দুটাকৈ প্ৰতিষ্ঠিত সন্তান থকাৰ পিছটো এজন পিতৃৰ এই দুৰৱস্থা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 1, 2021

দুটাকৈ প্ৰতিষ্ঠিত সন্তান থকাৰ পিছটো এজন পিতৃৰ এই দুৰৱস্থা : Assamese Storyboard

Assamese Storyboard

"বুঢ়াটো থকাৰ পৰা আমি ক'লৈকো যাব নোৱাৰা হ'লোঁ । ঘৰখনত কিবা এটা পাৰ্টীৰো আয়োজন কৰিব নোৱাৰোঁ নিজ ইচ্ছামতে । তোমালোকৰে ভাল জয়িতা । শাহু-শহুৰ লগত নাই । আচলতে কি জানা,কিছুমান আৱৰ্জনা মন গ'লেও পেলাই দিব নোৱাৰি । লগত ৰাখিব লগা হয় ..."( Assamese Storyboard )

কথাষাৰ শুনাৰ পিছত নীলকান্ত চলিহা আগফালৰ বাৰাণ্ডাৰ চকীখনত বহিলহি । ফোনত পাতি থকা মমতাৰ কথাকেইটাই ভূমিস্খলনৰ শিলাখণ্ডৰ দৰে ওফৰি আহি তেওঁৰ বুকুত আঘাত কৰিলেহি । তেওঁৰ নিজকে এতিয়া এজন কচাইৰ ওচৰত ৰৈ থকা এটা নিঃসহায় ছাগলীৰ দৰে লাগিছে । কথাষাৰে তেওঁৰ বুকুত এতিয়াও হাতুৰীয়ে কোবোৱাৰ দৰে কোবাই আছে ..


ঘৰখনত মানুহ বুলিবলৈ মাথোঁ তিনিটাই প্ৰাণী--চলিহা,অৰূপ আৰু বোৱৰী মমতা । শহুৰেক নীলকান্ত চলিহা সিহঁতৰ লগত থকাটো মমতাই অৱশ্যে কেতিয়াও বিচৰা নাছিল । কিন্তু বিচাৰিলেই জানো সকলো হয় ?

অৰূপক ক'ম ক'ম বুলি ভবা কথাটোও তাই ক'ব নোৱাৰে অৰূপৰ আগত । এক অস্থিৰ যন্ত্ৰণাত চটফটাই থাকে তাই । কিন্তু এদিন তাই কৈয়েই পেলালে অৰূপক--

"হেৰা,দেউতাক যে তুমিয়েই ৰাখিব লাগিব ,এনেকুৱা কিবা ধৰা-বন্ধা নিয়ম আছে নেকি? দাদা - বৌহঁতেতো দেউতাৰ আজিলৈকে এটা খবৰকে লৈ নাপালে ।অথচ দেউতাৰ মুখত সদায় দাদা-বৌহঁতৰ কথাই । তেওঁলোকৰোতো নিজৰ পিতৃ বুলি দায়িত্ব এটা নাই জানো? চোৱাচোন,দেউতা থকাৰ পৰা আমি আজিলৈকে বাহিৰলৈ ফুৰিবলৈকে যাব পৰা নাই । ঘৰখনতে সোমাই আছোঁ । আমাৰ ক্লাৱৰ নীনা,জয়িতাহঁত বাহিৰলৈ কেইবাৰো গ'ল । অথচ আমি ..."


অৰূপে বুজি পায়, মমতাৰ ক্ষোভ কোনখিনিত । বিয়াৰ পিছৰ পৰা সি তাইক ক'লৈকো ফুৰাবলৈ লৈ যাব পৰা নাই । এবাৰ যাবলৈ ওলাওঁতে দেউতাকৰ অসুখৰ বাবেই যোৱাটো হৈ নুঠিল । সেই কথা মমতাই তাক মাজে মাজে সোঁৱৰায়ো থাকে

মাক ঢুকুৱাৰ পিছত গাঁৱৰ ঘৰখনত দেউতাকক অকলশৰে এৰি থৈ আহিবলৈ অৰূপৰ অলপো মন ন'গল । দেউতাকে সামান্য শিক্ষকৰ চাকৰিটোৰে ঘৰখন চলাই ,মাটি-বাৰী বিক্ৰী কৰি তাক আৰু ককায়েক দিগন্তক পঢ়ুওৱালে । সেই কথা সি কেনেকৈ পাহৰিব? দিগন্তয়ো পাহৰা নাই । পাহৰাৰ কথা জানো?


অৰূপ ইঞ্জিনিয়াৰ হ'ল । চহৰৰ নামী-দামী কোম্পানী এটাত তাৰ চাকৰিও হ'ল । দিগন্তও এতিয়া এজন বিখ্যাত ডাক্তৰ ।

ডাক্তৰ হৈ ৰোগীক মানৱীয়তা দান কৰা দিগন্ত চলিহা আজি নিজ পিতৃৰ ওচৰতে এজন অমানুহ হৈ ৰ'ল । দিগন্তয়েই অৰূপক বাধ্য কৰাইছিল দেউতাকক তাৰ ঘৰত তাৰ লগত ৰাখিবলৈ ।

"কালিলৈ আমাৰ সংসাৰখন বাঢ়িব । তেতিয়া দেউতাকে চাম নে আমাৰ সন্তানকে চাম, এবাৰ ভাবি চাইছানে ?দেউতাক অৰূপৰ লগতে কিবা এটা বুদ্ধি কৰি ৰখাৰ ব্যৱস্থা কৰা বুজিছা । আমিতো দেউতাৰ খবৰ-পাতি লৈয়ে থাকিম..."

"কিন্তু জয়া,তেওঁ মোৰো পিতৃ । পুত্ৰ হিচাপে মোৰো তেওঁৰ প্ৰতি কৰ্তব্য আছে । আৰু ঘৰৰ ডাঙৰ ল'ৰা হিচাপে প্ৰথমে মইহে দেউতাক মোৰ লগত ৰখাৰ কথা ভাবিব লাগিছিল..."

"জানোঁ । কিন্ত নিজৰ ঘৰখনৰ কথা,মোৰ কথাও এবাৰ ভাবি চাইছানে ?"

"কিন্তু জয়া ..."

"শুনা,অৰূপে যেতিয়া না কৰা নাই , দেউতাক সিহঁতৰ লগত যিমান দিনলৈ থাকে থাকিব দিয়া । পিছত দেখা যাব । "

"কিন্তু সিওতো এতিয়া ঘৰ-সংসাৰ থকা মানুহ । তাৰো তাৰ পত্নী আৰু ঘৰখনৰ প্ৰতি মোৰ দৰেই সমানেই দায়িত্ব আছে জয়া । "

"মই সেইবোৰ নাজানোঁ দিগন্ত । চোৱা,দেউতাক যদি আমাৰ লগত ৰাখিম বুলি ভাবিছাই,তুমি তেওঁক চোৱা-চিতা কৰাৰ বাবে এজনী মানুহৰ ব্যৱস্থা কৰা । "

"এয়া তুমি কি কৈছা জয়া? তুমি ঘৰৰ ডাঙৰ বোৱাৰী । তেনেস্থলত ..."

"মই ডাঙৰ বোৱাৰী হ'লোঁ বুলিয়েই তোমাৰ দেউতাৰ আলপৈচান ধৰাতেই অনবৰত ব্যস্ত হৈ থাকিব নোৱাৰোঁ নহয় । এইখনতো গাঁও নহয় !"

"সেই বাবেই তুমি তেওঁৰ ওচৰত সৰু হৈ নোযোৱা জয়া । "

"শুনা দিগন্ত,দেউতাৰ প্ৰতি যদি তোমাৰ ইমানেই কৰ্তব্য আছে বুলি ভাবিছা,ঠিক আছে দেউতাক লৈ আনা ইয়ালৈ আৰু তেওঁৰ চোৱা-চিতাৰ বাবে মানুহ এজনীৰো ব্যৱস্থা কৰিবলৈ নাপাহৰিবা । মই এইবোৰ কৰিব নোৱাৰিম । "

জয়াৰ কথাবোৰে দিগন্তক নিজৰ সংসাৰ ,ভৱিষ্যতৰ বিষয়ে ভাবিবলৈ বাধ্য কৰালে । সি সিদ্ধান্ত কৰি পেলালে--দেউতাক অৰূপৰ লগতে থাকিব ।


যিমানে দিনবোৰ পাৰ হ'বলৈ ধৰিলে ,মমতাৰ ধৈৰ্যৰ বান্ধ ক্ৰমান্বয়ে শিথিল হৈ আহিল । ঘৰখন এৰিবই নোৱাৰা হ'ল তাই । অৰূপৰ সময়খিনি অফিচতেই পাৰ হয় । আৰু তাইৰ সময়খিনি পাৰ হয় শহুৰেকক আলপৈচান ধৰাত । মনে মনে অৰূপৰ ওপৰত প্ৰচণ্ড খং উঠে তাইৰ । কিন্তু খং উঠিলেও তাই কৰিব কি?অৰূপৰ নিষ্পাপ ,নিৰ্জু মুখখন দেখিলে আৰু তাৰ মৰমৰ মাতষাৰিত তাই সকলো খং,ক্ষোভ পাহৰি যায় ।

"মমতা,ঘৰটোতে সদায় সোমাই থাকিবা নেকি? বাহিৰৰ পৰা অলপ ফুৰি-চাকি আহাগৈ । বিয়াৰ পিছৰ পৰা ক'লৈকো যোৱা নাই তোমালোক । সংসাৰ বাঢ়িলে এতিয়াৰ দৰে সুবিধাই নাপাবা আৰু ..."

নীনাহঁতৰ কথাবোৰ মমতাই নুবুজা নহয় কিন্তু তাইৰ হাতত ইয়াৰ কোনো সমাধানেই নাইচোন । ঠিকেইতো কৈছে সিঁহতে । বিয়াৰ পিছত তাইনো অৰূপৰ সৈতে গৈছে ক'লৈ । যিকেইটা দিনত অলপ অকলশৰীয়াকৈ আপোনজনৰ সৈতে সময়বোৰ কটাবলৈ মন যায়,সেইকেইটা দিনেই তাইৰ বাবে হৈ পৰিছে কাৰাগাৰৰ বন্দী কয়দীবোৰৰ দৰে ....

এনেকৈ থাকিলে আৰু ন'হব । তায়ে কিবা এটা কৰিব লাগিব---

"ফুৰিবলৈ যোৱাৰ কথা আৰু নাভাবোঁ বুজিছা ।" -নিশা ভাত-পানী খোৱাৰ পিছত কাম-বনবোৰ কৰি অঁতাই মমতাই বিচনাখন ঠিক-ঠাক কৰি অৰূপৰ পিনে চালে ।( Assamese Storyboard )

"কিয়"

"ভাবিলেই জানো সকলো হয়?"

"কিয় ন'হব ?"

"দেখিছাই দেখোন"

"কি?"

"প্ৰতিবাৰেইতো ভাবোঁ । কিবা হৈছে জানো?"

"এহঃ ৰ'বাচোন মামু । সদায় এনেকৈ নাযায় নহয় দিনবোৰ । দেউতাৰ গা বেয়া হৈ আছে বাবেহে যাব পৰা নাই আমি । যাম ৰ'বা । দেউতাই অলপ ভাল পালেই হ'ল আৰু । "

"দেউতাই গা ভাল পালেও একো লাভ নাই বুজিছা । আমাৰ ভাগ্যতেই নাই মুকলিকৈ অলপ উশাহ লোৱাৰ । "

"তেনেকৈ কিয় কৈছা মামু?"

"চোৱা,দাদা-বৌহঁতেওতো দেউতাক কেইদিনমানৰ বাবে নিজৰ লগত ৰাখিব পাৰে ! মই বাৰু মানুহজনীয়ে কিমান কৰিম আৰু ?"

"দাদাহঁতৰো অসুবিধা এতিয়া । বৌৰ গা-মূৰ ভাল নহয় দেখিছাই । সেয়ে হয়তো দেউতাক লগত ৰাখিবলৈ অলপ অসুবিধা পাইছে । কালিলৈ তেওঁলোকৰ সংসাৰলৈ অকণমানি এটি আহিব । বৌহঁতে দেউতাকে চাব নে সন্তানকে চাব ? তেওঁলোকৰ সুবিধা-অসুবিধাবোৰ আমি নুবুজিলে কোনে বুজিব মামু?"

"আৰু আমাৰ সুবিধা-অসুবিধাবোৰ কোনে বুজিব অৰূপ?"

"মানে?"

"দাদা-বৌহঁতৰ দৰে আমাৰোতো দেউতাক ৰাখিবলৈ কিবা অসুবিধা হ'ব পাৰে?"

"আমাৰ আকৌ কি অসুবিধা ?"

"জয়া বৌৰ অসুবিধাখিনি বুজি পোৱা ,মোৰোতো এই একেখিনিয়েই অসুবিধা হ'ব পাৰে !"

"অঁ ,বুজিছোঁ । এতিয়াতো তেনেধৰণৰ কোনো পৰিস্থিতি আহি পৰা নাই । আহিলে দেখা যাব বাৰু । "

"সেই বাবেইতো ভাবিছিলোঁ ..."

"কি ?"

"এনে পৰিস্থিতি অহাৰ আগতে এবাৰ বাহিৰৰ পৰা ফুৰি অহাৰ কথা "

"হ'ব দিয়া । যাম ৰ'বা এইবাৰ । "

"কিন্তু এতিয়া আৰু এইবোৰ ভাবি লাভ নাই "

"কিয়?"

"আমাৰ সংসাৰলৈয়ো কোনোবা এজন কণমানি অতিথি আহিবলৈ ওলাইছে অৰূপ ..."

"সঁচাই মামু !"

"অঁ, সঁচা । তুমি দেউতাক হ'বলৈ ওলাইছা অৰূপ ! কিন্তু মোৰ দেউতাৰ কাৰণেহে চিন্তা হৈছে । "

"কি চিন্তা ? দেউতাক লৈ আমাৰ চিন্তা কৰিব লগা কি আছে?"

"দেউতাক চোৱা-চিতা কৰিবলৈ মোৰো এতিয়া অসুবিধা নহ'ব জানো?আগতে ময়েই সকলোবোৰ দেউতাক কৰি-মেলি দিছিলোঁ । কিন্তু এতিয়া ..."

মমতাৰ কথাকেইটা শেষ নহওঁতেই অৰূপে তাইৰ ওচৰত বহি লৈ কিবা এটা ভাবিলে--

"দেউতাৰ ব্যৱস্থা মই কৰিম মামু "

"কি কৰিবা?"

"ভাবিছোঁ কথা এটা "

"কি ভাবিছা ?"

"ভাবিছোঁ দেউতাক গাঁৱৰ ঘৰলৈকে পঠিয়াই দিওঁ । ইয়াত থাকিলে দেউতাৰ কষ্টহে হ'ব এতিয়া "

"কিন্তু .."

"কোনো কিন্তু নাই মামু । দেউতাৰ ভালটোহে ভাবি কৈছোঁ । তোমাৰ কথাওতো মই ভাবিব লাগিব । আৰু অকণমানিটোৰ কথাওতো আছে । । মই সিদ্ধান্ত ল'লোঁ মামু --দেউতাক

গাঁৱৰ ঘৰলৈকে পঠিয়াই দিম । সেইখন ঘৰ চোৱা-মেলা কৰিবলৈয়ো মানুহ এটা লাগে । দেউতাই ভালেই পাব চাবা । "


অৰূপৰ কথাকেইটাত মমতাই এক স্বস্তিৰ নিশ্বাস ল'লে --অৰূপ আজি সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে ।

"তুমি যি ভাল দেখা কৰা "--ভিতৰি ভিতৰি এক বুজাব নোৱাৰা আত্মসন্তুষ্টি তাই অনুভৱ কৰিবলৈ ল'লে ।

"মই সকলো ভাবিলোঁ মামু । শুই যোৱা ,ৰাতি বহুত হ'ল । দেউতাৰ লগত কথাটো মই এইকেইদিনতে পাতিম । "


এইখিনিৰেই তাইৰ প্ৰয়োজন আছিল । যাৰ অভাৱ তাই অনুভৱ কৰিবলৈকে পাহৰি আছিল ইমানদিনে । সেয়ে হয়তো তাই জয়া বৌৰ দৰে হ'ব পৰা নাছিল । কিন্তু এতিয়া জয়া বৌৰ অন্তৰৰ আকাঙ্ক্ষা,অনুভূতিবোৰ তাই যেন অনুভৱ কৰিবলৈ লৈছে এই মুহূৰ্তত ....সঁচাই, নাৰীৰ বাবে এইখিনিয়েইতো সৰ্বস্ব । তেনেস্থলত তাই কেনেকৈ ইমানদিন ধৈৰ্য ধৰি থাকিব পাৰিলে?তাই জয়া বৌৰ ভিতৰৰ মানুহজনীক যেন সম্পূৰ্ণৰূপে বুজি উঠিছে এতিয়া । তাই স্বাৰ্থপৰ হৈ পৰিছে এতিয়া --নিজেও অনুভৱ কৰিছে তাই । ইমানদিনে বন্দী হৈ থকা নিসাৰ কাৰাগাৰটোৰ পৰা আজি অৰূপে তাইক মুক্ত কৰি দিছে । কথাবোৰ ভাবি ভাবি তাইৰ দুচকু জাপ খাই আহিল ।


আজি অমলাৰ শূন্যতাই বাৰুকৈয়ে আমনি কৰিছে নীলকান্ত চলিহাক । দিগন্ত আৰু অৰূপক তেওঁ মানুহ কৰিলে । সিহঁতে মানুহৰ কৰ্তব্যও পালন কৰিব পৰা হ'ল । কিন্তু তাত যেন নীলকান্ত চলিহাৰ অলপ খুঁত ৰৈ গ'ল ! সঁচাকৈয়ে সিহঁতক মানুহৰ মানবীয়তাখিনি শিকাবলৈ পাহৰি গ'ল নেকি তেওঁ ? তেওঁৰ দুচকুৰে নিগৰি আহিল চকুলো ....

তেওঁ সিদ্ধান্ত ল'লে । তেওঁ গাঁৱৰ ঘৰতে থাকিব --য'ত তেওঁ অমলাৰ সৈতে সপোন দেখিছিল । দিগন্ত আৰু অৰূপক মানুহ কৰাৰ সপোন । তেওঁ জানে--যি শান্তি তেওঁ বিচাৰি ফুৰিছে ,সেয়া অমলাৰ বাহিৰে তেওঁক কোনেও দিব নোৱাৰে । এতিয়া গাঁৱৰ ঘৰখনেই তেওঁৰ একমাত্ৰ সম্বল--য'ত অমলাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ স্মৃতিয়ে তেওঁক দিব পাৰিব এক অন্তহীন শান্তি আৰু বিশ্ৰাম । জীৱনৰ শেষ সময়লৈ,শেষ মুহূৰ্তলৈকে নিৰৱচ্ছিন্নভাৱে ....


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Smj stock

বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিতআপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Storyboard ) )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages