ৰমেন ৰাতিপুৱা যেতিয়া বিছনাৰ পৰা উঠিল । সি একো বুজি নাপালে আৰু মাকক চিঞৰিলে, "মা মোৰ কি হয় গ'ল , সোনকাল আহা!" তাৰ মাক ৰাধা দৌৰি আহিল আৰু সুধিলে,কি হ'ল ৰমেন ( Assamese Storyboard )?" ৰমেনে ভয় খোৱা দৰে ক'লে," মা মোৰ মূৰটো ঘূৰাইছে আৰু মই একো নেদেখা হ'লো। " ৰাধাই স্বামী পুলেনৰ লগত ৬ বছৰীয়া পুত্ৰ ৰমেনক লগত চিকিৎসালয়লৈ গ'ল। ডাক্তৰ জনে ৰমেনক চাই পুলেনক ক'লে, কোনো ঔ ষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত আপোনাৰ ল'ৰাটোৰ চকুৰ ৰশ্মি নাইকীয়া হৈ গ'ল আৰু এতিয়া তাৰ চকু ৰশ্মি ঘূৰাই অনাটো সম্ভৱ নহ'ব । "
ডাক্তৰৰ কথা শুনি ৰমেনৰ মাক-দেউতাক দুখত ভাগি পৰিল। আচলতে কেইদিনমানৰ আগতে ৰমেনৰ বহুত জ্বৰ হৈছিল আৰু পুলেনে গাওঁৰে এজন এনেই অলপ জনা ডাক্তৰ পৰা দৰব লৈ খোৱাই দিছিল। যাৰ ফলত ৰমেনৰ চকু বেয়া হৈ গ'ল। দেউতাকে নিজকে দুখী বুলি ভাবিবলে ল'লে। চকুৰ ৰশ্মি নাইকীয়া হোৱাৰ ফলত ৰমেনে লগৰবোৰৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে। সি তাৰ লগৰবোৰৰ লগত থাকিবলৈ লাজ অনুভৱ কৰিবলৈ ল'লে। তাৰ লগৰবোৰে তাক লগ কৰিবলৈ আহিলে ,সি সিহঁতৰ পৰা পলাই ফুৰে।
এদিন পুলেনে বাতৰি কাকতত এখন স্কুলৰ বিষয়ে গম পালে। য'ত দৃষ্টিহীন ল'ৰা ছোৱালীক শিক্ষা দিয়া হয়। তেওঁ লগা লগ মোবাইলত চাই সেই স্কুলখনৰ ফোন নম্বৰ লৈ তালে ফোন কৰিলে আৰু নাম ভৰ্তিৰ সকলো তথ্য বুজি ল'লে। ৰমেনক পোন্ধৰ তাৰিখে তালে লৈ যাবলৈ ক'লে আৰু যদি তাত সি পঢ়িবলৈ চিট পায় তেতিয়া সি তাতে থাকিব লাগিব বুলি দেউতাকক কোৱা হ'ল। ৰমেন দৃষ্টিহীন যদিও পঢ়িব পাৰিব বুলি গম পায় সি বহুত সুখী হ'ল। কাৰণ চকুৰ ৰশ্মি নাইকীয়া হোৱা পাছত সি ভাবিছিল সি আৰু কেতিয়াও পঢ়া-শুনা কৰিব নোৱাৰে। তাৰ মাক-দেউতাকে তাক স্কুলত নাম ভৰ্তি কৰাবলৈ প্ৰস্তুতি কৰিলে আৰু লগতে ৰমেনেও আনন্দতে বহুত প্ৰশ্ন উত্তৰ মনত ৰাখি ল'লে।
স্কুলখনত সোমাই পুলেন আৰু ৰাধাই মনত শান্তিৰ অনুভৱ কৰিলে। সেউজীয়া ঘাঁহেৰে সৈতে খেল পথাৰখন , দুলনা,চফা শ্ৰেণী কোঠা,বগা ৰঙৰ ৰূমবোৰ আৰু খেলি থকা ল'ৰা ছোৱালীবোৰক দেখি ৰমেনৰ মাক-দেউতাকে বহুত সুখ অনুভৱ কৰিছিল। ল'ৰা ছোৱালীবোৰৰ মাত শুনি ৰমেনো উৎফুল্লিত হৈ পৰিল। ৰমেনৰ স্কুলত নাম ভৰ্তি হৈ গ'ল।তাক থয় যেতিয়া মাক-দেউতাক যাবলৈ ল'লে তেতিয়াই তেওঁলোকৰ চকুৰে চকু পানী বাগৰি আহিল। কাৰণ প্ৰথম বাৰৰ বাবে তেওঁলোকে নিজৰ পুতেকক তেওঁলোকৰ পৰা আঁতৰত থৈ যাব লগা হৈছিল। মাক- দেউতাক যাবলৈ লোৱা দেখি ৰমেনে কান্দিবলৈ ধৰিলে আৰু স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আহি ৰমেনক ফুচুলাবলৈ ধৰিলে।
লাহে লাহে ৰমেনে তাৰ নিচিনা ল'ৰা -ছোৱালীবোৰৰ লগত থাকি নিজৰ দুখবোৰ পাহৰিবলৈ ধৰিলে। সি বহুত মন দি পঢ়া-শুনা কৰিছিল। বন্ধত যেতিয়া সি গাঁৱলৈ আহিলে ,সি আনন্দ মনে সকলোকে নিজৰ স্কুলখনৰ বিষয়ে ক'লে। গাওঁৰ মানুহে তাৰ মুখেৰে পঢ়া কথা শুনি আচৰিত হ'ল। কাৰণ গাওঁৰ মানুহৰ বাবে দৃষ্টিহীন মানুহে পঢ়া-শুনা কৰাতো এক নতুন ধৰণৰ কথা আছিল। যেতিয়াই ৰমেনৰ শৈশৱৰ বান্ধৱী ৰিকুৱে সি ঘৰলৈ অহা কথা গম পালে ।তাই তাক লগ কৰিবলৈ সিহঁতৰ ঘৰলৈ আহিল। তাৰ মুখৰ পৰা স্কুলখনৰ কথা শুনি তাই বহুত সুখী হ'ল । সৰুতেই তাইৰ মাক-দেউতাক ঢুকাইছিল। তাই খুড়াকহঁতৰ লগত থাকিছিল। ৰিকু আগৰে পৰা খুড়ীয়েকৰ লগত ৰমেনহঁতৰ ঘৰলৈ আহি থাকে আৰু সিহঁতি দুয়োটাই বহুত খেলিছিল।
যেতিয়াই ৰমেন ঘৰলৈ আহে ৰিকুৱে তাক লগ কৰিবলৈ আহে। ৰমেনে ঘৰলৈ আহিলে লগত বেল লিপি লৈ আহে আৰু সময় পালে পঢ়া-শুনা কৰে। সি ৰিকুক গণিত, ইংৰাজী আৰু বেলেগ বিষয়বোৰ শিকাই দিয়ে আৰু ৰিকুৱেও তাৰ লগত পঢ়ি ভাল পাইছিল। কাৰণ সি পঢ়া -শুনাত চোকা আছিল। সি বোজাই দিয়া পদ্ধতিবোৰ তাই বহুত ভাল পাইছিল আৰু গাঁৱত বেলেগ কোনো নাছিলোঁ যিয়ে তাইক ভালকে বুজায় দিব পাৰে।
এনেদৰে সি মেট্ৰিক পৰীক্ষাত ৮৫% সৈতে উত্তীৰ্ণ হ'ল। সি ঘৰলৈ আহিলত ৰিকু আহিল আৰু তাক শুভেচ্ছা দিলে। সি তাই লগত কথা পাতি ভাল পাইছিল। কাৰণ দুয়োটা সৰু পৰাই লগৰ আছিল। তাই ৬৫% সৈতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ৰমেনে তাইৰ মাত শুনিয়ে তাই দুখত আছে বুলি গম পাইছিল।সি সুধিলে,"কি হ'ল, তুমি কিয় দুখ কৰি আছা?" ৰিকুৱে ক'লে, তুমিটো জানাই খুড়াৰ বহুত কম ইনকম হয় আৰু তেওঁৰো তিনিটা ল'ৰা ছোৱালী আছে। এতিয়া তেওঁ মোৰ পঢ়া খৰচ আৰু কৰিব নোৱাৰে।
তোমাৰ মাক-দেউতা ভাল কাৰণেহে । তেওঁলোকে সময়ত আমাক লাগিলে সহায় কৰে।"
ৰমেনে কিবা এটা ভাবি ক'লে, "মোৰ স্কুলখনলৈ এনজিওৰ মানুহ আহে। তেওঁলোকে দুখীয়া ল'ৰা ছোৱালীক পঢ়িবলৈ সহায় কৰে। যিবোৰে ভাল নম্বৰলৈ পাছ কৰে। তেওঁলোকে মোক চিনি পায় । মই তেওঁলোকৰ লগত তোমাৰ বিষয়ে কথা পাতিম।" ৰিকুৰ ভাল নম্বৰ আৰু আৰ্থিক স্থিতি বেয়া দেখি এনজিওয়ে তাইক ডিগ্ৰী লৈকে পঢ়োৱা দায়িত্ব ল'লে। এইবোৰৰ পাছত তাইৰ মনত ৰমেনৰ প্ৰতি শ্ৰদ্ধা ভাৱ আৰু ভাল পোৱা বাঢ়ি গ'ল।
ৰিকুক পঢ়িবলৈ সহায় কৰা কথা গম পায় । গাওঁৰ মানুহে পঢ়া শুনা সম্বন্ধে কিবা কথা থাকিলে ৰমেন আৰু তাৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰে। গাওঁৰ পৰা ৰমেনক পুৰস্কাৰ প্ৰদান কৰা হ'ল আৰু ৰিকুৱেও ৰমেনক লৈ গৰ্ব অনুভৱ কৰে। ৰমেনে মনোবিজ্ঞানত মেজৰ লৈ পঢ়িলে আৰু ডিগ্ৰী শেষ হোৱা পাছত সি চাকৰি বাবে পৰীক্ষা দিবলৈ প্ৰস্তুত হ'বলৈ ধৰিলে। সি গাঁৱলৈ আহিলে ল'ৰা ছোৱালীবোৰক চাকৰি বাবে হোৱা প্ৰতিযোগিতামূলক পৰীক্ষা বিষয়ে কয় আৰু সিহঁতিও তাক বহুত সন্মান কৰিছিল। সি দৃষ্টিহীন হৈ ইমান কষ্ট কৰি পঢ়া শুনা কৰা দেখি গাঁৱৰ ল'ৰা ছোৱালীবোৰেও তাক ভাল পাইছিল আৰু সি চহৰৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিতাপ আনি গাঁৱৰ ল'ৰা ছোৱালীবোৰেক পঢ়িবলৈ দিয়ে।
ৰিকুৱেও ডিগ্ৰী পাছ কৰিলে আৰু তাই এতিয়া ভাবি পোৱা নাছিল কি কৰিব। তাই ৰমেনক লগ কৰি তাই আগলৈ কি পঢ়িব তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিল। বিহু উৎসৱ পালনৰ বাবে ৰমেন ঘৰলৈ আহিল। ৰিকুৱে পিঠা পনা লৈ সিহঁতৰ ঘৰলৈ আহিল আৰু তাক বিহুৰ শুভেচ্ছা দিলে।ৰমেনে তাই লগ কৰিবলৈ আহিল বাবে বহুত ভাল পাইছিল। সেইদিনা সিহঁতি বহুত দেৰি কথা পাতি থাকিল। ৰিকুৱে তাক নিজৰ হাতেৰে মৰমেৰে পিঠা খোৱালে আৰু তাৰ মনত তাইৰ প্ৰতি প্ৰেমৰ অনুভৱ হ'ল।
এনেদৰে কথা পাতি থাকোতে তাই তাক আগলৈ কি কৰিলে ভাল হ'ব সুধিলে। ৰমেনে ক'লে , "তুমি বি.এডৰ বাবে প্ৰস্তুতি কৰা। ছোৱালী মানুহৰ বাবে শিক্ষয়িত্ৰী পথটো বেছি ভাল হয়। কাৰণ ইয়াত ঘৰৰ মানুহক সময়ো দিব পাৰি আৰু ইয়াত দৰমহা ও ভালকৈ দিয়ে।"
ৰমেনে চহৰলৈ গৈ ৰিকুৰ বাবে বি.এডৰ কিতাপ পঠাই দিলে। এদিন সি ৰিকুলে ফোন কৰি ক'লে, "তুমি কিবা বুজি নাপালে মোক সুধিবা।" তাৰ পাছৰে পৰা তাই কিবা কঠিন প্ৰশ্ন থাকিলে ।তাক সন্ধিয়া সময়ত ফোন কৰি ফোনতে সুধি লয়।ৰমেনে তাইক কঠিন প্ৰশ্নবোৰো সহজে বুজায় দিয়ে বাবে তাই বহুত ভাল পাইছিল। সিহঁতৰ দুয়োটাৰে ইটোৰ সিটোৰ প্ৰতি ভাল পোৱা অনুভূতি জাগি উঠিছিল।
ৰমেনে এম.এত নাম ভৰ্তি কৰি লোৱা লগতে চাকৰি বাবে প্ৰস্তুতি কৰিও আছিল। সি কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষা দিছিল। এদিন সি ৰূমত পঢ়ি থাকোঁতেই লগৰ এটাই এখন চিঠি লৈ আহিল আৰু সি সেইখন পঢ়ি চাই উৎফুল্লিত হৈ পৰিল। আচলতে সেইখন চিঠি আই.বি.পি.এচৰ ফালৰ পৰা পঠোৱা চিঠি আছিল। য'ত লিখা আছিল সি ইউনিয়ন বেংকত অধিকাৰী পদত চাকৰি পাইছে। সি আনন্দতে নিজৰ কাপোৰ বেগত ভৰালে আৰু নিজৰ গাঁৱলৈ গ'ল। সি এই কথাটো সকলোকে কব বিচাৰিছিল আৰু কি কয় তাক অনুভৱ কৰিব বিচাৰিছিল।( Assamese Storyboard )
ৰমেনে একো নোকোৱাকৈ ঘৰলৈ গুছি আহিলত মাক-দেউতাকে একো ভাবি নাপালে। যেতিয়া সি বেংকত চাকৰি পোৱা কথা ক'লে মাকৰ আনন্দতে চকু পানী বাগৰি আহিল আৰু দেউতাকে মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে। দেউতাকে আনন্দতে গোটেই গাঁৱতে মিঠাই বিলায় সকলোকে ৰমেনে চাকৰি পোৱা কথা ক'লে। তাৰ পাছত ৰিকুৱে ৰমেনক লগ কৰিবলৈ আহিল। তাইৰ এনেকুৱা লাগিছিল যেন তাই তাক সাবতি ধৰিব । কিন্তু তাই নিজকে স্বম্ভালী লৈ তাক শুভেচ্ছা দিলে। তাই ৰমেনৰ ওপৰত গৰ্ব অনুভৱ কৰিছিল । কাৰণ তাই ভাবিছিল যে সি দৃষ্টিহীন হৈ বেংকৰ অধিকাৰী হ'ল আৰু গাঁৱৰ বেলেগ ল'ৰাবোৰৰ একো অসুবিধা নোহোৱা পাছতো সামান্য এটা চাকৰি কৰিব পৰা নাই।
ৰিকুৱে শুভেচ্ছা দিলত সি বেছিকৈ আনন্দ অনুভৱ কৰিছিল। কাৰণ সেই সময়ত তাৰ লগত সন্মানজনক এটা চাকৰি আৰু ৰিকু দুয়োটায়ে আছিল ।যিটো সপোন সি দেখিছিল। সি ভাবিছিল মই নিজৰ ভৰি ওপৰত থিয় হ'লো যেতিয়া ৰিকুক ভাল পাম বুলি কৈ দিম। কিন্তু কিয় নাজানো তাই ওচৰলৈ গ'লে তাৰ মুখৰ মাত নোহোৱা দৰে হৈ পৰে। ৰিকুৰো একে অৱস্থা আছিল। তাই গাঁৱৰ পৰিৱেশটো চাই এটা দৃষ্টিহীন ল'ৰাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভয় কৰিছিল। মানুহে কি ক'ব? তাইক গাঁৱত থাকিবলৈ নিদিব। নিজৰ নিজৰ কথাবোৰ বাবে ইটোৱে সিটোক একো নক'লে আৰু তাই সিহঁতৰ ঘৰৰ পৰা গুচি গ'ল।
ৰমেনে এসপ্তাহৰ পিছত চাকৰি ঠাইলৈ গুচি গ'ল। সি বেংকলৈ গৈ বহুত সুখী হ'ল। কিন্তু সি ৰিকুক কথাটো ক'ব নোৱাৰিলত সেই বিষয়ে ভাবি ভাবি দুখ কৰিবলৈ ধৰিলে। তাৰ বন্ধুবোৰে তাক ফোন কৰি শুভেচ্ছা দি আছিল আৰু সি অকল অ' অ' কৈ আছিল। সি ৰিকুৰ ফোনৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু তাই ফোন নাহিলত সি হতাশ হৈ পৰিল। সন্ধিয়া সি তাই ফোন কৰিব বুলি মোবাইলটো নিজৰ ওচৰতে ৰাখি শুই আছিল আৰু কেতিয়া সি টোপনি গ'ল গমকে নাপালে।
তাৰ মাকে তাৰ খবৰ ফোন লৈ থাকে আৰু তাক গাঁৱৰ বিষয়েও কৈ থাকে। এদিন তেওঁ ৰমেনক ক'লে যে ৰিকুৰ বিয়া ঠিক হ'ল। সেই কথাটো শুনি সি ভাগি পৰিল। এদিন সি সাহস গোটাই তাইক ফোন কৰিলে আৰু তাইক মনৰ কথাবোৰ ক'ব বিচৰিলে । কিন্তু তাই অকল পঢ়াৰ কথাহে পাতি থাকিল। তাই তেনেকুৱা কৰিল সি ভাগি পৰিল আৰু ভাবিলে মই দৃষ্টিহীন বাবে চাগে ৰিকুৱে মোক নিজৰ যোগ্য বুলি নাভাবিলে। তাই এতিয়া বি.এড পঢ়ি আছে আৰু তাইও ভাবে চাগে এটা ভাল ল'ৰাই তাইক বাইকত লৈ ঘূৰাটো। সি তাইক পাহৰিবলৈ চেষ্টা কৰিলে। সি বুজি পাইছিল যে মানুহে দৃষ্টিহীন মানুহৰ লগত বন্ধুত্ব কৰে । কিন্তু কোনেও সম্বন্ধ গঢ়ি তুলিব নিবিচাৰে।
সি চাকৰি পোৱা ৬ মাহ হ'ল। এতিয়া সি লগৰবোৰৰ লগত আনন্দত থাকিবলৈ ধৰিলে। এদিন মাকে তাক ফোনত ক'লে ,"ৰমেন,দেৱালীত ঘৰলৈ আহিবা !" আমি তোমাৰ বাবে এজনী বহুত ভাল ছোৱালী চাই থৈছোঁ। মই জানো যে তাইক তুমিও পচন্দ কৰিবা।" মাকৰ কথা শুনি তাৰ আকৌ দুখ লাগিল আৰু ৰিকুৰ কথা ভাবিলে ল'লে। সি ক'লে," ঠিক আছে, মই ইনেও দেৱালীত ঘৰলৈ যাম বুলি ভাবিছিলো।" সেইদিনা তাৰ ইমান দুখ লাগিল যে সি ভাতো নাখালে। তাৰ পিছত সি বহুত বাৰ সাহস কৰি ৰিকুৰ লগত কথা পাতিলে ।কিন্তু তাইৰ পৰা একো সঁহাৰি নাপায় সি দুখী হৈ পৰিল।শেষত সি মাক-দেউতাকে চোৱা ছোৱালীজনীক স্বীকাৰ কৰিব বুলি নিৰ্ণয় কৰিলে।
ৰমেন দেৱালীত ঘৰলৈ আহিল।ঘৰত উৎসৱ বাবে স্ফূৰ্তি হাঁহি ধেমালি চলি আছিল। কিন্তু তাৰ মনত চিন্তাৰে ভৰি আছিল। সি বহুত চেষ্টা কৰি নিজকে স্বম্ভালী গাঁৱৰ মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছিল। ৰমেনৰ ওচৰত মাকে দেৱালী সকলোবোৰ খাদ্য ৰাখিলে। কিন্তু সি একো সুৱাদ নোপোৱা দৰে খালে । আগতে যিবোৰ সি বহুত উৎসাহেৰে খাইছিল।
ছোৱালী চোৱা দিনটো আহিল পৰিল। আগদিনা সি চিন্তাতে শুৱা নাছিল। সি ছোৱালীজনী বিষয়ে বহুত কথা ভাবি আছিল। যে তাই ৰিকুতকৈ হয়তো বেছি ভালো হ'ব পাৰে। মই প্ৰথমতেই বেয়া বুলি ভাবিব নালাগে।
ছোৱালী চাবলৈ মন্দিৰলৈ যোৱা ঠিক কৰিলে। দুয়োখন ঘৰৰ মানুহ মন্দিৰত লগ হ'ল। ৰমেনৰ মাক দেউতা আৰু ছোৱালী ঘৰৰ মানুহে কথা বতৰা পাতিলে। দুয়োখন ঘৰেই বিয়াৰ বাবে প্ৰস্তুত হৈ পৰিল। তেতিয়াই ৰমেনৰ মাকে ক'লে,"এতিয়া ল'ৰা আৰু ছোৱালীকো লগ কৰাই দিওঁ। যাতে সিহঁতি কথা পাতি ইটোৱে সিটোৰ কথা জানিব পাৰে।"
সকলো আঁতৰি গ'ল আৰু ৰমেনে ভাবি পোৱা নাছিল যে সি কি কথা পাতিব আৰু কি নাপাতিব?" ছোৱালীজনীয়ে একো নোকোৱা দেখি সি ক'লে , তুমি এই বিয়াখন পাতিব বিচাৰা নে? আৰু তোমাৰ কিবা আপত্তি আছে নেকি?এইটো কৈ সি তাইৰ উত্তৰ বাবে অপেক্ষা কৰিলে। ছোৱালীজনীয়ে ২-৩মিনিট একো নক'লে।যাৰ ফলত সি ভাবিলে যে তাই এইখন বিয়াত সুখী নহয় আৰু তাই কিবা বাধ্যত পৰিহে বিয়া পাতিব বিচাৰিছে। তাৰ পাছত অলপ মিহি মাতেৰে তাই ক'লে মোৰ একো আপত্তি নাই। মই যিখিনি পঢ়িব পাৰিলো তোমাৰ সহায়ৰ ফলতহে।
তোমাৰ দৰে বুজা জীৱন লগৰী পালে মোক আৰু একো নালাগে। তুমি মোক ক্ষমা কৰি দিবা মই এই কথাটো তোমাক নোকোৱা বাবে আৰু তুমি মোৰ কথা ভাবি ভাবি দুখত থাকিলা। যিটো কথা মোক তোমাৰ মায়ে কৈছিল। ৬ মাহৰ আগত যেতিয়া , তেওঁ মোৰ বিয়া তোমাৰ লগত ঠিক কৰিছিল। তেতিয়া তেওঁলোকে তোমাক এই বিষয়ে নকবলৈ মোক কৈছিল। মই তুমি ফোন কৰিলেও একো ক'ব পৰা নাছিলোঁ।"তাৰ পাছত ৰিকুৱে মৰমেৰে তাৰ হাতখন ধৰি ল'লে। ৰমেনৰ মনৰ দুখ আঁতৰি গৈছিল। তাৰ জীৱনত আশাৰ কিৰণ আৰু পোহৰে ভৰি পৰিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment