ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সহায়ত পাকিস্তান হৈছিল পাৰমাণৱিক শক্তিৰ দেশ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সহায়ত পাকিস্তান হৈছিল পাৰমাণৱিক শক্তিৰ দেশ : Assamese Storyboard


RAW । ৰিছাৰ্ছ এণ্ড এনালাইছিছ উইং। ভাৰতৰ আভ্যন্তৰীণ প্ৰতিৰক্ষাৰ অহংকাৰৰ নাম ৰ'। শত্ৰু ৰাষ্ট্ৰৰ ত্ৰাসৰ অন্য এটি নাম ৰ'। ( Assamese Storyboard )। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চিন্তাৰ ফচলত ভাৰতীয় চোৰাংচোৱাত অনবদ্য সংযোজনেৰে 1968 চনত জন্ম হৈছিল ৰ'ৰ। দৰাচলতে 1962 আৰু 1965 চনৰ যুদ্ধৰ পিছত ভাৰতত আমেৰিকাৰ চি আই এ অথবা ইজৰাইলৰ মোছাদৰ দৰে বাহিৰৰ দেশত থাকি বা গৈ চোৰাংচোৱাগিৰি কৰিব পৰা চোৰাংচোৱা সংস্থা এটাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। পূৰ্বে আই বিৰ দৰে চোৰাংচোৱা সংস্থাই দেশৰ ভিতৰত থাকিয়ে বিভিন্ন তথ্য চৰকাৰৰ হৈ সংগ্ৰহ কৰিছিল যদিও ভাৰতৰ দৰে বৃহৎ দেশ এখনৰ বাবে ই যথেষ্ট নহয় আৰু আই বিয়ে এই অভাৱ পূৰণ কৰিব পৰা নাছিল। এনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জন্ম হৈছিল ৰ'ৰ। ৰ'ৰ প্ৰথম সঞ্চালক আছিল ৰামেশ্বৰ নাথ কাৱ চমুকৈ আৰ এন কাৱ। এজন স্বভাৱসুলভ চোৰাংচোৱা, বুদ্ধিদীপ্ত, আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল আৰ এন কাৱ। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে ফ্ৰান্সৰ চিক্ৰেট ছাৰ্ভিচৰ যিগৰাকী চীফ 70ৰ দশকত আছিল, এবাৰ তেওঁক বিশ্বৰ 5গৰাকী খ্যাতনামা চোৰাংচোৱাৰ নাম সোধা হৈছিল। তেতিয়া তেওঁ এই পাঁচগৰাকীৰ ভিতৰত আৰ এন কাৱৰ নামটো বিশেষভাৱে লৈছিল। বৰ্তমান নতুন দিল্লীৰ লোধী ৰোডত অৱস্থিত ৰ'ৰ মুখ্য কাৰ্যালয়। ৰ'ৰ একোজন এজেণ্টৰ বৈচিত্ৰময় আৰু গোপনীয়তাৰ  জীৱনৰ লেখীয়া ৰ'ৰ কাৰ্যালয়ো আন কাৰ্যালয়তকৈ সম্পূৰ্ণ পৃথক। ৰ'ৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে ধৰিব নোৱাৰি যে সেইটো ৰ'ৰ কাৰ্যালয়। এই কাৰ্যালয়ৰ কোনো কক্ষতে নাথাকে কোনো বিষয়াৰ নামফলক। সেইদৰে অন্যান্য ক্ষেত্ৰতো কিছু পৃথক এই কাৰ্যালয়টো। গোপনীয়তাৰ স্বাৰ্থতে এনে ব্যৱস্থাৰ মাজেৰে চলে ৰ'ৰ কাৰ্যালয়।


          চোৰাংচোৱা সংস্থা ৰ'ৰ জন্মৰ পিছতে দুখন দেশক টাৰ্গেট হিচাপে লৈ ৰ'ই কাম-কাজ চলাইছিল। সেই দেশ দুখন হ'ল চুবুৰীয়া শক্ৰ ৰাষ্ট্ৰ পাকিস্তান আৰু চীন। দুয়োখন দেশৰ সৈতে যিহেতু ইতিমধ্যে যুদ্ধ হৈছিল, সেয়ে প্ৰথম এই দুখন দেশলৈ ৰ'ৰ এজেণ্ট প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছিল। পিছত পৰ্যায়ক্ৰমে আন দেশলৈয়ো ৰ'ৰ নেটৱৰ্ক বিস্তাৰ হয়। এনেদৰে দিন অতিবাহিত হোৱাৰ পিছত 1974 চনত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে পোখৰাণত পৰমাণু বোমাৰ পৰীক্ষণ কৰে। আন্তঃৰাষ্ট্ৰীয় মহলত চাপত পৰাৰ সম্ভাৱনাত ভাৰতে এই পৰমাণু বোমাৰ পৰীক্ষণৰ কাম যথেষ্ট গোপনীয়তাৰে কৰে। সমগ্ৰ বিশ্বক চমক লগাই ভাৰতবৰ্ষই যেতিয়া এবাৰতে আণৱিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰে, তেতিয়া ইয়াৰ সফলতাৰ প্ৰধান অংশীদাৰ যায় ৰ'লৈ। পৰমাণু বোমাৰ সফল পৰীক্ষণৰ মূলতে আছিল ৰ'। কিয়নো ভাৰতবৰ্ষই যেতিয়া পৰমাণু বোমা নিৰ্মাণ আৰু পৰীক্ষণৰ কাম আৰম্ভ কৰিছিল, তেতিয়া ইয়াৰ গোপনীয়তাৰ সামগ্ৰিক দায়িত্ব অৰ্পণ কৰা হৈছিল ৰ'ক। এই গোপনীয়তাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি ৰ'ই ভাৰতক এখন পাৰমাণৱিক শক্তিৰ অধিকাৰী দেশ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। কিন্তু ইয়াৰ পিছতে চুবুৰীয়া শক্ৰ ৰাষ্ট্ৰ পাকিস্তানত আৰম্ভ হয় অস্ত্ৰৰ জনজননি। ভাৰতৰ পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণৰ পিছত একপ্ৰকাৰ আতংকিত হৈ পৰে পাকিস্তান। কিয়নো পাৰমাণৱিক বোমাৰে পাকিস্তানৰ তুলনাত মহাশক্তিধৰ ভাৰতে যিকোনো মুহূৰ্ততে পাকিস্তানক নিশ্চিহ্ন কৰি পেলোৱাৰ আশংকাত থৰহৰি কম্পমান হয় পাকিস্তান। এনে পৰিৱেশ-পৰিস্থিতিৰ মাজতে পাকিস্তানত ৰ'ই এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ বিভিন্ন স্থানত খোপনি পুতি ৰ'ৰ এজেণ্টে ভাৰত চৰকাৰক তথ্য প্ৰদান কৰি থকাৰ মাজতে এদিন ৰ'ই ভাৰত চৰকাৰক বাৰ্তা প্ৰেৰণ কৰে যে পাকিস্তানে পাৰমাণৱিক বোমা পৰীক্ষণৰ চেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে। পাকিস্তানৰ ৰাৱালপিণ্ডিৰ সমীপৰ কহুটা নামৰ এক স্থানত পাকিস্তানে যথেষ্ট গোপনীয়তাৰে পাৰমাণৱিক বোমাৰ প্ল্যাণ্ট স্থাপন কৰা বুলি তথ্য লাভ কৰে ৰ'ই। অৱশ্যে সেই মুহূৰ্তলৈ ৰ'ই ইয়াৰ কোনো সু-নিৰ্দিষ্ট প্ৰমাণ লাভ কৰা নাছিল।


এই খবৰ লাভ কৰা মাত্ৰকে ৰ'ৰ সেই সময়ৰ সঞ্চালক আৰ এন কাৱে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অৱগত কৰোৱাৰ সমান্তৰালভাৱে পাকিস্তানত থকা ৰ'ৰ এজেণ্টক তাৰ নিশ্চিত তথ্য উদঘাটনৰ বাবে নিৰ্দেশ দিয়ে। সেইমৰ্মে পাকিস্তানত ৰ'ৰ এজেণ্টে কহুটাৰ ড° এ কিউ খান ৰিছাৰ্ছ লেবৰেটৰী নামৰ গৱেষণাগাৰটোত প্ৰকৃততে কি কাম চলি আছে তাৰ তথ্য উদঘাটনৰ বাবে উঠিপৰি লাগে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰ'ৰ যিকোনো তথ্যৰ আদান-প্ৰদান পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ লগত হয়। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ এনে প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰে আৰু পাকিস্তানেও তেওঁলোকৰ পাৰমাণৱিক পৰীক্ষণৰ কাম আগবঢ়াই লৈ গৈ থাকে। এনে সময়তে পোহৰলৈ আহে আন এক তথ্য। পাকিস্তানৰ পাৰমাণৱিক গৱেষণাৰ পিতামহখ্যাত ড° আব্দুল কাদিৰ খানে উত্তৰ কোৰিয়া ভ্ৰমণৰ তথ্য প্ৰকাশ পায়। বিজ্ঞানীগৰাকীয়ে উত্তৰ কোৰিয়াৰ পিলগ্ৰিং নামৰ ঠাইখন ভ্ৰমণৰ তথ্য লাভ কৰে ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ'ৰ লগতে ইজৰাইলৰ মোছাদ আৰু ফ্ৰান্সৰ চিক্ৰেট ছাৰ্ভিচৰ এজেণ্টে। ইয়াৰ লগে লগে পাকিস্তানৰ ওপৰত সন্দেহ অধিক ঘণীভূত হয়। কিয়নো একে সময়তে উত্তৰ কোৰিয়ায়ো পাৰমাণৱিক বোমা নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। আনহাতে ইয়াৰ মাজতে পাকিস্তানে ফ্ৰান্সক আভুৱা ভাঁৰি পাৰমাণৱিক শক্তিৰ বিভিন্ন ক্ষেত্ৰত সহায় লৈ আহিছিল। ফ্ৰান্সে ভাবিছিল যে পাকিস্তানে বোমা নিৰ্মাণৰ বাবে নহয়, বৰং অন্য কাৰণত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিব বিচাৰিছে। কিন্তু ড° আব্দুল কাদিৰ খানৰ উত্তৰ কোৰিয়া ভ্ৰমণৰ পিছত ফ্ৰান্সে পাকিস্তানক সহায় কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে ইয়াৰ বিপৰীতে চীনে পাকিস্তানক সৰ্বতোপ্ৰকাৰে সহায় অব্যাহত ৰাখে। একেদৰে পাকিস্তানৰ পাৰমাণৱিক প্ল্যাণ্টৰ বিৰুদ্ধে ৰ' আৰু ইজৰাইলৰ মোছাদে যুটীয়াভাৱে অভিযান চলাই থাকে। এনে অভিযানৰ মাজতে নতুন দিল্লীত থকা ৰ'ৰ মুৰব্বীয়ে পাকিস্তানৰ এজেণ্টক পৰমাণু বোমা নিৰ্মাণৰ গৱেষণা চলি থকা বুলি সন্দেহ কৰা এ কিউ খান ৰিছাৰ্ছ লেবৰেটৰীত প্ৰৱেশ কৰাৰ চেষ্টা চলাবলৈ পৰামৰ্শ দিয়ে। কিন্তু ই আছিল অত্যন্ত দুৰূহ কাম। অসম্ভৱ নহয় যদিও ইয়াৰ বাবে এজন এজেণ্টক কেইবাবছৰো সময়ৰ প্ৰয়োজন হ'ব পাৰে। গতিকে ইয়াৰ মাজতে যদি পাকিস্তানে পৰমাণু বোমাৰ পৰীক্ষণ কৰে তেন্তে ৰ'ৰ সকলো চেষ্টা অথলে যাব। ইফালে সেই সময়তে অৰ্থাৎ 1975 চনত ভাৰতীয় ৰাজনীতিত আৰম্ভ হয় উত্থান-পতন। 1975 চনত ইমাৰ্জেন্সী চলাৰ পিছত 1977 চনত নতুন নিৰ্বাচন হয় আৰু ইন্দিৰা গান্ধী পৰাজিত হয়। নতুন চৰকাৰৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয় মোৰাৰজী দেশাই। নতুন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আছিল গান্ধীবাদী আদৰ্শৰ। যুদ্ধ-বিগ্ৰহৰ পৰা আঁতৰত থাকি শান্তিৰ পৰিৱেশেৰে দেশ ৰক্ষাৰ সমৰ্থক আছিল তেওঁ। সেয়ে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ ওচৰলৈ যেতিয়া ৰ'ৰ প্ৰসংগ আহিছিল, তেতিয়া তেওঁ পোনছাটেই সেয়া নাকচ কৰে। তেওঁৰ আদৰ্শ অনুসৰি বাহিৰৰ দেশত প্ৰৱেশ কৰি তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত হাত দিয়াৰ আমাৰ কোনো অধিকাৰ নাই আৰু ই দোষণীয় কাম। এনে আদৰ্শৰে পৰিচালিত হৈ প্ৰধানমন্ত্ৰী হৈয়েই মোৰাৰজী দেশায়ে ৰ'ৰ বাজেট 30 ৰ পৰা 40 শতাংশ কৰ্তন কৰে। দেশৰ খোদ প্ৰধানমন্ত্ৰীগৰাকীৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ লগে লগে ৰ'ৰ সঞ্চালক আৰ এন কাৱে পদত্যাগ কৰে। এনে পৰিস্থিতিত এক নতুন সংকটে দেখা দিয়ে। ৰ'ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজতো মনোবল হ্ৰাস পায় আৰু তৎকালীনভাৱে ৰ'ত নতুন সঞ্চালক নিয়োগ কৰিবলগীয়া হয়। ইফালে পাকিস্তানত ৰ'ই সাম্ৰাজ্য বিস্তাৰ কৰি শত্ৰু ৰাষ্ট্ৰখনত এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়। এই সকলোবোৰ চলি থাকে। পাকিস্তানতো ৰ'ই পাৰমাণৱিক বোমাৰ তথ্য উদঘাটনৰ চেষ্টা অব্যাহত ৰাখে। এই চেষ্টাৰ অংশস্বৰূপে এবাৰ কহুটাত থকা ৰ'ৰ এজেণ্টৰ এখন চেলুনৰ ওপৰত চকু পৰে। কহুটাৰ ড° এ কিউ খান ৰিছাৰ্ছ লেবৰেটৰীৰ সমীপত থকা এই চেলুনখনলৈ লগে লগে ৰ'ৰ এজেণ্টে অহাযোৱা আৰম্ভ কৰে। ইয়াৰ পৰাই দেশৰ গৌৰৱ, বুদ্ধিদীপ্ত ৰ'ই লাভ কৰে সফলতা। এই চেলুনখন গোপনে নিৰীক্ষণ কৰি ৰ'ৰ এজেণ্টে জানিব পাৰে যে কহুটাৰ এ কিউ খান ৰিছাৰ্ছ লেবৰেটৰীত কাম কৰা কেইজনমান নিউক্লিয়াৰ বিজ্ঞানীয়ে চেলুনখনত চুলি কটায়।( Assamese Storyboard )


কেইবাদিনো চেলুনখনৰ ওপৰত নজৰ ৰাখি ৰ'ৰ এজেণ্টে তাৰ পৰা চুলিৰ নমুনা সংগ্ৰহৰ সিদ্ধান্ত লয়। সেইমৰ্মে খান ৰিছাৰ্ছ লেবৰেটৰীত কাম কৰা কেইবাজনো লোক আৰু এজন নিউক্লিয়াৰ বিজ্ঞানীয়ে সেই চেলুনখনত চুলি কটাই যোৱাৰ পিছত ৰ'ৰ এজেণ্টে গোপনে চেলুনখনৰ পৰা চুলিৰ নমুনা সংগ্ৰহ কৰি লৈ আহে। পৰৱৰ্তী সময়ত সেই চুলিৰ নমুনা ভাৰতলৈ প্ৰেৰণ কৰা হয়। ভাৰতত ৰ'ৰ জৰিয়তে চুলিৰ নমুনাসমূহ যেতিয়া পৰীক্ষাগাৰত পৰীক্ষা কৰা হয়, তেতিয়াই সকলো কথা স্পষ্ট হৈ পৰে। এককথাত ৰ'ৰ তথ্য সম্পূৰ্ণ শুদ্ধ প্ৰমাণিত হয়। কাৰণ ৰ'ই ভাৰতলৈ প্ৰেৰণ কৰা চুলিৰ নমুনাসমূহত লাভ কৰা হয় ৰেডিয়েচন। এই পৰিমাণৰ ৰেডিয়েচন তেতিয়াই লাভ কৰা হয়, যেতিয়া কোনো লোকে পাৰমাণৱিক প্ৰকল্পত প্ৰত্যক্ষভাৱে জড়িত হৈ কাম কৰে। এনে ভয়ানক তথ্য শুদ্ধ প্ৰমাণিত হোৱাৰ পিছত স্বাভাৱিকতে ৰ'ত হাহাকাৰৰ সৃষ্টি হয় আৰু এই তথ্য ৰ'ৰ লগত কহুটা সন্দৰ্ভত একেলগে কাম কৰা মোছাদৰ জৰিয়তে ইজৰাইল চৰকাৰো অৱগত হয়। সমান্তৰালভাৱে ৰ'ৰ জৰিয়তে ভাৰত চৰকাৰো অৱগত হয়। এইখিনিতে ইজৰাইলে প্ৰস্তুত কৰে অান এক পৰিকল্পনা। কহুটাত পাকিস্তানে যাতে পাৰমাণৱিক পৰীক্ষণ সম্পূৰ্ণ কৰিব নোৱাৰে তাৰ বাবে কহুটাৰ পাৰমাণৱিক প্ল্যাণ্টটো বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰে ইজৰাইলে। ইতিমধ্যে ইৰাণৰ ক্ষেত্ৰত ইজৰাইলৰ এনে উদাহৰণ আছে। ইৰাণে পাৰমাণৱিক পৰীক্ষণৰ প্ৰস্তুতি চলোৱাৰ উমান পাই ইজৰাইলে বোমাবৰ্ষণেৰে সেয়া ধ্বংস কৰিছিল। কিন্তু পাকিস্তানৰ ক্ষেত্ৰত আন এক সমস্যাই গা কৰি উঠিছিল। কাৰণ ইজৰাইলৰ পৰা বিমানেৰে কহুটাত বোমা পেলাই ঘূৰি যোৱাটো অসম্ভৱ। ইয়াৰ বাবে বিমানত প্ৰয়োজন হ'ব ৰিফুৱেলিঙৰ। এতিয়া প্ৰশ্ন হ'ল পৰৰাষ্ট্ৰৰ পাৰমাণৱিক ক্ষেত্ৰত বোমা পেলাবলৈ ইজৰাইলী বিমানক কোনে এয়াৰস্পেছ দিব? এনে প্ৰশ্ন উত্থাপনৰ পিছত ইজৰাইল চৰকাৰে ৰ'ৰ জৰিয়তে ভাৰতৰ এয়াৰস্পেছ বিচাৰি ভাৰত চৰকাৰক অনুৰোধ জনায়। যিহেতু পাকিস্তানৰ পাৰমাণৱিক শক্তি মানেই ভাৰতলৈ ভাবুকি, সেই দিশলৈ চাই ইজৰাইলৰ এই অনুৰোধৰ যথেষ্ট মান্যতা আছিল। ইজৰাইল চৰকাৰৰ অনুৰোধৰ বিষয়টোক অগ্ৰাধিকাৰ দি ৰ'ৰ সেই সময়ৰ সঞ্চালকগৰাকীয়ে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ওচৰ চাপে আৰু ইজৰাইলৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰি গুজৰাটৰ এয়াৰস্পেছ ইজৰাইলক দিবলৈ অনুৰোধ জনায়। কিন্তু গান্ধীবাদী আদৰ্শত অটল প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে ভাৰতৰ এয়াৰস্পেছ বোমা পেলাবলৈ আন দেশক দিলে যুদ্ধ হোৱাৰ সম্ভাৱনাত পোনছাটেই এই অনুৰোধ প্ৰত্যাখ্যান কৰে। দেশৰ প্ৰধানমন্ত্ৰীয়েই দেশক এনেদৰে সংকটত পেলোৱাৰ সময়তে কহুটাত ৰ'ৰ এজেণ্টে লাভ কৰে আন এক সফলতা। কহুটাত পাকিস্তানৰ পাৰমাণৱিক প্ল্যাণ্টৰ ওপৰত অহৰ্নিশে লাগি থকা ৰ'ৰ এজন এজেণ্টৰ জালত পৰে প্ল্যাণ্টটোৰ এজন নিউক্লিয়াৰ বিজ্ঞানী। প্ল্যাণ্টটোৰ ওপৰত সম্পূৰ্ণ দখল থকা এইজন জ্যেষ্ঠ বিজ্ঞানীয়ে পিছলৈ দহ হাজাৰ আমেৰিকান ডলাৰৰ বিনিময়ত সমগ্ৰ প্ল্যাণ্টটোৰ ব্লু-প্ৰিণ্ট বিক্ৰী কৰিবলৈ ৰাজী হয় ৰ'ৰ এজেণ্টৰ হাতত। কিন্তু ৰ'ৰ এনে সফলতাৰ পিছতো পুনৰ একে পৰিস্থিতিৰ সৃষ্টি হয়। পুনৰবাৰ ৰ'ৰ সঞ্চালকে ইয়াক লৈ প্ৰয়োজন হোৱা ধন বিচাৰি প্ৰধানমন্ত্ৰীৰ ওচৰ চাপে যদিও মোৰাৰজী দেশায়ে এইবাৰো নিৰাশ কৰে। তেওঁৰ মতে এয়া পাকিস্তানৰ আভ্যন্তৰীণ বিষয় আৰু ভাৰতে ইয়াত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। ইফালে সেই সময়তে পাকিস্তানত পৰিৱৰ্তন হয় ৰাজনৈতিক পট। দেশখনত জুলফিকৰ আলী ভুট্টোক আঁতৰাই জিয়াউল হক পাকিস্তানৰ শাসকৰ ৰূপত অৱতীৰ্ণ হয়। শাসনভাৰৰ দায়িত্ব লোৱাৰ লগে লগে জিয়াউল হকে বিশ্ব নেতৃত্বৰ পৰা সমৰ্থন বিচাৰে।

বিশ্বৰ কেইবাখনো দেশৰ নেতাৰ পৰা মান্যতা বিচাৰি জিয়াউল হকে সেই সময়ত কিছুসংখ্যক ৰাষ্ট্ৰনেতাৰ সৈতে ফোনত কথা পাতিবলৈ লয়। ইয়াৰে এজন অন্যতম নেতা আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। সেইমতে জিয়াউল হকে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ লগতো প্ৰায়ে ফোনযোগে কথা পাতিবলৈ লয়। কিন্তু এই ফোন ইন বাৰ্তালাপত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ  যি ভুল হয়, সেই ভুল বোধকৰো বিশ্বত আজিলৈকে কোনো প্ৰধানমন্ত্ৰীৰে হোৱা নাই। ক'বলৈ গ'লে ভাৰত ৰাষ্ট্ৰক ভয়াৱহ সংকটৰ মুখলৈ ঠেলি দি প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে নিমিষতে পানী কৰি দিয়ে ৰ'ৰ সকলো ত্যাগ-কষ্ট আৰু সফলতা। পাকিস্তানৰ সেনা শাসক জিয়াউল হকে সচৰাচৰ ফোন কৰাৰ দৰে এদিন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইলৈ ফোন কৰে। দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজত ফোনত বাৰ্তালাপ চলি থকাৰ মাজতে হঠাৎ মোৰাৰজী দেশায়ে কথা প্ৰসংগত জেনেৰেল জিয়াউল হকক কয় যে- চাওক, আপোনালোকে কহুটাত যি কৰি আছে, আমি সব গম পাইছো। আপোনালোকে মনে মনে যে তাত পাৰমাণৱিক পৰীক্ষণৰ চেষ্টা চলাই আছে তাৰ সকলো তথ্য-প্ৰমাণ আমাৰ হাতত আছে। প্ৰধানমন্ত্ৰীৰ মুখত এই কথা শুনি হতভম্ব হৈ পৰে জিয়াউল হক আৰু মুহূৰ্ততে সতৰ্ক হৈ পৰে সমগ্ৰ বিষয়টোত। ইমান গোপনে কোনো সুৰুঙা নোহোৱাকৈ পাকিস্তানে কহুটাৰ পাৰমাণৱিক প্ৰকল্পত কাম অব্যাহত ৰখাৰ পিছতো এই বিষয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কেনেকৈ জানিলে সেই কথা ভাবি আচৰিত হয় জিয়াউল হককে ধৰি পাকিস্তান প্ৰশাসন। যি নহওক পোনপ্ৰথমে পাকিস্তানৰ সন্দেহৰ আঙুলি যায় ৰ'লৈ। ইয়াৰ পিছত পাকিস্তানে নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি পাকিস্তানত এটা এটাকৈ ৰ'ৰ এজেণ্টক বিচাৰে আৰু ইয়াৰ অধিকসংখ্যককেই কৰায়ত্ত কৰি এটা এটাকৈ হত্যা কৰে। ৰ'ৰ জন্মৰ পিছৰ পৰাই পাকিস্তানত ৰ'ই যি নেটৱৰ্ক গঢ়ি তুলিছিল সেয়া তাছপাতৰ ঘৰৰ দৰেই তচনছ হৈ পৰে পলকতে। অৱশ্যে এই সমগ্ৰ ঘটনাক্ৰমৰ পিছত পাকিস্তানৰ পৰমাণু বোমা পৰীক্ষণত যথেষ্ট বিলম্ব হয়। নিজৰ জীৱনক তুচ্ছ কৰি সাহসিকতাৰে ৰ'ৰ এজেণ্টে পাকিস্তানৰ এই কাৰচাজি ধৰা নেপেলালে, পাকিস্তানে 1984 চনত পৰমাণু বোমাৰ পৰীক্ষণৰ কথা আছিল। যি কথা প্ৰকাশ কৰিছিল ড° আব্দুল কাদিৰ খানে। কিন্তু ইয়াৰ 14 বছৰৰ পিছত অৰ্থাৎ 1998 চনত পাকিস্তানে প্ৰথম পৰমাণু বোমাৰ পৰীক্ষণ কৰে আৰু সফলতা লাভ কৰি পাকিস্তানো এখন পাৰমাণৱিক শক্তিৰ দেশ হিচাপে পৰিগণিত হয়। এই কথা নিশ্চিত যে তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে যদি এইক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰিলেহেঁতেন, তেন্তে ইমান আয়াসতে পাকিস্তানে পাৰমাণৱিক শক্তিৰ অধিকাৰী হ'ব নোৱাৰিলেহেঁতেন। দেশৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ মহাভুলৰ পৰিণাম পিছলৈ ভুগিবলগীয়া হয় সকলোৱে।

মৃণাল চক্ৰৱৰ্তী

ফোনঃ ৯৪৩৫৩২৩৪৭৩

Assamese Article


এনেধৰনৰ আৰু লেখা বা গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages