চকামকাকৈ জোনাকে খেলিছে হাবিতলীয়া বাটত। দূৰ্গম পাহাৰীয়া হাবিখনত এই মুহূৰ্তত সিয়েই ছাগৈ একমাত্ৰ সাৰে থকা প্ৰাণী( Assamese Storyboard )। ক্ষত-বিক্ষত দেহটো বহু কষ্টৰে কঢ়িয়াই সি চিৎকাৰ কৰি উঠে- 'ৰশ্মি, তই ক'ত আছ?' আজি তাৰ ৰশ্মিলৈ খুউব মনত পৰিছে। ঘন অৰণ্যৰ মাজত ক্ৰমশঃ হেৰাই যাবলৈ ধৰা জোনবাইটোলৈ চাই সি উচুপি উঠে- 'ৰশ্মি, তোৰ কথা সঁচা, জোনবাইৰ নিজা গতি আছে, নিজা পোহৰ আছে, বগা ডাৱৰৰ মাজে মাজে লুকাভাকু খেলে জোনবায়ে।'
কোনে জানে সুদাই নেৰা সময়ৰ দুবোৰ্ধ্য মায়া। এৰা, সময়ে কাকো সুদাই নেৰে। সময়ে মানুহক ঐশ্বৰ্যশালী কৰে, সময়ৰ হাতত নিৰ্য্যাতিত হয় মানুহ। সময়ে পাঠ কৰে মানুহক, সময়ে হাঁহে, সময়ে কান্দে, সময়ৰ হাতত নিঃশব্দতাত বুৰ যায় মানুহ। চিৰপ্ৰৱাহমান এই সময়ৰেই আন এক এলাগি নাম দুঃসময়। দুঃসময়ৰ পুতলা হৈছিল সি। দুঃসময়ৰ মাতাল সংলাপত দিকভ্ৰান্ত হৈ সি বাট বুলিছিল হাবিলৈ। এৰি থৈ আহিছিল চেনেহী গাঁও, অৰ্থহীন হৈ পৰিছিল মাকৰ কৰুণ চকুহালি। লাজুকী ৰশ্মি হৈ উঠিছিল তাৰ বাবে এক সাময়িক দৃশ্যপট।
গাঁৱৰ আকাশত সিহঁতে জোনবাই খেদিছিল। জোনবাই পৃষ্ঠৰ খলা-বমাবোৰৰ সি বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াইছিল। তাৰ মতে জোনবাইৰ নিজা পোহৰ নাই, সেইদৰে নাই নিজা গতি। সি স্কুল গৈছে , সেইবোৰ কথা সি জানে। তাৰ যুক্তি-বিশ্লেষণক ফু মাৰি উফৰাই তাই তাৰ মুখলৈ চাই হাঁহে। তাৰ বাবে ৰশ্মিৰ এই হাঁহি তেনেই চিনাকি। এই হাঁহিৰ অৰ্থ হ'ল- ৰশ্মিয়ে মুঠেই তাৰ কথা বিশ্বাস কৰা নাই আৰু নকৰে। তাই আকোৰগোঁজ- 'বগা ডাৱৰৰ মাজে মাজে লুকাভাকু খেলে জোনবায়ে।' তাইক বুজাওতে বুজাওতে এটা সময়ত তাৰ খঙে চুলিৰ আগ পায়গৈ। খঙৰ ভমকত স্কুলৰ লগৰীয়াৰ মুখৰ পৰা শিকি অহা বেয়া শব্দ বানেৰে তাইক থকা-সৰকা কৰে। 'আজিৰ পৰা তোমাক কেতিয়াও নামাতো' বুলি ভোৰভোৰাই ভোৰভোৰাই তাই ঘৰলৈ লৰ ধৰে।
এনেকৈয়ে এটা সন্ধিয়াৰ পৰা আন এটা সন্ধিয়ালৈ সিহঁত আগবাঢ়ে। টংক ছাৰৰ বহীত 'চন্দ্ৰৰ নিজা গতি নাই' বুলি লিখিও সদায় সন্ধিয়া তাই দুগুণ উৎসাহেৰে চিঞৰি উঠে- 'চোৱা, চোৱা, জোনবাইটো গৈ আছে আমাৰ ঘৰৰ ফালে!' হালধীয়া ফ্ৰক পিন্ধি জপিয়াই ফুৰা ৰশ্মিজনীক তাৰ কেতিয়াবা আলফুলকৈ চুই চাবলৈ মন যায়। স্কুলত তাৰ কথা বেয়াকৈ ক'লে তাই জাঙুৰ খাই উঠে। ৰশ্মিৰ ওপৰতো কাৰোৰে দখল সি সহ্য নকৰে। এবাৰ স্কুলৰ বলেনে তাইৰ গালৈ দলিচপৰা মাৰোতে সি তাক খেদি খেদি মাৰিছিল। দুষ্ট বলেনে সৰুপানী চুবলৈ যোৱাৰ চলেৰে, দুয়ো হাতৰ আঙুলি দুটা যোৰা লগাই প্ৰকৃত ৰহস্যক উপস্থাপন কৰে- 'ঐ, ইহঁত দুটা মানে এনেকুৱা!' বলেনৰ পৰিচালনাত স্কুলৰ বাহিৰে-ভিতৰে যোৰপতা আঙুলিয়ে খলকনি তুলে। চাৰিবছৰীয়া নিহাৰেও সিহঁতৰ ফালে চাই বেঁকা হাঁহি এৰে ।( Assamese Storyboard )
সুদূৰ এটা পৰিক্ৰমাৰ অন্ততঃ সি নিজকে আবিষ্কাৰ কৰে এখন নিঃসংগ পৃথিৱীত। এদিন সি ৰশ্মিৰ মুখৰ হাঁহি কাঢ়ি আনিছিল। সি গুচি যোৱাৰ দিনা ৰশ্মিয়ে উচুপি উচুপি মাথোঁ এষাৰ কথা কৈছিল- 'নিজা পোহৰ নথকা জোনবাইটো লৈ মই অকলে অকলে কেনেকৈ জীয়াই থাকিম?' পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হৈয়ো সি ৰশ্মিৰ অবৈজ্ঞানিক যুক্তিক আজি স্বীকাৰ কৰে। যৌৱনৰ দোকমোকালিতে ৰশ্মিয়ে তাক কৈছিল- 'জানানে কালি মই মঙ্গলতিৰ ওচৰলৈ গৈছিলোঁ, তোমাৰ আৰু মোৰ কথা সুধিছিলোঁ, কি ক'লে জানা, তোমাৰ-মোৰ সাত জনমৰ বান্ধোন, ভগৱানৰ বাহিৰে আমাৰ মিলনক কোনোৱে বাধা দি ৰাখিব নোৱাৰে।' নিতৌ গা ধুই গোসাঁই ঘৰলৈ সোমোৱা ৰশ্মিলৈ চাই সি টুলুঙা বাক্য এৰে- 'ঐ তই মৰিলে চিধাচিধি স্বৰ্গ পাবিগৈ, তোৰ ফটাঢোলৰ নিচিনা প্ৰাৰ্থনা শুনি ভগৱানে ছাগৈ তোৰ বাবে এতিয়াই স্বৰ্গত আসন বুকিং কৰি থৈছে।' তিতি থকা চুলিখিনি গামোচাখনেৰে মেৰিয়াই তাই খুউব সহজভাৱে কয়- 'বহু কথাই তুমি নাজানা, স্বৰ্গ-নৰক বুলি বেলেগকৈ কোনো ঠাই নাই, তুমি যদি সঁচা তোমাৰ বাবে এইখনেই স্বৰ্গ, তুমি যদি মিছা তোমাৰ বাবে এইখনেই নৰক, স্বৰ্গ-নৰকৰ স্ৰষ্টা তুমি নিজেই।' আজলি ছোৱালী বুলি ৰশ্মিক হাঁহিৰ পাত্ৰ সজোৱা সি আজি অনুভৱ কৰে- ৰশ্মিৰ দৰে মানুহৰ বাবেই নিজা পোহৰ নথকাকৈ পৃথিৱীক পোহৰ বিলায় জোনবায়ে।
সিয়ো এদিন অৰণ্যৰ গান লিখিছিল। উকা পাতত ঠন ধৰি উঠিছিল নাহৰ-তগৰ অন্যান্য। চিৰ নমস্য পুৰুষ আনন্দৰাম ঢেকিয়াল ফুকনৰ সপোনৰ অসম এদিন তাৰো সপোন আছিল। মাথোঁ কেইটিমান টকাৰ বাবেই ডাক্তৰে বিচনাতে মৰিবলৈ এৰি থৈ যোৱা দেউতাকৰ শুকান মুখখনলৈ চাই এদিন সিও শপত লৈছিল- পঢ়ি-শুনি সি ডাক্তৰ হ'ব, দুখীয়া মানুহক সহায় কৰিব। সংগ্ৰামী বাটত সিয়ো খেপিয়াই চোৱাৰ কথা আছিল পৃথিৱীৰ সকলো সৌভাগ্য। মহাজনৰ গুদামলৈ চাউল কঢ়িয়াই ৰাজহাড় বেঁকা কৰা বলো বৰতাক দেখি তাৰ বুকুখনে হাহাকাৰ কৰি উঠিছিল। ধনীৰ পুতেকে বলাৎকাৰ কৰা হাজাৰজনী ছোৱালীক সি 'ৰশ্মি' বুলি ভাবিছিল। আজি ক'ত হেৰাই গ'ল সেই সুৰীয়া জীৱনৰ গান!! তাৰ বাবে এই মূল্যাংকন দুৰ্বোধ্যতাৰ প্ৰাচীৰত কাৰাৰুদ্ধ কিছু উঁৱলা স্মৃতিহে মাথোন। আজি সি উপলব্ধি কৰে প্ৰকৃতাৰ্থত সি পথভ্ৰষ্ট হ'ল। এটা যাযাবৰী যাত্ৰাত দি আদৰি ল'লে বন্দুকৰ সংস্কৃতি। আদিম পৃথিৱীৰ ভেকেটা গোন্ধত দেও লাগি উঠিল মাটি-পানী। তাৰ সেউজ পৃথিৱীখনে বাগৰ সলালে। নৰকৰ গোপন বুকুত জাহ গ'ল সন্ধিয়াৰ জোনাকী আকাশ।
প্ৰায় পাঁচ বছৰৰ পাছত তালৈ গাঁৱৰ খবৰ কঢ়িয়াই আনিছে বলেনে। অপ্ৰাপ্তিৰ এক অপূৰ্ণ সপোন লৈ তাৰ মাক গ'লগৈ। সদায় সন্ধিয়া জোনবাইটোলৈ ভেবা লাগি চাই থকা ৰশ্মিয়ে কেতিয়াবা কাপোৰ নিপিন্ধে। বাটৰ বাটৰুৱাক ব্যতিব্যস্ত কৰি তোলে- 'চা চা, জোনবাইটো গৈ আছে আমাৰ স্কুলৰ ফালে!' তিনিআলিটোত বহি তাই জোনবাইৰ ছবি আঁকে। বলেনৰ দুচকু পানীৰে উপচি পৰে। তই জাননে সোণ, তাইৰ জীৱনত ছাগৈ এনে এটা মিনিট নাছিল যিটো মিনিটত তাই তোৰ কথা নভৱাকৈ আছিল। তোৰ এই কক্ষচ্যুত অৱস্থাক স্বীকাৰ কৰি ল'ব নোৱাৰি তাই পাগলী হ'ল। চব শেষ হৈ গ'ল অ' সোণ! পৃথিৱীখনলৈ কাল ধুমুহা নামিছিল। বিশ্বৰ শক্তিশালী ৰাইফলটো দুহাতত লৈ সি সিংহৰ দৰে গৰজি উঠিছিল। চাৰিওফালে ত্ৰাস আৰু ধ্বংসলীলা। ক'লীয়া ডাৱৰ এজাকে ঢাকি ধৰিছিল জোনৰ ৰূপোৱালী মুখ।
বিদ্ৰোহী সংগঠনটোৰ হাইকামাণ্ডৰ নিৰ্দেশমতে অৰণ্যৰ এক গোপন স্থানলৈ তাক স্থানান্তৰ কৰা হৈছে। শুভ্ৰ ডাৱৰৰ মাজে মাজে লুকাভাকু খেলা জোনবাইটো দেখি দি আনন্দত আত্মহাৰা হৈ উঠিছে। তাৰ সতীৰ্থ শ্যামল-দিগন্তহঁতক সি অনৰ্গল ভাবে কৈ গৈছে- 'তহঁতি কি জান ৰশ্মিৰ কথা, জোনবাইটো আনি দিলে তাইক আৰু একো নালাগে। মোৰ দেউতা বিচনাতে পৰি মৰি আছে, মই ডাক্তৰ হৈ দেউতাক ভাল কৰি দিম। আই, তই ছাগৈ পদূলিতে ৰৈ মোলৈ বাট চাই আছ! এই দিগন্ত, এই শ্যামল, চা চা জোনবাইটো গৈ আছে আমাৰ ঘৰৰ ফালে!'
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment