সন্যাষীজনে চকু মেলি সিহঁতক চালে আৰু ক'লে , মই তোমালোকক নাম লৈ মাতিলত তোমালোকৰ আচৰিত যেন লাগিছিল নে ? কিন্তু মোৰ কাৰণে একো কাম আৰু কথা কঠিন নহয়। মই তপস্যা কৰি বহুত শক্তি প্ৰাপ্ত কৰি থৈছোঁ। তোমালোকে এইটো জানি আচৰিত হ'বা যে মোৰ বয়স হাজাৰ বছৰতকৈও বেছি। সঠিক সময়টো নাজানো কিন্তু মই সৰু থাকোঁতেই মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈছিল। তাৰ পিছত মই ডেকা হ'লত হিমালয় পৰ্বতলৈ তপস্যা কৰিবলৈ গুচি গৈছিলো আৰু হাজাৰ হাজাৰ বছৰ তপস্যা কৰি আছিলো। মই তপস্যা কৰি নিজৰ মৃত্যু আহিবলৈ দিয়া নাছিলোঁ । মৃত্যুৱে মোক চোৱ নোৱাৰে।
( Assamese Storyboard )
চাৰিজন বন্ধুৱে সন্যাষীজনে কোৱা ৰহস্যজনক কথাবোৰ শুনি আছিল। সন্যাক্ষীজনে দীঘলীয়া উশাহ এটা লৈ আকৌ ক'লে, মোৰ লগতে আৰু এজন ব্যক্তিয়ে সিদ্ধি লাভ কৰিছিল। তাৰ নাম আছিল ৰামচন্দ্ৰ । সি প্ৰথমতে মোৰ বহুত ভাল বন্ধু আছিল। কিন্তু সি কলা যাদু কৰি ভাল পাইছিল । সেইকাৰণে মই তাৰ লগত বন্ধুত্ব ভাঙি পেলালো আৰু তেতিয়া পৰা সি মোৰ শত্ৰু হৈ পৰিল। তাৰ পাছত সি বহুত বেয়া শক্তি কিছুমান প্ৰয়োগ কৰি মোক মাৰিবলৈ চালে । সাতদিন একেৰাহে তাত আমাৰ যুদ্ধ হ'ল আৰু শেষত মই মোৰ ভাল শক্তি সহায়েৰে তাক বধ কৰিলোঁ। এতিয়া তাৰে জীয়েক চন্দালিকা তাই বহুত ডাঙৰ যাদুগৰনি আৰু মোৰ পৰা এতিয়া প্ৰতিশোধ লবলৈ চাই আছে। এই দেৱীগৰাকী মোৰ আৰাধ্য দেৱী। মই প্ৰতিজ্ঞা কৰিছিলোঁ যে যেতিয়ালৈকে অন্তিম সিদ্ধি লাভ নকৰোঁ মই মন্দিৰত নুসোমাও। তাৰে সুযোগ লৈ তাই মন্দিৰত লুকাই আছে আৰু নিজৰ শক্তি বঢ়াবলৈ কিবা পূজা কৰি আছে।
( Assamese Storyboard )
তাই নিজৰ শক্তি বঢ়াবলৈ মানৱ শৰীৰ উচৰ্গা দিব লাগে। তোমালোক চাৰিজন আজি তাইৰ জালত ফঁচি গৈছিলা । তাই তোমালোকৰ ওপৰত যাদু কৰি তোমালোকক অচেতন কৰি, পূজা কৰি দেৱীক তোমালোকৰ বলী দিলে হেঁতেন আৰু তেজেৰে গা ধুই ইমান শক্তিশালী হৈ গ'ল হেঁতেন যে মই তেতিয়া তাইক একো কৰিব নোৱাৰিলোঁ হেঁতেন। কিন্তু দেৱীৰ কৃপাত মই আহি পালোঁ আৰু তোমালোক বাচি গ'লা। মই আহিলত তাইৰ শক্তি কম হৈ গৈছে।
আগলৈ…
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment