এজনী ছোৱালী আছিল। দেখিবলৈ বহুত ধুনীয়া। তাই দেখাত যিমান ধুনীয়া আছিল তাৰ লগতে বহুত সহনশীল আছিল( Assamese Storyboard )। তাই কাকোয়ে মিছা নামাতিছিল আৰু কাৰোৱে লগত মিছাতে কথা নাপাতিছিল। কেৱল নিজৰ কামক লৈ ব্যস্ত থাকিছিল।
তাই লগতে পঢ়া এটা লৰা আছিল। সি মনে মনে ছোনালীজনীক বহুত ভাল পাইছিল। লৰাটোৱে প্ৰায়ে ছোৱালীজনীক সৰু সৰু কাম কৰি দিছিল। কামৰ বাবদ যেতিয়া ছোৱালীজনীয়ে হাঁহি মাৰি থেংকিইউ কৈছিল, তেতিয়া লৰাটোৰ আনন্দৰ সীমা নোহোৱা হৈছিল।
এদিনাখনৰ কথা, তাহাঁতি দুটাই লগে ভাগে ঘৰলৈ গৈ আছিল। সেইসময়তে জোৰেৰে বৰষুণ হবলৈ ধৰিলে। তেতিয়া দুয়োয়ে এজোপা গছৰ তলত ৰব লগীয়া হল। গছজোপা বহু সৰু আছিল। সেইবাবে বৰষুণৰ টুপ দুয়োৰে গাত পৰিছিল।বৰষুণৰ টুপ পৰাত দুয়োয়ে এজনে আনজনৰ বহু কাষ চাপি আহিল। ছোৱালীজনীক লৰাটোৱে ইমান কাষতে পায়, সি নিজৰ অনুভৱক ৰখাব নোঁৱাৰিলে। তেতিয়া সি,ছোৱালীজনীক নিজৰ মনৰ কথা সকলো কলে। ছোৱালীজনীয়েও মনে মনে লৰাটোক পচন্দ কৰিছিল। সেইবাবে তাইয়ো লৰাটোৰ ভালপোৱাক গ্ৰহণ কৰিলে। তেনেদৰে দুয়োৰে ভালপোৱা আগবাঢ়ি গল। এদিনাখনৰ কথা, ছোৱালীজনীয়ে সেই গছজোপাৰ তলতে লৰাটোৰ বাবে অপেক্ষা কৰি আছিল। লৰাটো বহুত পলম কে আহিল।
লৰাটোক দেখা পায়, ছোৱালীজনীয়ে অলপ অভিমানত কলে, তুমি ইমান পলমকে কিয় আহিলা!মোৰটো জীয় ওলাই গৈছিল।
ছোৱালীজনীৰ কথা শুনি লৰাটোৱে কলে, জান, মই নো তোমাৰ পৰা দূৰলৈ কেতিয়া গলো। মইটো তোমাৰ হৃদয়তে আছো। তুমি তাকে বিশ্বাস নকৰিলে, তোমাৰ হৃদয়কে সুধি লোৱা। লৰাটোৰ মৰম সনা কথা শুনি ছোৱালীজনীয়ে নিজৰ সকলো খং অভিমান পাহৰিলে আৰু তাই দৌৰ মাৰি আহি লৰাটোক সাৱটি ধৰিলেহি।
এদিন দুয়োয়ে সেই গছজোপাৰ তলতে বহি কথা পাতি আছিল। ছোৱালীজনীয়ে গছজোপাৰ ভেজা দি বহিছিল আৰু লৰাটোৱে তাইৰ কোলাতে মূৰ থৈ মাটিতে বাগৰি আছিল।
তেতিয়া ছোৱালীজনীয়ে কলে, জান, এতিয়া তোমাৰ পৰা দূৰত থকাটো মূৰ বাবে অসম্ভৱ হৈ পৰিছে! তোমাৰ অবিহনে এতিয়া এক চেকেণ্ড সময়ো ১০০বছৰৰ দৰে লাগে। তুমি মোক বিয়া পাতি নিজৰ কৰিলোৱা। নহলে মই মৰি যাম। ( Assamese Storyboard )
তেতিয়া ঘপক কৰি লৰাটোৱে ছোৱালীজনীৰ মুখত নিজৰ হাতখন দিলে আৰু কলে, মোৰ জান, এনে কথা নকবা। যদি তোমাৰ কিবা হলে, মই কেনেকৈ জীয়াই থাকিম!
তাৰপাছত কিছু পৰ চিন্তা কৰাৰ পাছত লৰাটোৱে কলে, তুমি চিন্তা নকৰিবা! মই সোনকালেই ঘৰত আমাৰ কথা কম। লাহে লাহে বহু সময় পাৰ হৈ গল।
আন এদিনাখন, দুয়ো সেই গছজোপাৰ তলতে বহি আছিল। সেইসময়ত লৰাটোৱে মন মাৰি আছিল। ছোৱালীজনীয়ে সুধাত সি সেমেকা মাতেৰে কলে, জান, মই মোৰ ঘৰৰ লোকক বহুত বুজালো, কিন্তু তেওঁলোক আমাৰ বিবাহৰ বাবে মান্তি নহল। তেওঁলোকে মোৰ বিয়া আন কৰোবাত ঠিক কৰি দিলে।
লৰাটোৰ কথা শুনি ছোৱালীজনীৰ হৃদয় ভাঙি চুৰ মাৰ হৈ গল। তাইৰ মন গল যে, জোৰে জোৰে কান্দিবলৈ। কিন্তু তাই নিজৰ কান্দোনক বাধা দি কলে, মই তোমাক সচাঁ ভালপাইছিলো। মই তোমাক কেতিয়াও পাহৰিব নোঁৱাৰো। প্লিজ, মোক ক্ষমা কৰি দিবা।
লৰাটোৱে লাহে কৰি কলে। যদি তুমি বিচাৰা, তেনেহলে আজিৰেপৰা আমি ভাল বন্ধু হৈ থাকিম। ছোৱালীজনীয়ে সেয়া শুনি জোৰেৰে কান্দিলে। লৰাটোৱে তাইক বুজালে। আৰু তাৰপিছত দুয়োয়ে কান্দি কান্দি নিজৰ ঘৰলৈ গুচি আহিল। চাওঁতে চাওঁতে লৰাটোৰ বিয়া দিনো আহি পৰিল। লৰাটোৱে বিশ্বাস কৰিছিল যে, তাৰ বিয়াৰ দিনা, তাৰ ভাল বন্ধু ছোৱালীজনী নিশ্চয় আহিব। অৱশ্যে এনে নহল।
কিন্তু ছোৱালীজনীয়ে পথোৱা এটি উপহাৰ লৰাটোৱে নিশ্চয় পালে। লৰাটোৱে সেয়া কপি কপি খুলিলে। আৰু উপহাৰটো খুলিয়ে লৰাটো মাটিত বাগৰি পৰিল। কাৰণ উপহাৰটোত অন্য একো নাছিল, আছিল মাথো, তেজেৰে লুটুৰি পুটুৰি ছোৱালীজনীৰ হৃদয়। আৰু লগতে আছিল এখন চিঠি। যত লিখা আছিলে,
"অ বলীয়া, নিজৰ হৃদয়খনটো লৈ যোৱা। নহলে নিজৰ নকইনাজনীক কি দিবা। "
আমাৰ জীৱনত সকলোতকৈ ভাল অনুভৱ মৰম ভালপোৱাই হয়। যি এয়া অনুভৱ সকলোৰে হয়। কিন্তু সেয়া আমি আকোৱালি লব পাৰো নে! কেতিয়াবা আমি নিজে ভুল, নহলে কেতিয়াবা সংগীজন ভুল, আৰু নহলে দুয়ো শুদ্ধ হলে, তেতিয়া আকৌ ঘৰৰ লোকসকল ভুল! যি কি নহওক, প্ৰেম কৰিবা, কিন্তু প্ৰেমক লৈ খেলা নকৰিবা।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment