শাহুৱেক আৰু মাকৰ কথাত লাগি তাইৰ জীৱন ভৰি পৰিছিল বিষদেৰে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 10, 2021

শাহুৱেক আৰু মাকৰ কথাত লাগি তাইৰ জীৱন ভৰি পৰিছিল বিষদেৰে : Assamese Storyboard

Assamese Storyboard

আজিৰ কাহিনীটো হৈছে এগৰাকী মহিলাৰ আন এগৰাকী মহিলাৰ প্ৰতি কৰা আচৰণ। এনেকুৱা এক আচৰণ যাৰ বাবে তেওঁ নিজকে সদায় শুদ্ধ বুলি মানিব খোজে আৰু কেতিয়াও নিজকে ভুল বুলি মানি নলয়( Assamese Storyboard )। এনেকুৱা এক আচৰণ যাৰ বাবে প্ৰয়োজন হলে তেওঁৰ নিজৰ ছোৱালীৰ সংসাৰ ভাগি পৰক।

Assamese Storyboard

কোৱা হয় যে মাকতকৈ আৰু ভাল শুভচিন্তক পৃথিৱীত আৰু কোনো থাকিবই নোৱাৰে, মাকতকৈ আৰু কোনো ভাল উপদেশ দিওঁতা হব নোৱাৰে। এগৰাকী মাতৃয়ে নিজ সন্তানক কেতিয়াও ভুল শিক্ষা নিদিয়ে। প্রতি খোজতেই শুদ্ধ পথ দেখুৱাই কিন্তু হয়তো হিয়াৰ লগত এনেকুৱা হোৱা নাছিল।

"২৫ বছৰ হল তোৰ, কিন্তু এতিয়ালৈকে বিয়া হোৱা নাই । তই কোনো পৰি নহয় যে তোৰ কাৰণে কোনোবা ৰাজকুমাৰ আহিব। বেছি নাটক দেখুৱাই থাকিলে শেষত খালত গৈ হে পৰিবি।" এনেদৰে কৈ হিয়াৰ মাকে সদায় তাইক ঠাট্টা কৰে।


সদায় এই ঠাট্টা মস্কৰাবোৰ শুনি শুনি শেষত তাই মাকৰ পছন্দৰ লৰাৰ লগত বিয়া হবলৈ মান্তি হল। য'ত হিয়াৰ বিয়া হৈছিল সেইখন ঘৰটো তাই মৰম চেনেহ পোৱা নাছিল। প্ৰতি খোজতেই ঠাট্টা আৰু গোটেই দিন কাম কৰি থাকিলেও এলেহুৱা বুলি কয় তাইক। তাইৰ শহুৰৰ ঘৰখনে মাকৰ ঘৰৰ পৰা অনা একো বস্তুৱেই পছন্দ নকৰিলে । ইমানেই নহয় তাই লগত লৈ অনা কাপোৰ বোৰো পছন্দ নকৰিলে। যেতিয়া তাই মাকৰ ঘৰলৈ যায় তেতিয়া তাইক শহুৰৰ ঘৰৰ পৰা দিয়া কাপোৰ পিন্ধি যাবলৈ কোৱা হয়। এবাৰ মাকে সুধিলে যে 'আমি দিয়া শাৰী বোৰ কিয় পিন্ধি নাহ?' তেতিয়া হিয়াই মাকক সকলো কলে। তাৰ পাছত হিয়াৰ মাকৰ পাগলৰ দৰে খং উঠিল। আৰু তাইৰ সমস্যাবোৰ বাঢ়ি গল।

এতিয়া হিয়াই শহুৰৰ ঘৰৰ পৰা দিয়া কাপোৰবোৰ পিন্ধিলে মাকে কয়," কি যে বেকাৰ কাপোৰ দিছে, না ৰং ভাল না ডিজাইন। নে এইটো ৰং তোৰ ওপৰত ভাল নালাগে। তোৰ শহুৰৰ ঘৰত পিন্ধিবি এইবোৰ কাপোৰ, ইয়াত নিপিন্ধিবি। বেচেৰী হিয়াৰ শহুৰৰ ঘৰত মাকৰ ঘৰৰ পৰা দিয়া বস্তু পছন্দ নকৰে আৰু মাকে তাৰ বস্তু পছন্দ নকৰে।

মাত্ৰ কাপোৰলৈকে হিয়াৰ মাকৰ এই আচৰণ সীমিত নাছিল। শহুৰৰ ঘৰত যিবোৰ কৰিবলৈ কয় হিয়াক ,তেওঁ সদায় হিয়াক তাৰ ওলোটা কৰিবলৈ শিকাই। হিয়াৰ শহুৰৰ ঘৰৰ নীতি নিয়ম মাকৰ ঘৰতকৈ বহুত বেলেগ। কিছুমান উৎসৱ তাইৰ মাকৰ ঘৰত পালন কৰা নহয়। হিয়াই মাকক সকলো কয়, কিবা ৰান্ধিব হলে সেইটোও সুধিব লগা হয় তাই শহুৰৰ ঘৰত। কিয়নো শহুৰৰ ঘৰত সদায় শাহুয়েকে ৰান্ধিবলৈ আদেশ দিয়ে কিন্তু কেনেকৈ ৰান্ধিব লাগে সেইটো নকয়। তেতিয়া হিয়াৰ মাকলৈ মনত পৰে কিয়নো মাক এইবোৰ কামত নিপুণ।


কিন্তু যেতিয়াই হিয়াই নীতি নিয়মৰ কথা মাকক কয় তেওঁ হাঁহি দিয়ে," কি যে ফালতু নীতি নিয়ম, এনেকুৱা নো কোনোবাই কৰে নে? বেলেগে কৰে কিন্তু তেওঁৰ শাহুৰ অলপো জ্ঞান নাই।"

য'ত তেওঁ হিয়াক এইটো বুজাব লাগিছিল যে প্ৰতি খন ঘৰৰ ৰীতি নীতি বেলেগ আৰু এতিয়া তাই সেইবোৰেই পালন কৰিব লাগিব। কিন্তু তেওঁ হিয়াক সদায় উলুটাটো বুজাই। হিয়াই তাৰ বিৰোধিতা কৰিলে তেওঁ তাইক কয় যে,"তই এতিয়া একো বুজি নাপাৱ। তোক আৰু আমাৰ ঘৰখনক লাজ দিব বিচাৰে আৰু তেওঁলোকৰ তলত ৰাখিব বিচাৰে তোৰ শাহুৱে। এবাৰ হিয়াৰ শৰীৰ অলপ অসুস্থ হৈ পৰিছিল। তাইৰ শাহুৱে কলে,"একো হোৱা নাই, দৰব খাই লৈ কাম কৰা।"

  হিয়াৰ মাকে যেতিয়া এই বিষয়ে গম পালে তেতিয়া তেওঁ হিয়াক ওলোটাই বুজালে যে," তই দুখ পাইছোঁ বুলি কৈ মোৰ ঘূৰি পৰি যোৱাৰ নাটক কৰ।" কিন্তু এইবোৰ নাটক কৰিব হিয়াই নো কত জানে? আৰাম কৰিব নোৱাৰাৰ বাবে তাই বেছি অসুস্থ হৈ পৰিল। তাইৰ স্বামীয়ে মাকৰ ঘৰলৈ যাব কলে তাইক। হিয়াইও ভাবিলে যে অলপ আৰাম পাব আৰু তাই মাকৰ ওচৰলৈ গুচি গল।

মাকে আকৌ হিয়াক ওলোটা জ্ঞান দিলে," চাই ল',তোৰ একো চিন্তা নাই সিহঁতৰ মাত্ৰ কাম লৈ মতলব। কাম কৰা মানুহ কৰি ৰাখিছে তোক।" হিয়া পিছদিনাই যাব লগা হল কাৰণ শহুৰৰ ঘৰৰ পৰা তাইক ফোন কৰি মাতি পঠিয়ালে। এতিয়া হিয়াৰো মাকৰ কথাবোৰ সঁচা যেন লাগিল।( Assamese Storyboard )

এদিন হিয়াই গম পালে যে তাই মাক হব ওলাইছে আৰু তাই এই খবৰটো ঘৰৰ সকলোকে দিলে লগতে তাইৰ মাককো দিলে । যেতিয়া তাইৰ শাহুয়েকে এই বিষয়ে গম পালে তেওঁ মাত্ৰ এটাই কলে যে 'নিজৰ যত্ন লবা। লাহেকৈ খোজ কাঢ়িবা আৰু ঘিউ নাখাবা কাৰণ এইয়া প্ৰথম মাহ চলি আছে।' কি খাব লাগে কি নালাগে এই বিষয়ে হিয়াই ভালকৈ জনা নাছিল। কিছুদিনৰ পাছত তাইৰ বমি হব ধৰিলে আৰু খাবলৈ মন নকৰা হল।


আগতে যেনেদৰে সকলোকে খুৱাই লৈ তাই খাইছিল এতিয়াও সেই একেই। শাহুয়েকেও ধ্যান নিদিয়ে। এদিন তাই বেছি অসুস্থ হৈ পৰিল। ডাক্তৰে বিছনাত আৰাম কৰাৰ কথা কলে। তথাপিও শাহুৱে ঠাট্টা কৰি কলে যে,"আমিতো ইমান কম কৰিছিলো আৰু বেছি কাম কৰিলে সন্তান সহজে জন্ম হয়।" আৰু তাইক মাকৰ ঘৰলৈ গৈ আৰাম কৰিব কলে।

যেতিয়া মাকৰ ঘৰলৈ কেইদিনমান আৰাম কৰিবলৈ গল তেতিয়া মাকে কথাবোৰ গম পায় তাইক তিনি মাহলৈ নপঠিয়াও বুলি কলে। তাইক ঘিউ খাবলৈ কয় । যেতিয়া শহুৰৰ ঘৰৰ পৰা ফোন কৰি তাইক মাতি পঠিয়াই তেওঁ তাইক যাবলৈ মানা কৰে। হিয়াক এইটো কয় যে তেওঁলোকৰ তাইৰ প্ৰতি একো যত্ন নাই। তাই যেনেতেনে এটা লৰা সন্তান জন্ম দিলে।

শহুৰৰ ঘৰৰ নিয়ম মতে সন্তানতোক ১৫ দিনলৈকে গা ধুৱাব নালাগে। কিন্তু হিয়াৰ মাকে দ্বিতীয় দিনা গা ধুৱাই দিলে। বটল ধৰিবলৈ শাহুৱে কলে কিন্তু মাকে নিদিলে। সন্তানটোক একো খুৱাব নালাগে বুলি কলে শাহুৱে পূজা নকৰাকৈ। কিন্তু মাকে কেতিয়াবা মৌ জোল চেলেকাই দিয়ে আৰু কেতিয়াবা কিবা খুৱাই দিয়ে।

মাকে মাত্ৰ সকলো ওলোটা কৰিলে। এইয়া কি আচৰণ যে নিজৰ ছোৱালীৰ ঘৰখন বেয়া কৰি গৈ আছিল?

হিয়াই কেতিয়াবা গম পায় আৰু কেতিয়াবা নাপায়। হিয়াই কিবা বাধা দিলেও মাকে কয়,'তোৰ বেয়া নকৰো কেতিয়াও মই। বেচেৰী হিয়া শহুৰৰ ঘৰ আৰু মাকৰ ঘৰৰ মাজত ফচি ৰল। শেষত ভগৱানে হিয়াৰ প্ৰাৰ্থনা শুনিলে। তাইৰ স্বামীৰ বেলেগ এখন ঠাইলৈ সলনি হল। তাই স্বামী আৰু লৰাৰ লগত নতুন চহৰলৈ গুচি গল।


এতিয়া তাই তাত নিজৰ পছন্দৰ খাব পাৰে, পছন্দৰ পিন্ধিব পাৰে আৰু নিজ ইচ্ছামতে জীৱনটো জীয়াই থাকিব পাৰে। যেতিয়া নিজৰ চহৰলৈ আহে তেতিয়া চাৰি দিন শহুৰৰ ঘৰত আৰু চাৰি দিন মাকৰ ঘৰত থাকিছিল। তাইৰ শাহু আৰু মাকৰ স্বভাৱ কিন্তু সলনি নহল। সলনি হল যদি মাত্ৰ হিয়া। তাই সকলোৰে কথা শুনে কিন্তু তাই কৰে সেইটো, যিটো শুদ্ধ হয়।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages