ৰহস্যময় যেন চৌদশে কেৱল অন্ধকাৰ আৰু সমগ্ৰ ৰাস্তাটোৰ কাষে কাষে কেৱল হাবি আৰু হাবি পৰিবেশটো সম্পূৰ্ণৰূপে মৌন কোনো ধৰনৰ মানুহৰ ঘৰ নাছিল সেই ঠাইত হাবিৰ মাজত আচৰিত কোলাহল ভয়ানক শব্দ ।( Assamese Storyboard ) ৰাজীৱ আৰু তাৰ পৰিয়ালটো গাড়ীত এখন বিয়াৰ পৰা উভতি আহি আছিল সেই পথেৰে অত্যন্ত গহীন আৰু জয়াল পথত মাএ তেওলোক সেই পথত নিশা বাৰ বাজিছে ভয়তে ৰাজীৱৰ মাকে পিছৰ ছিটৰ পৰা মাত লগালে হেৰি সোনকালে এই হাবিবোৰ পাৰ কৰকচোন মোৰ হলে বৰ ভয় লাগিছে ।
হেৰা একো নহয় তুমি মিছাতে ভয় খাইছা।
এনেতে এজন মানুহ তেওঁলোকৰ গাড়ীৰ আগত কৰপৰা জানো ওলাই দিলে মানুহজনক খুন্দা মাৰা শব্দ হল ।
কোনো ঘৰেই নাই এই ঠাইত তথাপিও কৰপৰা এই মানুহজন ইয়াত ওলাল বুলি তেওঁলোক ভয়ে ভয়ে গাড়ীৰ পৰা নামি চাবলৈ গল।
কিন্তু ক'তা কোনো নাই দেখোন ৰাস্তাটো সম্পূৰ্ণৰূপে খালী। এনেতে পিছফালৰ পৰা ভয়ানক মাত লৈ মুখখন আধাজলা অদ্ভুত ভয়ংকৰ মানুহটোৱে চিঞৰি চিঞৰি কৈ উঠিল এই পথত আহিছ মৃত্যু নিশ্চিত, বাছিব নোৱাৰ হা হা হা। ৰৈ আছে মৃত্যু ৰৈ আছে অলপ আগত যা বৰগছৰ তলত মৰনে অপেক্ষা কৰিছে এইবুলি কৈ নিমিষতে মানুহজন অদৃশ্য হৈ গল।
ভয়ত ঘামত তিতি গল ৰাজীৱ আৰু তাৰ দেউতাক সোনকালে সেই ঠাই পাৰ কৰাটোৱেই ভাল বুলি ভাবি লৰালৰিকৈ গাড়ীত সোমাল।
মাক গাড়ীৰ ভিতৰতে আছিল কি হল ৰাজীৱ নকও কিয়?মাকে ভয় খাব বুলি একো নাই কোনো নাছিল আন্ধাৰ যে আমাৰ ভ্ৰম হল মা ।ব'ল ব'ল ইয়াৰ পৰা সোনকালে কিছুদূৰ অতিক্ৰম কৰাৰ সচাকৈয়ে এজোপা বৰগছ দেখা পালে ।
দুয়োজনৰ সেই ভয়ানক মানুহটোৰ কথাবোৰলৈ মনত পৰিল।
কিন্তু সাহসেৰে অতিক্ৰম কৰি গৈ থাকিল।তেনেতে এটা কলা মেকুৰীয়ে বাটতো আগভেটি দিলে। গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছজোপাত খুন্দা মাৰি দিয়ে আগফালৰ হেডলাইট দুটা সম্পূৰ্ণৰূপে ভাঙি ফিউজ হৈ পৰে। এইবোৰ সচাকৈ কি হৈছে ধৰিব পৰা নাই তেওঁলোকে বহুত ভয় খাইছে।
এইবাৰ এটা ভয়ানক হাঁহি বৰগছৰ ওপৰৰ পৰা বগা সাজ পৰিধান কৰা অতিকৈ ভয়ানক এজনী নাৰী।
কোন হয় তই এইবোৰ কিয় কৰিছ যাবলৈ দে আমাক।
নোৱাৰ যাব ইয়াৰ পৰা তহঁত সদায় আছো অপেক্ষাত আজি পালো তহঁতক।
ৰাজীৱে প্ৰশ্ন কৰিলে কোন তই আমাৰ অপেক্ষাত কিয়?
তৰ্জন গৰ্জন কৰি বিকদ ভাবে চিঞৰি কলে, মৃণালী মই, মনত আছেনে তহঁতৰ।মৃত্যুৰ পিছত মোৰ এই ভয়ানক ৰূপ এতিয়া অধিক শক্তিশালী মই। এতিয়া মোক একো কৰিব নোৱাৰ তহঁতি।( Assamese Storyboard )
ৰাজীৱ তই মোৰ লগত ভালপোৱাৰ নাটক কৰিছিলি মোৰ সম্পত্তিৰ লোভত। এদিন এই ঠাইত মোক ফুৰিবলৈ আনি জোৰ জুলোম কৰি দলিল খনত মোৰ চহী লৈ সম্পত্তি বোৰ তোৰ নাম কৰোৱাই ললি আৰু লগৰবোৰৰ সৈতে মোৰ ধৰ্ষণ আৰু হত্যা কৰি ইয়াতে পুতি দিলি। আৰু তোৰ মা দেউতাই মোৰ পৰিয়ালৰ সকলোকে লগে ভাগে খাবলৈ মাতি খাদ্যত বিহ মিলাই হত্যা কৰিলে।
এই অপৰাধৰ ফল পাবই লাগিব তহঁতে।এই পথেৰে স্বইচ্ছাৰে অহা নাই তহঁত মৃত্যুয়ে টানি আনিছে। এইবুলি কৈ তীব্ৰ ঘূৰ্ণি বতাহৰ বেগেৰে আত্মাই তিনিওকে চোচৰাই ডাঠ হাবিৰ মাজত ঠেকেচি ঠেকেচি জোঙা নখেৰে ডিঙী চেপি কামুৰি দেহৰ সমস্ত তেজ শুহি খাই দিলে।
অৱশেষত তিনিওৰে মৃত্যু ঘটিছিল আৰু মৃত্যুদেহ কেইটা তাতে পৰি থাকিল আত্মাই নিজৰ প্ৰতিশোধ ললে আৰু মুক্তি লৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল।
আইনৰ চকুত বাচি গলেও নিয়তিয়ে কেতিয়াও বাচি যাব নিদিয়ে। পাপ আৰু অপৰাধৰ ফল সকলোৱে ভোগ কৰিবই লাগিব। সেইটোৱে হল ৰাজীৱ হঁতৰ লগত।
{{{সমাপ্ত}}}
(উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা জাহ্নবী কেওঁট ডাঙৰীয়াণীক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment