শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( খণ্ড ৩ ) :Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( খণ্ড ৩ ) :Assamese Storyboard

Assamese Storyboard

 

নাজানো জীৱনে বিচাৰে কি 

সময়ে বিচাৰে কি ..                                             

পাখি মেলি উৰিবলৈ লোৱা সপোনবোৰ 

কিয় আধাবাটতে সৰি পৰে ।

     দেউতাকৰ সেই বিশেষ ফোনটো অহাৰ পাছত দিকবদিক হেৰুৱাই পেলাই সুশান্তই । কি কৰিব ..নকৰিব ..একো সিদ্ধান্ত লব নোৱৰা হয়( Assamese Storyboard ) । প্ৰীতিক কি বুলিনো কয় ..যে দেউতাকে তাক ঘৰলৈ একেবাৰে মাতি পঠিয়াইছে ..দেউতাকৰ ব্যৱসায় চম্ভালিবলৈ । ককায়েক থাকিও নথকাৰ দৰে । দেউতাকক সহায়ৰ খুবেই প্ৰয়োজন হৈছে । সুশান্তৰ চিন্তাক্লিষ্ট মুখখন দেখি প্ৰীতিয়ে এদিন সুধিলে --- " কি হৈছে তোমাৰ ? দুদিনমানৰ পৰা মন কৰিছো কিবা চিন্তাই যেন তোমাক জুমুৰি  দি ধৰিছে " প্ৰীতিৰ প্ৰশ্নত সুশান্তই কওঁ নকওঁকৈ ক'লে --" দেউতাই মোক মাতি পঠিয়াইছে ঘৰলৈ ..একেবাৰে ..। ফেক্টৰী চলাবলৈ মানুহ নাই ।"

আচৰিত হয় প্ৰীতি । পুনৰ প্ৰশ্ন কৰে তাই-- " কিয় দাদা আছে নহয় ! " 


: তুমিতো জানাই , দাদাৰ বেলেগ ব্যৱসায়ো আছে ..সকলোতে দাদা ইমান এক্টিভ নহয় সেইটোও তুমি জানা ।

কিবা এটা ভাবি প্ৰীতিয়ে কৈ উঠে -- " ঠিক আছে , আমিও গুছি যাওঁ তোমাৰ লগত । মৌ এতিয়াও সৰু হৈ আছে (বিদিশাক মৰমতে মতা নাম ) এতিয়া ট্ৰেন্সফাৰ লবলৈও বিশেষ অসুবিধা নহ'ব। তুমি দেউতাৰ বিজনেছ চম্ভালিবা .আৰু মই তোমাক .. Thats simple ." 

-- " মই অকলে যাম প্ৰীতি ..তোমাক তালৈ নি পুনৰ কষ্ট দিব নিবিচাৰো । ঘৰখন এতিয়া বৌৰ দখলত । দাদায়েও বৌক কন্ট্ৰ'ল কৰিব নোৱৰা হৈছে ।সকলোতে মাথো বৌৰ ক্ষমতা । তুমি তাত থাকিল অশান্তি বাঢ়িবহে ..এইটো বয়সত দেউতাই কিমান অাৰু অশান্তি ভোগ কৰিব । দুজনী দুঠাইত থাকিলে সকলোৰে কাৰনে ভাল । "

স্থবিৰ হৈ পৰে প্ৰীতি । মুখৰ পৰা একো শব্দই নোলাল । মনত মাথো ভীৰ কৰিছেহি অভিমান মিশ্ৰিত কিছু খঙ । সেইখনটো তাইৰো ঘৰ ..কিয় তেতিয়াহ'লে তাইক বঞ্চিত কৰে সুশান্তই সেইঘৰখনলৈ যোৱাত। তাইতো  কাৰো অশান্তিৰ কাৰন হৈ নাযায় । বৰঞ্চ সহায়হে কৰিব বিচাৰে তাই সকলোকে । সুশান্তই প্ৰীতিৰ মনৰ কথাবোৰ পঢ়ি পেলায় । মৰমেৰে কৈ উঠে প্ৰীতিক ---

" চোৱা প্ৰীতি , তুমি যাতে ইয়াত একো অসুবিধা নোপোৱা তাৰকাৰনে মই সকলো ব্যৱস্থা কৰি থৈ যাম । গাড়ীখনৰ কাৰনে দ্ৰাইভাৰ ঠিক কৰি থৈ যাম। তোমাৰ লগত থাকিবৰ কাৰনেও মানুহ এজনী ঠিক কৰি দিম ।

: দ্ৰাইভাৰ , মানুহ এজনীয়ে তোমাৰ অভাৱ পুৰাব পাৰিবজানো সুশান্ত ? মৌক দেউতাকৰ অভাৱ পূৰাব পাৰিবনে ?  তোমাৰ অবিহনে কেনেকৈ থাকিম এবাৰ ভাবি চাইছানে ? ( Assamese Storyboard )

   একো নকয় সুশান্তই ,, ক'ব নোৱাৰে একোকে । প্ৰীতিৰ কথাও মিছা নহয় ..কিন্তু নিৰুপায় সি । এতিয়া মাথো এজন স্বামী অাৰু পিতৃৰ দায়িত্বতকৈ পুত্ৰৰ দায়িত্ব পালন কৰাটো সুশান্তৰ কাৰনে বেছি প্ৰয়োজনীয় হৈ উঠিছে । প্ৰীতিৰ উদাস মুখখনলৈ চাব নোৱৰা হয় সি । চাকৰিৰ পৰা ঘৰলৈ অহাৰ পাছত বিদিশা তাৰ ল'গ নেৰা হয় । অলপ দেৰীকৈ ঘৰলৈ আহিলে বিদিশাৰ মুখখন ফুলা লুচিখনৰ দৰে হৈ থাকে ।কনমানি বিদিশাক কেনেকৈ বুজাব সি ।


      সুশান্ত ঘৰলৈ যোৱাৰ দিন চমু চাপি আহিছে । নিৰ্বিকাৰ হৈ প্ৰীতিয়ে কামবোৰ কৰি গৈছে । বেগত ভৰাব লগীয়া প্ৰয়োজনীয়খিনি যোগাৰ কৰি দিছে। বিদিশাক যেনেতেনে প্ৰীতি আৰু সুশান্তই বুজাই সৈমান কৰাইছে । 

    সুশান্ত যোৱা সেই বিশেষ দিনটো আহি পৰিল । গধুলি জামছেদপুৰত ট্ৰেইন উঠি কলিকতাৰ পৰা ফ্লাইটত যাবগৈ । সময় যিমানে আগবাঢ়িছে প্ৰীতিৰ বুকুখনো গধুৰ হৈ আহিছে । উশাহ লবলৈ কষ্ট পোৱাৰ দৰে হৈছে । দুচকুৱে সৰসৰাই লোতক বাগৰিছে । 

: ভালকৈ থাকিবা , প্ৰয়োজন হ'লে  দ্ৰাইভাৰলৈ ফোন কৰিবা । খোৱা-বোৱা ঠিক মতে কৰি থাকিবা ..নিজৰ কেয়াৰ লবা । --- কথাখিনি কৈ প্ৰীতিক সাৱটি ধৰি কপালট এটা চুমা খায় সুশান্তই 

 বিদিশাকো মৰমেৰে বুজায় । উচুপি উঠে বিদিশাই ..উচুপি উঠে প্ৰীতি। হাতত বেগটো লৈ প্ৰীতিহঁতৰ ফালে পিঠি দি ৰুমালেৰে চকুদুটা মোহাৰি লয় সুশান্তই । গেটলৈকে আগবঢ়াই দিয়ে সুশান্তক প্ৰীতি আৰু বিদিশাই । সুশান্ত যোৱা গাড়ীখন নেদেখা হোৱালৈ চাই ৰয় দুয়ো । 

       আগলৈ ...

  

  (কাহিনীটো অাগবঢ়াই নিয়াত অনুপ্ৰেৰণা দিয়া প্ৰতি গৰাকী পাঠক-পাঠিকাক কৃতজ্ঞতা জনালো ।)

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard

জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages