অট'খনৰ পৰা বেগটো নমাই সৱিতা দুৱৰা বাছষ্টেণ্ডটোৰ ফালে আগবাঢ়িল । তেজপুৰ অভিমুখী বাছ এখন দেখি উঠি দিলে তেওঁ ।( Assamese Storyboard )
বাছখনৰ প্ৰথমজন যাত্ৰী তেওঁৱেই । হয়তো অলপ সময় লাগিব বাছখন এৰিবলৈ । যোৱাৰাতি বোৱাৰীয়েক ৰাধিকাৰ কথাবোৰ মনলৈ আহি আছে । কিবা এটা মনত পৰাত যোৱা নিশা তেওঁ পুতেক সৌৰভৰ কোঠালৈ গৈছিল । ৰাধিকাই অনুচ্ছ সুৰত কৈ থকা কিছুমান কথা শুনি দুৱাৰ মুখতে ৰৈ যাবলৈ বাধ্য হৈছিল তেওঁ । --" ৰ'বাছোন , মাক আগতিয়াকৈ কথাবোৰ কব নালাগে , আমাৰ সম্পূৰ্ণ যোগাৰখিনি হৈ লওক । মা , সহজে মান্তি নহব । মাক বুজাই কব লাগিব যে মাক ইয়াত অকলে থৈ যাব নোৱাৰি ..আমিতো সুবিধা পালেই আহি থাকিম ..এতিয়াই কৈ দিলে মিছাতে অশান্তিকৰ পৰিবেশ এটাহে সৃষ্টি হ'ব ।" সৱিতা দুৱৰাৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁক বৃদ্ধাশ্ৰমত থৈ সিহঁত কৰবালৈ যাবগৈ । সহজ সৰল হঁহি মুখীয়া ৰাধিকাৰ মুখৰ আঁৰৰ মুখখন আজিহে যেন তেওঁ ধৰা পেলালে ।
মনটো দুখেৰে ভৰি পৰিল । নিজৰ কোঠালৈ আহি তেওঁ অলসভাৱে বিচনাখনত শৰীৰটো এৰি দিলে । কিমান কষ্টৰে সোণপোনাক ডাঙৰ দীঘল কৰিছিল । এবছৰীয়া সোণপোনাক এৰি থৈ দেউতাক গুছি গৈছিল অজান দেশলৈ ..কোনোদিন উভতি নহাৰ প্ৰতিশ্ৰুতিৰে । বহুত ঘাট প্ৰতিঘাটৰ মাজেদি সোণপোনাক মানুহ কৰিছিল তেওঁ অকলে । সেই সোণপোনাই আজি পত্নীৰ কথামতে তেওঁক এই আপোন ঘৰখনৰ পৰা পঠিয়াব খুজিছে । সৱিতা দুৱৰাই তৎক্ষণিতভাৱে এটা সিদ্ধান্ত লৈ পেলালে । কাইলৈ ৰাতিপুৱাই এই ঘৰ এৰি গুছি যাব তেওঁ ।
ৰাতিপুৱা শুই উঠি ৰাধিকাই গা ধুই চাহ বনাবলৈ আহিল । সৌৰভ শুই আছে ..গতিকে দুকাপ চাহ সাজু কৰিলে তাই । হাতত চাহকাপ লৈ ৰাধিকা আগফালে বাৰাণ্ডালৈ আহিল শাহুৱেকক দিবলৈ ।বাৰাণ্ডাত শাহুৱেকক নেদেখি তেওঁৰ শোৱনি কোঠালৈ গ'ল কিন্তু তাতো নাই । গোটেইখন বিচাৰিলে শাহুৱেকক ক'তো নাপালে । অজান আশংকাত ৰাধিকা কঁপি উঠিল । কেনি যাব পাৰে মা ?? সৌৰভক জগাই খবৰটো দিলে ৰাধিকাই । সৌৰভ জাপ মাৰি উঠিল -- কি ?? ৰাতিপুৱাখন মা ক'ত যাব পাৰে ?? লৰালৰিকৈ চাৰ্ট পেণ্টজোৰ পিন্ধি সৌৰভ গাড়ীখন লৈ ওলাল । ইফালে সিফালে চাই সৌৰভে লাহে লাহে গাড়ী চলাইছে । কি ভাবি জানো সৌৰভে বাছষ্টেণ্ডৰ ফালে গাড়ী ঘূৰালে । বাছ ষ্টেণ্ডৰ কিছু নিলগত গাড়ীখন পাৰ্ক কৰি সৌৰভ বাছকেইখনৰফালে আগবাঢ়ি আহিল ।এখন এখনকৈ বাছকেইখন চাই গৈছে ..একোবত মাকক দেখাপালে সৌৰভে ।( Assamese Storyboard )
একান্তমনে খিৰিকিৰে বাহিৰলৈ চাই থকা সৱিতা দুৱৰা কাৰোবাৰ স্পৰ্শত উচপ খাই উঠিল ।পিছলৈ ঘূৰি চাই সৌৰভক দেখি তেওঁ কৈ উঠিল -- কিয় আহিছ তই সোণপোনা ?? চিন্তা নকৰিবি , তহঁতৰ সন্মানত লগা কাম মই নকৰো । দুৰলৈ আঁতৰি যাবলৈ আহিছো । মাকৰ কথাবোৰত সৌৰভে বুজি উঠিল কিবা হয়তো ভুল বুজিছে সিহঁতক মাকে । বেলেগ কথা অৱতাৰনা নকৰি মাকক বাছৰ পৰা নামি আহিবলৈ অনুৰোধ জনালে সৌৰভে । সৱিতা দুৱৰা বাছৰ পৰা নামি পুতেকৰ পাছে পাছে আহি গাড়ীত বহিলহি । সৌৰভে মাকক সাৱটি ধৰি কান্দি উঠিল -- মা , কিয় তুমি এনে সিদ্ধান্ত লৈছিলা ? আমাৰ কি ভুল হ'ল মা ??তুমি ভাবিব পাৰিছানে কিমান চিন্তা হৈছিল আমাৰ ? এনে কি হ'ল যে তুমি আমাক এৰি গুছি যাবলৈ ওলাইছিলা ? সৱিতা দুৱৰাই যোৱা নিশা শুনা কথাবোৰ সৌৰভক কৈ দিলে। সৌৰভে তেতিয়াহে আচল কাৰনটো বুজিপালে । সি পুনৰ মাকক ক'বলৈ ধৰিলে --- মা , তুমি আচলতে আমাক ভুল বুজিলা । তুমি কেনেকৈ ভাবিব পাৰিলা যে তোমাক আমি বৃদ্ধাশ্ৰমত ৰাখিম বুলি ! তুমি মোক যি সংস্কাৰ দিলা ..সেই সংস্কাৰৰ ওপৰতে তুমি বিশ্বাস হেৰুৱাই পেলালা মা । তুমি মোৰ মা ..মই তোমাৰ ল'ৰা । কেনেকৈ পাৰিলা মা আমাৰ সম্বন্ধৰ মাজত প্ৰশ্নবোধক চিন থবলৈ ? এইটো কথা সঁচা যে তোমাৰ দৰে কিছুলোক বৃদ্ধাশ্ৰমৰ বাসিন্দা হৈছে । কিন্তু এইটোও সত্য যে তোমাৰ দৰে বহুতো মা মোৰ দৰে বহুতো ল'ৰা ঘৰত একেলগে আছে । আচলতে মোৰ চাকৰীৰ বদলিকৰনৰ সৈতে পদোন্নতিও হৈছে সুদুৰ ৰাজস্থানলৈ । ৰাধিকা আৰু তোমাকো লৈ যোৱাৰ কথা । তুমি যাবলৈ মান্তি নহ'বা বুলিয়েই ৰাধিকাই সময়ত তোমাক জনোৱাৰ কথা কৈছিল । তুমি ৰাধিকাক ভুল বুজিলা মা ।
সৌৰভৰ পৰা সম্পূৰ্ণ সত্যটো জানিব পাৰি সৱিতা দুৱৰাৰ দুচকুৱে চকুলো নিগৰিল । পুতেক বোৱাৰিয়েকক ভুল বুজি তেওঁ ডাঙৰ ভুল কৰিবলৈ ওলাইছিল । সৰল মনৰ ৰাধিকাজনীক সন্দেহৰ চকুৰে চালে । সোনকালে ঘৰলৈ যাওঁ ব'ল সোণপোনা ..ৰাধিকাই ছাগে বাটছাই আছে।
গাড়ীত ঘৰলৈ উভতোতে ভাবি আহিল সৱিতা দুৱৰাই .. বৃদ্ধা মানে কেৱল বৃদ্ধাশ্ৰমেই নহয় , এখন শান্তিৰ আশ্ৰমো থাকে য'ত ঘৰৰ সকলোৰে মাজত স্নেহবন্ধন অটুত থাকে ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment