কথা পাতি থাকোঁতেই হঠাৎ মৃত্তিক উচুপি উঠিল । কি হ'ল মৃত্তিক ? কিয় কান্দিছা তুমি.....? প্ৰশ্ন কৰিলে প্ৰাণে । ( Assamese Storyboard )
: বহুত দুখ লাগিছে অ' প্ৰাণ.....! নিজকে কেতিয়াবা বুজাব নোৱাৰা হৈ যাওঁ । তাৰ মুখখন মনত পৰিলেই সকলো খং অভিমান নিমিষতে মাৰ যায় । তথাপিও যেন আমাৰ ভালপোৱা আধৰুৱা...! কথাষাৰ কৈ মৌন হৈ পৰিল মৃত্তিক
: দুখ নকৰিবা মৃত্তিক । তোমাৰ এই নীৰৱতা আৰু হাঁহিটোৰ মাজত বহুত কিবা লুকাই আছে । কিন্তু সেয়া বুজাৰ ক্ষমতা কেৱল তেঁওৰহে আছে । মোৰ বিশ্বাস তেওঁ এদিন সকলো বুজি পাব । তুমি মাথোঁ ধৈৰ্য ধৰা ।
: প্ৰাণে একদম সঁচা কথা কৈছে । আমাৰ এই ভালপোৱা জীয়াই ৰাখিবলৈ হ'লে আমি ধৈৰ্য ধৰি সাহসেৰে কিছুমান কাম কৰিব লাগিব মৃত্তিক । তেতিয়াহে আমাৰ প্ৰেমে পূৰ্ণতা পাব । প্ৰাণৰ লগতে সুৰত সুৰ মিলাই কলে ভৈৰৱে ।
: চোৱা ভৈৰৱ ....! কাৰোবাক প্ৰাণ খুলি ভাল পাই যোৱাৰ পাছত তেওঁৰ পৰা সেই মৰমখিনি ওলোটাই পাবলৈ অপেক্ষা কৰি থকা সময়খিনি বৰ কষ্টকৰ ।
: মই বুজি পাইছোঁ মৃত্তিক । কিন্তু কি কৰিবা কোৱা....? অপেক্ষা কৰাৰ বাহিৰে আন উপায়ো নাই ...!
: ধৈৰ্য আৰু সহ্যৰ এটা সীমা থাকে ভৈৰৱ । প্ৰাণ আৰু গৌৰৱৰ যি ভালপোৱা , দুয়োটাৰ মাজত থকা understanding , respect এইবোৰ দেখি মই অভিভূত হৈ পৰিছোঁ । প্ৰাণ আৰু গৌৰৱ সঁচাই বহুত লাকী ।
: Thank you so much মৃত্তিক । হাঁহি এটা মাৰি কলে গৌৰৱে । ৰাজীৱ , তুমি কিয় ইমান মনে মনে আছা...?
: মইনো কি ক'ম গৌৰৱ দা । আপোনালোকৰ কথাবোৰকে শুনি আছোঁ । লাহেকৈ কলে ৰাজীৱে ।
: কিয় ....? তোমাৰ আৰু ভৈৰৱৰ প্ৰেম মৃত্তিকৰ দৰে হোৱা হ'ল তুমি কি কৰিলা হেঁতেন....?
: ভৈৰৱ দাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । মই কষ্ট পোৱা কাম তেওঁ কেতিয়াও নকৰে । এইটোও ঠিক যে ভৈৰৱ দাই আজিলৈকে মোক জোৰ কৰা নাই । জুইৰ ওচৰত ঘিঁউ থাকিলে যিদৰে ঘিঁউ গলি যায় , সেইদৰে ভৈৰৱ দা মোৰ কাষত থাকিলে ময়ো সকলো পাহৰি যাওঁ । ভৈৰৱ দাৰ সুখেই মোৰ সুখ বুলি অনুভৱ কৰোঁ । লাজ লাজকৈ কলে ৰাজীৱে ।
: বা:...! ভৈৰৱ , ৰাজীৱৰ দৰে কথাবোৰ মোৰ ইও বুজি পোৱা হলে , মই বহুত সুখী হলোঁ হেঁতেন ।
: জানা মৃত্তিক , ভৈৰৱ আৰু ৰাজীৱৰ মাজতো বহুত Understanding আছে । এতিয়া তোমালোকে কথা পাতিয়ে দিনটো পাৰ কৰিবা নে দুপৰীয়া ভাতৰ ব্যৱস্থা কৰিব লাগিব ...? সকলোৰে অনুমতি বিচাৰিলে প্ৰাণে ।
: নাই....! নাই.....! প্ৰাণ , আমাৰ দুটাৰ বাবে একো যোগাৰ কৰিব নালাগে । আমি যামেই এতিয়া । টপৰাই কলে ভৈৰৱে ।
বিচনাখনৰ পৰা লাহেকৈ নামি বাহিৰলৈ ওলাই গ'ল ভৈৰৱ । বৰ চোকাকৈ ৰ'দজাক ওলাইছে । চৰাই চিৰিকটি সকলোৱে গছৰ ছাঁত জিৰণি লৈছে । জেপৰ পৰা ৰুমালখন উলিয়াই মুখখন মোহাৰি ভৈৰৱ ভিতৰলৈ সোমাই আহিল । ...মৃত্তিক , প্ৰাণ আমি গৈ থাকোঁ । লগ পাই ভাল লাগিল মৃত্তিক । আকৌ লগ পাম...
: Sure, ভৈৰৱ । এমাহৰ ছুটিত ঘৰলৈ আহিছোঁ । so, আমাৰ এদিন ভাত খোৱাকৈ আহিবা ।
: এতিয়া আহিব নোৱাৰিম আৰু ...! Exam পালেহিয়ে নহয়....! একো পঢ়া হোৱাই নাই । পাছত লগ পাম দিয়া । আহিছোঁ প্ৰাণ । কথাষাৰ কৈয়ে ভৈৰৱ আৰু ৰাজীৱ প্ৰাণৰ ৰূমৰ পৰা ওলাই আহিল । ৰাজীৱক পদূলিত নমাই ঘৰলৈ যাব লওঁতেই তৰাই পাছফালৰ পৰা চিঞৰিলে ....ভৈৰৱ , ভাত খাই যাবা আহাঁ....! কিয় পদূলিৰ পৰাই ঘূৰি যাব লৈছা ....? তৰাৰ মাতষাৰ শুনি পদূলিতে বাইকখন ৰখাই ভিতৰলৈ সোমাই আহিল ভৈৰৱ । ..... হাত মুখ ধুই লোৱাগৈ যোৱা । মই তোমালোকলৈ ভাত উলিয়াও ।
: ঠিক আছে মা ।
ভালকৈ হাতমুখ কেইটা ধুই ৰাজীৱ আৰু ভৈৰৱ দুয়োটা টেবুলত বহিল । তৰাই বইল ভাতকেইটা ধুনীয়াকৈ বাঢ়ি টেবুললৈ উলিয়াই দিলে । ...নেমু এডোখৰ দিম নেকি ভৈৰৱ ....?
: দিয়ক মা ।
: মা , ভৈৰৱ দাক আচাৰ অকণো দি দিয়া আকৌ । তুমি নালাগে ৰ'বা ময়ে লৈ আহোঁ । ভাতৰ টেবুলৰ পৰা উঠি গৈ আমৰ আচাৰৰ বটলটো আনি আম এডোখৰ উলিয়াই ভৈৰৱৰ কাঁহীখনত দি দিলে ৰাজীৱে । ....খোৱা ভৈৰৱ দা । ভাত কেইটা খাই ভৈৰৱ পাকঘৰৰ পৰা ওলাই যোৱাৰ লগে লগেই বাচন কেইটা ধুই সামৰি থলে ৰাজীৱে । লং আৰু চ'ফৰ টেমাটোৰ পৰা লং আৰু চ'ফ কেইটামান উলিয়াই ভৈৰৱক দিলে । ( Assamese Storyboard )
: ৰাজীৱ , মই গৈ থাকোঁ । মাক মাত লগাই দিয়া ....!
: ৰ'বা , মায়ে তোমাৰ বাবে বাৰীৰ পৰা কিবা এটা আনিবলৈ গৈছে ।
: মই সেইবোৰ একো নিব নোৱাৰিম দেই , তুমি লৈ যাবা ।
: পিঠিত তুলি নিব নালাগে নহয় । বেগত ভৰাই দিম আঁৰি দিলেই হ'ব আগত ।
সোণ....! পাকঘৰৰ বেৰতে বজাৰ কৰা সৰু মোনা এটা আছে । লৈ আহাচোন....! পাছফালৰ চোতালৰ পৰা চিঞৰিলে তৰাই । তৰাৰ চিঞৰ শুনি ৰাজীৱে পাকঘৰৰ পৰা মোনাটো নি তৰাৰ হাতত দিলে । লাও দুটা মোনাটোত ভৰাই পাছ দুৱাৰেদি তৰা ভিতৰলৈ সোমাই আহিল । .....ভৈৰৱ , এইটো লোৱা । ঘৰৰে লাও দুটা দিছোঁ ।
: এইবোৰ নিদিয়া হ'লেও হয় । বজাৰৰ পৰা আনি থকাই হয় ।
: বজাৰৰ আৰু ঘৰৰ লাওৰ মাজত পাৰ্থক্য আছে । ঘৰৰ বুলি খাবা আৰু....
তৰাৰ কথা পেলাব নোৱাৰি লাওৰ মোনাটো হাতত লৈ ভৈৰৱ পদূলিলৈ ওলাই গ'ল । ৰাজীৱেও পদূলিলৈকে আগবঢ়াই দিলে ভৈৰৱক । ....গৈ থাকা ভৈৰৱ দা । ঘৰ পাই ফোন কৰিবা । মায়ে তোমাক গালি পাৰিলেও একো উত্তৰ নিদিবা ।
: তুমি চিন্তা নকৰিবা । পৰিস্থিতি ঠিক নোহোৱালৈকে মই নীৰৱ দৰ্শক হৈয়ে থাকিম । বাই.... বাইকখন ষ্টাৰ্ট দি ৰাজীৱলৈ কেৰাহিকৈ চাই ভৈৰৱ গ'লগৈ । দিনটোৰ অৱসাদ আঁতৰ কৰিবৰ বাবেই বিচনাতে অলপ দীঘল দিলে ৰাজীৱে । গাৰুটো বুকুৰ মাজত সাৱতি সি ভাবিবলৈ ধৰিলে । ...প্ৰেম আচলতে কি...? প্ৰেম প্ৰেমেই...! সাধাৰণ প্ৰেম আৰু সমকামী প্ৰেম পানী আৰু জুইৰ দৰেই । সাধাৰণ প্ৰেমক সকলোৱে সহজে স্বীকাৰ কৰে কিন্তু সমকামী প্ৰেমক মানুহে ঘিণ কৰে । দুয়োটাই প্ৰেম , এটাক পূজা কৰে আনটোক তাচ্ছিল্য কৰে । এটা সময়ত মিৰবাঈৰ প্ৰেমৰ নিৰ্মলতা কোনেও বুজি পোৱা নাছিল কিন্তু সময় বাগৰি যোৱাৰ লগে লগেই সকলোৱে এতিয়া মিৰবাঈৰ প্ৰেমৰ নিৰ্মলতাৰ কথা বুজি পালে । সময় আৰু সমাজ পৰিৱৰ্তনৰ লগে লগে সমকামী প্ৰেমৰ নিৰ্মলতাও এদিন সকলোৱে বুজিব ..., কথাবোৰ ভাবি ভাবি বিছনাত বাগৰ সলাই থাকোঁতেই ৰাজীৱৰ ফোনটো বাজি উঠিল । ধৰোঁ নধৰোঁকৈ যীশুৰ ফোনটো ৰিচিভ কৰি ৰাজীৱ বিচনাৰ পৰা নামি আহিল ।
: হেল্ল'... ! দাদা
: কি কৰিছ...?
: শুই আছিলোঁ । তই..?
: মই এইমাত্ৰ ৰূম পাইছোঁ । দেউতাক টকা কেইটামান পঠিয়াবলৈ কবিচোন । মই ফোন কৰি আছোঁ দেউতাই ফোনটো ৰিচিভ কৰা নাই ।
: মই কৈ দিম বাৰু ....! ভালকৈ পঢ়িবি দাদা । দেউতাই বৰ কষ্ট কৰি তোলৈ টকা পঠিয়াই ।
: তই মোক লেচন দিব নালাগে । ফোন ৰাখ...! ফোনটো কাটি দিলে যীশুৱে
.....সঁচা কথা কলে তাৰ খং উঠে , পঢ়িবলৈ গৈছে নে ফুৰ্তি কৰিবলৈ গৈছে দাদাইহে জানে । মুখৰ ভিতৰতে ভোৰভোৰাই থাকোঁতেই তৰা ৰূমটোলৈ সোমাই আহিল ।
: কি হ'ল সোণ....! ভোৰভোৰাই আছা যে...?
: দাদাই ফোন কৰিছিল । তাক বোলে আকৌ পইচা লাগে ।
: ঘৰৰ পৰা যাওঁতে দেখোঁন সি দহ হাজাৰ টকা লৈ গৈছিল । কি কৰিলে সেইসোপা...?
: ময়ো তাকে ভাবিছোঁ মা...! দাদা পঢ়িবলৈ গৈছে নে নিজকে আধুনিক বুলি চিনাকি দিবলৈ গৈছে ...!
: ৰ'বাচোন ! তাক কথাবোৰ সুধিব লাগিব । ইমানবোৰ টকা সি কিহত খৰছ কৰিলে । তালৈ ফোনটো লগাই দেচোন...!
: এতিয়া ফোন কৰিব নালাগে মা , দেউতা অহাৰ পাছত দেউতাক সুধিবলৈ ক'বা । এতিয়া তুমি এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে । সন্ধিয়া লাগিবৰে হ'ল , তুমি গোঁসাইঘৰত চাকি দিয়াগৈ যোৱা । তৰা ৰূমৰ পৰা ওলাই যোৱাৰ লগে লগেই ভৈৰৱলৈ ফোন কৰিলে ৰাজীৱে । ৰিং কৰি কৰি ফোনটো কাট খাই গল , তিনি চাৰিবাৰ ফোন কৰাৰ পাছতো ফোনটো ৰিচিভ নকৰিলে ভৈৰৱে । ভয় আৰু শংকাত ৰাজীৱৰ বুকুখন কঁপিবলৈ ধৰিলে । পঢ়া টেবুলৰ ওচৰৰ থকা শিৱৰ ফটোখনৰ ওচৰত ধূপডাল লগাই সেৱা কৰিবলৈ লওঁতেই ৰাজীৱৰ ফোনটো বাজি উঠিল ।
: ভৈৰৱ দা , কিয় ফোনটো ৰিচিভ কৰা নাছিলা...?
: মই কাম এটা কৰি আছিলোঁ । কোৱা...
: মায়ে কিবা কৈছে নেকি তোমাক...?
: মোক একো কোৱা নাই । কিন্তু বলকি আছে ।
: বলকিবলৈ দিয়া । তুমি একো নকবা কিন্তু...!
: নকওঁ অ'....! এতিয়া ৰাখিছোঁ দিয়া , ৰাতিপুৱা লগ পাম ।
: ঠিক আছে ভৈৰৱ দা । ফোনটো কাটি দিলে ভৈৰৱে । দীঘলকৈ স্বস্তিৰ নিঃশ্বাস এটা এৰি পঢ়াৰ টেবুলত বহিল ৰাজীৱ ।
ক্ৰমশঃ......
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
বিজ্ঞাপন |
No comments:
Post a Comment