এগৰাকী যুৱতীৰ ধৰ্ষণ হোৱাৰ পিছৰ সময়চোৱা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

এগৰাকী যুৱতীৰ ধৰ্ষণ হোৱাৰ পিছৰ সময়চোৱা : Assamese Storyboard

Assamese Storyboard

পুলিচৰ মানুহ আহি যেতিয়া মোৰ দেহাটো নমাব আশা ৰাখিছোঁ মোৰ জীৱনৰ এই সত্য কাহিনী পঢ়িব।( Assamese Storyboard )


এতিয়া মোৰ মূৰৰ ওপৰেৰে চিলিং ফেন খনে ছেকেণ্ডত দহ পাক মান ঘূৰি আছে।টেবুল খনৰ কাষতে ৰছী এডাল আছে।আই বিৰ বটলটোৰ পৰা মই অলপ‌ অলপকৈ পানীয় খাই আছোঁ।মই আত্মহত্যা কৰিম অলপ পিছত! কিন্তু তাৰ আগতে মই মোৰ কাহিনী আপোনালোকক কৈ যাম,লিখি থৈ যাম।


ৰৱ, দৰ্জা খন মাৰি লওঁ নহলে কোনোবা আহি ওলাবহি পাৰে।

....

....


মা-দেউতা,ককা-আইতা লগত ভাইটি,সকলো মিলি আমাৰ এক সুন্দৰ পৰিয়াল।দেউতাই ঘৰতে ইটো সিটো কাম কৰি ঘৰখন পোহ- পাল দি আহিছে। মাই ঘৰতেই তাঁত বয়,ঘৰৰ কাম কৰে।সৰুৰে পৰা মোক আৰু ভাইটিক মা দেউতাই ভাল শিক্ষা দি আহিছে,পঢ়াৰ ক্ষেত্ৰত সদায় উৎসাহ দি আহিছে। সেয়ে মেট্ৰিকত ভৱাৰ দৰে ইমান ভাল নহলেও ভালকৈয়ে আমি পাছ কৰিছিলোঁ।তাৰ পিছত আমি উচ্চ শিক্ষাৰ বাবে গৈছিলোঁ। ভাইটি মোতকৈ দেৰ বছৰ সৰু।মই যেতিয়া ডিগ্ৰী কৰি উলাইছিলোঁ, সি ডিগ্ৰীত নামভৰ্তি কৰিছিল। সি মোতকৈ চোকা আছিল অৱশ্যে।দিষ্টিংশ্যন লৈ পাছ কৰিছিল সি মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত।


আজিৰ পৰা তিনিবছৰ আগতে ডিগ্ৰী শেষ কৰিলোঁ।আমাৰ যেনে তেনে চলি থকা ঘৰখনে মোৰ মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মন আছিল যদিও সুবিধা দিব নোৱাৰিলে।মই আনুষ্ঠানিক শিক্ষা ইমানতে সাং কৰিব লগীয়া হল।তাৰ পিছত মই সমাজ বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে ওচৰতে থকা জাতীয় বিদ্যালয় খনত যোগ কৰিলোঁ।আৰ্থিক দিশত ঘৰ খনক সহায় কৰাৰ বাবে। মাহে সাত হাজাৰ টকা।


প্ৰায় দুই বছৰ কাল মই শিক্ষয়িত্ৰী হিচাপে বিদ্যালয় খনত পাঠদান কৰি আছিলোঁ।ইমানলৈকে ঠিকে আছিল।কিন্তু এদিনাখনৰ এটা ঘটনাই মোৰ জীৱনটো ওলোটাই দিলে।


বিদ্যালয়ত সেইদিনা পিছবেলা পৰীক্ষা থকাৰ কাৰণে ঘৰলৈ ঘূৰি অহাত অলপ পলম হৈছিল। চিকমিকিয়া গধূলি।ভয়ে ভয়ে মই স্কুলৰ পৰা ঘূৰি আহিছিলোঁ।প্ৰায় পাঁচ কি:মি আছিল স্কুলৰ পৰা ঘৰলৈ।মই মোৰ চাইকেল খনেৰে ঘৰলৈ বুলি স্কুলৰ সকলো কাম সামৰি যাত্ৰা কৰিছিলোঁ।আচলতে সেইদিনা অধ্যক্ষ মহোদয় আহিব নোৱাৰা বাবে মোৰ উপৰত পৰিছিল স্কুলৰ পৰীক্ষা বহি সমূহ ভালকৈ থৈ অহাৰ বাবে।সাধাৰণতে গাঁও সমূহত গধূলি হোৱাৰ লগে লগে সকলো মানুহ ঘৰত সোমাই যায়। সেয়ে গোটেই পথটো নিমাও মাও।স্কুলৰ ওচৰতে থকা দোকান খনো বন্ধ কৰিছিল তেতিয়া লৈ।আচলতে শীত কাল হোৱাৰ বাবে আন্ধাৰ সোনকালেই নামি আহিছিল।মই নিৰ্জন বাটেৰে অকলে আহি আছিলোঁ।অলপ দূৰ আহি থাকোঁতে অনুভৱ হৈছিল পিছে পিছে কোনোবা আহি থকা যেন,যদিও ঘূৰি চাইছিলো একো দেখা নাছিলোঁ।আচলতে মোৰ সৰু নকীয়া মবাইল ৰ পোহৰে মনিব পৰা নাছিল মোৰ পিছে পিছে আহি থকা মানুহক। মোৰ অলপ অলপ ভয় লাগিছিল যদিও মই গৈ আছিলোঁ মনে মনে।অলপ আগতে  আমাৰ ঘৰলৈ সোমাই যোৱা প্ৰায় দুই কি:মি দৈৰ্ঘ্যৰ বাটটো পাইছিলোহি। সেই ঠাইত কোনো মানুহৰ বসতি নাছিল।এনেতে কোনোবাই পিছপিনে জোৰকৈ আহি মোৰ চাইকেল খনৰ কেৰিয়াৰত বহি মোৰ মুখখন জোৰকৈ হেঁচা মাৰি ধৰিছিলহি।তাৰ পিছত মই বেহুচ হৈ পৰি গৈছিলোঁ।...।


..পিছদিনা মই মোৰ দেহাটো হস্পিটেলৰ বিচনাত আৱিষ্কাৰ কৰিছিলোঁ। দুচকু মেলি দেহাটো লৰচৰ কৰিব বিচাৰিছিলো, মোৰ যৌনাংগত বিষ অনুভৱ কৰিছিলোঁ।তাৰ পিছত মই মোৰ হাতত বুকুত পেটত জিলিকি থকা দাগসমূহ আৱিষ্কাৰ কৰিছিলোঁ।কাষতে ৰৈ থকা মাই মোক দেখি কান্দি পেলাইছিল।তাৰ পিছতে বাঢ়নি পানী সোমাই অহাৰ নিচিনা কৈ কোনোবা মানুহ এখিনি সোমাই আহিছিল কোঠালৈ।তাৰ পিছতে প্ৰশ্ন কৰিছিল মোক বহুতো কিন্তু মই একো তলকিবই পৰা নাছিলোঁ, কি হৈ আছে।তিনি মিনিট মানৰ পিছত ডক্টৰ আহি সিহঁতক বাহিৰলৈ উলিয়াই পঠাইছিল।তাৰ পিছত মোক ৰেষ্ট্ লবলৈ কোৱা হৈছিল।


সেইদিনাই আবেলি মোক ঘৰলৈ লৈ আনিছিল মা দেউতাই।মই তেতিয়া লৈকে একো ধৰিবলৈ পৰা নাছিলোঁ।গধূলি পুলিচ আহিছিল আমাৰ ঘৰলৈ আহি সুধিছিল "ভন্টি তোমাৰ ধৰ্ষণ কাৰ্য্যৰ লগত জৰিত থকা লৰাকেইজনক তুমি চিনি পাবানে?"মই তেওঁলোকৰ কথা শুনি আচৰিত হৈছিলোঁ।তাৰ মানে মোক ধৰ্ষণ কৰা হৈছে।ভাবি মোৰ গাৰ নোম শিয়ঁৰি উঠিছিল,কি বা কৰিছিল সেই পাষণ্ডই মোৰ সপোন   কোঁৱৰলৈ ৰাখি থোৱা মোৰ এই দেহাটো!!তেওঁলোকক কথাখিনি কৈছিলো কৰ পৰা কি কি হৈছিল।তাৰ পিছত তেওঁলোক আঁতৰি গৈছিল।পিছদিনা ৰাতিপুৱা তে কোনোবা নাৰী সংগঠন কেইটামান আহি মোক লৈ গৈছিল কোনোবা ধৰ্ণা স্থলীলৈ।মোক আগত বহাই লৈ সকলোৱে থানাৰ আগত বহি ধর্ণা দিছিল -

"পমিলাৰ ধৰ্ষণকাৰিক গ্ৰেপ্তাৰ কৰক"

পিছে পিছে চিঞৰিছিল সকলোৱে 

"গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক।"

"নাৰীক‌ সুৰক্ষা‌ দিয়ক"

........

এনেকৈয়ে প্ৰায় এক ঘণ্টা মান প্ৰতিবাদ কৰাৰ পিছত মোক ঘৰলৈ লৈ অনা হৈছিল।সংগঠনৰ মুৰব্বী যেন লগা নাৰী এগৰাকীয়ে কৈছিল

"ভন্টি তুমি চিন্তা নকৰিবা,দোষীয়ে উচিত শাস্তি পাবই" বুলি।মই তেওঁলোকৰ কথা শুনি সাহস পাইছিলোঁ,ভাবিছিলো ইমান বিলাক মানুহ আজি আহি মোৰ লগ দিছে।ঘৰত দেউতাই মই শক্তি পাবৰ বাবে হৰলিক্স,আপেল আদি কিনি আনিছিল। ভাইটিয়েও কোনোবা সংগঠনৰ লগত লাগি প্ৰতিবাদ কৰি আহি ঘৰ সোমাইছিলহি। সিহঁতে বোলে দি চিৰ অফিচৰ সন্মুখত ধৰ্ণা দি আহিছিল। মায়ো গোঁসাই ঘৰত সেৱা কৰিছিলগৈ।ককা আইতাই অৱশ্যে বিশেষ একো কৰা নাছিল, আইতাই আহি মোৰ মূৰত হাত বুলাই আছিল আৰু ককাই জুই শালত বহি বিশেষ কিবা চিন্তা কৰি থকা যেন লাগিছিল।


এনেকৈয়ে দুদিন পাৰ হৈ গৈছিল।লাহে লাহে খবৰ লবলৈ অহা মানুহবোৰ কমি গৈছিল।সংগঠন সমূহো মনে মনে আঁতৰি গৈছিল যেন অনুভৱ হৈছিল। তেওঁলোক কৰবাত হেৰাই যোৱা যেন অনুভৱ হৈছিল।ভাইটিয়ে এদিন কাৰোবাৰ লগত তৰ্ক কৰি থকা শুনিছিলোঁ।নাজানো কি হৈছিল।লাহেকৈ সকলো নিমাত হৈ পৰিছিল যেন অনুভৱ হৈছিল।লাহে লাহে মোৰ গা ভাল পাইছিলোঁ। অলপ খোজ কাঢ়িব মন গৈছিল।মাক কথাটো কোৱাত মায়ে মোৰ লগত উলাই গৈছিল।মালতী পেহীৰ ঘৰত বহোগৈ আহ বুলি মোক মাই লৈ গৈছিল।মালতী পেহীয়ে পদূলিতে আমাক দেখি ওলাই আহিছিল। মাৰ লগত কথা পাতিছিল।কিবা হবগৈ নে বুলি সুধিছিল। মায়ে চকুৰ কোণ দুটা মচি ভগবানে কি কৰে তেওঁহে জানে বুলি হুমূনিয়াহ কাঢ়িছিল। পেহিয়ে আমাক ঘৰলৈ নামাতি কৰবাত যাব আছে বুলি কৈছিল। মাইও  যেন কিবা এটা বুজি পাইছিল।হব দিয়া আমি ঘৰলৈকে যাওঁ বুলি কৈ আমি ঘৰমুৱা হৈছিলোঁ।( Assamese Storyboard )


পিছদিনা ঘৰত মা নাই ।কিবা গোটৰ মিটিং এখনত গৈছিল। দেউতাও উলাই গৈছিল নদীৰ কাষত কৰা আলু খেতি চাবলৈ।ককা আইতাও নিজৰ মতে কিবা কিবি কৰি আছিল।মই ঘৰত অকলে থাকি আমনি পাই গৈছিলো। সেয়ে স্কুললৈকে যাওঁ বুলি উলাই গৈছিলো। পাঁচ দিন মান যোৱাই হোৱা নাই।স্কুলত গৈ পাওঁতে দেখিছিলো স্কুলত নতুন কোনোবা চাৰ এজনে যোগদান দিছে।মই গৈ স্কুলৰ অধ্যক্ষৰ কোঠাত গৈ সোমাইছিলোঁ। চাৰে মোৰ ঠাইত যে অন্য এগৰাকীক ভৰাইছে সেই কথা জনাইছিল।মই বুজি নাপাইছিলোঁ তেওঁলোকে কেনেকৈ মোক নজনোৱাকৈ এই কাম কৰিলে।তাৰ পিছত চাৰে মোক কৈছিল "তুমি আৰু স্কুল নাহিলেও হব দিয়া"।অন্তৰত দুখ পাইছিলোঁ যদিও একো নোকোৱাকৈ উলাই আহিছিলোঁ স্কুলৰ পৰা। দেখিছিলোঁ অন্য শিক্ষক কেইজনে মোৰ পিনে লোলুপ দৃষ্টিৰে চাই ৰৈছিল।মই মোৰ চাইকেল লৈ আহি পেলাইছিলোঁ।স্কুলৰ কাষতে দোকান খনত বহি আড্ডা মাৰি থকা লৰা কেইজনেও মোৰ দেহাটোত চকু দিছিল। মোৰ গোটেই দেহ চুৱা হৈ যোৱা যেন অনুভৱ হৈছিল।ঘৰলৈ সোমোৱা বাটটোতে কৰবালৈ গৈ থকা খুৰী তিনিজনক মাত দি মই আগবাঢ়িছিলোঁ ঘৰলৈ বুলি।

"চা চোন কেনেকুৱা ছোৱালী,তাইৰ ঘটনাটো হোৱা কিমান দিন হৈছেনো, তাই এতিয়া গোটেই গাঁও চুৱা কৰি ফুৰিছে।লাজ নাইকীয়া ব...।"শেষৰ কথাখিনি শুনিবলৈ মোৰ ধৈৰ্য নাইকিয়া হৈ গল।জোৰেৰে চাইকেল চলাই আঁতৰি আহিলোঁ তাৰ পৰা। দুচকুৰে পানী বৈ আহিছিল মোৰ।


সেইদিনা ঘৰত আহি ভাত পানী নোখোৱা কৈ মই বিছনাত পৰি কান্দিলো।কি ভূল আছিল মোৰ যাৰ বাবে মই এনেকৈ কথা শুনিব লগীয়া হৈছে। মাও মিতিঙৰ পৰা আহি পাই মোক কিবা গালি পাৰি আছিল।"তাইৰ কি দৰকাৰ আছিল এতিয়াই উলাই যাবলৈ,কোনে কৈছিল তাইক উলাই যাবলৈ ঘৰৰ ভিতৰৰ পৰা।নিজৰ টো লাজ অপমান নায়েই,আমাৰো শেষ কৰিব তাই...।" মই কান্দিছিলো মাত্ৰ,কিয়নো মোৰ হাতত অন্য উপাই নাছিল।মই এজনী ধৰ্ষিতা আছিলোঁ,সমাজৰ বোজা,ঘৰৰ বোজা।মই বদনামী আছিলোঁ মাত্ৰ।মাই গালি পৰাৰ কাৰণো আছিল।কোনো মাতৃয়ে আচলতে এনেকৈ গালি পাৰো বুলি পাৰিব নোৱাৰে।আচলতে অলপ আগতে লগ পোৱা খুৰিহতেও সেই মিতিঙ খনলৈএ  গৈছিল।তেওঁলোকেই চাগে কিবা কিবি মাক শুনাইছিল।


মই কান্দিছিলো মাত্ৰ।একো কৰিব পৰা নাছিলোঁ।

সেইদিনাৰ পৰা মই ঘৰৰ ভিতৰতে সোমাই থাকিছিলোঁ।উলাই যোৱা নাছিলোঁ কাৰোৰে লগত।কালৈ ভয় নাজানো মই।হয়তো চাগে সমাজলৈ।

এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈছিল। মোৰ ঘটনাৰ প্ৰায় এক মাহ হৈছিল গৈ।মই ইমান দিন মাত্ৰ ঘৰৰ ভিতৰতে সোমাই সোমাই নিজকে চাই ৰৈছিলোঁ।মইও সাঁচি ৰাখিছিলোঁ আন ছোৱালীৰ দৰে মোৰ এই যৌৱন পুষ্ট দেহাটো মোৰ সপোন কোঁৱৰলৈ।যিয়ে মাত্ৰ আৱিষ্কাৰ কৰিব মোৰ দেহৰ গোপন ৰহস্য।কিন্তু মোৰ এই সপোন পুৰণ হবলৈ ভগৱানে নিদিলে।কোনোবা পাষণ্ডই আহি মোৰ দেহা লুতি নি মোক শেষ কৰিলে।মোক সমাজৰ পৰা সিহঁতে অকলশৰীয়া কৰিলে।মোক ঘৰৰ মানুহৰ পৰা আঁতৰাই আনিলে।দিলে মাত্ৰ এক বদনামী দাগ।ধৰ্ষিতা।

কিন্তু সিহঁতে এতিয়াওটো মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰিছে। সিহঁতক জানো সমাজে দুখ দিছিল? শলা গছ দেখি সকলোৱে টো বাগী কুঠাৰহে মাৰিব ধৰিছিল।একো দোষ নথকাকৈয় মোক সমস্ত দোষ জাপি দিছিল,সমাজৰ মানুহে।লাহে লাহে টো ঘৰৰ মানুহেই মোৰ পৰা আঁতৰি গৈছিল।সদায় ধেমালি কৰি থকা ভাইটি ও টো মোক এবাৰকৈ বা বুলি মতা নাছিল।


আচলতে চাৰিও পিনৰ পৰা মোক আগুৰি ধৰিছিলহি দু:চিন্তা বোৰে।জীৱনটো কেনেকৈ অতিবাহিত কৰিম ভাবি পোৱা নাছিলো।ভাবিছিলো মাত্ৰ এই জীৱনৰ পৰা মুক্তি পোৱাৰ বাবে।


লাহে লাহে মোৰ চিন্তা বোৰে মোক জুমুৰি ধৰিছিলহি।জীৱনৰ পৰা অব্যাহতি লব বিচাৰিছিলো। সেয়ে কাৰোৰে কথা নামানি মই উলাই গৈছিলোঁ দোকানলৈ। দোকানিৰ পৰা ৰছী এডাল কিনিছিলোঁ। ৰছীডাল দিওঁতে দোকানি জনে মোৰ পিনে চাই অসৎ হাঁহি এটা মাৰিছিল।হয়তো সেয়াই জীৱনত শেষ হাঁহি দেখিলোঁ মই।মনতে ভাবিছিলো।তেওঁৰ পৰা মই এটা আই বিৰ বতলো ললোঁ।সাহসৰ বাবে।


এতিয়া মোৰ ওপৰত লাহে লাহে চিলিং ফেন খন ঘূৰি আছে।অলপ পিছত ৰছীডাল তাতেই উলমাব লাগিব।মাথোঁ আই বিৰ বতল টো শেষ কৰি লওঁ।আচলতে কোনেদিনে মদ খাই নোপোৱা ছোৱালী জনীয়ে আজি মদ খাইছোঁ।জীৱনত অন্তিম ক্ষণৰ বাবে।ইয়াৰ পিছত চাগে মোৰ জীৱ নাথাকিব।থাকিব মাত্ৰ মই লিখি যোৱা এই চিঠিখন।চিঠিখন ভালকৈ পঢ়িব।সমাজ খনে চাগৈ কিবা বুজিব।হয়তো নুবুজিব।কাষতে থকা মা দেউতাৰ ফটো খন এবাৰ সাৱটি ললো। ভাইটিৰ মুখখন মনত পেলালোঁ।ককা আইতা ভালে থাকিব।মনতে কলোঁ। মই আজি জীৱনৰ পৰা চুটি লৈছোঁ।সকলোৱে ক্ষমা কৰিব। মোৰ মৃত্যুত চাগে কোনেও একো নকৰিব।মোক ধৰ্ষণ কৰাৰ পিছত ভুমুকি মৰা সংগঠন সমূহ আহি দুদিন ধৰ্ণা দিব,নাৰীক সুৰক্ষা দিয়ক বুলি।সমাজে ভাবিব ভালেই হল,সমাজৰ বোজ এটা আঁতৰি গল।ঘৰৰ মানুহে কি ভাবিব মই নাজানো।মই নাজানো আপোনালোকে কি ভাবিব।মই বিচাৰোঁ মাত্ৰ সমাজে কেতিয়াও আৰু যেন এনেকৈ চেপি চেপি শেষ নকৰে ৰক্ত গোলাপ বোৰ।কেতিয়াও যেন শেষ নকৰে ফুলিব খোজা সপোনবোৰক। মোৰ আত্মহত্যাই শেষ আত্মহত্যা হওঁক।মা দেউতা ভালে থাকক আপোনালোক।....।


বিদায় পৃথিৱী.....।


বি:দ্ৰ:-নাৰী নিৰ্যাতন  শেষ হওঁক,সমাজৰ প্ৰত্যুক গৰাকী নাৰীয়ে শান্তিৰে জীৱন অতিবাহিত কৰক,তাৰে কামনা কৰিছোঁ।



✍️✍️✍️

গল্প প্ৰেৰক : কুমুদ নেওগ

বৰদুমচা,তিনিচুকীয়া


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages