(দুয়ো ককাৰ কথা সংক্ষিপ্ত ৰূপত লিখিছিলোঁ, এই দুই ৰহনীয়া চৰিত্ৰক লৈ 'বান্ধোন' শিৰোনামেৰে গল্পৰ ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ, আদৰি ল'লে কৃতাৰ্থ হৈ ৰ'ম)
ভায়েকে আনি দিয়া ক'লা জেকেট দুটা ককায়েকহঁতৰ বাবে গলগ্ৰহহে হ'লগৈ। ককাইদেউ এনেকৈ নহয়, ককাইদেউ তেনেকৈ নহয়, ককাইদেউ পোণ হৈ খোজ কাঢ় ( Assamese Storyboard )। মুঠতে জেকেটটোৰ জহতে দুয়ো ভাই-ককায়েকৰ ৰক্ষা নোহোৱা হৈছে। চাকৰিয়াল ভায়েকে আনি দিয়া জেকেট দুটা হাতত লৈয়েই দুয়ো উচপ খাই উঠিছিল- 'অ' ভাইটি, এইডাল কি আনিলি, ইমান গধূৰ। ভায়কে মিচিকিয়ালে- 'ককাইদেউ, এইকেইটা বিদেশী জেকেট, এটাত পাঁচ হেজাৰকৈ লৈছে, এবাৰ পিন্ধি চাচোন, বৰ উম আছে। ৰসই জেকেটটো গাত সুমুৱায়েই ধেনুভিৰীয়া ভাঁজ ল'লে- 'ভাইটি, এইটো তয়েই পিন্ধিবি অ', মই দেখোন এইটো পিন্ধি খোজেই কাঢ়িব নোৱাৰো।' প্ৰাঞ্জাৱৰো একে অৱস্থা- 'এইডাল পিন্ধিব পাৰি নেকি, হেৰৌ বোপাই তই মোলৈ এৰিয়া চাদৰ এখনকে কিয় নানিলি?' ভায়েকে নামানিলে দুয়ো ককায়েকক জেকেট পিন্ধাই গাড়ীত বহুৱাই এপাক ঘূৰাই আনিলে।
গাঁৱৰ সহজ-সৰল যুৱক ৰস আৰু প্ৰাঞ্জাৱ। জীৱনৰ আদ বয়স পথাৰৰ মাজতেই গ'ল। যান্ত্ৰিকতাই মুঠেই স্পৰ্শ নকৰা, নিৰ্ভেজাল মানুহ দুজনে পথাৰৰ গেলেপা-গেলেপ খোজত আশাৰ কঠীয়া গোজে। ভায়েকক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ স্বাৰ্থতেই তেওঁলোকে পঢ়া-শুনা এৰি কামত ধৰিছিল। তেওঁলোকৰ হাড়ভঙা শ্ৰমৰ ফচল চিকিৎসক ভায়েক। কিমান যে কষ্ট কৰিছিল তেওঁলোকে। প্ৰথম অৱস্থাত পুৱাই উঠি হালখন লৈ যাবলৈ এলাহ লাগিছিল যদিও, পিছলৈ সেই এলাহ-অৱসাদ সম্পূৰ্ণৰূপে নোহোৱা হৈছিল।পথাৰৰ আকলুৱা মোহে তেওঁলোকক ছন্দিত কৰি তুলিছিল। পথাৰ 'পথাৰ' হৈ থকা নাছিল। পথাৰ হৈ উঠিছিল তেওঁলোকৰ বাবে জীৱন নাটৰ আখৰাস্থলী। পথাৰৰ মাজতেই লুকাই আছে তেওঁলোকৰ হৃদস্পন্দন!
ভায়েকৰ চাকৰিৰ লগে লগে তেওঁলোকৰ ঘৰখনলৈও এক আকষ্মিক পৰিবৰ্তন আহিল। বাঁহ-খেৰৰ তেওঁলোকৰ সহজ-সৰল ঘৰটো সুউচ্ছ অট্ৰালিকালৈ ৰূপান্তৰিত হ'ল। সাধাৰণতে ৰাতিৰ ভাতসাজ নোহোৱালৈকে ৰস আৰু প্ৰাঞ্জাৱ বিচনাতে পৰি থাকে। ভাত বাঢ়ি মাকে পাকঘৰৰ পৰাই ৰিঙিয়াই মাতে- 'ডাঙৰ মইনা, মাজু মইনা অ', উঠি আহ ভাত খাবৰ হ'ল!' এতিয়া মাকৰ সেই সাদৰি আহ্বানক কাৰাৰুদ্ধ কৰি কংক্ৰীটৰ দেৱালে। এটা কোঠাত কোনোবাই চিঞৰি মৰি গ'লেও আনটো কোঠাত একো নুশুনি। মাকে ভাত হোৱাৰ বাতৰি দিবলৈ দুৱাৰত ঢকিয়াব লাগে। কেতিয়াবা ৰসৰ খঙে চুলিৰ আগ পাইগৈ- 'কিবা খং উঠিব, এফালৰ পৰা বঙালী কুঠাৰ মাৰি বগৰাই দিম বাপ্পেকে!'
পৰিবৰ্তন প্ৰাঞ্জাৱ আৰু ৰসৰ জীৱনলৈও আহিল। অৱশ্যে এই পৰিবৰ্তন স্ততঃস্ফূৰ্ত নাছিল। সিহঁতৰ জীৱনলৈ অলক্ষিতে নামি অহা পৰিবৰ্তন বোৰে দুয়োকে বিহ্বল কৰি তুলিলে। ভায়েকে পঢ়ি থাকোঁতে দুয়ো তিনি আলিৰ ফালে ওলাই যায়। কাৰোবাৰ পদূলিত ৰৈ সুখ-দুখৰ এষাৰি কথা পাতে। এতিয়া চাকৰিয়াল ভায়েকৰ কঠোৰ নিৰ্দেশ- 'তহঁতি এতিয়া আগৰ দৰে মানুহৰ ঘৰে ঘৰে অলৌটলৌকৈ ঘূৰি নুফুৰিবি!' আবেলি হোৱাৰ লগে লগে দুয়োকে এক সীমাহীন শূন্যতাই আৱৰি ধৰে। মুখখন এপাচিমান কৰি, ভায়েকে আনি দিয়া হেলনীয়া চকীত দুয়ো নিঃসংগ আবেলিটো এৰি দিয়ে।
মাকে প্ৰাঞ্জাৱক প্ৰায়েই ঘৰখন পতাৰ কথা শুনাই থাকে। মুখত লাজকুৰীয়া হাঁহি এটা লৈ গোলাপে কয়- 'আই, আগেয়ে ভাইটিৰ পঢ়াটো শেষ হৈ লওকচোন, তাৰ পাছতেই কিবা এটা কৰিম।' ভায়েকৰ চাকৰিৰ পিছত মাকে তাক বেছিকৈ ক'বলৈ আৰম্ভ কৰিলে- 'ডাঙৰ মইনা, সময় কাৰোৰে বাবে ৰৈ নাথাকে, এইবাৰ তোৰ বিয়াখন যেনেতেনে পাতিব লাগিব।'
কেতিয়াবা ৰসই মাকৰ মুখলৈ ৰ' লাগি চাই থাকে-
:কি হ'ল মাজু মইনা?
:তোক কথা এটা সোধো, তই কিন্তু ভাইটিক কৈ নিদিবি!
:কি কথা কচোন, মই বাৰো তোৰ ভায়েৰাক নকওঁ।
:আই, আমাৰ ভাইটি বাৰু সলনি হ'ল নেকি?
ৰসৰ প্ৰশ্ন শুনি মাকৰ মুখত এটি বেঁকা হাঁহি ফুটি উঠে। ৰসৰ স্বভাৱ মাকে জানে। জীৱনৰ জটিলতাই কাহানিও চুবলৈ সাহস নকৰা প্ৰাঞ্জাৱ বা ৰসহঁতৰ দৰে চৰিত্ৰ কিছুমানৰ বাবেই পৃথিৱীখন আজিও ধুনীয়া।( Assamese Storyboard )
:আই, মুখেৰে নামাত কিয়?
:অ' তোক কাম কৰিবলৈ যাবলৈ নিদিয়াৰ বাবে বা তোক ঘূৰি ফুৰিবলৈ মানা কতাৰ বাবে তোৰ খং উঠে নেকি মাজু মইনা?
:অ' মোৰ বহুত খং উঠে।
:মাজু মইনা, ভায়েৰে তহঁতক দুসাজমান কাম নকৰাকৈ খুৱাব বিচাৰিছে। তহঁতি খং কৰিলে সি অন্তৰত আঘাত পাব। তোৰ মনত আছেনে- এদিন যে সি কলেজৰ পৰা ঘূৰি আহি তহঁতৰ কষ্ট দেখি 'নপঢ়ো বুলি' যে ওফোন্দ পাতিছিল। ভায়েৰক বুজাওঁতে মোৰ আৰু তহঁত দুয়োটাৰ যে এপৰ লাগিছিল। তেতিয়া তই ভায়েৰাক কি কৈছিলি?
:জানো, কি কৈছিলো তইহে জান!
:অ' মোৰ গোসাঁই, ক'তে মৰো মই! কথা ক'বি তই, মনত ৰাখিব লাগে মই! ঠিক আছে ময়ে কৈছো, তই ভায়েৰাক কৈছিলি- ভাইটি, তোৰ পঢ়ি শেষ হোৱাৰ পাছত আমি আৰু কাম নকৰো নহয়, তই চাকৰি কৰিবি, আমি ঘৰতে বহি বহি খাম।
ৰসৰ মুখৰ মাত হেৰায়। ছেঃ ভায়েকক সিহঁতে এনেয়ে ভুল বুজি আছিল। ৰসৰ মুখত এক অনাবিল সন্তুষ্টিৰ হাঁহি ফুটি উঠে।
ভায়েকৰ বাবে ককায়েকহঁত ভগৱান সদৃশ। সি ভালকৈ উপলব্ধি কৰে, ককায়েকহঁতৰ নিস্বাৰ্থ সহযোগিতাৰ বাবেই আজি তাৰ জীৱনলৈ এক সুকীয়া মাত্ৰা আহিছে। এদিন সি শপত লৈছিল- জীৱনৰ শেষ মিনিটটোলৈকে সি ককায়েকহঁতৰ সুখ-দুখৰ সমভাগী হৈ থাকিব। কেৱল তাৰ বাবেই শাওণী পথাৰত ককায়েকহঁতৰ তেজ-ঘামৰ সংগ্ৰাম সি দেখিছে। দেওবৰীয়া, বুধবৰীয়া হাটলৈ মূৰত টোপোলা লৈ থৰকবৰক খোজেৰে আগবঢ়া ককায়েকহঁতৰ শীৰ্ণ-দুৰ্বল দেহাকেইটালৈ মনত পৰিলে আজিও তাৰ বুকুত এক আৰ্তনাদৰ সৃষ্টি কৰে। মৰনৈৰ বানে কেতিয়াবা খেতি পথাৰবোৰ মহতিয়াই থৈ যায়। তেতিয়া ককায়েকহঁতৰ সংগ্ৰামত নতুন মাত্ৰা আহে। কথাবোৰ মনত পৰিলে তাৰ নিজকে বৰ স্বাৰ্থপৰৰ দৰে লাগে।
সি অনুভৱ কৰে, ককায়েকহঁতৰ নিস্বাৰ্থ ত্যাগৰ ঋণ সি এইটো জনমত পৰিশোধ কৰিব নোৱাৰে। তথাপি জীৱনৰ কেইটামান দিন ভাতৃত্বৰ সোণালী মায়াৰে সুশোভিত কৰি ৰাখিব বিচাৰে। ককায়েকহঁতৰ কোঠালি কেইটা সি আটকধুনীয়াকৈ সজাইছে। য'তে কিবা ভাল বস্তু দেখে অধিক দাম দি হ'লেও ককায়েকহঁতৰ বাবে লৈ আহে।
ভায়েকে ককায়েকহঁতক পথাৰলৈ যাবলৈ নিদিয়া হ'ল। এইবাৰ খেতি কৰিবলৈ ল'ৰা এটাও আনিছে। পথাৰৰ হাড় ভগা শ্ৰমে ইতিমধ্যে ককায়েকহঁতক কোঙা কৰিলে। তথাপি তেওঁলোকে পথাৰৰ মোহ এৰিব নোৱাৰে। ভায়েক ওলাই যোৱালৈহে বাট চাই থাকে। ৰসই ভায়েকক চলাহি কথাৰে সন্মোহিত কৰিব বিচাৰে- 'ভাইটি, এই ল'ৰাটোৱে মুঠেই চুক-কাণ মাৰি হাল বাব নাজানে, ইয়াক তুৰন্তে ঘৰৰ পৰা খেদ!' ভায়েকে ককায়েকৰ কথা জানে- 'খেতি নহ'লে নহ'ব, লঘোণে তহঁতক মই নাৰাখো নহয়, সেই বুলিয়েই কিন্তু তহঁত পথাৰলৈ যাব নোৱাৰিবি!' দুয়ো ককায়েকে ভিজা মেকুৰীৰ দৰে ভায়েকৰ ওচৰৰ পৰা আঁতৰি যায়।
অগাপিছাকৈ তিনিও ককাই-ভাইৰ বিয়া হৈ যায়। তেওঁলোকৰ মৰমৰ বান্ধোন দেখি, তিনি অচিনাকি নাৰীও এক সমন্বয়ৰ বান্ধোনত বান্ধ খাই পৰে। জীৱন পৰিক্ৰমাত সলনি হয় মানুহ, সলনি হয় জীৱন। ব্যতিক্ৰম মাথোঁ তেওঁলোক। এক মানৱীয় সংবেদনাই তেওঁলোকক বান্ধি ৰাখিছে, আটিলকৈ।
আহকচোন, নিৰ্য্যাতিত জীৱনক এলাগি কৰি, তেওঁলোকৰ সোণসেৰীয়া জীৱনেৰে আমিও ঐশ্বৰ্যশালী হওঁ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment