মইনা জনীৰ বিষয়ে জানিলে আপোনিও আচৰিত হব : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

মইনা জনীৰ বিষয়ে জানিলে আপোনিও আচৰিত হব : Assamese Storyboard

Assamese Storyboard

মাইনা ঘৰখনৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। অতদিনে অৱহেলিতা,লঞ্চিতা,অযত্নপালিতা তাইৰ বাঢ়ি অহা পেটতোৰ বাবেই আজি তাই আদৰ পাইছে। মানুহবোৰতো কম নহয়। তেওঁলোকৰ আকৰ্ষণ তাইৰ পেটতো। মাইনা যেন জেদী,অভিমানী হৈ পৰিল। তাৰমানে ইহঁতৰ মৰমবোৰত স্বাৰ্থ আছে।Assamese Storyboard )

    অৱশেষত সকলোৰে  টোপনি খটি কৰি জল্পনা-কল্পনাৰ অন্ত পেলাই ডাক্তৰ মাতিব লগা নোহোৱাকৈয়ে মাইনাই ৰাতি আঢ়ৈমান বজাত চেউৰী পোৱালী এটা জন্ম দিলে। 

এৰা পাই!আমাৰ ঘৰৰ ওচৰৰ ৰত্না বৰমাহঁতৰ ঘৰৰ মাইনা নামৰ গাইজনীৰ কথা কৈছোঁ।কৃষ্ণহে বুলিছোঁ গাইৰ গাখীৰৰ লগত নিতৌ নতুন নৃত্য নাটিকা দেখি শুনি।

    সেইযে তাই পোৱালীটো জন্ম দিলে,তাৰ পিছতেই নতুন ভাওনা আৰম্ভ হ'ল।  পোৱালিটো জন্ম হোৱাৰ অলপ সময়ৰ পিছতেই  ফেঁহুৰ কাৰণে গাখীৰ খীৰাবলৈ ৰত্ন বৰ্তা গ'ল। তাইৰ অকণো মন যোৱা নাছিল চাগৈ গাখীৰ দিবলৈ। ভাগৰো লাগিছিল। হেৰৌ অত কষ্ট কৰি নৰ্মেলকৈ তাই চেউৰী পোৱালী জন্ম দিছে ইহঁতে আকৌ খীৰাবলৈ আহিলেই। গৃহস্থক লাজ নেপেলাওঁ বুলি ভাবি তাই চাগৈ অকণমান দিলে আৰু।

    বৰমাহঁতে মাইনাক কিনোতে বেপাৰীজনে বহুত গাখীৰ দিয়া গাইৰ সঁচ বুলি কৈছিল । বৰমাহঁতেও বিশ্বাস কৰিছিল।

       দুদিনমান পিছত ৰত্না বৰমাই কোৱা শুনিলোঁ-হেৰি ,এই বাল্টিটো লৈ আনকছোন।মাইনাক খীৰাব লাগে।

বৰ্তাই বোলে-হেই!দুদিন হৈছেহে !এতিয়াই নিখীৰালেও হ'ব। 

বৰমাই বোলে-এস্ আপুনি নাজানে!আমি কথাবোৰ নাজানো কাৰণেই আমাৰ গাইৰ গাখীৰ কম।সৌসিহঁতৰ ঘৰৰ গাই জগিলেই প্ৰথম কেইদিনমান বটলে বটলে নি নদীত ঢালি দিয়ে,সেইকাৰণেতো সিহঁতৰ ঘৰত গাখীৰ শেষেই নহয় নদীৰ দৰেই।

:হ'বহে থোৱা তোমাৰ গছত গৰু উঠা হোলোঙাৰে কাণ খুচৰা কথা। 

:ইয়ে!এই মানুহটোৱে বিশ্বাস নকৰে চা!সুধি আহক গৈ লাগে।

অৱশেষত ধৰিবা বৰ্তাইয়ো নৈৰ পানীৰ সমান গাখীৰ পাবলৈ বটলত গাখীৰলৈ নদীৰ ফালে যোৱা দেখিলোঁ।

ম‌ই চিঞৰ ধৰিলোঁ । ৰত্না বৰমা ঔ !আপোনালোকে আচল কথাটো নাজানেই।নদীত  গাখীৰ ঢলিলেই নহ'ব।তাৰ পিছতহে আচল কামটো আছে। 

বৰমাই বোলে -কি?

ম‌ই বোলো-সদায় গধূলি গৈ নদীৰ পৰাই পানী এবটল লৈ আহিব লাগে আৰু ৰাতিপুৱা গাই খীৰাবলৈ লোৱা বাল্টিটোৰ তলিত প্ৰথমে সেই বটল ঢালি লৈ তাতে গাখীৰ খীৰাব লাগে।

 বৰমাই হাঁহি হাঁহি ক'লে-তোৰ মূৰটো ভঙিম ৰ' কোনোবাদিনা।

        পিছে নৈৰ সোঁতৰ দৰে গাখীৰ ওলোৱাটো বাদেই  মাইনাই গাখীৰ আৰু কমাইহে দিবলৈ ল'লে।

হ‌ওঁতে ৰত্না বৰমাহঁতৰ গাইজনীয়ে গাখীৰ এক লিটাৰ মান দিয়ে,কিন্তু বৰমাহঁতৰ মতে নিদিয়েই। বিলাবলৈকে নাটে।


     তাইৰ কাৰণে সিজোৱা দানাৰ ব্যৱস্থা কৰা হ'ল। ৰাতিপুৱাৰ পৰা হাতীখুতৰা,মূলা ,ঘৰত মানুহে খাবলৈ কটা পাচলিৰ পেলনীয়া অংশ,চাউল-ডাইল  ধোৱা পানীৰে তাইৰ গধূলিৰ জলপান সিজোৱা হ'ল।দিনৰ দিনতো বেচেৰা ৰত্ন বৰ্তা আৰ্ বাৰীত তাৰ বাৰীত সোমাই দানালৈ বুলি শাক পাত গোটাই থকা দেখা গ'ল।

এদিন আমাৰ পদূলিৰ ওচৰত ক'লা কচু কাটি থকা দেখি ম‌ই বোলো-বৰ্তা ঔ!আপুনি দেখোন স্বচ্ছ বাৰী অভিযান চলাই থকা হ'ল!এইখনত সোমাইছে কিয়?আন্ধাৰ হ'লেই এইকণত বুঢ়া-ডেকা সকলোৱে সৰুপানী বিসৰ্জন দিয়ে।

বৰ্তাই বোলে-নক'বি আৰু বুইছনে!আমাৰ গাইজনীয়ে এইবোৰ নাখালে গাখীৰেই নিদিয়ে।

ম‌ই বোলো-এইবোৰ খাই কাৰণেই নিদিয়ে চাগৈ।এই কচুপাতবোৰত যে লাগি আছে সেয়া আপুনি পানী বুলি ভাবিছে নেকি?কালিতো বৰষুণো নাছিল,নিতুহঁতৰ ককাকে ....

বৰ্তাই বোলে -ঐ ঐ ত‌ই কোনে মুতিছে,কোনে কি কৰিছে এইবোৰকে চাই ফুৰ ন!ৰ'তোক।হয় ঔ!বাটৰ কাষৰ কচু -ঢেঁকীয়া খাবলৈ চিন্তাই।

মোৰ কথাত বৰ্তা তাৰ পৰা আঁতৰি আহিল।বৰ্তাই খুৱাইহে খুৱাই ,পিছে মাইনাই খোৱাতো ঠিকেই খাই গাখীৰেহে বাল্টিৰ তল নিতিতা হ'ল।

     ৰত্না বৰমাই ইজন -সিজনৰ লগত দিহা পৰামৰ্শ কৰিলে।

উপায়  ওলালগৈ যে তাইৰ ওহাৰত মুখ লাগিছে। গতিকে মুখ লগা নভঙালৈকে তাই গাখীৰ নিদিব।

ওচৰৰ মাঙলী আইতাই খুব ভাল মুখ লগা জাৰে।


উপায় নাপায় এদিন  বুবুকণে মাকৰ কথা মতেই মাঙলী আইতাকে মাতি আনিলেগৈ-বোলে আমাৰ মাইনাজনীৰ মুখ লাগিল হেনো মায়ে কৈছে। গতিকে আপুনি জাৰি দিব লাগে। 

     আইতায়ো এদিন আহিল।আইতাৰ মতে-ম‌ই বহুত মুখ লগা জাৰি ভাল কৰিছোঁ।তহঁতৰ এইৰো ভাল হ'ব।সৌ সিদিনা বুইছনে! মীনু জীয়েকৰ ঘৰত জাৰি থৈ আহিলোঁ।এতিয়া সৌৱা গাখীৰে চৌচৌৱাই থাকে।ৰাতিপুৱাও খীৰাই আবেলিও খীৰাই। উথনাই দি আছে ঠিকাদাৰক।তহঁতৰ জনীৰ ওহাৰ দেখিয়েই মুখ লাগিল।

        আমাৰ ৰত্না বৰমাই বঁটা এটাত তামোল পাণেৰে সৈতে টকা পঞ্চাছটা দি আইতাক আগবঢ়াই দিলে। 

যাবৰ পৰত আইতাই ক'লে-হেৰৌ বোৱাৰী!গাখীৰ ওলালে দৈ অকণ খুৱাবি এদিন।

বৰমাই বোলে-এস্ ক'বহে লাগেনে?ম‌ই ভাবিছিলোঁৱেই।

পিছে মাইনাই গাখীৰহে নিদিয়ে।

ম‌ই মনতেহে বোলো-দিবনো কিয়? মাইনাই আচলতে মাঙলী আইতাক অকণো ভাল নাপায় চাগৈ।পাবনো কেনেকৈ!সৌ সিদিনা গাভিনী হৈ থাকোতে পথাৰৰ পৰা ওভতাৰ মুখত তাইৰ চাগৈ কি খাওঁ কি ব‌ওঁ লাগি আহিছিল। মাঙলী আইতাৰ ডাঙৰ পুতেকে সিহঁতৰ গৰু-গাইকেইটালৈ সদায় আবেলি দানা তিয়াই থয় গোহালীৰ ওচৰৰ ঘূলনিখনত।কিন্তু ভাৰত পাকিস্থানৰ সীমাত যেনেকৈ  কটকটীয়া চোকা নিৰাপত্তা থাকে তেনেকৈ আইতা গোহালীৰ ওচৰতে বহি লোকৰ গাই গৰুৱে যাতে সিহঁতৰ গোহালিৰ দানা-পানী  খাব নোৱাৰে তাৰে পহৰা দি বহি থাকে।এনেৰেতো আইতাই কাৰোবাকদেখিলে সুধিব‌ই-"ত‌ই কাৰ জীয়েৰ বা ত‌ই কাৰ পুতেৰ ঔ!চকুৰে মনিবকে নোৱাৰো অ' আজিকালি।"

কিন্তু গোবৰ চাই চিনিব পাৰে কোনজনী কাৰ ঘৰৰ গাই।সেইদিনা কিবাকৈ পুতেকে নঙলাডাল মাৰিবলৈ পাহৰিলে হ'বলে ৰত্না বৰমাহঁতৰ  গাইজনীও সোমাইছিল দানা অকণকে খাই যাওঁ বুলি। গাভিনী গাই লোভো অকণ বেছি।আমাৰ যেনেকৈ মানুহবোৰ প্ৰেগনেণ্ট হ'লে তেতেলী,নেমু আদি কিবাকিবি খাবলৈ মন যায় তেনেকৈ চাগৈ তাইৰো গৈছিল। পিছে আইতাই এনেই থৰক বৰককে খোজ কাঢ়ে যদিও সেইদিনা মাইনাই দানাত মুখ দিয়া দেখি যিটোহে এক্সন দিলে ঔ!বোলে-এই এই মৰতী গাই। ৰত্নহঁতৰ জনী এইজনী।চুৰুণী গাই। যা!যা!ঘূৰ। দানা খাবলৈ আহিছ,আমাক গাখীৰ খুৱাবিনে!Assamese Storyboard )

সন্ধিয়ালৈ পুতেক গোচৰ লৈও হাজিৰ। 

     এনেকৈ অপমান পাই মাইনাইনো ক'ত মাঙলী আইতাই জাৰিলেই গাখীৰ দিব। মৰমেৰে যদি কেতিয়াবা দানা অকণ তাইক খুৱালেহেঁতেন ঐ!

    আজি আকৌ সেই মাঙলী আইতাই তাইক মুখ লগা ভাঙিব আহে। কিবাকৈ কাইলৈ গাখীৰ দিলে আইতাৰ আৰু ফুটনি বাঢ়িব ।গতিকে পিছদিনাৰ পৰা দিম বুলি ভাবিছিল যদিও তাই গাখীৰ নিদিলে।খুৱাব মাঙলী আইতাক তায়ো দৈগাখীৰ।


এইবাৰ আলোচনা কৰি কালজিৰা,নহৰু,গুৰ আৰু মচুৰ দাইল খুৱাবলৈ ঠিৰাং কৰিলে। বৰ্তাই বোলে কি আচৰিত?এইবোৰ দামী বস্তু মানুহেই খাবলৈ নাপায়  । 

তথাপি অনা হ'ল।পিছে গাখীৰৰ পৰিমাণ নাবাঢ়িল।

      পুৰৱী আৰু চাপৰ দানা খুৱাব লাগে বোলে ।সেয়াইও আনি খুওৱা হ'ল।

     কোনোৱে বোলে খীৰাবৰ সময়ত পিঠিত বস্তা এটা দি ল'ব,কোনোৱে বোলে গাই খীৰালে গাই এটা বজাই থাকিলে বা মিহিকৈ গান এটা গাই থাকিলে  গাইয়ে গান শুনি শুনি বেছিকৈ গাখীৰ দিয়ে। 

সেই ফৰ্মূলাও এপ্লাই কৰা হ'ল।পিছে গাত বস্তা দি গান গাই গাই খীৰাবলৈ যাওঁতে মাইনা থিয় হোৱাক চাৰি আমেজলৈ শুইহে পৰিল।ৰত্ন বৰ্তাই হাতৰ বাল্টি হাততে লৈ উভতি আহিল। অতজনী গাই হেঁচুকি উঠোৱা সহজ নহয়।অৱশেষত বোলে-কোনে খীৰাই খীৰাব ।এই গাইৰ লগত ময়ো গৰু হ'ব লগা হৈছে।আগতে যেনিবা তাই লোকৰ বাৰীৰ জেওৰা ভাঙি খাই ফুৰে,এতিয়া যেনিবা ম‌ই লোকৰ ঘৰে ঘৰে গৈ জপনা খুলি বাৰীত তাইক খুৱাবলৈ ঘাঁহ বিচাৰি ফুৰোঁ ।পাৰ্থক্য ইমানেই যে তাই গৃহস্থৰ অনুমতি নোলোৱাকৈ বাৰীত সোমাই ম‌ই ধৰিবা অনুমতি লৈ সোমাওঁ।  যিকণ দিয়ে সেইকণেই হ'ব।

 পিছে ৰত্না বৰমা আকোঁৰগোজ।আনৰ গায়ে লিটাৰে লিটাৰে উথনা দিব পৰাকৈ গাখীৰ দিয়ে আমাৰ মাইনাই নিদিব কিয়?বৰমাৰ মতে-আপুনি আচলতে খীৰাব‌ই নাজানে।

শেষত ওচৰৰ ঘৰৰ বীৰেণ খুৰাক অনা হ'ল গাই খীৰাবলৈ। এই বীৰেণ খুড়াই সিদিনা তাই গাভীনী থাকোতে সিহঁতৰ বাৰীত সোমাই ৰঙালাও এজোপাত মুখ দিওঁতেই বেয়া বেয়া গালি পাৰি তাইক খেদিছিল।  আজি আকৌ তাইক খীৰাবলৈ আহিছে। অনিশ্চা স্বত্বেও তাই অকণমান গাখীৰ দিলে কিবাকৈ গাখীৰ নিদিলে বীৰেণ খুড়াই ঠেং দুটা জপটিয়াই বান্ধি লয় বুলি। সিহঁতৰ নিজৰ জনীক তেনেকৈ বান্ধি লয়।তাইক খীৰাই দিয়াৰ পিছত খুড়াক ৰত্না বৰমাই  গিলাচ এটাতে গাখীৰ অলপ দি পঠালে।

যাওঁতে কৈ গ'ল-কাইলৈ গধূলিতে পোৱালী বান্ধিব।গাখীৰ খাবলৈ নিদিব পোৱালীটোক।চাবছোন কেনেকৈ গাখীৰ দিব তাই।মাইনা গাইৰ বৰ খং উঠিল।ৱাউউ ৰঙালাও গছ খাবলৈও নিদিবি গাখীৰো নিবি।আকৌ মোৰ পোৱালীৰ ভাগৰ গাখীৰকণতো ইহঁতৰ চকু।

 ওৰে নিশা তাই কি ভাবিলে নাজানো।পিছ দিনা বীৰেণ খুৰাই বহিলৈ বাল্টিটো ভৰি দুটাৰ মাজত সূমুৱাই দুচোচামান মাৰিছিলহে মাইনাই টেণ্ডুলকাৰে বেট ঘূৰোৱাদি এনেকুৱা এটা কায়দাত পিছঠেঙেৰা লাঠিয়ালে যে বীৰেণ খুৰা গোহালীৰ বাউণ্ডাৰি পাৰহৈ পাটবেং পৰাদি পৰিল আৰু কপাল ভাল বাল্টিটো হেলমেটৰ দৰে মূৰতে সোমাই ৰ'ল। নহ'লেতো কেচ সাংঘাটিক মেজৰ হ'লহেঁতেন। মূৰৰ একো নহ'ল।কিন্তু সোঁহাতৰ সৰুগাঁঠিৰ ওচৰতে হাড়ডাল অকণ ফাঁটিল। যিহেতু ৰত্না বৰমাহঁতৰ ঘৰৰ গাই খীৰাওতে বীৰেণ খুড়াৰ হাতৰ হাড় ফাটিল গতিকে মানৱতাৰ খাটিৰত ডাক্তৰৰ খৰচ ৰত্না বৰমাহঁতে ই ভৰিব লগা হ'ল।


 ৰত্ন বৰ্তাই গাইজনীক গালি পৰা শুনা গ'ল-গৰু যে গৰুৱেই।সঁচাই এই জাতীৰ মূৰত ঘিঁউ নাই গোৱৰ আছে। নহ'লে মানুহক এনেকৈ লঠিয়াই-গঠিয়াই ফুৰেনে? ভৰালে টকা এসোপা। এইজনীক বেচিব গ'লেও  গ্ৰাহক নোলাব,কাৰণ দোকানে বজাৰে,গাৱে-ঘৰে সবেই জানে যে গাখীৰ দি বিশ্ব অভিলেখ গঢ়া গাই এজনী আমাৰ ঘৰত আছে।

তেনেতে বৰমাৰ পুতেকে মাত লগালে-মা! গৰুৱে একোৱেই নাজানে ন!মানে মূৰ্খ নহয় জানো!তেন্তে মোক এইজনী গাইৰ গাখীৰ খুৱাই নাথাকিবা আৰু।

:কিয়?

:তাইৰ যেতিয়া মূৰত একো নাই, গোবৰ আছে।মোৰনো তাইৰ গাখীৰ খাই ক'ত মগজটো ডাল হ'ব!

বৰমাই বকবকাই উঠিলে-পাৰোতে ক‌ওঁনে তয়ো এটা গৰু।

      

    তেনেতে গোহালিত পোৱালীটোক মাইনাই গাখীৰ খুৱাই থকা দেখি বৰমাই ক'লে-দেখিছে এইৰ গাখীৰ নোহোৱা নহয়,পোৱালীটোক খুৱাই আছে,খীৰাবলৈহে নিদিয়ে।

বঙবুকণে মাত লগালে

 :অ' মা! তাইৰ পোৱালীৰ মুখৰ গাখীৰ কণ জোৰ জবৰদস্তি খীৰাই আনি বেচি বা খাই আমাৰ ক'তনো উন্নতি হ'ব।শাওহে লাগিব। তুমি মোৰ কাৰণে কিমান যত্ন লোৱা,মাইনায়ো পোৱালীটোক অকণ মৰম কৰে।মাক যেতিয়া তাইৰো পোৱালীটোৰ চিন্তা আছে,জ্ঞান তাইৰো আছে চোৱা।আমিনো তাইৰ বাবে যত্ন লৈছোনো কিমান? যিকণ গাখীৰ দিয়ে সেইকণেই হ'ব আৰু দিয়া মা। 

    হঠাৎ মৰমসনা মাতেৰে   ৰত্না বৰমাই ক'লে-তাই আচলতে ঠেহ লাগিহে গাখীৰ নাই দিয়া ন! হ'ব দে কাইলৈৰ পৰা তোক আমি জোৰ নকৰোঁ।সোনকালে পোৱালীটোও বান্ধি নথ‌ওঁ দে। 

     মাইনাই কি বুজিলে নাজানো ৰত্না বৰমাৰ হাতত তাইৰ গলবিচনীখন ঘঁহাই দিলে। বৰমাই সেমেকা চকুৰে ক'লে-এৰা দে!গাখীৰ গাখীৰ কৰি থাকোঁতে তোক বহুদিন মৰম কৰাই হোৱা নাছিল। তোৰ পোৱালীটোৰ কাৰণে তয়েইতো চিন্তা কৰিবি।তোৰ সামৰ্থ অনুযায়ীহে দিবি।আমিহে বেছি আশা কৰিলোঁ।

    ম‌ই তেনেতে মাত দিলোঁ।বোলো বৰ্তা ঔ! আপুনি গাইজনী কিনি আনোতেই ভাবিব লাগিছিল। 

বৰ্তাই বোলে-হেৰৌ এইজনী বহুত গাখীৰ দিয়া গাই বুলি কৈছিল। 

ম‌ই বোলো এতিয়াহে উৰহী গছৰ ওৰতো ওলাল ।গাই জনী আচলতে সেই বেপাৰীজন ঘৰৰহে।আপোনাক বেচাজনে আগতে ঠগ খাই উপায় নাপায় অভাৱত পৰি আপোনাক বেচিছে। আপুনি গাখীৰ নেবেচিলেও খাব পৰা মানুহ।

:কোনজন ঔ।কোন বেপাৰী

ম‌ই আৰম্ভ কৰিলোঁ- এজন মানুহ এজনী গাই আছিল ।গাইজনীয়ে পোৱালি দিলে কিন্তু গাখীৰ নিদিলে। উপায় নাপায় অভৱীয়া মানুহজনে বজাৰলৈ গাইজনী লৈ গ'ল বেচিবলৈ। পিছে তেওঁৰ লেৰেলা-চেপেতা গাইজনী আৰু পোৱালীটোলৈ কোনেও নোচোৱা দেখি বুদ্ধি এটা কৰি কান্দিবলৈ ধৰিলে-

 " নিত শামুকী,মাহিলি ভুৰুকী,বছৰত কলহী গাই। এইহেন গাইজনী বন্ধন গোটৰ ঋণ মাৰিবলৈ ম‌ই বেচিব লগাত পৰিছোঁ।"

এজন মানুহে সুধিলে-এস্ তোমাৰ গাইজনীয়ে সঁচাকৈ গাখীৰ দিয়েনে?

বেপাৰী মানুহজনে ক'লে-সত্য কৈছোঁ"নিত শামুকী,মাহিলি ভুৰুকী,বছৰত কলহী গাই"এনেকৈ গাখীৰ দিয়ে তাই।এনেৰে নেবেচিলোৱেইহেঁতেন ,মাত্ৰ বন্ধনৰ কিস্তিৰ কাৰণেহে...

মানুহজনে বুজিও নাপালে কিন্তু সুধিবলেও লাজ কৰিলে অৱশেষত বহুত গাখীৰ দিয়ে বুলি ভাবি কিনি আনিলে।পিছে গাখীৰ নোলাই।

খঙৰ ভমকত বেপাৰীৰ ঘৰ ওলালগৈ আৰু ঠিকছে গালি পাৰিলে এনে জীয়া ফাঁকি দিয়াৰ বাবে।বেপাৰীয়ে বোলে-ম‌ইতো মিছা কোৱা নাছিলোঁ।ম‌ই কৈছিলো যে নিত শামুকী,মাহিলি ভুৰুকী,বছৰত কলহী গাই।মানে নিতৌ শামুকৰ খোলাৰ এখোলামান ,মাহেকত সৰু ভুৰুকাৰ এভুৰুকা গাখীৰ আৰু বছৰতো গোটালে একলহ গাখীৰ দিয়ে।

  কিনোতাজনে হতভম্ব হৈ উলটি আহিল। মানে অশ্বত্থমা হত কিন্তু ইতি গজ।

:বৰ্তা ঔ কেনেবাকৈ সেই গাইজনীৰেই সঁচ নেকি আপোনালোকৰ মাইনা। আপুনিও বজাৰত এনেকৈ বেচিলেহে বেছা।

     বৰমাই বোলে:সঁচাকৈ তোৰ মূৰটো কোনোবাদিনা ভাঙিম।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প 

No comments:

Post a Comment

Advertisement

Pages