কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১০ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১০ ) ? Assamese Storyboard

Assamese Storyboard


পিছদিনা ৰাতিপুৱা ৰিংকু ঘৰ আহি পালে। তাক দেখি সকলোৱে বহুত আনন্দিত হল। আজি বেদান্তও কলেজলৈ নগল। বেদান্তই ফুৰ্তিতে চিঞৰি কলে," দাদা, মই বহুত সুখী( Assamese Storyboard )। অৱশেষত মই তোমাৰ লগত সময় কটাব পালো। মই তোমাক বহুত মিছ কৰিছিলো দাদা।"
  ৰিংকুয়েও তাক আনন্দত সাৱটি ধৰিলে," অ, মই এতিয়া তোমাৰ লগতেই থাকিম।" ৰিংকুয়েও তাক বহুত মৰম কৰে। সি বেদান্তৰ কাৰণে যিকোনো কাম কৰিব পাৰে। 
  বেদান্তৰ মাত শুনি কল্পনা আৰু অমৰো বাহিৰলৈ ওলাই আহিল। ৰিংকুক দেখি কল্পনাই কলে," আজি মোৰ লৰা সচাকৈ ঘৰলৈ উভতি আহিল।" তাৰ মূৰত হাতখন ফুৰাই চুমা যাচিলে। ৰিংকুয়ে প্ৰথমে মাক দেউতাকৰ ভৰিত ধৰিলে আৰু তাৰ পাছত সাৱটি ধৰিলে।
  সকলো ভিতৰলৈ আহি বহিল আৰু ৰিংকুক তাৰ এই দীঘলীয়া যাত্রাৰ বিষয়ে সুধিলে। তাৰ পাছত কল্পনা পাকঘৰলৈ গুচি গল ৰিংকুৰ বাবে খোৱাৰ যোগাৰ কৰিবলৈ। ৰিংকুয়ে অলপ সময় ইফালে সিফালে চালে, সি ৰিয়াক বিচাৰি ফুৰিছিল। ৰিয়াক নেদেখি সি শান্তিৰ উশাহ ললে," অন্তত দেখাদেখি হোৱাৰ পৰা বাছিলো।" তাৰ পাছত সি মুখ হাত ধুবলৈ তাৰ ৰুমলৈ গুচি গল।

যেতিয়া সি ফ্ৰেচ হৈ বাহিৰলৈ আহিল তাৰ চকু অনায়াসে ৰিয়াৰ ৰুমলৈ গল। ৰুমৰ দৰ্জা বন্ধ আছিল, হয়তো তাই ভিতৰত আছে নতুবা তলত আছে। ৰিংকুয়ে ভাবিলে যে সি কিয় ৰিয়াৰ বিষয়ে ভাবি আছে। সি তললৈ নামি আহিল। অনিচ্ছাস্বত্তেও তাৰ দুচকুৱে ৰিয়াকেই বিচাৰি আছিল।
 অৱশ্যে বেদান্তই ৰিয়াৰ লগত জড়িত প্ৰতিটো সৰু কথাই ৰিংকুক ফোনত কৈছিল কিন্তু ৰিয়া হোষ্টেল যোৱাৰ পাছত হয়তো সি জানি বুজি ৰিংকুক নোকোৱাকৈ আছে। বেদান্তই ৰাতিপুৱাৰ পৰা লক্ষ কৰি আছিল যে ককায়েকৰ দুচকুৱে ৰিয়াক বিচাৰি ফুৰিছে। ৰিংকু এনেদৰে ৰিয়াক চাবৰ বাবে উছপিচাই থকা দেখি সি খুব ভাল পালে। এতিয়া বেদান্তই নজনাৰ ভাও ধৰি ৰিংকুক জোকাব ধৰিলে।
 বেদান্ত: দাদা তুমি কিবা বিচাৰি আছা নেকি?
 ৰিংকুয়ে উচপ খাই উঠি কলে," নাই তো।"
 বেদান্ত: কিন্তু মোৰ এনেকুৱা লাগিল যেন তুমি কিবা বিচাৰি ফুৰিছা।
 সেই সময়তে চাহৰ কাপ লৈ অমৰে কল্পনাক কলে," ইমান দিনৰ পৰা ৰিয়াৰ হাতৰ চাহ খাই অভ্যাস হৈ পৰিছিল সেইবাবে আজি চাহ কাপ সোৱাদ লগা নাই।"

কল্পনাইও উদাস মনেৰে কলে," আপুনি একেবাৰে ঠিক কথাই কৈছে। আজি কিমান দিনৰ পাছত মই ৰাতিপুৱাৰ চাহ কাপ কৰিছো । সদায়টো ৰিয়াই গোটেই পাকঘৰটো চম্ভালি লয়।" দুয়ো আকৌ উদাস হৈ পৰিল। তেওঁলোকে ৰিয়াৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল।
 ৰিয়াৰ নাম শুনিয়েই কিয় জানো ৰিংকুৰ বুকুখন ঢপধপালে," তাই সঁচাকৈয়ে ঘৰ এৰি গুচি গল নেকি?"
 প্ৰথমে ৰিংকুয়ে অলপ সংকোচ কৰিলে । তাৰ পাছত সি এই বিষয়ে বেদান্তক ইংগিত দি সোধাত ৰিয়া হোষ্টেলত থাকিব যোৱাৰ কথা বেদান্তই কলে। কথাষাৰ শুনি তাৰ অলপ বেয়া লাগিল। সি বুজি পালে যে ৰিয়া তাৰ বাবেই হোষ্টেল গুচি গল। 
কল্পনাই আশা ভৰা দৃষ্টিৰে ৰিংকুলৈ চাই কলে," এতিয়া তো তুমি উভতি আহিলা। অন্তত এতিয়া তোমাৰ আৰু ৰিয়াৰ সম্পৰ্কটোৰ কথা অলপ ভাবা। এনেদৰে কেতিয়ালৈকে চলিব?  তোমাৰ তাইৰ লগত বিয়া হৈছে, তাই তোমাৰ দায়িত্ব হয়। এতিয়ালৈকেতো বেদান্তই তাইক বহুত ভালদৰেই চম্ভালি আছিল।কিন্তু এতিয়া তুমি তোমাৰ দায়িত্ব বুজিবলৈ চেষ্টা কৰা।"


কথাষাৰ শুনি ৰিংকু থিয় হল। সি এইবোৰ প্ৰশ্নৰ পৰাই বাচিব খুজিছিল। সি দেউতাকৰফালে চাই কলে,"দেউতা, মই আজিৰ পৰাই অফিচ জইন কৰিব বিচাৰো।"
 অমৰ: কিন্তু তুমি আজি আহিচাহে , আজি আৰাম কৰি লোৱা অহাকালিৰ পৰা অফিচলৈ যাবা।
 ৰিংকুয়েও দেউতাকৰ কথাত সন্মতি দি মূৰ জোকাৰি নিজৰ ৰুমলৈ গুচি গল।
 কল্পনাই ৰিংকুক এনেদৰে যোৱা দেখি উদাস হৈ কলে," মোৰ ৰিয়াৰ কপালত যে কি লিখা আছে ঠিক নাই?"
   ইফালে ৰিয়াই হোষ্টেলৰ ৰুমত ইফালৰ পৰা সিফালে চিন্তাত ঘূৰি আছে। তাই বাৰে বাৰে ফোনটোৰ ফালেও চাই আছিল। উৰ্মিয়েও বিছনাত বহি ভালদৰে তাইক চাই আছিল। যেতিয়া ৰিয়া ভাগৰি পৰিল তাই বিছনাত বহি পৰিল আৰু উৰ্মিক কলে,"আজি বেদান্ত কলেজলৈও নাহিল আৰু এতিয়ালৈকে ফোন এটাও কৰা নাই।"
 উৰ্মিয়েও ৰিয়াৰ অৱস্থাৰ কথা নজনাৰ ভাও জুৰি কলে," অ তাতে নো কি হল? কেতিয়াবা চাগে তাৰ কলেজ আহিব মন নাযায় আৰু সেইবাবে আজি নাহিল চাগৈ। তুমি পিছে ইমান চিন্তা কিয় কৰিছা? বেদান্তৰ লগত কিবা বিশেষ কাম আছিল নেকি?"
 ৰিয়াই লাজ কৰি কলে," মানে.... আজি ৰিংকু দা আহিল চাগৈ, তেওঁৰ বিষয়ে জানিব লগা আছিল।"
 উৰ্মিয়ে মিছাকৈ অভিমান কৰি কলে," মইতো প্ৰথমেই কৈছিলো ঘৰত থাকা বুলি কিন্তু তুমিহে জিদ কৰিলা তেওঁৰ সন্মুখত নাথাকা বুলি।"
ৰিয়াই আৰু একো কব নোৱাৰিলে।

পিছদিনা যেতিয়া বেদান্ত কলেজলৈ আহিল ৰিয়া তাৰ ওচৰলৈ দৌৰ মাৰি গল আৰু কলে," বেদান্ত মা দেউতা কেনে আছে?"
বেদান্ত: সকলো ঠিকেই আছে।
ৰিয়া: আৰু তুমি?
বেদান্ত: মোৰ আকৌ কি হব? মইতো তোমাৰ সন্মুখত আছো একদম ঠিকথাক।
  উৰ্মিয়ে ৰিয়াক জোকাই কলে," আৰু কাৰোবাৰ কথা সুধিব আছে যদি সুধি লোৱা , সম্পূৰ্ণ ১বছৰৰ পাছত লগ পাইছা যেতিয়া।"( Assamese Storyboard )

  বেদান্তইও সকলো বুজি পায় লাহেকৈ হাঁহি দিলে। ৰিয়াই লাজতে ইফালে সিফালে চাব ধৰিলে। বেদান্তই তাইক এনেকুৱা কৰি থকা কাৰণে কলে," যোৱাকালি দাদাইও এনেদৰেই ইফালে সিফালে কাৰোবাক বিচাৰি ফুৰিছিল।"
তাৰ পাছত সি অলপ উদাস হল। তাৰ মনত পৰিল ,কেনেকৈ মাকে ৰিয়াৰ কথা কওঁতে  ৰিংকু উঠি গুচি গৈছিল।
 সেই সময়তে বিতু আহি উপস্থিত হল,"তোমালোক তিনিজন কেণ্টিনত আছা আৰু মই তোমালোকক ক্লাছত বিচাৰি ফুৰিছো।"
উৰ্মিয়ে অলপ খঙেৰে কলে," কিয় বিচাৰি আছিলা, কিবা কাম আছিল নেকি?"
 বিতুৱে এনেদৰে ৰিয়াৰ ওচৰে পাজৰে থকাটো উৰ্মিয়ে ভাল পোৱা নাছিল। তাই বিতুক ৰিয়া আৰু ৰিংকুৰ কথা সকলো কৈ দিব খুজিছিল কিন্তু বেদান্তই কবলৈ বাধা দিলে । সিহঁত দুয়োটাই বুজি উঠিল যে বিতু ৰিয়াৰ প্ৰতি অলপ দুৰ্বল হৈছে কিন্তু এতিয়া একো কব খোজা নাছিল।


বিতু: একো কাম নাই কিন্তু আমি এতিয়া বন্ধু যেতিয়া বিচাৰিবটো লাগিবই। মই অহাৰ বাবে যদি তোমালোকৰ কিবা অসুবিধা হৈছে তেন্তে মই যাওঁ।
ৰিয়া: নাই নাই, আহা বহা।
বিতু: তুমিয়েই মোৰ সঁচা বান্ধৱী ,বাকীবোৰ নামতহে বন্ধু
 বিতুৱে উৰ্মি আৰু বেদান্তক জোকাই কলে। সি এনেদৰে কোৱাৰ বাবে সকলোৱে হাঁহি দিলে।
ৰিয়াই কলে," অ উৰ্মি তোমাক কবলৈ পাহৰিলোয়েই। দেওবাৰে মই ঘৰলৈ যাব লাগিব আৰু লগতে তুমিও যাবা।" ৰিয়াই অকলে ঘৰলৈ যাব খোজা নাছিল।
 উৰ্মি: কিন্তু মই তালৈ গৈ কি কৰিম? তুমি বেদান্তৰ লগত গুচি যাবা।
বেদান্ত: আৰে মান্তি হোৱা না।
 উৰ্মিয়ে তাক চকুৰে ইংগিত দি নাযাওঁ বুলি কৈছিল যদিও শেষত যাবলৈ প্ৰস্তুত হল।
 বিতুয়ে কথাষাৰ শুনি তৎক্ষণাত কলে," ৱাহ , মইও যাম। খুৰীৰ হাতৰ খাদ্য খোৱা বহুত দিন হল।"

তাৰ পাছত ৰবিবাৰ দিনটো আহিল। বেদান্ত ৰাতিপুৱাই গাড়ী লৈ উৰ্মি আৰু ৰিয়াক আনিবলৈ গল । বিতুও আহিল আৰু সকলো ঘৰলৈ বুলি গল।
 কল্পনাই ৰিয়াক দেখি ফুৰ্তিত তাইক সাৱটি ধৰি কলে," তুমি নিজৰ লগতে গোটেই ঘৰখনৰ হাঁহি ফুৰ্তি লগত লৈ গ'লা।"
ৰিয়াইও হাঁহি দিলে,"কেনে আছে মা আৰু দেউতা কত আছে?"
অমৰো বাহিৰলৈ ওলাই আহিল আৰু ৰিয়াই তেওঁক সেৱা জনাই সুধিলে," দেউতা আপুনি ভালে আছে নহয়?"
অমৰ: তোমাৰ অবিহনে কেনেকৈ ভাল হব পাৰে? কিন্তু এতিয়া তোমাক দেখিলো যেতিয়া মই ভালে আছো ।
বিতু আৰু উৰ্মিয়েও মাক দেউতাকক সেৱা জনাই ভিতৰলৈ আহি বহিল আৰু কথা পাতিব ধৰিলে।
ৰিয়া ঘৰলৈ অহাৰ কথা ৰিংকুয়ে খবৰ পোৱা নাছিল। যেতিয়া তলত হুলস্থুল হোৱা শুনিলে তেতিয়া সি তললৈ নামি আহিল। ৰিয়াক দেখি সি থমকি ৰল। এনে লাগিল যেন তাৰ মনটোয়ে শান্তি পালে। ৰিংকু তললৈ আহি সিহঁতৰ লগত বহিল।
 ইচ্ছা নাছিল যদিও ৰিংকুয়ে বাৰে বাৰে ৰিয়াৰ ফালে চাই আছিল। সি ৰিয়াৰ লগত কথা পাতিব খুজিছিল। কিন্তু ৰিয়া তাৰ পৰা কামৰ অজুহাত দেখুৱাই উঠি আহিল। গোটেই দিন ৰীয়াই ৰিংকুক ইগনউৰ কৰিলে যেন তাই নিজৰ অভিমানবোৰ প্ৰকাশ কৰিছে।
 সন্ধিয়া ৰিয়া হোষ্টেললৈ আহিল। এইবোৰ দেখি ৰিংকুৰ অলপ বেয়াও লাগিল। সি এতিয়াও তাইৰ কথাই ভাবি আছিল। ৰিয়াৰ এই অভিমানৰ কাৰণো সিয়েই হয়।


ৰিংকুয়ে এতিয়া উপলব্ধি কৰিছে যে সেইদিনা সি ইমান খঙ দেখুৱাব নালাগিছিল। এইবোৰত নো ৰিয়াৰ কি দোষ আছে? সি এতিয়া নিজৰ ভুল বুজি পাইছে। সি বিয়াৰ বাবে মান্তি হবই নালাগিছিল। এতিয়া ৰিয়াৰ কথা ভাবি তাৰ বেয়া লাগিল।
   সি এতিয়া ভাবিব পাৰিছিল যে ৰিয়াই এইবোৰৰ বাবে কিমান কষ্ট পালে মনত। ৬ মাহ পাৰ হৈ গল এই কথাটো হৈ যোৱা।ৰিংকুয়ে এবাৰো ৰিয়াৰ লগত কথা পাতিবলৈ চেষ্টা কৰা নাছিল। ৰিয়াইও তো নিজৰ ফালৰ পৰা আগবাঢ়িবলৈ কোনো চেষ্টা কৰা নাছিল। আৰু আজিও তাই ৰিংকুক ইমান পাত্তা দিয়া নাছিল। 
   ৰিংকুয়ে যেতিয়া নিজেই এই বিয়া অস্বীকাৰ কৰিলে তেন্তে এতিয়া কিয় ৰিয়াৰ মনোযোগ বিচাৰিছে? কিয় আজি সি গোটেই দিন তাইৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি আছিল? কিয় সি তাইক ক্ষমা খুজিব বিচাৰিলে? আচলতে ৰিংকুয়ে বিচাৰিছে কি?

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages