কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১৪ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 10, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১৪ ) ? Assamese Storyboard

Assamese Storyboard


দ্বিতীয় দিনা কলেজৰ কেণ্টিনত নিমখ দিয়া খিৰৰ কথা পাতি ৰিয়া, উৰ্মি আৰু বেদান্তই খুব হাঁহি আছিল।( Assamese Storyboard )

 উৰ্মি: ৰিয়া , তুমিও যে নহয় আচৰিত দেই। দাদাৰ চেহেৰাটো মনলৈ আনি মই হাঁহি ৰখাব পৰা নাই , বেচেৰা দাদা। সকলোৱে সোৱাদ লগা খিৰ খাবলৈ পালে আৰু দাদাই নিমখ দিয়া।

বেদান্ত: মইতো আগৰ পৰাই জানিছিলো যে তুমি কিবা খেলিমেলি লগাইছা দাদাৰ বাতিটোত। নতুবা অলপ সময় আগলৈকে যিজনী ছোৱালী খঙত ৰঙা পৰি আছিল  হঠাৎ দাইনিং টেবুলত বহি মিচিকয়াই কিয় থাকিব?

 

Assamese Storyboard

ৰিয়া:  এতিয়া তোমালোকে মোক জোকাবলৈ বন্ধ কৰা আৰু তেওঁ যি কৰিলে তাৰ সলনি এইয়াটো বহুত কম। আৰু খিৰ মোৰ দৰেই আছিল বুলি যে তেওঁ কলে মই কি নিমখীয়া খিৰৰ দৰে নেকি?

 তেতিয়াই বিক্ৰম, বিতো আৰু নেহা আহিল।

বিক্ৰম: কত আছে খিৰ? মোকো খাবলৈ দিয়া আকৌ।

বেদান্ত: খকুৱা তো কৰবাৰ। কত আছে নো ইয়াত খিৰ?

বিক্ৰমে কন্দামুৱা হৈ কলে," চোৱা এনেকুৱা নকৰিবা। মই এইমাত্ৰ শুনিলো তোমালোকে খিৰৰ কথা পাতি আছিলা।" সকলোৱে তাৰ কথা শুনি হাঁহি দিলে।

উৰ্মি: ইয়াত কতো খিৰ নাই। ৰিয়াই যোৱাকালি ৰিংকু দাক নিমখ দিয়া খিৰ খুৱাইছিল আৰু আমি এইটো কথাত হাঁহি আছিলো।

নেহা: কি কি যে কৰি থাকা নহয় তুমি? ইমান ভয়ানক বুলি গম পোৱা নাছিলো দেই।

বেদান্তই হাঁহি মাৰি কলে," আৰু বেচেৰা দাদাই কাকো একোৱেই কব নোৱাৰিলে।"

ৰিয়াই মুখ বেঁকা কৰি কলে," একো বেচেৰা নহয়, এক নম্বৰ কঠোৰ মানুহ হয় । মূৰ্খ হয়।"

বেদান্তই এইবাৰ মিছা খং  দেখুৱাই কলে," চোৱা ৰিয়া এতিয়া বহুত হল। এতিয়াতো খং এৰি দিয়া। দাদাই কিমান চ'ৰি কৈছিল  আৰু তোমাক মান্তি কৰাবও চেষ্টা কৰিলে।"


ৰিয়া:  তেন্তে মই কি কৰিম? মোৰ মন হয় আৰু মই মান্তি নহওঁ।

বিক্ৰম: কথাটো নো কি আমাকো কোৱাচোন?

উৰ্মিয়ে হাঁহি হাঁহি কলে,'কৈছো ৰবা, যোৱাকালি ৰিংকু দা আৰু ৰিয়াৰ মাজত কিবা কথাত কাজিয়া হল আৰু দাদাই তাইক বহুত বাৰ ক্ষমা বিচাৰিলে কিন্তু তাই মান্তি নহয়।'

ৰিয়া : মই কিয় মান্তি হম? ভুল তেওঁ কৰিছে যেতিয়া ভুগিব তেওঁৱেই লাগিব।

বেদান্ত: ঠিক আছে বাৰু এইবোৰ বাদ দিয়া, আমি মানিছোঁ যে দাদাৰেই ভুল। কিন্তু এতিয়া তেওঁ ক্ষমা বিচাৰিছে যেতিয়া তুমি মান্তি হৈ যোৱা প্লিজ।

ৰিয়া: নাই এইয়া কেতিয়াও হব নোৱাৰে।

বিতুৱে ৰিয়া আৰু ৰিংকুৰ এনেদৰে কাজিয়াৰ কথা শুনি ৰিংকুক লৈ হিংসা হৈছিল। সি ৰিংকু আৰু ৰিয়াৰ সম্বন্ধৰ বিষয়ে জনা নাছিল। ৰিয়াই বিতুক চাই আছিল । তাইৰ বিতুক সকলো কথা কৈ দিবলৈ মন গল।

ইফালে ৰাজুৰ গ্ৰুপ তো তাত আহি উপস্থিত হল।

ৰাজু: ৱাহ! আজি পাৰ্টি হৈ আছে আৰু মোক নিমন্ত্ৰণ জনোৱা হোৱা নাই। অৱশ্যে উৰ্মি এতিয়ালৈকে তুমি নকলা যে বেদান্তৰ প্ৰেমিকা তুমি নে ৰিয়া? নে দুয়োজনী? বেদান্ত তুমি দুইজনীক কেনেকৈ মেনেজ কৰিব পাৰা?

বেদান্ত: চোৱা ৰাজু, মোৰ এতিয়া কাজিয়া কৰাৰ মন নাই। তুমি ইয়াৰ পৰা গুচি যোৱাটোৱেই ভাল হব।

বিক্ৰম: ৰিয়াই দিয়া পিটন পাহৰিলা যেন পাওঁ।

ৰাজুয়ে খঙত কলে," একো পাহৰা নাই মই। এইটো অসভ্যালিৰ বদলা মই উচিত সময় আহিলে সুতে মূলে ঘূৰাই লম।"

ৰিয়া : তেন্তে এতিয়া যা ইয়াৰ পৰা।

ৰাজু: 'অৱশ্যে তুমি বহুত শুভাগ্যশালী বেদান্ত, তোমাৰ দুয়োজনী আইটেম একদম মজা ।' ৰিয়াক বেয়া দৃষ্টিৰে চাই কলে।

 এতিয়া ৰিয়াৰ খং বাঢ়ি গল আৰু তাই তাৰ ক'লাৰত ধৰি কলে," তই আমাক আইটেম  যেন দেখিছ? মই বেদান্তৰ বাইদেউ হয়। যদি তহঁতে এইটোও বুজি নাপাওঁ তেন্তে মই কি কৰিম? বেদান্ত মোৰ ভাইটি বুলি মোৰ কপালত লিখি লৈ ঘূৰিম নেকি?"

আৰু খঙেৰে ৰাজুক পিছলৈ ঠেলি দি নিজৰ ক্লাছলৈ গুচি গল।

বাকী সকলেও ৰাজুক খঙেৰে চাই নিজৰ নিজৰ ক্লাছলৈ গুচি গল। 

পিছৰটো শনিবাৰে ৰিয়াই পঢ়াৰ অজুহাত দেখুৱাই ঘৰলৈ নাহিল । ইফালে ৰিংকুয়ে অফিচৰ পৰা আহি ৰিয়াক ঘৰত নেদেখি বেদান্তক সুধাত সি কলে," চ'ৰি দাদা, মই বহুতবাৰ কলো কিন্তু তাই মাক ফোন কৰি আগতীয়াকৈ  মান্তি কৰালে।"

 ৰিংকু উদাস হৈ পৰিল আৰু বেদান্তক কলে," নাই তুমি চ'ৰি কব নালাগে। ৰিয়াই খং কৰাটো স্বাভাৱিক। মই তাইৰ লগত যি কৰিলোঁ তাৰ ক্ষতিপূৰণ মাত্ৰ চ'ৰি কলেই নহব। তাইক অলপ সময় লাগিব সেইবোৰ পাহৰিবলৈ । বাৰু মই চেষ্টা কৰি চাওঁ হয়তো তাই আহিবলৈ মান্তি হব।"

বেদান্ত:'ঠিক আছে তেন্তে' বুলি কৈ নিজৰ ৰুমলৈ গুচি গল।

এতিয়া ৰিংকুৰ ৰিয়াৰ ওপৰত খং উঠিল,"চ'ৰি বুলি কোৱাৰ পিছতো তাই কিয় মান্তি হোৱা নাই?" তাৰ পাছত নিজকে বুজাই মনৰ ভিতৰতে কলে," বহুত জিদ ন তোমাৰ? কিন্তু মইও কোনো কম নহয়। মোৰ বাবে আজি আহিবলৈ মানা কৰিলা নহয় , এতিয়া চোৱা মই কি কৰোঁ।"


সি বেদান্তৰ পৰা ৰিয়াৰ ফোন নম্বৰটো ললে আৰু নিজৰ ৰুমলৈ আহি তাইক ফোন কৰিলে। কিন্তু আকৌ কিবা এটা ভাবি ফোনটো কাটি দিলে। ৰিয়াৰ ওচৰত ৰিংকুৰ নম্বৰ নাছিল সেইবাবে তাই অচিনাকি নম্বৰ দেখি কোনো গুৰুত্ব নিদিলে।

উৰ্মি: এইটো তুমি ভুল কৰিলা ৰিয়া। আজি তুমি যাব লাগিছিল। খুড়া খুড়ী হতৰ কথা এবাৰ ভাবিব লাগিছিল, তেওঁলোকে তুমি অহালৈ কিমান অপেক্ষা কৰি থাকে।

ৰিয়া: "অ , মোৰো তেওঁলোকলৈ বহুত মনত পৰিছে কিন্তু কি কৰিম ৰিংকু দাৰ কথা ভাবিলেই খং উঠে। ইমান সহজতে তেওঁক ক্ষমা কৰিব নোৱাৰো মই।" আৰু তাই উদাস হৈ পৰিল।

উৰ্মিয়ে তাইক উদাস দেখি হহোৱাবলৈ কলে," অ, তাৰমানে তেওঁলৈও মনত পৰিছে?"

ৰিয়াই মুখ বেঁকা কৰি কলে," মোৰ কিয় তেওঁলৈ মনত পৰিব? তুমিতো দেখিছাই মই অহা ১সপ্তাহ হল কিন্তু আজিলৈকে তেওঁ মোৰ লগত এবাৰ কথা পতা তো জৰুৰী বুলি নাভাবিলে। "

উৰ্মি: তেন্তে এইটো কথাৰ বাবে ইমান অভিমান। যদি ৰিংকু দাদা তোমাক নিবলৈ আহে তুমি গুচি যাবা নেকি?

ৰিয়াই লাজ কৰিলে আৰু কল্পনা কৰিলে যে ৰিংকুয়ে তাইক নিবলৈ আহিছে আৰু সেই সময়ত আকৌ সেই অচিনাকি নম্বৰটোৰ পৰা ফোন আহিল। এইবাৰ তাই ফোনটো উঠালে,"হেল্ল"

সিফালৰ পৰা কলে,"৫ মিনিটত ৰেডি হৈ তললৈ আহা ,মই  হোষ্টেলৰ গেটত তোমাৰ বাবে ৰৈ আছো।"

ৰিয়া: হেল্ল মিষ্টাৰ , আপুনি হয় কোন আৰু মই কিয় তললৈ যাম?

ৰিংকু: ইমান সোনকালে মাততোও পাহৰিলা। অনবৰতে ভোকাটোৰ বাঘিনি হৈ থাকিলে কত নো মনত থাকিব? সোনকালে তললৈ আহা।

 ৰিয়াৰ হাতৰ পৰা ফোনটো পৰিব লৈছিল,"ৰিংকু দা আপুনি" তাই অবিশ্বাস ভৰা মাতেৰে কলে। উৰ্মিয়ে ৰিংকুৰ নামটো শুনি আনন্দিত হৈ গল।

ৰিংকু: অ মই, এতিয়া তুমি তললৈ আহিবা নে মই ওপৰলৈ যাম?

ৰিয়া: আপুনি ওপৰলৈ আহিব নালাগে। কিন্তু মই কিয় যাম তললৈ? মই নাযাওঁ আজি বহুত পঢ়িবলগা আছে। মাক মই ফোন কৰি ইতিমধ্যে কৈছো।( Assamese Storyboard )

ৰিংকু: সেইবোৰ মই নাজানো কিন্তু যদি মই ওপৰলৈ যাওঁ তেতিয়া ৱাৰ্ডেনক মোৰ কি চিনাকি দিয়া দি থাকিবা। আৰু তাত একো মিছা কবলৈ চেষ্টা নকৰিবা।


ৰিয়াই ভয় কৰিলে," নাই নাই আপুনি ইয়ালৈ আহিব নোৱাৰে।" তাই কিবা এটা ভাবি কলে,"ঠিক আছে মই গৈছো তললৈ।"

ৰিংকু: ভাল ছোৱালী।

ৰিয়াই ফোনটো কাটি বহি দিলে,"কি যে বিপদ আহিল ।"

উৰ্মিয়ে ইমান দেৰি শান্ত হৈ সকলো কথা শুনি ফুৰ্তি কৰি আছিল তাই চিঞৰি কলে," ৰিয়া তললৈ সচাকৈ দাদা আহিছে। তুমি সোনকালে ৰেডী হোৱা আৰু দাদাক বেছি সময় অপেক্ষা কৰুৱাব নালাগে।"

ৰিয়া: কিন্তু মই তেওঁৰ লগত যাব নিবিচাৰো, তেওঁ বহুত অজিব ধৰণৰ হয়।

উৰ্মি: তেন্তে তেওঁক কৈ দিয়া। তাৰ পাছত ইয়াত ৱাৰ্ডেন আৰু বাকী ছোৱালীবোৰক কৈ থাকিবা তেওঁ কোন হয় তোমাৰ।

 ৰিয়াই ভয় কৰি কলে," নাই নাই মই যাম। এতিয়া তুমি মোক অশান্তি কৰা বন্ধ কৰা।" তাই কাপোৰ সলাই মোবাইল আৰু পাৰচ তো লৈ তললৈ আহিল।

গেটত ৰিংকুয়ে তাইৰ বাবে ৰৈ আছিল। ৰিংকুয়ে যেতিয়া তাইক গেটৰ বাহিৰলৈ ওলাই অহা দেখিলে তাৰ এনে লাগিল যেন সি দৌৰি গৈ তাইক সাৱটি লব। যেতিয়াৰ পৰা সি বুজি পাইছে যে ৰিয়া মাত্ৰ তাৰ হয় তেতিয়াৰ পৰা সি নিজকে বুজাব নোৱাৰা হৈছে। সি এতিয়া এক মিনিটৰ বাবেও তাইক নিজৰ পৰা আঁতৰাই ৰাখিব নোখোজে।

    ৰিয়া গাড়ীৰ ওচৰলৈ আহিল। কিন্তু ৰিংকু এতিয়াও তাইৰ কথা ভাবি মগন হৈ আছিল। তাই ৰিংকুক এনেদৰে দেখি গাড়ীৰ দৰ্জাখন জোৰকৈ লগালে আৰু সি তেতিয়া বাস্তবলৈ ঘূৰি আহিল। ৰিয়া পাছৰ ছিটত গৈ বহি ললে।

ৰিংকুয়ে নিজৰ ড্ৰাইভিং ছিটত বহি কলে," বাইদেউ মই তোমাৰ ড্ৰাইভাৰ নহয়, স্বামী হয় গতিকে মোৰ ওচৰলৈ  আহি বহা।"

ৰিয়া এনেদৰেই বহি থাকিল। মনে মনে তাই ফুৰ্তিও পালে কিয়নো ৰিংকুয়ে তাইক তাইৰ স্বামী হয় বুলি কৈছে আজি। কিন্তু চেহেৰাতো এনেকুৱা কৰি ৰাখিছে যেন তাইৰ বহুত খং উঠিছে।

ৰিংকুয়ে আকৌ কলে," মই কৈছোঁ আগলৈ আহা।"

ৰিয়াই তথাপিও মনে মনে থাকিল।

এইবাৰ ৰিংকুয়ে অলপ খঙেৰে কলে," তুমি যিকোনো কথা এবাৰতে কিয় মানি নোলোৱা? যদি তুমি নিজেই আগলৈ নাহা তেন্তে মই গৈ দাঙি লৈ আহিম।

ৰিয়াই কথাষাৰ শুনি ভয় কৰিলে আৰু আগৰ ছিটত আহি বহিলে।

ৰিংকুয়ে গাড়ী ষ্টাৰ্ট কৰি দিলে । ৰিয়াই মনে মনে বাহিৰলৈ চাই ৰল। ৰিংকুয়ে মাজে মাজে তাইলৈ চাই। দুজন মানুহ থকাৰ পাছতো গাড়ীখনত নীৰৱতা আছিল।

 শেষত ৰিংকুয়ে মৌনতা ভঙগ কৰি মাত লগালে।

ৰিংকু: ৰিয়া চ'ৰি, মই সচাই নিজৰ চিন্তাধাৰাক লৈ লজ্জিত। তুমি মোক এবাৰ মাফ কৰি দিব নোৱাৰা নে?

ৰিয়াই এবাৰ চকু উঠাই চালে তাৰ ফালে কিন্তু আকৌ তাই খিৰিকীৰে বাহিৰলৈ চাব ধৰিলে।

 ৰিংকু: কি হল ৰিয়া? কিবা এটাটো কোৱা। আমাৰ মাজত সেই আগৰ দৰে বন্ধুত্ব হব নোৱাৰে নেকি যেতিয়া তুমি এজনী সৰু গোল মূল পুতলা যেন আছিলা?

ৰিয়াই এতিয়াও একো নকলে আৰু তালৈ এবাৰ চকু উঠাই চাই নিজৰ মনত ভাবিব ধৰিলে," মইনো বন্ধত্ব কত ভাঙিছো। আপুনি নিজেই খং কৰি মোক অস্বীকাৰ কৰিলে। মইতো আজিও আপোনাৰ বাবেই অপেক্ষা কৰি আছো।" আৰু তাই উদাস হৈ পৰিল।

ৰিংকুয়ে এতিয়াও ৰিয়াক মনে মনে থকা দেখি কলে," চোৱা, যদি তুমি কোৱা মই কাণত ধৰি আঁঠু কাঢ়ি তোমাক ক্ষমা বিচাৰিবলৈ প্ৰস্তুত আছো। কিন্তু তুমি মোক এবাৰ ক্ষমা কৰি দিয়া প্লিজ। মই এতিয়া সম্পৰ্কটো আগবঢ়াব বিচাৰো। মই চিৰদিনৰ বাবে তোমাক মোৰ কাষত ৰাখিব বিচাৰো। নিজৰ ভুলবোৰৰ বাবে অন্তৰৰ পৰা ক্ষমা বিচাৰো।

 ৰিয়াই যেতিয়া ৰিংকুক এনেদৰে দেখিলে তাই ভেবা লাগি ৰল। তাইৰ দুচকু লাজত তল নামি গল। তাইৰ চেহেৰাটো এক মিনিটৰ বাবে ৰঙা হৈ পৰিল আৰু এনে লাগিল যেন সকলো খং অভিমান এৰি ৰিংকুক সাৱটি ধৰিব। কিন্তু কিয় জানো তাই আকৌ এবাৰ নিজৰ ভাৱনাবোৰক চম্ভালি লৈ মোৰ তল কৰি মৌন হৈ থাকিল। ৰিয়াক এনেদৰে দেখি ৰিংকুয়ে গাড়ী ৰখাই দিলে।

এনেদৰে হঠাৎ গাড়ী ৰখোৱা দেখি ৰিয়া আচৰিত হল,"এইজনে সচাকৈ কাণত ধৰি ৰাস্তাৰ মাজত ক্ষমা বিচাৰিব নেকি? মানুহে দেখিলে কি কব?  নাই নাই মই ৰখাব লাগিব।"

তাই ৰিংকুৰ ফালে চাই দেখিলে সি নিজৰ ছিটত নাই।

"এওঁ আকৌ কত গুচি গল? সঁচাকৈয়ে মূৰ্খ হয় এইজন। এনেদৰে ৰাস্তাৰ মাজত কোনোবাই গাড়ী ৰখাই নে? কলৈ বা গল , কত বিচাৰিম এতিয়া?"

ইফালে সিফালে চাই দেখিলে ৰিংকুয়ে আইস্ক্ৰীম আনিছে দোকানৰ পৰা। তাৰ হাতত দুটা আইস্ক্ৰীম আছিল। এতিয়া তাইৰ নিজৰ ওপৰতেই হাঁহি উঠিল।"মইও যে নহয়, ক্ষন্তেকতে কি কি যে ভাবি পেলাওঁ। তেওঁ নো কাণত ধৰি কিয় ক্ষমা বিচাৰিব? মাত্ৰ নিজৰ খং আৰু অহংকাৰ দেখুৱাব।"

ৰিংকু গাড়ীত আহি বহিলে আৰু এটা আইস্ক্ৰীম ৰিয়াক দি কলে," এইয়া লোৱা, আমি আমাৰ বন্ধুত্বৰ আৰম্ভণি এই মিঠা আইস্ক্ৰীমেৰে কৰোঁ।"

ৰিয়া : মই কেতিয়া আপোনাৰ লগত বন্ধত্ব গঢ়িলোঁ।

ৰিংকু:  এই মাত্ৰ মই তোমাক ক্ষমা খুজিলোঁ আৰু তুমি মোক ক্ষমা কৰি দিলা গতিকে হৈ গল বন্ধুত্ব।

ৰিয়া: মই কেতিয়া ক্ষমা কৰিলোঁ?

ৰিংকু: এতিয়া কৰিলা।

ৰিয়া: নাই কৰা।

ৰিংকু: এই মাত্ৰ তোমাক ক্ষমা বিচৰাত তুমি খং নকৰাৰ বাবে ভাবিলোঁ মোক ক্ষমা কৰি দিলা বুলি। বাৰু এতিয়া আইস্ক্ৰীম খাই লোৱা নতুবা গলি গৈ তোমাৰ গোটেই কাপোৰ নষ্ট হৈ যাব।

ৰিয়াই আচৰিত হৈ ৰিংকুৰ ফালে চাই ৰল," আপুনি এইবোৰ কি কৈছে? মই আপোনাক ক্ষমা কৰা নাই।"

ৰিংকু: ক্ষমা নাই কৰা, তেন্তে ঠিক আছে মোৰ আইস্ক্ৰীম ঘূৰাই দিয়া। মই অকলেই দুইটা খাম।

ৰিয়া: মই কিয় দিম?

আৰু তাই লৰালৰিকৈ খাব ধৰিলে,"যদি আপোনাৰ আৰু খাব মন গৈছে তেন্তে নিজেই গৈ লৈ আনক।"তাইক এনেদৰে আইস্ক্ৰীম খোৱা দেখি ৰিংকুয়ে হাঁহি দিলে। সি জানিছিল যে ৰিয়াই আইস্ক্ৰীম খুব ভাল পাই।

ৰিংকুয়ে মনৰ ভিতৰতে ভাবিলে,

" মোৰ বাবে কিমান যে কষ্ট পালা তোমি মনত। তোমাৰ অন্তৰৰ দুখ বুজি পাওঁ মই। মই মানিছোঁ যে মই তোমাৰ লগত বহুত ভুল কৰিলো। তোমাৰ সুখ কাঢ়ি আনিলোঁ মই। এতিয়া মই কথা দিছোঁ যে তোমাৰ সকলো সুখ উভতাই দিম। তোমাক সেই সকলো অধিকাৰ দিম যিবোৰ এগৰাকী পত্নীৰ স্বামীৰ ওপৰত থাকে। তোমাক পুনৰ মোৰ জীৱনলৈ উভতাই আনিম। আকৌ কেতিয়াও নিজৰ পৰা দূৰ হবলৈ নিদিওঁ। মাত্ৰ অহা মাহত তোমাৰ ফাইনেল পৰীক্ষা শেষ হৈ লওক আৰু মই তোমাক মোৰ মনৰ কথা খুলি কম। তোমাক সন্মান সহকাৰে সেই অধিকাৰ ঘূৰাই দিম যিটো তুমি মোক দি মুক্তি কৰিছিলা। তোমাৰ জীৱনৰ অংগ হৈ তোমাক মোৰ জীৱন কৰি তুলিম।"

আৰু গাড়ী ষ্টাৰ্ট কৰি ঘৰলৈ আগবাঢ়িল। ৰিংকুয়ে গাড়ীত গান লগাই দিলে । সেই গানটোত দুয়োৰে মনৰ ভাৱবোৰ বাজি আছিল যি ইজনে আনজনৰ পৰা লুকুৱাই ৰাখিছিল।

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages