এদিন মন্টুৱে, খুড়াকৰ মুখৰ পৰা শুনিলে যে, গাওঁখনৰ নদীখনৰ পাৰত কিবা এটা আছে, যিয়ে নিজৰ ইচ্ছামতে যিকোনো ৰূপ লব পাৰে আৰু তাৰ বৃকত হাঁহি আৰু ডাঙৰ মাত বহুত ভয় লগা, যি বহুত দূৰলৈকে শুনি পোৱা যায় ( Assamese Storyboard )। তাৰ আচল ৰূপ যিয়ে দেখা পাইছে, তাৰ কিছুমানে মৃত্যুক সাৱটি ললে আৰু যি জীৱিত আছে, তেওঁলোকে সেই বিষয়ে কোনো আলোচনা নকৰে। গাওঁত তাৰ নাম "হাঁহি "বুলি জনাজাত আছিল।
সেইনিশা মন্টুৱে খুড়াকৰ মুখৰ পৰা কথাবোৰ শুনি সি নিজৰ বন্ধুক কথাবোৰ কলে আৰু পাচদিনা আবেলি পৰত নদীৰ ফালে যাবলৈ লগ ধৰিলে। কিছুমানে ভয় খালে আৰু কেইটামানে মন্টুৰ লগত যাবলৈ প্ৰস্তুত হল।। এতিয়া আমি চাৰি বন্ধু, মন্টু, ৰিতু,বাবু, টুমন, নদীৰ ফালে আগবাঢ়ি গলো।
মন্টুহঁতে পথাৰৰ মাজেৰে গৈছিল। আৰু ওচৰে পাজৰে কোনো নাছিল। তাৰ পাছত মন্টুহঁতে নৈ খনৰ দলংত উঠি, নৈ খনৰ ইটো মোৰ পালেগৈ, যত বহুতো আমৰ গছ আছিল। যত ধেৰমানে আম লাগি আছিল আৰু ভিতৰত পোকৰ দৰে কিবা আছিল। মন্টুহঁতে পাছত গম পালে যে, ৰাতি আম গছ জোপাত থোৱালে, সেই বিশেষ বস্তুটো পাছে পাছে লাগি আহে। টুমনে আম এটা চিঙি খালে কিন্তু টেঙা হোৱা বাবে, আম গছ জোপাতে থোৱাই দিলে। সেইসময়তে মন্টুহঁতে পাছফালে কোনোবাই দৌৰি যোৱা যেন লাগিল, কিন্তু কোনো নাছিল। তেতিয়া মন্টুহঁতে ভয় খায় গাওঁৰ ফালে দৌৰ মাৰিলে আৰু গাওঁ গৈ পায়, নিজৰ নিজৰ ঘৰৰ ফালে অভিমুখি হল। ( Assamese Storyboard )
মন্টু আৰু টুমনৰ ঘৰ ওচৰা ওচৰি হোৱাৰ বাবে, দুয়োয়ে একেলগে গৈ থাকোতে, তেতিয়া টুমনৰ দেউতাকৰ সন্মুখত দেখা পায়, টুমনৰ দেউতাকে কলে, টুমন, তোমাৰে অপেক্ষা কৰি আছিলো। আৰু তিনিও লগে ভাগে খোজকাঢ়ি আগবাঢ়ি গল। টুমনৰ ঘৰৰ ওচৰতে গাওঁৰ নামঘৰ আছিল। নামঘৰ পোৱাৰ আগতে টুমনৰ দেউতাকে কলে, টুমন আজি আন এটা বাটেৰে ঘৰলৈ যাও বলা! টুমনে কলে, দেউতা, বলক এই বাটেৰে যাওঁ। মন্টুকো ঘৰত থৈ যাম। আৰু নামঘৰটো সেৱা কৰি যাম। কিন্তু তাৰ দেউতাক অলপ খঙাৰে টুমনৰ হাতত ধৰি আন এটা বাটেৰে যাবলৈ ললে। মন্টু নিজৰ ঘৰৰ ফালে আগুৱাই আহিল আৰু নামঘৰৰ সন্মুখতে পিচলি পৰিল। তাকে দেখা পায়, টুমনে নিজৰ দেউতাকৰ হাতৰ পৰা নিজৰ হাতখন এৰুৱাই মন্টুৰ ফালে দৌৰ মাৰি আহিল আৰু মন্টুক উঠাই তাক ঘৰলৈ লৈ গল।
তেতিয়া টুমনে দেউতাকক পাছফালে ঘূৰিও নাচালে। যেতিয়া মন্টু আৰু টুমন ঘৰ গৈ পালেগৈ, তেতিয়া তাহাঁতি থৰ লাগি ৰল। কাৰণ মন্টু আৰু টুমনৰ দেউতাক একেলগে চোতালত বহি কথা পাতি আছিল।। মন্টু আৰু টুমনক দেখা পায়, টুমনৰ দেউতাকে কলে, তহঁতি, কত খেলিবলৈ গৈছিলি! ইমান দেৰি কৰিলি যে! তেতিয়া টুমনে দৌৰ মাৰি নঙলাৰ বাহিৰলৈ গল, আৰু সি ইফালে সিফালে চাই বহু দূৰলৈ কাকো দেখা নাপালে। আৰু আচৰিত ভাৱে এটা ভয় লগা হাঁহি শুনিবলৈ পালে। আৰু সকলো শান্ত হৈ পৰিল। আৰু তাৰ পাছত এই সকলো কথা টুমনে ঘৰত কলে আৰু কোনোদিন মন্টুহঁতে সেইফালে দুনাই নগল।এই ঘটনা বহু দিন পাৰ হৈ গল কিন্তু সেই ভয় লগা হাঁহিটো টুমনে পাহৰিব নোৱাঁৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment