১৮৬৯ চনৰ ২অক্টোবৰৰ দিনা গুজৰাটৰ কাথিৱাৰ উপদ্বীপৰ পোৰবন্দৰ চহৰত এটা প্ৰাচীন আৰু সম্ভ্ৰান্ত বৈশ্য পৰিয়ালত মোহনদাস কৰমচাঁদ গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম পুতুলী বাঈ। ধৰ্ম ভাৱত তেওঁলোক বৈষ্ণৱ আছিল। তেৰ বছৰ বয়সতে তেওঁৰ বিবাহ হৈছিল। পত্নীৰ নাম কস্তুৰবাঈ গান্ধী। বিলাতত তিনি বছৰ পঢ়ি তেওঁ বেৰিষ্টাৰ হৈ ১৮৯৯ চনৰ জুন মাহত ভাৰতলৈ ঘূৰি আহিছিল। বিলাতৰ পৰা আহি গান্ধীজীয়ে বোম্বে হাইক'ৰ্টত ওকালতি আৰম্ভ কৰে। প্ৰথম মোকৰ্দমাটোতে তেওঁৰ শোচনীয় পৰাজয় হৈছিল। তেওঁ তৰ্ক কৰিবলৈ উঠি ঘেঁহাই ঘেঁহাই অলপ সময় কৈ, পিছত নিজে লাজ পাই আদালত এৰি গুচি আহিছিল। কিন্তু কিছু কালৰ ভিতৰতে তেওঁ বক্তৃতা দিয়াত পাৰ্গত হৈ পৰিল।( Assamese Storyboard )
মহাত্মা গান্ধীজীৰ জীৱনৰ কথা সকলোৱে জানে। সেয়ে তেওঁৰ বিষয়ে তেনেই চমুকৈ জানিবহে প্ৰয়াস কৰোঁ। তেওঁৰ জীৱনৰ বিশাল কাৰ্য্যাৱলীক ইমান চমুতে প্ৰকাশ কৰাটো সহজ নহয়।
আচলতে মহাত্মা গান্ধীজীৰ বিষয়ে বিভিন্ন ইতিহাসবিদে তেওঁলোকৰ নিজা দৃষ্টিভংগীৰে তেওঁক উপস্থাপন কৰিছে। বহুতো ইতিহাসবিদৰ প্ৰভাৱত বহুতে তেওঁক সমালোচনা কৰে। বিশেষকৈ আধুনিক যুৱ সমাজে তেওঁক আদৰ্শ ব্যক্তি হিচাপে মানিব নিবিচাৰে। ইয়াৰ কাৰণ বহুতো পোৱা যায়। তেওঁ মহান হোৱাৰ যোগ্য আছিল নে সমালোচনাৰ পাত্ৰ আছিল এবাৰ ফহিয়াই চাব পাৰোঁ........
এবাৰ এজন গুজৰাটী ব্যৱসায়ী দাদা আব্দুলা নামেৰে, তেও দক্ষিণ আফ্ৰিকাত ১৯০৫-০৬ চন মানত নিজৰ ব্যৱসায়ত অতি বেয়াকৈ লোকচানৰ সন্মুখীন হৈ গান্ধীজীৰ সহায় বিচাৰি তেওঁলৈ চিঠি পঠিয়াইছিল। তেওঁৰ বাবে গান্ধীজীয়ে ক'ৰ্টত মোকৰ্দমা লব লাগে। ইয়াৰ বাবে ব্যৱসায়ীজনে গান্ধীজী যাবলৈ ৰে'লৰ প্ৰথম শ্ৰেণীত টিকট কাটি দিছিল। গান্ধীজী যিটো কম্পাৰ্টমেন্টত বহিছিল তাত দক্ষিণ আফ্ৰিকাৰ দুজন শ্বেতাংগ বহি আছিল। তেওঁলোকৰ ওচৰত গান্ধীজীক দেখি ক'লা মানুহ বুলি ঘৃণ কৰি মাৰ পিট কৰি কম্পাৰ্টমেন্টৰ পৰা উলিয়াই বাহিৰ কৰি দিছিল। গান্ধীজী দুখ পাইছিল কিন্তু একো কোৱা নাছিল। ঠিক তেনেকৈ দক্ষিণ আফ্ৰিকাৰ ক'ৰ্টত যেতিয়া তেওঁ ব্যৱসায়ী জনৰ হকে মোকৰ্দমা চলাইছিল, তাতো জৰ্জে তেওঁক ক'লা মানুহ বুলি অসন্মান কৰি তেওঁৰ গুজৰাটী পাগুৰীটো খুলি তলত দিব কৈছিল। তেওঁ জৰ্জৰ কথা শুনিছিল। বহুত দুখ পাইছিল কিন্তু একো কোৱা নাছিল। কাৰণ দুটা আছিল। প্ৰথম তেওঁৰ হাতত টকা নাছিল। দ্বিতীয়তে তেওঁ দাদা আব্দুলাক কথা দিছিল "মই আপোনাৰ কাৰণে ১ বছৰ মোকৰ্দমা চলাম"। এজন মানুহৰ ওচৰত এবছৰৰ চুক্তি লৈ বচন দিছিল। গতিকে সকলো সহ্য কৰিও মোকৰ্দমাত জয়ী হোৱাটো প্ৰধান উদ্দেশ্য হৈ পৰিছিল। শেষত কেচত জয়ী হৈ নায়কৰ দৰে উলাই আহিছিল।
ইয়াৰ পিছতে তেওঁ আইন অমান্য আন্দোলন দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰিছিল। গোটেই পৃথিৱী বাসীয়ে তেওঁক বহুত প্ৰশংসা কৰিছিল। তেওঁৰ জনপ্ৰিয়তাত প্ৰভাৱিত হৈ গোপাল কৃষ্ণ গোখলে তেওঁক ভাৰতলৈ আমন্ত্ৰণ কৰে আৰু ভাৰতৰ আন্দোলনৰ আঁত ধৰিবলৈ কয়। গান্ধীজী ১৯১৫ চনত পুনৰ ভাৰতলৈ ঘূৰি আহিছিল, সেই দিনটোক প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰিছিল।
খিলাফৎ আন্দোলনঃ এই আন্দোলন ১৯১৯ চনৰ পৰা ১৯২৪ চনলৈ পাঁচ বছৰ ধৰি চলিছিল। সেই সময়ত তুৰ্কীৰ মুছলমান ধৰ্ম গুৰু খলিফাক ইংৰাজে শাসনৰ পৰা বহিস্কাৰ কৰি ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল। আমাৰ দেশৰ মুছলমান সকলেও ইয়াৰ বাবে আন্দোলন কৰিছিল, কাৰণ তেওঁলোকে খলিফাক মহান ধৰ্ম গুৰু মানিছিল।
গান্ধীজীয়ে সেই সময়তে ভাবিলে দেশখনক যদি ইংৰাজ শাসনৰ পৰা মুক্ত কৰিব লগা হয় তেন্তে মুছলমান সকলৰো সহায় সহযোগিতা লাগিব। সেয়ে তেওঁ খিলাফৎ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উদ্দেশ্য এটাই আছিল দেশখনক স্বাধীন কৰা, মুছলমান ভাই সকলৰ হৃদয় জয় কৰিব পাৰিলেহে দেশ স্বাধীন হোৱাত সহায়ক হব। এই আন্দোলনৰ ঢৌ ইমানেই বাঢ়িছিল যে সেই সময়তে ১৯২১ চনত দক্ষিণ ভাৰতত মুছলমান সকলে ১৫০০ হিন্দুক হত্যা কৰিছিল লগতে ২০০০ হিন্দুক জোৰ জৱৰদস্তি কৰি মুছলমান ধৰ্মলৈ পৰিৱৰ্তন কৰিছিল। কিন্তু গান্ধীজী মনে মনে আছিল। এনে এটা পৰিস্থিতিত গান্ধীজীৰ মৌনতা দেখি সকলো হিন্দু গান্ধীজীৰ ওপৰত ক্ষোভ উজাৰিছিল। তেওঁ একো নকলে, মাথো এটা উদেশ্যকে মুঠি মাৰি ধৰি আছিল-মুছলমান সকলে দেশ স্বাধীন হোৱাত সহায় কৰক। গোটেই দেশখনৰ স্বাধীনতাৰ স্বাৰ্থত তেওঁ ১৫০০,২০০০ মানুহক পিঠি দিছিল। গান্ধীজীয়ে ৰাজনৈতিক ভোট বিচাৰি সুবিধা বিচৰা নাছিল। তেওঁ প্ৰধানমন্ত্ৰী হব কোনোদিনে বিচৰা নাছিল। কিন্তু দেশখন বচাব বিচাৰিছিল।
অসহযোগ আন্দোলন ঃ ১৯২০ চনৰ পিছত এইটো বহুত ডাঙৰ আন্দোলন আছিল। ইংৰাজে ভাৰতলৈ ক্ষমতা লাভ আৰু অৰ্থনৈতিক লাভ উঠাবৰ বাবেই আহিছিল। গান্ধীজীয়ে তেওঁলোকৰ প্ৰধান উদ্দেশ্যতে পানী পেলাইছিল। গান্ধীজীয়ে ভাৰতবাসীক তেওঁলোকক সহায় কৰাৰ পৰা আঁতৰাই আনিলে। ইংৰাজে অৰ্থনৈতিক মোনাফা লাভ কৰা উৎসসমূহকে নসাৎ কৰিবলৈ ভাৰতবাসী উঠি পৰি লাগিল। বিলাতী কাপোৰ, স্কুল, কলেজ, উদ্যোগ সকলো বৰ্জন কৰি ব্ৰিটিছ চৰকাৰক নিৰাশ কৰিবলৈ চেষ্টা চলালে। নেতাসকলে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে ইংৰাজ স্কুলৰ সলনি বিদ্যাপীঠ বনাবলৈ আৰম্ভ কৰিলে। গুজৰাট বিদ্যাপীঠ, বিহাৰ বিদ্যাপীঠ, তিলক মহাৰাষ্ট্ৰ বিদ্যাপীঠ, কাশী বিদ্যাপীঠ, বেংগল নেচনেল ইউনিভাৰ্ছিটি, জামিয়া মিলিয়া ইছলামী ইত্যাদি প্ৰতিস্থা কৰিলে। মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, চিত্তৰঞ্জন দাস, চৰ্দাৰ বল্লভভাই পেটেল আদি উকিলসকলে ক'ৰ্টত যোৱা বাদ দি স্বদেশী বস্তুৰ উৎপাদন কৰিবলৈ হাতে কামে লাগিল। গান্ধীজীয়ে নিজেই কাপোৰ বৈ বিদেশী বস্ত্ৰ বৰ্জন কৰিবলৈ সমূহ দেশবাসীক প্ৰেৰণা যোগালে। বিলাতী কাপোৰবোৰ ঠায়ে ঠায়ে মেজি সাজি জুই লগাই পুৰিলে। ইংৰাজ ভীষণ লোকচানৰ সন্মুখীন হৈ দিষ্টাৰ্ব হৈ পৰিছিল
চৌৰিচৌৰা ঘটনা১৯২২ চনৰ ১৪ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা নামৰ গাঁৱত এটা ভীষণ দুৰ্ঘটনা ঘটে। এদল অধৈৰ্য অসহযোগীয়ে তাৰ থানাখন জুই লগাই পুৰে আৰু তাৰ ২২জন পুলিচক জ্বলা জুইত পুৰি মাৰে। এচাম মানুহে এই জঘন্য পাপ কৰি গোটেই ভাৰতবৰ্ষৰ মুক্তি আন্দোলনত ব্যাঘাত জন্মোৱাত গান্ধীজীয়ে মৰ্মান্তিক দুখ প্ৰকাশ কৰে। ইয়াৰ বাবে ২২৮ জন মানুহক ক'ৰ্টলৈ লৈ গৈছিল। ইয়াৰে১৭২ জনক মৃত্যুদণ্ড আৰু ৪০ জনক কাৰাদণ্ড বিহিলে। এই কথাত গান্ধীজী বহুত দুখ পাইছিল। গান্ধীজীয়ে বিচাৰিছিল অহিংসাৰে আন্দোলন কৰি দেশখনক মুক্তি কৰাটো। তেওঁৰ মতে An eye for an eye makes the whole world blind".
ইফালে ব্ৰিটিছে মাৰ্চেণ্ট ল' ঘোষণা কৰিছিল। এই ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁ অসহযোগ আন্দোলন বন্ধ কৰিছিল। কাৰণ তেওঁ জানিছিল আন্দোলন চলাই নিলে বহুত ভাৰতীয়ৰ মৃত্যু হব। কিন্তু তেওঁৰ ঘোষণাত বহুতো মানুহে তেওঁক বেয়া পাইছিল। তেওঁলোকৰ মতে গান্ধীজীয়ে ইচ্ছা কৰিলে আন্দোলন কৰে আৰু ইচ্ছা নগলেই আন্দোলন বন্ধ কৰে। কিন্তু গান্ধীজী নিজেই কাৰাদণ্ডত যাবলগা হৈছিল। অসহযোগ আন্দোলন বন্ধ কৰাৰ বাবে গান্ধীজীৰ নিজ পুত্ৰ আৰু ভগৎ সিঙ ও তেওঁৰ বিৰোধ হৈ পৰিছিল।কিন্তু গান্ধীজীয়ে জানিছিল আন্দোলন চলাই থাকিলে ইংৰাজে বহু ভাৰতীয়ক গুলিয়াই মাৰি পেলাব, তেতিয়া কোনখিনি মানুহক লৈ দেশখন মুক্ত কৰিবলৈ চেষ্টা চলাব?
দাণ্ডি যাত্ৰা ঃ ইংৰাজে সেই সময়ত নিমখৰ দাম বহুত বঢ়াই দিছিল। নিমখত প্ৰায় ২৪০০%টেক্স লগাইছিল। প্ৰকৃতিৰ পৰা পোৱা বস্তুত ইমান টেক্স লগোৱাত গান্ধীজীয়ে বিৰোধ কৰি দাণ্ডি যাত্ৰা ঘোষনা কৰিলে। কিন্তু এই যাত্ৰাত যাবলৈ তেওঁ ৭৯জন মানুহক হে পৰীক্ষা কৰি বাছি বাছি লগত লৈছিল। কাৰণ তেওঁ চৌৰিচৌৰা ঘটনাটোৰ বাবে পৰিস্থিতি বেয়া হব বুলি গম পাইছিল। তেওঁ কৈছিল "আমি হয়তো জীৱন্তে ঘূৰি আহিম নে নাই কোনো ঠিক নাই"। এই যাত্ৰাত সৰোজিনী নাইডু, আব্বাছ তৈয়ব ৰ সৈতে ৭৯ জন মানুহ দাণ্ডি যাত্ৰা লৈ ওলাল। ১৯৩০ চন ১২ মাৰ্চ ৰ পৰা ধৰি ৫ এপ্ৰিললৈ এই যাত্ৰা চলিছিল। ৩৫৮ কিঃমিঃ লৈ তেওঁলোকে খোজকাঢ়ি গৈছিল। পুলিচে বাটতে গান্ধীজী আৰু লগৰবোৰক বহু মাৰ পিট কৰিছিল। তথাপি তেওঁলোক নৰৈ অহিংসভাৱে গৈ থাকিল, এনেকৈয়ে ২০০০০ লোক লগ লাগিছিল।( Assamese Storyboard )
গান্ধী আৰউইন চুক্তি ঃ১৯৩১ চনৰ ১৭ ফেব্ৰুৱাৰী পৰা ৫ মাৰ্চ পৰ্যন্ত আৰউইনৰ লগত গান্ধীজীৰ শান্তি চুক্তিৰ আলোচনা চলে। গান্ধীজীয়ে অহিংসা নীতিৰে চলিম বুলি ৫ মাৰ্চৰ দিনা তেওঁ কংগ্ৰেছৰ পক্ষ হৈ আৰু লৰ্ড আৰউইন চৰকাৰৰ পক্ষ হৈ চুক্তিপত্ৰত চহী কৰে। এই চুক্তিত গান্ধীজীয়ে কৈছিল যে অহিংসভাৱে আন্দোলন কৰা সকলক ফাটেকত নিদিয়ে যাতে। তেতিয়া আৰউইনে কৈছিল অহিংসাবাদী সকলক বাৰু একো নকৰো ভগৎ সিঙ, সুখদেৱ, ৰাজগুৰু ইহঁতটো হত্যাকাৰী, ইহঁতক কি কৰিম? গান্ধীজীয়ে এইটো সিদ্ধান্ত আৰউইনৰ ওপৰত এৰি দিছিল। এই কথাটোৱে বহুতো ভাৰতীয় মানুহৰ মনতে দুখ দিছিল। কিছুমান ইতিহাস বিদৰ মতে গান্ধীজীয়ে ইচ্ছা কৰা হয় তেওঁলোকক বচাব পাৰিলে হয়। কিন্তু তেওঁ নবচালে। গান্ধীজীৰ মতে তেওঁলোকে অহিংসা নীতিত নচলে। এই কথাত সুভাষ চন্দ্ৰ বসু সগতে বহুতো লোকে গান্ধীজীক ক'লা পতাকা দেখুৱাই ক' লা ফুল প্ৰদান কৰিছিল।
দেশৰ প্ৰান্তে প্ৰান্তে প্ৰাদেশিক নিৰ্বাচন আৰম্ভ হবলৈ ধৰিছিল। বোম্বে, বিহাৰ, বেংগল, উৰিষ্যা, অসম এই সকলো ঠাইতে কংগ্ৰেছ দলে বিজয়ী হৈছিল আৰু মুছলীম লীগ হাৰিবলৈ ধৰিছিল। কংগ্ৰেছ শক্তিশালী হোৱাৰ লগে লগে দুৰ্নীতিয়ে গ্ৰাস কৰিবলৈ ধৰিলে। সকলোৱে গান্ধীজীক অভিযোগ কৰিলে কংগ্ৰেছত কেৱল দুৰ্নীতি চলিছে বুলি। তেওঁ নেহেৰু আৰু পেটেলক বুজালে যে কংগ্ৰেছক ধ্বংস কৰিব লাগে। কিন্তু তেওঁলোক কংগ্ৰেছ ধ্বংস কৰিবলৈ ৰাজি নহল। নেহেৰুৱে গান্ধীজীক প্ৰতিবাদ কৰি কলে যে দুৰ্নীতি হলেও কংগ্ৰেছ দলক এই সময়ত ধবংস কৰিলে মুছলীম লীগে লাভ উঠাব। গান্ধীজীয়ে পৰামৰ্শ দিলে দেশ স্বাধীন হোৱাৰ লগে লগে কংগ্ৰেছ বন্ধ কৰি দিব।
ভাৰত ত্যাগ আন্দোলনঃ কইট ইণ্ডিয়া বা ভাৰত ত্যাগৰ অৰ্থ ইংৰাজে টালি টোপোলা বান্ধি ভাৰত এৰি যোৱা নহয়। ভাৰতবাসীৰ হাতত শাসন ভাৰ দি ভাৰত মাতাৰ সেৱক ৰূপে তেওঁলোকে যিমান দিন ইয়াত থাকিব বিচাৰে থাকক, এয়াহে অন্তৰ্নিহিত ভাৱ। মহাত্মা গান্ধীজীয়ে কেৱল শান্তি আৰু অহিংসাৰে ভাৰতক মুক্ত কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংৰাজক সহায় কৰিছিল কাৰণ তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে বিশ্বযুদ্ধত ভাৰতে ইংৰাজক সহায় কৰিলে ভাৰতক স্বাধীনতা প্ৰদান কৰিব। গান্ধীজীয়ে ইংৰাজক সহায় কৰা বাবে বহু মানুহে তেওঁক বেয়া পাইছিল।
প্ৰধানমন্ত্ৰী নিৰ্বাচন ঃ গান্ধীজীয়ে প্ৰধানমন্ত্ৰী নেহেৰুক বনালে যিজনে এটাও ভোট পোৱা নাছিল। আৰু যিজন বল্লভ ভাই পেটেলে ১২ টা ভোট পাইছিল তেওঁৱে বঞ্চিত হৈছিল। এই কথাত সকলো লোক ক্ষোভিত হৈ তেওঁক প্ৰশ্ন কৰিছিল পেটেলৰ ঠাইত নেহেৰুক কিয় প্ৰধানমন্ত্ৰী বনালে? তেওঁ উত্তৰ দিছিল কংগ্ৰেছ ভাঙি নাযাব বাবে। নেহেৰুক যদি প্ৰধানমন্ত্ৰী পদটো দিয়া নহয় তেওঁ কংগ্ৰেছ দলটো ভাঙি পেলাব। নেহেৰুৱে ধুনীয়াকৈ ইংৰাজী কব পাৰিছিল, আন্তঃৰাষ্ট্ৰীয় দিশবোৰ চম্ভালিব পাৰিব, আৰু পেটেলে দেশৰ আভ্যন্তৰীণ দিশবোৰ চাব। নেহেৰুৱে কংগ্ৰেছ দলটো ভাঙি পেলালে কেনেবাকৈ ইংৰাজে পুনৰ দেশত শাসন চলাব "।
সাম্প্ৰদায়িক সংঘৰ্ষ আৰু দেশ বিভাজন ঃ ১৯৪০ চনৰ মাৰ্চ মাহত মুছলীম লীগে প্ৰথম পাকিস্তানৰ দাবী কৰাৰ পিছৰে পৰা মুছলমান জনসাধাৰণৰ মাজত এই দাবী ৰ জনপ্ৰিয়তা বাঢ়ি আহিছিল। কিন্তু মহাত্মা গান্ধী অখণ্ড ভাৰতৰ পূজাৰী আছিল। তেওঁ দেশ বিভাজন হোৱাটো বিচৰা নাছিল। কিন্তু আলী জিন্নাই নেৰা নেপেৰাকৈ সুকীয়া পাকিস্তানৰ দিমাণ্ড কৰিছিল। মাউন্টবেটেনৰ লগত গান্ধী, পেটেল, নেহেৰু আৰু জিন্না আলোচনাত বহে। জিন্নাই জানিছিল ইংৰাজ থাকোতেই পাকিস্তানক সুকীয়া ৰাষ্ট্ৰ হিচাপে আদায় কৰিব পাৰিলেহে পোৱা, নহলে পিছত অসম্ভব। অৱশেষত দেশ বিভাজন ঘোষণা হল। এই ঘোষনাই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিলে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হল। সমগ্ৰ পঞ্জাৱ, বঙ্গদেশ আৰু অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ লীগে দাবী জনায়। ফলত ভাৰতৰ নানা ঠাইত সাম্প্ৰদায়িক কন্দলৰ সৃষ্টি হয়। ১৯৪৬ চনৰ ১৬ আগষ্টত কলিকতাত এই ভাতৃ বিৰোধৰ ভাবে ভয়ঙ্কৰ মূৰ্তি ধাৰণ কৰে পূৱ বংগত তাৰ ভীষণ প্ৰতিক্ৰিয়া আৰম্ভ হয়। কাটা মাৰা হৈ দেশ ৰক্তাক্ত হৈ পৰে। দেশৰ এনে অৱস্থা দেখি গান্ধীজী মৃতপ্ৰায় হয়। তেওঁ নিজৰ জীৱনৰ প্ৰতি মমতা এৰি১৯৪৬ চনৰ ৭ নৱেম্বৰত নোৱাখালি জিলাত উপস্থিত হয়গৈ আৰু উন্মত্ত সাম্প্ৰদায়িক অগনিৰ মাজত সোমাই তাক নুমুৱাবলৈ প্ৰাণপ্ৰনে যত্ন কৰে। আশি বছৰ বয়সত নিতৌ দহ বাৰ মাইলকৈ খোজকাঢ়ি ফুৰি সাম্প্ৰদায়িক সদ্ভাৱ আনিবলৈ চেষ্টা কৰিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজে স্বাধীন ভাৰতক শাসন হস্তান্তৰ কৰিলে। মহম্মদ আলী জিন্না পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল হল আৰু মাউন্টবেটেন ভাৰতৰ গৱৰ্ণৰ হৈ থাকিল।
দেশ স্বাধীন হল যদিও সাম্প্ৰদায়িক বিষোদগীৰণে গান্ধীজীক মৃতপ্ৰায় কৰি তুলিলে। তেওঁ সাম্প্ৰদায়িক মিলা প্ৰীতি বিচাৰিছিল। কিন্তু নিজৰ আত্মীয় কুটুমক হেৰুৱাই এচাম মানুহৰ হৃদয়ত কেৱল ঘৃণাহে সৃষ্টি হৈছিল। তেওঁৰ সাম্প্ৰদায়িক মিলনৰ চেষ্টা বহুতো ধৰ্মান্ধ লোকে বেয়া পাইছিল। অৱশেষত ৩০ জানুৱাৰীত এজন ধৰ্মান্ধ ডেকাই গান্ধীজী প্ৰাৰ্থনা সভালৈ যোৱা বাটতে তেওঁক গুলিয়াই দিছিল। প্ৰথম গুলিতে তেওঁ - - - হে ৰাম উচ্চাৰণ কৰি মাটিত ঢলি পৰি চিৰদিনলৈ চঁকু মুদিলে।
এই সকলো ভুল শুদ্ধৰ মাজত গান্ধীজীৰ মাত্ৰ এটাই প্ৰধান উদ্দেশ্য আছিল সকলোতকৈ আগত দেশখনক আগস্থান দিয়া। ইয়াত তেওঁৰ কোনো নিজা স্বাৰ্থ নাছিল। তেওঁ সমাজৰ জাতিভেদ প্ৰথা, উচ্চ নীচ ভেদ ভাৱ, অস্পৃশ্যতা আদিক বিৰোধ কৰিছিল।
বিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে তেওঁক গুৰু মানিছিল। আইনষ্টাইনে তেওঁক গ্ৰেটেষ্ট মেন অৱ 20থ চেঞ্চুৰী কৈছিল। ৰবিন্দ্ৰনাথ ঠাকুৰে তেওঁক মহাত্মা গান্ধী উপাধি দিছিল। সুভাষ চন্দ্ৰ বসুৱে তেওঁক ফাদাৰ অৱ নেছন কৈছিল। শান্তিৰ নোবেল বঁটা লাভ কৰা মাৰ্টিন লুথাৰ কিং জুনিয়ৰে তেওঁৰ পৰা অনুপ্ৰাণিত হৈছিল। চৰ্দাৰ বল্লভভাই পেটেলে তেওঁৰ সন্মানত প্ৰধানমন্ত্ৰী পদটোকে ত্যাগ কৰিছিল। ১৫০ খনতকৈ অধিক দেশত ৮০০ ত কৈ বেছি ডাক টিকট তেওঁৰ নামত আছে। ৭০ খনতকৈও অধিক দেশত তেওঁৰ প্ৰতিমূৰ্তি আছে। ৯০ হাজাৰ কিতাপ তেওঁৰ ওপৰত লিখিছে। ৪৫ত কৈ অধিক ফ্লিম তেওঁক লৈ বনাইছে। ৫০০ ডকুমেন্টেৰী তেওঁৰ নামত। নাৰায়ণ মূৰ্ত্তি যে ইনফুছিচ ৰ অনুপ্ৰেৰণা মহাত্মা গান্ধীজী বুলি কয়। মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ ৰাজকুমাৰ হিৰাণিয়ে সঞ্জয় দত্তৰ সৈতে লগে ৰহৌ মুন্নাভাই চিনেমা খন বনালে। ৰিচাৰ্দ এ গান্ধীজীৰ পৰা অনুপ্ৰাণিত হৈ গান্ধী চিনেমা খন বনায়, যাৰ বাবে ৭ টাকৈ অস্কাৰ এৱাৰ্ড পাবলৈ সক্ষম হল। ইংৰাজীত তিনিটা শব্দ পেচেন্স, টলিৰেন্স আৰু মডেষ্টি তিনিটা গুণ যাৰ আছে তেওঁৱে মহান। মহাত্মা গান্ধীজীৰ গাত এই তিনিওটা গুণ বিদ্যমান আছিল।
ইমানখিনি সন্মান প্ৰাপ্ত হোৱা ব্যক্তিজন আমাৰ দৰে সাধাৰণটো হব নোৱাৰে ন'?
আপুনি তেওঁক কোনটো স্থানত ৰাখে সেই চিন্তাধাৰা আপোনাৰ একান্ত ব্যক্তিগত।
কিন্তু দেশ স্বাধীন হোৱাৰ বাবে তেওঁ কৰা কষ্টখিনিক মই সদায় সন্মান কৰো👏
বিঃদ্ৰঃ এয়া মোৰ একপক্ষীয় মত নহয়। তেওঁৰ বিষয়ে অধ্যয়ন কৰি পোৱা কিছু তথ্যহে।
*******সমাপ্ত*******
✍️ববিতা ডি. শৰ্মা
গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment