ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 25, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ৪ ) : Assamese Storyboard



পুৰণি ফাইল কেইটামান হাতত লৈ মাধুৰীয়ে নিজৰ ৰূমলৈ খোজ দিলে , পশ্চিমৰ আকাশত ৰাঙলী বেলি ধীৰে ধীৰে মাৰ গৈছিল , দুৱাৰখন খুলি মাধুৰী ভিতৰলৈ সোমাই গল ( Assamese Storyboard )।

 কাপোৰ কেইটা সলাই অলপ ফ্ৰেচ হৈ চাহ একাপ কৰি বিচনাত বহি ফাইলকেইটা খুচৰিলে , প্ৰথম ফাইলটো খুলি লওঁতেই চকুত পৰিল এখন পুৰণি এফ. আই. আৰ. চাৰি পাঁচ বছৰ আগৰ কেচ , মাধুৰীয়ে এফ. আই. আৰ.খন সুকীয়াকৈ থলে , এখন এখনকৈ প্ৰতিখন এফ. আই. আৰ. পঢ়ি চালে , লাহে লাহে ঘোৰ আন্ধাৰত সমগ্ৰ পৃথিৱী বুৰ গল , পাছফালে বগৰিজোপাত ফেঁচাৰ কিৰিলী , পৰিবেশটো যেন অধিক জয়াল হৈ পৰিছে , বাৰাণ্ডাত কোনোবাই চেণ্ডেল পিন্ধি চিটিপ চিটিপ কৈ খোজ কঢ়াৰ শব্দ শুনি দুৱাৰখন খুলি মাধুৰী ওলাই গল , নাই কোনো নাই , পদূলিৰ গেটখনো বন্ধ হৈ আছে , পদূলিলৈকে এপাক চালে মাধুৰীয়ে , ঘটং কৰি শব্দ এটা কৰি দুৱাৰখন বন্ধ হৈ গল , মাধুৰীয়ে পাছলৈ ঘূৰি চালে , .......দুৱাৰখন কোনে বন্ধ কৰিলে ! কি আচৰিত ....., মাধুৰী মুখৰ আগেদি চি চি শব্দ কৰি বাদুলী এজনী উৰি গল , তাইৰ দেহৰ প্ৰতিডাল নোম শিয়ঁৰি উঠিল , বুকুত সাহস বান্ধি তাই দুৱাৰখন মেলি ভিতৰলৈ গল , বেদৰূমৰ ৱালত ডাঙৰ ডাঙৰ কৈ তেজেৰে লিখা আছে মৃণাল, আশীষ , ৰাজু আৰু বাবু ....., ভয়ত মাধুৰীৰ বুকুখন কপি উঠিল। মোবাইলৰ কেমেৰাটো অন কৰি সেই দৃশ্যবোৰৰ ফটো তুলিলে ,

 ............ ফটো ডিলিত কৰক মেডাম , নহলে আপোনাৰ বিপদ হব...., 

: কোন ...? মোক ভয় খুৱাইছ ..! মই মিছ মাধুৰী , মোৰ অভিধানত ভয় বোলা শব্দটো নাই , 

: মেডাম মই মিতালি , আপোনাৰ ভালৰ বাবেই কৈছোঁ ফটোকেইখন ডিলিত কৰি দিয়ক...... 

: ok , কিন্তু ইহঁত কোন ...? 

: ইহঁত পল্লৱৰ বন্ধু .....! 

: স্থানিয় নে বাহিৰৰ এই লোক কেইজন , 

: সুন্দৰপুৰৰে , মেডাম ইয়াক মাতি দিওঁ নেকি...!

: অ'....! আকৌ কাক মাতিবি....

: আপুনিয়ে দেখুন কৈছিল , 

: অ'.... আই. চি...., 

: ঐ......! আহ ঐ.... মেডামে তোৰ লগত কথা পাতিব বিচাৰিছে , 

       বেডৰূমৰ খিৰিকীখনৰ হুকটো নিজে নিজেই খোল খাই গল , কেৰেক কৰি শব্দ এটা কৰি খিৰিকীখন মেল খাই গল , হু হু শব্দ এটা কৰি কিবা এটা ৰূমটোলৈ সোমায় আহিল .....কিয় মাতিছিল মোক...? 

: তোমালোকৰ হত্যাকাণ্ডৰ কেচটো পোহৰলৈ আনিব বিচাৰিছোঁ , সেয়েহে কিছু তথ্য লাগে মোক , যাতে তোমালোকে ন্যায় পোৱা 

: মোৰ নাম নৱ শইকীয়া , ঘৰ সুন্দৰপুৰ গাঁওৰ পৰা কিছু নিলগত , কোঁৱৰপুৰত ।

( Assamese Storyboard )


: বাকী মিতালিৰ লগত হোৱা ঘটনাটোৰ বিষয়ে কি জানা কোৱাচোন , 

: মেডাম সেইদিনা ছাৰৰ জন্মদিন আছিল , মিতালিয়ে ভাত ৰান্ধি আছিল ছাৰৰ সৈতে মৃণাল, আশীষ , ৰাজু আৰু বাবুৱে পাৰ্টি কৰি আছিল , মাংস দিবলৈ মিতালি ড্ৰয়িং ৰূমলৈ ওলাই আহিছিল , ছাৰে তাইৰ হাতখন থাপ মাৰি ধৰিছিল আৰু টানি নি ছাৰৰ কোলাত বহুৱাই লৈছিল , মিতালিয়ে বহু চেষ্টা কৰিছিল পলাবলৈ , হাতজোৰ কৰি সতীত্ব ভিক্ষা খুজিছিল , মিতালিৰ চকুপানীয়ে ছাৰৰ অন্তৰ নগলিল , হাতদুখন টেবুল কাপোৰখনে বান্ধি তাইৰ দুপাত্তাখনে মুখখন বান্ধি বিচনাত পেলাই দিলে , ইটোৰ পাছত সিটো মিতালিৰ গাৰ ওপৰত জঁপিয়াই পৰিল , মই এই সকলোবোৰ বাহিৰৰ পৰা খিৰিকীৰে চাই আছিলো , মোৰ মবাইলটো হঠাৎ বাজি উঠাত ছাৰ বাহিৰলৈ ওলাই আহিছিল , মই পলাবলৈ চেষ্টা কৰিছিলো কিন্তু ছাৰে মোৰ ভৰিত গুলিয়াই দিলে , মই মাটিত ঢলি পৰিছিলো , চোঁচৰাই চোঁচৰাই মোক ভিতৰলৈ লৈ গৈছিল , তাৰ পাছত মোৰ কপালত এজাই গুলী মাৰিছিল , 

: অহ: মই গড .....! তাৰপাছত 

: তাৰপাছত মিতালিক গুলি কৰিছিল আৰু দুয়োটাকে চোঁচৰাই নি বগৰিজোপাৰ তলত পুতি থৈছিল , 

: প্ৰমাণ নহলে দোষীক শাস্তি দিবলৈ বৰ কঠিন , 

: প্ৰমাণ আছিল মই সকলো ঘটনা মোবাইলত ৰেকৰ্ডিং কৰিছিলোঁ , আপুনি যদি ভালকৈ বিচাৰে তেন্তে সেই গাঁতটোতেই প্ৰমাণ পাব ...., 

         কথাবোৰ কৈ দুয়োটা ছায়ামূৰ্তি অদৃশ্য হৈ গৈছিল , মাধুৰীয়ে পলম নকৰি ততাতৈয়াকৈ কনিষ্টবলজনলৈ ফোন কৰিলে .....

: হেল্ল...! কত আছা তুমি ..

: হেল্ল' মেডাম , মই ঘৰতে আছোঁ , কিবা অসুবিধা হৈছে নেকি ....!

: তুমি ইমিডিয়েট আহাচোন ...., 

: ঠিক আছে মেডাম , মই গৈ আছোঁ ।

           আধা ঘন্টামান পাছত কনিষ্টবলজন আহি উপস্থিত হলহি , খৰখেদাকৈ মাধুৰীয়ে টৰ্চটো হাতত লৈ আকৌ বগৰিজোপাৰ তল পালেগৈ গাঁতটো খান্দি কুকুৰাৰ দৰে খুচৰি খুচৰি মাটিখিনিত দুয়ো মবাইলটো বিচাৰিবলৈ লাগিল , মাধুৰীয়ে কিবা এটা বিচাৰি পালে , কনিষ্টবলজনে কোৰখনে মাটিখিনি খান্দি পাৰলৈ তুলি আনিলে , জাৰি জোকাৰি মাটিখিনি গুচাই মোবাইলটো উলিয়াই আনিলে , .......মিছন মিতালি success , এইবাৰ এটা দোষীকো এৰি দিয়া নহব , মেম'ৰিখন ঠিকেই আছে নে এবাৰ চোৱাচোন......

: দেখাত ঠিকেই আছে মেডাম ...., এইখন লওঁক...., কনিষ্টবলজনে মাধুৰীলৈ মেম'ৰিখন আগবঢ়াই দিলে , 

: Thank You So Much.... মোক এইকন সহায় কৰি দিয়াৰ বাবে , তুমি ভৰি হাত কেইটা ধুই লোৱা , মই চাহ কৰোগৈ.....

         
       ........ক্ৰমশঃ

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages