সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৪ ) : Assamese Storyboard

Assamese Storyboard

 

সন্ধিয়া হোৱাৰ আগতেই ৰাজীৱক পদূলিত নমাই থৈ গ'লহি ভৈৰৱে । লৰালৰিকৈ ভিতৰলৈ আহি বেগটো বিচনাতে পেলাই কাপোৰ কানি কেইটা সলাই হাত মুখ ধুই গোঁসাই ঘৰত সোমাই সেৱা কৰি গোঁসাইঘৰৰ পৰা ওলাই চিধাই পাকঘৰত সোমাল । ঠাণ্ডা গাখীৰখিনি ভালকৈ গৰম কৰি গাখীৰতে ভালকৈ চাহ একাপ কৰিবলৈ লওঁতেই মাক তৰাই মাত লগালে । .....আজি ইমান দেৰি হ'ল যে....? মন্দিৰাহঁত দেখোঁন কেতিয়াবাই কলেজৰ পৰা আহিলে ...! ( Assamese Storyboard )


: মা , আজি মই কলেজলৈ যোৱা নাছিলোঁ । ভৈৰৱ দাৰ লগত তেওঁৰ বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ । 


: যীশুৱে দেখোঁন তুমি লাইব্ৰেৰীত আছা বুলিহে মোক কৈছিল । 

: দাদাক মই মিছাকৈয়ে কলো । কিন্তু তোমাকটো মই মিছা কথা ক'ব নোৱাৰোঁ । তুমি মোক যিমান বুজি পোৱা দাদা বা দেউতাই মোক সিমান বুজি নাপায় । 


: ঠিক আছে । চাহ বনোৱা যদি যীশুলৈও বাকিবা । মই তাক উঠাই দিওঁগৈ । 


: মা, দাদাৰ খং উঠি আছে নেকি....?


: নাই উঠা । এনেয়ে শুই আছে ।  কথাষাৰ কৈ তৰা পাকঘৰৰ পৰা ওলাই আহি যীশুৰ ৰূমটোলৈ গৈ যীশুক লাহেকৈ মাত লগালে .....যীশু..., যীশু... উঠ । সন্ধিয়া লাগিল , সন্ধিয়া সময়ত শুই থাকিব নাপায় । তৰাৰ মাতষাৰ শুনি চকুদুটা মোহাৰি মোহাৰি বিচনাতে বহি দিলে যীশু । 


: মা, ভাইটি আহিলে নে নাই...? 


: আহিলে । চাহ বাকিছে । 


: ভাইটি কিন্তু আগতকৈ অলপ বেয়া হৈছে মা । তাক তুমি বেছি লাই দিছা । ভৈৰৱৰ লগত তাৰ কিহৰ ইমান মিতিৰালী । ভৈৰৱটো ভাইটিৰ লগৰ নহয় । 


: চা যীশু ...! ভৈৰৱ ঘৰৰ একমাত্ৰ ল'ৰা । তাৰ ভায়েক ভনীয়েক কোনো নাই । আমাৰ ইয়াক ভায়েক পাতি লৈছে , তোৰ দৰেই ভৈৰৱেও ৰাজীৱক শাসন কৰে , মৰম কৰে । গতিকে তাৰ লগত কলেজলৈ অহা যোৱা কৰিলে , দুই এটা কথা পাতিলে ৰাজীৱ বেয়া হ'ব বুলি মই নাভাবোঁ । 


: ময়ো ভবা নাই , কিন্তু....!  কিবা এটা ক'ব খুজিও ৰৈ গৈছিল যীশু । 

             মা, চাহ ইয়ালৈকে লৈ আহিলোঁ । দাদা , চাহ লৱ ..., যীশুলৈ চাহৰ কাপটো আগবঢ়াই দিলে ৰাজীৱে । 


: লাইব্ৰেৰীত কি কিতাপ পঢ়িলি ইমান দেৰিলৈকে....?  ৰাজীৱক প্ৰশ্ন কৰিলে যীশুৱে ।


: উপন্যাস এখন পঢ়ি আছিলো । বহুত ভাল উপন্যাস দাদা । 


: যীশু , চাহকন খাই মই খুড়ীহঁতৰ ঘৰৰ পৰা আহিমগৈ । তহঁত দুটাই কাজিয়া নকৰিবি আকৌ ! 


: কিয় যাবা মা....? প্ৰশ্ন কৰিলে ৰাজীৱে


: খুড়াৰ গাটো ভাল নহয় । সেয়ে খবৰ এটা কৰি আহোঁ । তুমি যাব নালাগে , মইয়ে সাউৎকৰি গৈ আহোঁগৈ । 


: ঠিক আছে যোৱা । বেছি দেৰি নকৰিবা আকৌ...! দেউতা আহিবৰ হ'ল ।


: দেউতা আহিলে তুমি চাহ একাপ দিবা । কথাষাৰ কৈয়ে ওলাই গ'ল তৰা । ৰাজীৱেও চাহখোৱা কাপ তিনিটা সামৰি পঢ়াৰ টেবুলত বহিবলৈ লওঁতেই যীশু সোমাই আহিল । 


: ভাইটি তোৰ লগত মোৰ কথা কেইটামান আছে । 


: কি কথা দাদা । 


: তই কিন্তু সঁচা কথা কবি । ভৈৰৱৰ লগত তোৰ ইমান মিতিৰালী কিহৰ ....? কোন হয় ভৈৰৱ....? 


: দাদা , ভৈৰৱ মোৰ দাদা হয় । মোক বহুত মৰম কৰে । 


: তই সঁচাকৈ কৈছ নে....? 


: সঁচাকৈ কৈছোঁ দাদা । তোৰে শপত... ভয়ত কাণ নাক ৰঙা হৈ গৈছিল ৰাজীৱৰ ।


: ভৈৰৱ ল'ৰাটো বৰ ভাল নহয় । তই তাৰ লগত বৰকৈ ঘূৰা ফুৰা নকৰিবি । 


: তই বেয়া বুলি কলেই হ'বনে....! ভৈৰৱ দা বহুত মৰমিয়াল । 


: মই তোৰ ককায়েৰ । তোৰ বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ । ভৈৰৱ গে' হয় । 


: দাদা...! তই এইবোৰ কি কৈছে...? 


: যিটো সত্য সেইটোহে কৈছোঁ । তই তাৰ লগত এইদৰে ঘূৰি ফুৰা দেখিলে মানুহে তোকো গে' বুলি ভাবিব । 


: দাদা ...! ভৈৰৱ দাৰ কথা তেনেকৈ নকবি । আমাৰ সমাজৰ মানুহবোৰৰ এইটোৱেই বৰ ডাঙৰ দোষ । সময় পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহৰ চিন্তাধাৰা সলনি হৈছে । তয়ো তোৰ চিন্তাধাৰা অলপ সলনি কৰ দাদা । বৰ্তমান ভাৰতত সমকামিতা বৈধ । ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ মতে  ভাৰতৰ সকলো নাগৰিকৰ আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে। পৰস্পৰৰ সন্মতি দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত ঘটা যৌন কাৰ্য অপৰাধ নহয় দাদা । ভৈৰৱ দা সমকামী হ'লেও কেতিয়াও মই তেওঁৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ ।


: ভাইটি....! তোৰ কিবা বিকৃতি ঘটিছে নেকি...? এইবোৰ আচলতে একো একোটা ডাঙৰ বেমাৰ । আৰম্ভণিতে চিকিৎসা নকৰিলে ভৱিষ্যতে বিপদ হ'ব পাৰে ।  খঙত গৰ্জি উঠিল যীশু ।


: নিচিঞৰিবি দাদা । কাৰোবাক ভাল পোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে । ভালপোৱাত বৈধ বা অবৈধ বুলি কোনো কথা নাথাকে । 


: চুপ....! আৰু এটা শব্দও উচ্চাৰণ নকৰিবি । 


: দাদা .....! তই মোক বুজিবলৈ চেষ্টা কৰচোন...! 


: তোক বুজিবলৈ আৰু কি বাকী থাকিল । তয়ো যে গে' মই আজি স্পষ্ট হলোঁ । দেউতা আহক সকলো কথা কৈ দিম । তোৰ এইবোৰ কথা যদি চুবুৰীয়াৰ কাণত পৰে সমাজে আমাক এঘৰীয়া কৰিব ।  কথাষাৰ কৈ খঙত টেবুলখনতে ঢকা এটা মাৰি ওলাই গ'ল যীশু । যীশুৰ মুখত ভৈৰৱৰ কথা বেয়াকৈ শুনি দুখত উচুপি উঠিল ৰাজীৱ । বিচনাখনত বাগৰি গাৰুটো বুকুত সাৱতি হুকহুকাই কান্দিলে ৰাজীৱে । কান্দি কান্দি বিচনাত বাগৰি থাকোঁতেই তাৰ ফোনটো বাজি উঠিল । চকুৰপানীখিনি দুহাতেৰে মোহাৰি ফোনটো ৰিচিভ কৰিলে ৰাজীৱে । .....হেল্ল'...! ( Assamese Storyboard )


: কি কৰিছা...? 


: শুই আছোঁ । তুমি....? 


: মই পঢ়িবলৈ বহিছোঁ । তোমাৰ মাতটো বেলেগ বেলেগ লাগিছে যে...? কোনোবাই কিবা ক'লে নেকি....? 


: ভৈৰৱ দা ।  হুকহুকাই কান্দি দিলে ৰাজীৱে । 


: হেল্ল'...! ৰাজীৱ , কান্দিছা কিয়....? 


: বহুত দুখ লাগিছে মোৰ  । তোমাৰ কথা দাদাই বেয়াকৈ কৈছে । 


: কি কিছে মোৰ কথা....? 


: তোমাক গে' বুলি কৈছে আৰু তোমাৰ লগত মোক ঘূৰিবলৈ মানা কৰিছে । 


: আৰু কি কৈছে....? 


: মোক গালি পাৰিছে । তুমিয়ে কোৱাচোন ভৈৰৱ দা আমি কিবা ভুল কৰিছোঁ নেকি....? 


: ভুল আমি কৰা নাই ৰাজীৱ । কিন্তু মানুহৰ চিন্তাধাৰা এতিয়াও সলনি হোৱা নাই । গতিকে আমি অলপ সমস্যাৰ সন্মুখীন হ'মেই । চাঁবা...! এদিন আমাক সকলোৱে বুজি পাব । দিল্লী , মুম্বাইৰ দৰে চহৰত এতিয়া সমকামীতাক সকলোৱে সহজভাবে গ্ৰহণ কৰিছে । লাহে লাহে অসমতো কৰিব । মাথোঁ আমি ধৈৰ্য ধৰিব লাগিব । 


: ভৈৰৱ দা । মই তোমাক বহুত ভাল পাওঁ । তোমাৰ কথা কোনোবাই বেয়াকৈ কলে মই বৰ কষ্ট পাওঁ । 


: উম....! নাকান্দিবা ৰাজীৱ । মই আছোঁ নহয়...! সময়ত সকলো ঠিক হৈ যাব । 


: ঠিক আছে ভৈৰৱ দা । এতিয়া ৰাখিছোঁ দিয়া । তোমাৰ লগত কথা পাতি থকা শুনিলে দাদাই মোক মাৰিব । 


: ঠিক আছে কলিজা । ৰাতিপুৱা মেচেজ কৰিবা । বাই....  ফোনটো কাটি দিলে ভৈৰৱে । ফোনটো বিচনাতে পেলাই ৰাজীৱ বাহিৰলৈ ওলাই আহিল । ঠাণ্ডা পানী অকণে মুখখন ভালকৈ ধুই আইনাখনত নিজকে এবাৰ চাই পঢ়াৰ টেবুলত বহিল । কিতাপ বহি কেইখন উলিয়াই পঢ়িবলৈ লওঁতেই দেউতাক আহি মাত লগালে । ....তৰা , পানী এগিলাচ লৈ আহাচোন....! 


: দেউতা পালেহি...! মা ঘৰত নাই  । খুড়াহঁতৰ ঘৰলৈ গৈছে । ভিতৰৰ পৰাই চিঞৰিলে ৰাজীৱে ।


: তেন্তে তুমিয়ে পানী এগিলাচ লৈ আনাচোন । 


: ঠিক আছে দেউতা ।  কিতাপখন বন্ধ কৰি লাহেকৈ পঢ়াৰ টেবুলৰ পৰা উঠি আহিল ৰাজীৱ । ফিল্টাৰৰ পৰা পানী এগিলাচ আনি দেউতাকক খাবলৈ দিলে । ....দেউতা , চাহ খাব নে চৰবত খাব...? 


: ৰঙা চাহ একাপ দিয়া আগতে । দিনটো ভালকৈ চাহ একাপ খাবলৈ পোৱা নাই । 


: হ'ব । আপুনি ফ্ৰেচ হৈ লওঁক । মই চাহ কৰোগৈ ।।  দেউতাকৰ হাতৰ পৰা গিলাচটো লৈ ৰাজীৱ পাকঘৰলৈ সোমাই গ'ল । আদা নহৰু থোৱা খৰাহীটোৰ পৰা আদাঅকন চুৰুকি পতাতে থেতেলিয়াই চাহৰ চ'চটোত বাকী দিলে । ভালকৈ চাহখিনি উতলি আদাৰ গোন্ধটো ওলোৱাত চাহ কাপ বাকি দেউতাকৰ হাতত তুলি দিলে । ....লওঁক দেউতা । 


: বেগটোতে ৰসগোলা কেইটামান আছে । ভালকৈ সামৰি থগৈ , নহলে পৰুৱা উঠিব । 


        দেউতাকৰ বেগটো খুচৰি মিঠাইৰ টোপোলাটো উলিয়াই দেউতাকক এটা খাবলৈ দি বাকী মিঠাই কেইটা ষ্টীলৰ বাতি এটাত ভৰাই প্লেট এখনেৰে ঢাকি ৰাজীৱ আকৌ পঢ়িবলৈ বহিল । দেউতাকৰ মাতটো শুনি ৰূমৰ পৰা ওলাই আহিল যীশু । ....দেউতা , আহিলে । 


: উম...! কিবা কবা নেকি....? 


: ৰাজীৱ বহুত বেয়া হৈ গৈছে দেউতা । ই এদিন আমাৰ বংশৰ  নাক কাণ কটাব । 


: কিয়....? কি কৰিলে ৰাজীৱে ....? 


: সেইবোৰ বহুত কথা ..... দেউতাকৰ কাষতে বহি সকলোবোৰ কথা স্পষ্টকৈ কৈ দিলে দেউতাকক । 


: কি.....?  যীশুৰ কথাবোৰ শুনি আচৰিত হৈ পৰিল অৰ্জুন । এইটো বৰ ডাঙৰ বেমাৰ । ই এক মানসিক ৰোগ । ভাল এজন চিকিৎসকৰ লগত কথা পাতি ৰাজীৱক চিকিৎসা কৰাব লাগিব । তুমি তাক বেছিকৈ গালি পাৰি নাথাকিবা । আৰু বেয়া হৈ যাব সি । 


: কিন্তু....! দেউতা , এতিয়াই তাক চিধা কৰিব নোৱাৰিলে  পাছত বৰ ডাঙৰ বিপদ হ'ব । এই সকলোবোৰ মাৰ কাৰণেই হৈছে । 


: তুমি চিন্তা নকৰিবা...! মই ৰাজীৱৰ লগত কথা পাতিম । তুমি তোমাৰ কাম কৰাগৈ ।  কথাষাৰ কৈয়ে চকীখনৰ পৰা লাহেকৈ উঠি গ'ল অৰ্জুন । .....সোণ ! মই এইবোৰ কি শুনিছোঁ.....?


: কি শুনিছে দেউতা....!


: যীশুৱে কোৱা কথাবোৰ সঁচা নে.....? 


: কোনবোৰ কথা দেউতা ...? ভৈৰৱ দাৰ কথা নেকি...! যদি ভৈৰৱ দাৰ কথা কৈছে তেন্তে সকলো সঁচা দেউতা । মই ভৈৰৱ দাক ভালপাওঁ । 


: চোৱা সোণ ...! এইবোৰ আমাৰ সমাজে কেতিয়াও মানি নলয় । সমকামীতা একপ্ৰকাৰ মানসিক ৰোগ । 


: নহয় দেউতা...! বিজ্ঞানীসকলেও এতিয়ালৈকে সমকামিতাৰ প্ৰকৃত কাৰণ ঠাৱৰ কৰিব পৰা নাই। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে, জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয়। ই কোনো মানসিক ৰোগ নহয় দেউতা । 


         ৰাজীৱৰ কথা শুনি অৰ্জুনৰ মুখৰ মাত বন্ধ হৈ থাকিল । কিছু সময়ৰ বাবে চাৰিওফালৰ পৰিৱেশটো অন্ধকাৰ যেন অনুভৱ কৰিলে অৰ্জুনে । 




        #ক্ৰমশঃ .....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages