প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 12, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১০ ) : Assamese Storyboard

Assamese Storyboard

 

পেহীয়েকৰ কথা শুনি প্ৰণৱ শুবলৈ গ'ল। ৰিমাও শুইছে মাত্ৰ। হঠাতে বিজুলী ঢেৰেকনীৰে সৈতে এজাক ডাঙৰ বৰষুণ আহিল। তিনিও কিবাকৈ ভয়ে ভয়ে ৰাতিটো কটালে( Assamese Storyboard )। পিছদিনা ৰাতিপুৱাই উঠি প্ৰণৱ দোকানলৈ যাবলৈ ওলোৱাত শুনিব পালে যে তাৰ দেউতাক মৃণাল চৌধুৰীৰ মৃত্যু হ'ল। প্ৰণৱে লগে লগে নিজৰ ঘৰ পালেগৈ। কিন্তু প্ৰণৱক দেখিয়েই গাঁওৰ গাওবুঢ়াই মাত লগালে-

Assamese Storyboard

: ৰহ প্ৰণৱ তই পদূলিৰ পৰা ভিতৰত সোমাই নাহিবি। তই বেলেগ ধৰ্মৰ ছোৱালী ভাল পাইছ, বিয়া পাতিছ গতিকে তোক আমাৰ সমাজৰ পৰা বহিস্কাৰ কৰা হৈছে আৰু মৃণালেও সমস্ত সম্পত্তি ভতিজা হৰেণৰ নামত কৰি দি তোক তাজ্যপুত্ৰ বুলি কৈছে। গতিকে তই আমাৰ সমাজলৈ অহাৰ কোনো অধিকাৰ নাই।

: এয়া কি কৈছে গাওবুঢ়া কাইটি মই এবাৰ দেউতাক চাম,মোক সম্পত্তি নালাগে। 

: বেলেগ ধৰ্মৰ ছোৱালী বিয়া কৰাই তই পাপ কৰিছ। তই এতিয়াই ইয়াৰ পৰা আতৰি যা। গুচি যা তই।


দুখ মনেৰে প্ৰণৱ তাৰ পৰা আতৰি গৈছিল। সি মনতে ভাবিলে- প্ৰেম বাৰু ইমান নিষ্ঠুৰ নে? প্ৰেমৰ কাৰণে সি আজি তাজ্যপুত্ৰ হ'ব লগা হ'ল। প্ৰেমৰ কাৰণে সি আজি সমাজৰ পৰা বহিস্কৃত হ'ল। ভাবি ভাবি সি দোকান পালে। দোকানত আন এটা পৰিৱেশ। দোকান পোৱাৰ লগে লগে দোকানৰ মালিকে ক'লে-


: তই আৰু দোকানত কাম কৰিব নোৱাৰিবি প্ৰণৱ। তই বেলেগ ধৰ্মৰ ছোৱালী বিয়া কৰাইছ সেই দেখি আমাৰ দোকানলৈ গ্ৰাহকৰ সংখ্যা কমি আহিছে। গতিকে এয়া ল ২০০০ টকা আৰু ইয়াৰ পৰা আতৰি যা।( Assamese Storyboard )

: কিন্তু চাৰ!

: গেট আউট।


দুখে ভাগৰে প্ৰণৱে উভতি আহিল। ভাবিলে সি কাৰোবাৰ ঘৰত চাকৰ থাকিব,কামিলা কৰি জীৱন কটাব। কিন্তু তাক দেখিয়েই আটায়ে ঘৰৰ দৰ্জা বন্ধ কৰি দিয়ে। ৰাস্তাত দেখিলেও দুৰেৰে আতৰি যায়। কাৰণ সি বেলেগ ধৰ্মৰ ছোৱালী বিয়া কৰাইছে।

বাহঃ সমাজ , বাহঃ সমাজৰ নিয়ম।


প্ৰণৱৰ হাতত আন একো উপায় নাছিল। ডক্তৰে কোৱা অনুসৰি ৰিমা আৰু কেইদিনমানৰ আলহী। গতিকে প্ৰণৱে মনতে ভাবি ল'লে যে এইকেইদিন সি ৰিমাৰ লগতেই কটাব। এইভাবি সি সেইদিনৰ পৰা ঘৰতে থকা কৰিলে। কৰিবলৈও একো নাছিল সকলোৱে তাক খেদি দিয়ে। তাক দেখা পালে অমংগল হ'ব বুলি দুৱাৰ খিৰিকী জপাই থয়। এয়াই আমাৰ সমাজ। প্ৰণৱে নিজৰ ভাগ্যক দোষী হিয়া ধাকুৰি কান্দিব ল'লে। তাৰ কান্দোন দেখি মৃত্যুমুখী ৰিমাইও কান্দে। ৰিমাৰ গৰ্ভত তেতিয়া প্ৰণৱৰ ছয়মহীয়া সন্তানটোৱে পোহৰ চাবলৈ ব্যাকুল হৈ আছিল। মাঁ বুলি মাতিবলৈ আকুল হৈ আছিল। 

এনেতে পেহীয়েকে মাত লগালে-


: প্ৰণৱ তই শুৱাই নাই।

: কেনেকৈ শুম ও পেহী, ৰিমা মোৰ কাষত আৰু কেইদিন থাকিব ও পাহী। তই চোন কৱ ভগৱান আছে কিন্তু ক'ত ও আছে যদি কিয় নাচায় মোৰ ফালে। মই আৰু নোৱাৰা হৈছো ও পেহী।

: তই কান্দিলে আইজনীয়েও বৰ দুখ পায় ও বল শুই থাকগৈ।


আগলৈ............................................

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages