আশ্ৰমৰ পৰা আহি মৃণালিনীয়ে বাৰাণ্ডাতে থকা আৰামী চকীখনত বহি চকুহাল মুদি অলপ আৰাম কৰিলে....( Assamese Storyboard )
, ৰঘুনাথে ভিতৰত লাইটবোৰ অফ কৰি বাৰাণ্ডাৰ লাইটটো জ্বলাই ধূনাবাটিটো লৈ আগফালে ওলাই আহিল... বাইদেউ...! কেতিয়া আহিলে...? মাত এষাৰি দিয়া নাই যে...!
: বৰ ভাগৰ লাগিছে অ' ! সেয়ে অলপ আৰাম কৰিলোঁ, মাজনী নাই নেকি ....
: অলপ ওলাই যাওঁ বুলি কৈ , চাৰিমান বজাত ওলাই গৈছে....
: কত গৈছে...! তোক কিবা কৈ গৈছে নেকি...!
: একো কৈ যোৱা নাই....
: বাৰু..., মোক চাহ একাপ দিবিচোন...
: হব বাইদেউ, ৰঘুনাথ ভিতৰলৈ সোমাই গল, মুকলি আকাশ..., সৰু সৰু তৰাবোৰ ঢিমিক ধামাক কৰি জ্বলি আছে...., পদূলিতে ফুলি থকা তগৰৰ সুবাস চাৰিওফালে বিয়পি পৰিছে...., বতাহত কৰবাৰ পৰা ভাঁহি আহিছে বাঁহীৰ কৰুণ সুৰ...., বহুদিন ধৰি মৃণালিনীয়ে মুকলি আকাশখন ভালকৈ দেখা নাই..., চকীখনৰ পৰা উঠি বাহিৰলৈ ওলাই গল মৃণালিনী...., পশ্চিমৰ আকাশত কাঁচিজোন....., জোনটো এবাৰ ভালদৰে লক্ষ্য কৰিলে মৃণালিনীয়ে....., মানুহৰ জীৱনটো জোনবাই দৰেই , চন্দ্ৰকলাৰ দৰে এটা শিশু লাহে লাহে পৈণত হয়, ডাঙৰ হয় আৰু এটা সময়ত পৃথিৱীৰ পৰা মেলানি মাগে.... কৃষ্ণ পক্ষৰ দিনকেইটা মানৱজীৱনৰ দুখ , আৰু শুক্লপক্ষৰ দিনকেইটা সুখ হাঁহি আৰু প্ৰাপ্তিৰ দিন , সচাকৈ মানৱ জীৱনটোও কৃষ্ণপক্ষ শুক্লপক্ষৰ দৰেই , সুখ দুখৰ সমষ্টিয়ে জীৱন, ভাৱত বিভোৰ হৈ পৰিল মৃণালিনী, চাহৰ কাপটো হাতত লৈ ৰঘুনাথে মৃণালিনীক বহুবাৰ মাতিলে কিন্ত একো সঁহাৰি নাপায় ওচৰ চাপি গল.... বাইদেউ...! চাহ...
: চাহ...! দে...,
: আপুনি কিবা চিন্তাত আছে নেকি বাইদেউ...,
: কি চিন্তা কৰিম তয়ে কচোন...! .....মিচিকিয়া হাঁহি এটা মাৰি কথাটো পাতল কৰি দিলে মৃণালিনীয়ে..., চাহৰ কাপটো হাতত লৈ পদূলিলৈ এপাক ওলাই গল...., গেটখন খুলি চকুৰে মনিব পৰালৈকে ৰাস্তাটো লক্ষ্য কৰিলে ..., দিনৰ পোহৰত ব্যস্ত হৈ থকা আলিবাটটোত সন্ধিয়া হোৱাৰ পাছত মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰে..., গেটখন বন্ধ কৰি মৃণালিনী আকৌ এখোজ দুখোজ কৈ ভিতৰলৈ আহিল..., হঠাৎ বাইক এখন ৰখোৱাৰ শব্দ শুনি এবাৰ ঘূৰি চালে, বাইকখনৰ পৰা নামি লাহেকৈ গেটখন খুলি নীহা সোমাই আহিল...... মা...., বাহিৰত কি কৰি আছা...!
: তোলৈকে বাট চাই আছিলোঁ...
: কিয় মা...! গা বেয়া লাগিছে নেকি...!
: গা ভালেই...., কৰবাত গলে , কত গৈছ ৰঘুনাথক কৈ নাযাৱ কিয়...? ইমান কৈ ফোন লগাইছোঁ ফোনটো লগা নাই, কিমান চিন্তা হয় মই হে জানো...!
: মা..., তুমি দেখুন জানাই, মই মাজে মাজে নদীৰ পাৰত বহিবলৈ যাওঁ..., আৰু নদীৰ পাৰত নেটৱৰ্ক নাপায়.., এদিন নদীৰ পাৰলৈ তোমাকো লৈ যাম ওলাবা..., আবেলি ৰান্ধনী বেলিৰ পোহৰ পৰি নদীৰ পানীখিনি ৰঙচুৱা হৈ পৰে..., এনে লাগে যেন মুকলি আকাশৰ তলত কোনোবাই এখন ৰঙা চাদৰ মেলি দিছে......,
: সেইবোৰ বাদ দে...., আজিৰ পৰা কৰবাত গলে ৰঘুনাথক কৈ যাবি...
: ok মা..., আজিৰ পৰা কৈ যাম দিয়া..., অ' তোমাক কথা এটা কোৱাই নাই নহয় মা...
: কি কব লগা আছে ভিতৰত কবি বল...,
মৃণালিনী আৰু নীহা ভিতৰলৈ সোমাই গল, মৃণালিনীয়ে ড্ৰয়িং ৰূমতে বহি টিভিটো অন কৰিলে..., নীহাই কাপোৰ কেইটা সলায়.. ভৰি হাত কেইটা ধুই পাকঘৰত সোমাল , গাখীৰতে ডাঠকৈ চাহ তিনিকাপ বনাই ..., একাপ ৰঘুনাথক দিলে , .... মা চাহ লোৱা..
: মই চাহ খাইছিলো অলপ আগতে, বাৰু আনিলি যেতিয়া খায়ে দিওঁ দে...
টেবুলৰ পৰা ৰিমৰ্টটো লৈ টিভিৰ ভলীয়মটো কমাই দিলে নীহাই.... মা কালি মই ৰক্তিমলৈ ফোন কৰিছিলোঁ.....
: সেইটো নো কি ডাঙৰ কথা হল...
: তুমি কথাটো ভালকৈ শুনি লোৱাচোন..., মই ৰক্তিমলৈ ফোন কৰোতে ফোনটো ৰক্তিমে ৰিচিভ কৰা নাছিল, ৰক্তিমৰ ঘৈণীয়েক মনালিছাই ৰিচিভ কৰিছিল.... আৰু মই সুযোগ বুজি কথাখিনি কৈ পেলালোঁ...., মই ফোনটো কাটি দিয়াৰ পাছত ৰক্তিমে ফোন কৰিছিল..., কথাবোৰ মিছা বুলি মনালিছাৰ আগত প্ৰমাণ কৰিবলৈ..., মই মনালিছাক কোৱাৰ ধৰণেই কথাবোৰ ৰক্তিমকো কৈ দিলোঁ..., আৰু প্ৰমাণ হিচাপে কিছুমান ফটো মোৰ হাতত মজুত আছে বুলি কলো...., আৰু লগে লগেই ফোনটো কাটি দিলোঁ, এতিয়া তুমিয়ে কোৱাচোন মা , মই কিবা বেয়া কৰিলোঁ নেকি...!( Assamese Storyboard )
: তই দিনক দিনে বৰ স্মাৰ্ট হৈ গৈছ ..! কাক কেনেকৈ কেতিয়া কত আক্ৰমণ কৰিব লাগে বৰ সহজতে আয়ত্ত কৰি পেলালি......, এতিয়া চাগৈ দুয়োৰে মাজত বাকবিতর্ক আৰম্ভ হৈছে...., বেচেৰী মনালিছাজনীলৈ হে বেয়া লাগিছে অ'.... হা:...... হা:...., মাক জীয়েক দুয়োজনীয়ে মনপ্ৰাণ খুলি হাঁহিলে.....
: মা.... তোমাৰ খেলখন বাৰু আৰম্ভ কৰিছোঁ, এতিয়া অপেক্ষা দ্বিতীয় মেছখনলৈ..., অৱশ্যে তোমাৰ খেলখনৰ আৰম্ভণি ভালেই হৈছে মা, গতিকে পজিটিভ ৰিজাল্ট এটা আশা কৰিব পাৰি,
: ৰিজাল্ট পজিটিভ হবই লাগিব, প্ৰয়োজন হলে ফটোখিনি প্ৰিন্ট কৰি মনাৰ নামত পোষ্ট কৰি দিবি... ফটোবোৰ দেখাৰ পাছত মনা আৰু ৰক্তিমৰ সম্পৰ্ক চিৰদিনৰ বাবে শেষ হৈ যাব...., হাজাৰ চেষ্টা কৰিলেও ৰক্তিমে কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰিব....., মুহূৰ্ততে থানবান হৈ যাব সুখৰ সংসাৰ...,
: মা... মনৰ দুখত মনালিছা ঘৰ এৰি নিজৰ ঘৰলৈ গুচি যাব..., ওচৰ চুবুৰীয়াই কথাবোৰ ৰৌতে ঢৌ কৰি প্ৰচাৰ কৰি দিব..., দুই এজনে খবৰ লবলৈ আহিব....., তেতিয়া কিন্ত ৰক্তিম আৰু কুণাল খুড়াৰ মুখখন চাবলগীয়া হব, দুৱৰা বংশৰ সুনাম ভস্ম হৈ যাব ধূলিৰ লগত...., ৰক্তিমেও সমাজত মুখ উলিয়াব নোৱৰা হ'ব..., তাক দেখিলেই মানুহে নাক কোঁচাব...,
: মই তাকেই বিচাৰি আঁচো মাজনী, সমাজত যেতিয়া কুণালক সকলোৱে লেই-- লেই , চেই --চেই কৰিব তেতিয়া কুনাল মানসিক ভাৱে ভাগি পৰিব, মনৰ দুখত বেচেৰা ঘৰতে সোমাই থাকিব...,
: কিন্তু....! মা তুমি কুনাল খুড়াক কিয় ইমান তললৈ নমাব বিচাৰিছা..., সেই প্ৰশ্নৰ উত্তৰ মোক আজিও দিয়া নাই,
: সেই প্ৰশ্নৰ উত্তৰ মই সেইদিনা দিম, যিদিনা কুনাল দুৱৰাৰ সুনাম এই সমাজৰ পৰা নাইকিয়া হৈ যাব..., তই আৰু কিছুদিন অপেক্ষা কৰিব লাগিব........, বহাৰ পৰা উঠি গৈছিল মৃণালিনী...,
নীহাই ৰক্তিমৰ খবৰ লবলৈ নূপুৰলৈ ফোন লগালে...
: হেল্ল... !
: হেল্ল.....! নূপুৰ..., বিহুৰ আয়োজন কেনে চলিছে..?
: মোটামুটি চলি আছে, তোমালোকৰ...,
: আমাৰনো কি...., ঘৰত একো কৰাই নহয়, সকলো বজাৰৰ পৰা কিনি অনা হয়...., তোমালোকৰে ভাল নূপুৰ....,
: কিয়....?
: আগতে ধৰা তুমি কামবোৰ অকলে কৰিছিলা, এতিয়া বৌয়ে সহায় কৰি দিছে,
: অ' .....! এতিয়া মই বেছিকৈ কাম নকৰিলেও হয় , মানে বৌয়ে কৰিবলৈ নিদিয়ে,
: তোমাৰ ভাগ্য ভাল ইমান মৰমিয়াল বৌ এগৰাকী পাইছা..., বৌয়ে চাগৈ ভাত ৰান্ধি আছে...
: আজি ময়হে ৰান্ধিছোঁ , বৌৰ গাটো বেয়া নেকি শুই আছে ,
: দাদাই সহায় কৰি নিদিয়ে নেকি...?
: দিয়ে...., এতিয়া বৌৰ ওচৰতে আছে,
: অ' ...! হয়নেকি এতিয়া ৰাখো..., তুমি ৰান্ধি থকা, শুভৰাত্রী..
: শুভৰাত্রী ।
বিষক্ৰিয়া আৰম্ভ হলেই মানে...., এতিয়া কেনে পাইছা ৰক্তিম ....., মোৰ প্ৰতিটোপাল চকু পানীৰ মূল্য মই পাব লাগিব, এইয়া মাথো আৰম্ভণি ......, বহাৰ পৰা উঠি গৈ নীহাই ডায়েৰীৰ পাতবোৰ লুটিয়াই চালে, .... মই সচাই বৰ অকলশৰীয়া হৈ পৰিম ৰক্তিম....তোমাক সঁচা অন্তৰে ভাল পাই মই ডাঙৰ ভুল কৰিলোঁ, মই জনা নাছিলো কাৰোবাক সঁচা অন্তৰে ভাল পালে মই তাৰ বিনিময়ত মিছা মৰম পাম, কিন্তু আজি তোমাক হেৰুৱাই বুজি পালো , সঁচা অন্তৰে কাৰোবাক ভাল পালে তাৰ বিনিময়ত অন্তৰত আঘাত পোৱা যায়...., হেৰাই যোৱা অতীতটো ডায়েৰীৰ পাতখিলাই আকৌ জীপাল কৰি তুলিলে, নীহাৰ কাণত বাজি উঠিল ৰক্তিমে চিঞৰি চিঞৰি শেষ মুহূৰ্তত কোৱা সেই কথা কেইটা..... তোমাক ভালপোৱা সময়ত মই জনা নাছিলো জাত্যাভিমান কি....? মই সকলো মানুহ একেই বুলি ভাবিছিলো, কিন্ত দেউতাই মোৰ ভ্ৰান্ত ধাৰণা আঁতৰ কৰি দিলে, উচ্চ বংশৰ লৰাই নিম্ন বৰ্ণৰ ছোৱালী বিয়া কৰালে সমাজে তেওঁক এঘৰীয়া কৰে, গতিকে মই তোমাক বিয়া কৰাব নোৱাৰিম নীহা...., 
ৰক্তিম......., আৰু কিছুদিন অপেক্ষা কৰা , তোমাৰ জীৱনটোৱে খেলিমেলি কৰি পেলাম, এজন এজনকৈ তোমাৰ আত্মীয় সকলো শেষ কৰি পেলাম , হা:...…, হা:........, আনন্দ কৰ নীহা....! আনন্দ কৰ....! এতিয়া তোৰ জীৱনৰ পৰা দুখবোৰ নাইকিয়া হৈ যাব......, মনৰ আনন্দতে নীহাই উচ্চস্বৰে হাঁহিলে......, বন্ধ ঘৰখনত বহু সময় প্ৰতিধ্বনিত হৈ আছিল নীহাৰ সেই বিভৎস হাঁহি......
( ক্ৰমশঃ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment