চাহকাপ খাই কনিষ্টবলজন গ'লগৈ , গেটখনত তলাটো লগাই মুৰ গা ধুই মাধুৰী অলপ ফ্ৰেচ হৈ ললে , বৰ ভাগৰ লাগিছিল সেয়ে গাৰুটোতে ভেজা দি বিচনাখনত অলপ দীঘল দিছিল .., ফোনটো ভাইব্ৰেত হোৱা শুনি বিচনাখনৰ পৰা লাহেকৈ নামি আহিল.., এটা নতুন নাম্বাৰ , দুবাৰমান বজাৰ পাছত ফোনটো ৰিচিভ কৰিলে...
( Assamese Storyboard )
: হেল্ল'...
: সুন্দৰপুৰ থানা হয়নে...
: Yes, speaking.... মই ইন্সপেক্টৰ মাধুৰী
: বাইদেউ মই কোঁৱৰপুৰৰ পৰা কৈছোঁ , গাঁওৰ ৰাজহুৱা পুখুৰীটোত এটা ডেডবডী ওপঙি আছে ,
: what...?
: হয় বাইদেউ, চুবুৰীয়া সকলোৱে দেখিছে....
: ডেডবডীটো কাকো চুবলৈ নিদিব , মই গৈ আছোঁ ,
: ঠিক আছে বাইদেউ...
ফোনটো কাটি দিছিল মাধুৰীয়ে, একো ভাবি নাপায় ৰত্নাকৰলৈ ফোন লগালে...
: হেল্ল' ৰত্নাকৰ ,
: yes মেডাম , আপোনাৰ কিবা অসুবিধা হৈছে নেকি...
: অসুবিধা হোৱা নাই হবহে এতিয়া ...
: মই একো বুজা নাই মেডাম.... ভালকৈ কওকচোন...
: কোঁৱৰপুৰত এটা মৃতদেহ ওলাইছে , ফোন কৰি খবৰ দিছে.., ইমিডিয়েট যাব লাগে , আপুনি মোৰ কোৱাটাৰলৈ আহকচোন ,
: কিন্তু মেডাম ....?
: কোনো কিন্তু নাই , মই যিটো কৈছোঁ সেইটোৱেই হব.... আপুনি আহক মই ড্ৰাইভাৰজনক ফোন কৰো....
ড্ৰাইভাৰজনলৈ ফোন কৰি মাধুৰীয়ে গাড়ীখন কোৱাটাৰলৈ লৈ আহিবলৈ কলে...., গাড়ীখন পায়হি মানে মাধুৰীয়ে ড্ৰেচযোৰ পিন্ধি ললে , ৰত্নাকৰো আহি পালেহি...... মেডাম আপুনি ৰেডী হলনে....! আমি ৰেডী হৈ আছোঁ..
: গৈ আছোঁ ,
হাতত বহিএখন লৈ মাধুৰী ওলাই আহিল , দুৱাৰ আৰু গেটত তলালগাই , গাড়ীত উঠিল ,
..... বুইজে ৰত্নাকৰ শাৰীৰিক ভাৱে মই বৰ ভাগৰুৱা হৈ পৰিছোঁ , কিন্ত মোৰ মনৰ জোৰ হলে কমা নাই , হত্যা... হিংসা... এইবোৰ শুনিলে মনৰ মাজত শুই থকা বাঘটো গৰ্জি উঠে ,
: আপুনি অলপ নিজৰ কথাও চিন্তা কৰিব মেডাম , জইন কৰা দিন ধৰি অকণমানো জিৰাবলৈ পোৱা নাই ....
: আমাৰ চাকৰিটোৱে তেনেকুৱা ৰত্নাকৰ , জনসাধাৰণক সুৰক্ষা দিয়া , যিকোনো বিপদত তেওঁলোকক সহায় কৰা ......., অলপ ভালকৈ চলোৱা ৰাস্তাটো বৰ ভাল নহয় , গাঁতেই গাঁত..., কেনেবাকৈ চিলিপ কাটিব লাগিলে তিনিওটা গৈ পথাৰত সোমামগৈ ......, কথাষাৰ কৈ খিলখিলাই হাঁহিল মাধুৰীয়ে....
: আপুনি ভয় কৰিছে নেকি মেডাম...... ৰাহুলে মাধুৰীক প্ৰশ্ন কৰিলে ,
: ভয়.....? এই শব্দটো মোৰ অভিধানত নাই...., ৰত্নাকৰ সৌৱা চোৱাচোন মানুহে জুম বান্ধি আছে , ৰাহুল গাড়ীখন ৰখাই দিয়াচোন.....
ৰাস্তাতে গাড়ীখন ৰখাই দিলে ৰাহুলে..., মানুহৰ ভীৰ ফালি মাধুৰী আগুৱাই গল , পাছে পাছে ৰত্নাকৰ..., মাধুৰীয়ে লক্ষ্য কৰিলে এটা মৃতদেহ পানীত ওপঙি আছে , বয়সস্থ মানুহজনক মাধুৰীয়ে প্ৰশ্ন কৰিলে..... ডেডবডীটো কোনে প্ৰথম কোনে প্ৰত্যক্ষ কৰিছিল...
: ময়ে দেখিছিলো বাইদেউ , ভয়তে কথাটো চুবুৰীয়াক অৱগত কৰিলোঁ.......
: ৰত্নাকৰ , বাঁহ এডাল আনি বডীটো পাৰলৈ অনাৰ ব্যৱস্থা কৰক , ড্ৰাইভাৰজনৰ সহযোগত ৰত্নাকৰে বডীটো পাৰলৈ তুলিলে.... এজনী ছোৱালীৰ মৃতদেহ , মাধুৰীয়ে ভালকৈ চালে ছোৱালীজনীৰ ডিঙিত এটা ৰঙা দাগ আছে , মোবাইলটোতে দুখনমান ফটো তুলিলে মাধুৰীয়ে , সকলোৱে মৃতদেহটো বেৰী ধৰিলে , ভীৰৰ মাজৰ পৰা মানুহ এগৰাকী ওলাই আহি মৃতদেহটো বুকুত বান্ধি ... মাজনী ঐ তই এইবোৰ কি কৰিলি..., মই এতিয়া কাকলৈ জীয়াই থাকিম.... বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে..... মাধুৰীয়ে মানুহগৰাকীক আঁতৰাই আনিলে........, ধৈৰ্য ধৰক ..., যি হব লগা আছিল হৈ গল....., আপুনি কাৰোবাক সন্দেহ কৰিছে নেকি......
( Assamese Storyboard )
: সন্দেহ নোহোৱা নহয়...., মৃণাল নামৰ ওচৰৰ লৰা এটাক তাই ভাল পাইছিল , ৰাজু বোলা এটায়ো তাইৰ লগত লাগি আছিল ,
মৃণাল আৰু ৰাজু নামটো শুনাৰ লগে লগেই মাধুৰীয়ে নাম দুটা বহিখনত লিখি ললে..., মৃণালে তপৰাই মাত লগালে .....মই সেইবোৰ একো নাজানো....., তাই আত্মহত্যা কৰিছে মেডাম...
: তুমি কেনেকৈ নিশ্চিত হলা তাই আত্মহত্যা কৰিছে বুলি....,
: নহয় মানে..... মেডাম...., নিশ্চিত নহয় , মাথোঁ সন্দেহ কৰিছোঁ....!
: এয়া আত্মহত্যা নহয়..., নিশ্চয় কোনোবাই ছোৱালীজনীক হত্যা কৰি পুখুৰীত পেলাই দিছে , ডিঙিৰ দাগটোৱেই তাৰ প্ৰমাণ... তুমি কাইলৈ এবাৰ থানালৈ আহিবা....
: তাৰমানে আপুনি মোক সন্দেহ কৰিছে...
: yes....., ৰাজু কোন....? কাইলৈ ৰাজুক লৈ থানালৈ যাবা...., কথাটো শুনি মৃণালৰ মুখমণ্ডলত ঘাম বিৰিঙি উঠিল...., তুমি ইমান ঘামিছা কিয়...?
: কথাবোৰ শুনি ভয় লাগিছে....
: তুমি যদি দোষী নহয় তেন্তে কিয় ভয় কৰিছা...?
: আগতে এনেকুৱা ঘটনা আমাৰ অঞ্চলত হোৱা নাই মেডাম.....
: ৰত্নাকৰ বডীটো গাড়ীত তোলা.... ৰাতিপুৱাই মেডিকেল পঠাব লাগিব ,
: ok মেডাম..... ৰত্নাকৰে বডীটো গাড়ীত উঠাই দিলে , কান্দি থকা মানুহগৰাকীৰ ওচৰলৈ গল মাধুৰী.... আপুনি চিন্তা নকৰিব , দোষীক উপযুক্ত শাস্তি দিম , পাৰিলে কাইলৈ এপাক থানালৈ আহিব...... কথাষাৰ কৈ মাধুৰী গাড়ীত উঠিল , তাইৰ মনত নানা প্ৰশ্ন উদয় হবলৈ ধৰিলে , মিতালিৰ কেচটোৰ লগতো এই নাম দুটা সাঙুৰ খাই আছে সেয়ে মাধুৰীৰ ধাৰণা দৃঢ় হ'ল , হত্যাকাৰী মৃণাল আৰু ৰাজুৰ বাহিৰে কোনো হব নোৱাৰে , ...... ৰত্নাকৰ কেচটো ভালদৰে তদন্ত কৰিব লাগিব , মোৰ কিন্ত মৃণালৰ ওপৰত পোৰা সন্দেহ হৈছে...., সিয়ে এই কামটো কৰিছে...
: হয় মেডাম , লৰাটোৰ মতি গতি বৰ ভাল নেদেখিলো , নিশ্চয় সিয়ে হত্যা কৰি পুখুৰীত পেলাই দিলে আত্মহত্যা বুলি প্ৰমাণ কৰিবলৈ...
: ডিঙিৰ দাগটোলৈ চাই নিশ্চয় টেঁটু চেপি মাৰিছে ,
: মেডাম আপুনি বাৰু লক্ষ্য কৰিছিল নে... ছোৱালীজনীৰ দুপাত্তাখন নাই...., কিজানি সেইখনেই....
: আপোনাৰ সন্দেহো মিছা নহয় , কথাটো ময়ো লক্ষ্য কৰিছোঁ .......
.......ক্ৰমশঃ
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment