,,,,,


ভাগৰত চকু জাপ খাই আহিছে মোৰ । নাৰ্ছজনীয়ে যি কৰে কৰক আৰু,,,,মই ,,,নোৱাৰো,,,


আৰু মনত নাই । গভীৰ টোপনিৰ ৰাজ্যত মই ৰাণী ।


--


কিমান সময় টোপনি গ'ল ক'ব নোৱাৰোঁ । গাটো টানি টানি ধৰিছে । চকু মেলি মাথোঁ দেখিছোঁ ঘৰৰ ভিতৰত অন্ধকাৰ । হয়তো গধূলি নামিল ।।


উঠিবলৈ লওঁতে মনত পৰিল , মই সন্তান জন্ম দিছিলোঁ । 


ক'ত মোৰ সন্তান,,,,,,কি হৈছিল,,,ল'ৰা নে ছোৱালী ?


মই জাপ মাৰি উঠিলোঁ ।মোৰ জন্ম দিয়া সন্তান কাৰ লগত আছে,,,,,, কান্দিছে নেকি,,,,,,চাফা কৰিলে নে বাৰু,,,,,


এবাৰ চাবলৈ মোৰ বৰ মন গ'ল ।,মোৰ সন্তান ।।


একো উমঘাম নাই । কতো নাই । নাৰ্ছজনীয়ে লৈ গ'ল নেকি ?, কত বিচাৰিম ?


মানুহজন এতিয়াও অহা নাই নেকি ?


বলিয়া দৰে মই চোতাল পালোহি । মোৰ গাত কেছেমা গোন্ধ , তেজত তিতা শৰীৰ ।


নাই কতো ।


আকৌ ভিতৰ সোমায় আহিলোঁ । কাক সোধো ?


$$ ছপ,,,,,ছপ,,,,,,ছপ,,,,,


পাকঘৰত কিহবাৰ শব্দ । 


$$ কোন,,,,,,


মই পাকঘৰ পালোগৈ ।একো দেখা নাই । খেপিয়াই জুই শলাতো বিচাৰি চাকিতো জ্বলাই দিলোঁ । 


এয়া কি!!!!


পাকঘৰৰ চুকত নাৰ্ছজনীয়ে বেৰত আয়োজি বহি লৈ কি খাইছে ?


ওচৰ চাপি গলোঁ ।


দুইহাতৰ মাজত এটা কোমল শৰীৰ । মুখৰ পৰা তেজৰ সোঁত বৈ আছে । মঙহ চোৱাই খাওঁতে কোৱাৰীয়েদি কিছু মঙহৰ টুকুৰা মুখত লাগি পৰিছে ।।


উফ


কি বিভৎস ।


কি খাইছে তাই ?


## ঐ,,,,,,কি,,,,,খাইছ,,,


মই বেছি চিঞৰিব নোৱাৰিলোঁ । পেটত ধৰিলে । শেহাই ওলোৱা মাতষাৰ শুনি তাই মূৰ তুলি চালে ।।


বিকত ভংগীমা এটা কৰি হাতত থকা অৱশিষ্ট মঙহখিনি মোলৈ আগবঢ়াই দিলে ।


দুই হাত আগবঢ়াই মই মোৰ হাতত ললোঁ ।।তেতিয়া তাত এখন হাত এখন ভৰি আৰু মূৰৰ কিছু অংশ আছিল । তেজত ডুবি থকা মই কিছু সময়ৰ আগত জন্ম দিয়া মোৰ সন্তান,,,,,


## কি কৰিলি এয়া,,,,,,


আতংক , দুখ,,,ভয়,,,,,,মই চিঞৰি দিলোঁ,,,,


তাই অট্টাহাস্য কৰি খিলখিলাই উঠিল,,,,,


হা ,,,,হা,,,,,,হা,,,,,,হা,,,,,,হা,,,,,,,,


মই আৰু একো ক'ব নোৱাৰোঁ । 


(উপসংহাৰ : লছমিৰ লৰা সন্তান জন্ম হৈছিল ।। নিশা মানুহজন ঘূৰি ঘৰ পাই দেখিছিল লছমি ইতিমধ্যে সন্তান জন্ম দি মৃত্যু হৈছে আৰু শিশুটোক মেকুৰীয়ে আধা খাই পেলাইছে ,,,)


নবযানী বৰুৱা শইকীয়া

ডিগবৈ

(বেয়া মতামত নিদিব । মহিলাৰ লিখনি । বেয়া পালে নপঢ়িব ।)


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages