প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১ ) : Assamese Storyboard

Assamese Storyboard

Breaking news: যোৱা কালি নৈৰ পাৰত দুটাকৈ মৃতদেহ উদ্ধাৰ। মৃতদেহ দুটা কাৰ হয় কিন্তু বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই। পতি পত্নীৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছে। এয়া বাৰু আত্মহত্যা নেকি ?( Assamese Storyboard )

সন্ধিয়া টিভিটো অন কৰি বাতৰি চাব খোজোতেই এই নিষ্ঠুৰ বাতৰিটো দেখি মনটো অলপ গধুৰ হৈ পৰিল। ছোৱালী জনী চিনাকি যেন লাগিছে। হয় সেইজনীয়ে আমাৰ লগত কলেজত একেলগে পঢ়া ৰিমাশ্ৰী বেগম। ল'ৰা জনকহে ধৰিব পৰা নাই। তাইৰ মুখখন দেখি কলেজৰ সময়বোৰ মনলৈ আহিল।


 তাইৰ উৎপতীয়া স্বভাৱ, তাইৰ মিঠা হাহি আদিবোৰ। কলেজত থাকোঁতে তাই বৰ হাহি থকা আছিল কিন্তু আজি কি হ'ল তাইৰ মৃতদেহ নদীত পোৱা গ'ল। যেন এক দুৰ্লভ তথা আচৰিত ঘটনা ৰিমাৰ ক্ষেত্ৰত। তাইক তেনেকৈ দেখি নিজৰে অলপ কষ্ট হ'ল। তাইৰ মুখখন পানীত তিতি সোতোৰা পৰি গৈছে। দেহটোও ফুলি উঠিছে। নিশ্চয় কিবা ঘটনা ঘটিছে আৰু ল'ৰা জন বাৰু কোন ?( Assamese Storyboard )>


   মই এতিয়া মোৰ এষাৰ কথা কম। আচলতে কলেজত থাকোঁতে তাইক মই অলপ ভাল পাইছিলো। যদিও মই হিন্দু আৰু তাই মুছলমান। প্ৰেমে কোনো বাধা নামানে আনকি ধৰ্মৰ বাধাও। তাইক কিন্তু কোনো দিনে মোৰ মনৰ কথা কোৱা নাছিলো। কিন্তু ইকান সিকান কৰি কথাষাৰ তাইৰ কানত পৰিছিল। কিন্তু তাই কোনো খং নকৰাকৈয়ে কৈছিল-


: চা এইখিনি সময়ত প্ৰেম পিৰিতি কৰি জীৱন ধ্বংস কৰিব নালাগে। প্ৰথমে প্ৰেম কৰাৰ যোগ্য হ'ব লাগিব। তই এজনী ছোৱালীক নিজৰ কৰি আনি খুৱাবি কি ? তই দুখ নকৰিবি দে।আজি যদি আমি প্ৰেমত পৰিও যাও তথাপিও এই সমাজে আমাক প্ৰেম কৰিব নিদিব। কাৰণ তই হিন্দু আৰু মই মুছলমান ধৰ্মৰ। তই বেয়া নাপাবি দে আৰু দুখ নকৰিবি।


তাইৰ কথাষাৰ অন্তৰত লৈ মইও তাইৰ কথাতে সন্মতি দিছিলোঁ। সেইদিন ধৰি আমি বন্ধু বান্ধবী হৈ আছিলোঁ। হায়াৰ চেকেণ্ডেৰীত তাইও ষ্টাৰ পালে আৰু মইও ষ্টাৰেই পালোঁ। তাৰ পিছত আমি যি এৰা এৰি হৈছিলোঁ আজিলৈ প্ৰায় দেখা সাক্ষাৎ হোৱা নাই। কিন্তু আজি তাইক হঠাতে টিভিত এই অৱস্থাত দেখি অন্তৰ খনে কান্দি উঠিল।


আগলৈ ......................................

(সেয়া আত্মহত্যা আছিল নে কাৰোবাৰ হত্যাৰ সৰযন্ত্ৰ । জানিবলৈ পঢ়িব "আমাক জীয়াই থাকিবলৈ দে")

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages