মহানগৰীৰ ভূতনাথ শ্মশানত(মুক্তিধাম) আমি আটাইকেইজনে কাণ উনাই শুনিছোঁ যহন্নামী মৃত্যুৱে কাঢ়ি লৈ যোৱা মৰমী নিকিতাৰ নিঃশব্দ সংলাপ ( Assamese Storyboard )। মোৰ বুকুৱেদি এক বুজাব নোৱাৰা শোক উজাই আহি ডিঙিটোত সোপা মাৰি ধৰিছে। থৰ লাগি ৰৈ আছে বিজু। ব্ৰহ্মপুত্ৰৰ উন্মুখ জলতৰংগলৈ একেথিৰে চাই বহি আছে পাৰ্থ। শক্তিশালী বুলি আমাৰ মাজত পৰিচিত অৰূপো অসহায়ভাৱে মৌন। বিজু মোৰ কাষলে দৌৰি আহে- "দাদা, তাইৰ মুখখনলৈ চাওকচোন, এই যেন তাই হাঁহিব!" মোৰ বুকুখন আতংকত কেঁকাই উঠে। পৃথিৱীখনত যেন একো নাই, তাই আছিল বাবেই যেন সকলো আছিল! তাই নোহোৱা হৈ যোৱা ঘটনাটোতেই যেন পৃথিৱীখন স্থবিৰ হৈ গ'ল! ধূলি-ধোঁৱাৰ সৈতে যেন মিলি গ'ল আকাশী শুভ্ৰতা! বনজুইত যেন জাহ গ'ল ফুল ফুলাৰ দিন অথবা ৰাতি!
তাইৰ লগত আমাৰ কাৰোৰে তেজৰ সম্পৰ্ক নাই। দৰাচলতে সিহঁতৰ পৰিয়ালটো অনা-অসমীয়া। অসমৰ বিভিন্ন প্ৰান্তৰ আমি আটাইকেইজন জীৱিকাৰ তাড়নাত গুৱাহাটীৰ বাসিন্দা। অৱশ্যে আমাৰ মাজত কেইবাজনো মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছে। মই যেতিয়া প্ৰথম তাইক লগ পাইছিলোঁ তাইৰ বয়স আছিল মাত্ৰ ১২ দিন। মাথোঁ এমাহ বয়সতেই তাই আমাৰ কোলালৈ আহিছিল। আমিয়েই তাইৰ নাম ৰাখিছিলোঁ- "নিকিতা"। কেইবাজনো অসমীয়া যুৱকৰ সান্নিধ্যত থকাৰ বাবেই হয়তো তাইৰ মুখত ফুটা প্ৰথম শব্দটো অসমীয়া আছিল। আজিও মোৰ কাণত প্ৰতিধ্বনি হৈ থাকে তাই মোক মতা 'তা' শব্দটো। ভন্টিক 'আটি', ভাইটিক 'ভাতি', বিজুক 'বি' আদি ফুটু-নুফুটু শব্দবোৰ মাতি তাই এক মুহূৰ্তৰ বাবে হ'লেও আমাৰ সকলোকে পাহৰাই ৰাখিছিল মহানগৰীৰ কংক্ৰিটৰ পৃথিৱীক।( Assamese Storyboard )
নিকিতাক আমি পুৱা ৯ বজাতেই ভূতনাথ মুক্তিধামলৈ লৈ আনিছিলোঁ। দীঘল চুলিৰে সৈতে তাইৰ বগলী বৰণীয়া দেহাটো আমি ইকোলা-সিকোলাকৈ কোঁচত লৈ আহিছিলোঁ। নিকিতাৰ মৃত্যু আমাৰ কাৰোৰে বাবে সৰু ঘটনা নাছিল। মৃত্যুৰ মাথোঁ কেইমিনিটমান আগলৈকে তাইৰ আমাৰ সৈতে খেলি আছিল। হঠাতে তাইৰ ভীষণ কাহ আহিছিল। আমি একো কৰিবলৈ নোপোৱাৰ আগতেই তাই ঢলি পৰিছিল।
ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰত নিকিতাক শুৱাই আমি আটাইকেইজন বহি পৰিলোঁ। কেনেকৈ নিঃশেষ কৰি পেলাওঁ নিকিতাৰ জৈৱিক অস্তিত্বক!! সন্ধিয়াৰ আগ মুহূৰ্তলৈকে আমি তেনেকৈয়ে বহি আছিলোঁ। নিকিতাৰ মৃতদেহ আমাৰ বাবে এক কঠোৰ সত্য। সত্যক স্বীকাৰ কৰি ল'বলৈ মানুহ হিচাপে আমি বাধ্য। এয়েই জীৱন, জীৱনৰ কঠোৰতম সময়। নিকিতাৰ সৰু সৰু কাপোৰকেইযোৰ বোৱঁতী ব্ৰহ্মপুত্ৰত উটুৱাই দিলোঁ। তাইক গা ধোঁৱাই মূৰত তেল সানি দিলোঁ। মই শেষবাৰৰ বাবে তাইৰ কপালত এটি চুমা যাচিলোঁ। শেষ শয়নৰ প্ৰাকমুহূৰ্তত বিশ্ববিদ্যালয়ৰ ছাত্ৰ দিগন্তই আকাশ ভাগি পৰাকৈ চিঞৰিছিল- "ঐ লাহেকৈ শুৱাবি, নহ'লে তাই দুখ পাব!"
তাইক পুতি থৈ এবাৰো পাছলৈ ঘূৰি চোৱা নাছিলোঁ, মই জানিছিলোঁ তাই তাৰ পৰা উঠি মোৰ পিছে পিছে আহি আছে।
(পূৰ্ব প্ৰকাশ: দৈনিক জনমভূমি, অৱকাশ)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment