বীনাই এটি দীঘলীয়া হুমনিয়া কাঢ়ি লৈ ভাৱিলে, আজি শাহু মাৰ ১৩দিনৰ নিয়মো পাৰ হৈ গল। মোৰ মায়েটো মোক কেৱল ২১বছৰলৈ ভালদৰে ৰাখিছিল, কিন্তু শাহু মায়ে মৃত্যুৰ আগ মুহুর্ত্ব লৈকে, মোৰ সন্মান, মোৰ মান, আৰু সকলোতকৈ ডাঙৰ মোৰ দেহৰ প্ৰৱিত্ৰতাক ৰক্ষা কৰিলে( Assamese Storyboard )। শহুৰ ঘৰলৈ আহিয়েই যেতিয়া শহুৰ দেউতাক ভৰি চুবলৈ তললৈ মূৰ কৰিলো, তেতিয়া আৰ্শীবাদ দি শহুৰ দেউতাৰ হাতখন মূৰৰ পৰা পাছফালৰ পিঠিলৈ যায়, তেতিয়া শাহুমায়ে তেওঁক কথাতে কাট মাৰি কলে, নিজৰ ছোৱালী বুলিয়ে ভাৱক। বোৱাৰী নহয়, আমি ছোৱালী হে আনিছো। শাহুমাৰ সকিয়নি শুনি, তল মূৰ কৰি থকাৰ পৰাই শহুৰ দেউতাৰ চক খায় উঠা মুখ খন দেখা পাইছিলো। সেইদিনা পৰা যেতিয়াই মই, শহুৰ দেউতাৰ ভৰি চুই সেৱা কৰোঁ, তেতিয়া দূৰৰপৰাই আৰ্শীবাদ পাওঁ মই।
স্বামীৰ সম্বন্ধৰ ডাঙৰ ককায়েক যেতিয়া কিছু কামৰ বাবে আহি আমাৰ ঘৰতে থাকে, তেতিয়া লৈ মই এটা সন্তানৰ মাতৃ হৈছিলো। কিন্তু সেই পাপী পুৰুষজনৰ দৃষ্টি মোৰ শৰীৰৰ ওপৰতে নাচি উঠিছিল। এদিনাখন শাহু মায়ে চাহ কাপটো দিওঁতে, সেইজনা পাপীয়ে মোৰ আঙুলি স্পৰ্শ কৰোঁতে দেখা পাইছিল, আৰু আগুৱাই গৈ চাহৰ কাপটো লৈ শাহু মায়ে কলে, বোপাই, এতিয়া চাহ নিজৰ ঘৰত গৈয়ে খাবাগৈ। মোৰ বোৱাৰী সীতা হয়। দ্ৰৌপদী নহয়। যাক ককায়েক ভায়েকে ভাগ কৰি লব। শাহু মাৰ কথা শুনি, সেই পাপী পুৰুষজন নিজৰ টোপোলা বান্ধি লৈ এনেদৰে পলালে যে, শহুৰ দেউতাই ততকে ধৰিবলৈ নোঁৱাৰিলে।( Assamese Storyboard )
আৰু কিছু দিনৰ পাছত শাহু মাৰ দূৰ সম্পর্কীয় নন্দেকৰ অপাৰেচন হৈছিল, সেইবাবে তেওঁক শুশ্রূষা কৰাৰ হেতুকে তেওঁৰ ঘৰত কিছু দিন থাকিবলগীয়া হৈছিল। ভাল দৰে মনত আছে যে, তাত শাহু মাৰ নিৰ্দেশ কাণত বাজি আছিল, সাৱধানে থাকিবা বোৱাৰী। এনেটো তোমাৰ পেহা, এজন ভাল ব্যক্তি। কিন্তু যি হলেও এজন পুৰুষে হয় ন! আৰু তেওঁলোকৰ এতিয়ালৈকে কোনো সন্তান নাই! অৱশেষত যেতিয়া শাহুমায়ে বিচনা ধৰিলে, তেতিয়া এদিন তেওঁ লাহে কৰি কৈছিল, বোৱাৰী, যিদৰে মই তোমাক ধাকি ৰাখিলো, তেনেদৰে তুমিও তোমাৰ বোৱাৰীৰ চায়া হৈ তাইৰ ৰক্ষা কৰিব লাগিব। মোৰ শাহুৱে যদি মোৰ চিন্তা কৰা হলে, মোৰ বৰজনাই কলংক লগাব নোৱাৰিলে হয়। যেতিয়া মই মোৰ শাহুমাক এই বিষয়ে কৈছিলো, তেতিয়া তেওঁ হাত যোৰ কৰি কলে, মোৰ বাকী থকা সন্মান তুমি ৰক্ষা কৰা, আৰু ঘৰখনৰো। বোৱাৰী মৌন হয় ৰোৱা। তোমাৰ গৃহস্থী লগতে বৰজনাৰো গৃহস্থী ধ্বংস হৈ পৰিব। খায় দিয়া এই বিষ। ককায়েক ভায়েকৰ মাজত কণ্ডল নলগাবা। আৰু মই খায় দিছিলো সেই বিষ।আজি মনৰ কথা তোমাক কৈছো বোৱাৰী।
আৰু এয়া কয় তেওঁ মৌন হৈ পৰিছিল আৰু মই জোৰেৰে তেওঁৰ হাতখন খামুচি ধৰিছিলো। আৰু মই তেওঁক প্ৰতিজ্ঞা কৰিছিলো যে, চিন্তা নকৰিব মা, আপোনাৰ নাতি বোৱাৰী মোৰ সংক্ষনত থাকিব। শাহু মা আজি এই পৃথিৱীত নাই, কিন্তু ভাৱো, বিয়াৰ আগতে যি বান্ধৱীৱে মোৰ বিয়া ঠিক হলত মোক জোকাৰিছিল যে, যা শাহুমাৰ সেৱা কৰিবলৈ! তোৰ দেউতাৰাই এনে এখন ঘৰ নাপালে নে, যত নিকি শাহু মা নাই! এতিয়া মই তাহাঁতক লগ পালে কম, শাহু মাটো মোৰ দেহৰ বস্ত্ৰৰ দৰে আছিল। যিয়ে মোৰ দেহক ধাকি লাজ পোৱাৰ পৰা ৰক্ষা কৰিছিল। কেৱল এই পৃথিবীৰ পৰাই নহয়, মোৰ নিজৰ দৃষ্টিৰপৰাও।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment