ৰেল আলিত এজনী ছোৱালী আৰু এটা ছাগলীৰ প্ৰেতাত্মা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 24, 2021

ৰেল আলিত এজনী ছোৱালী আৰু এটা ছাগলীৰ প্ৰেতাত্মা : Assamese Storyboard

Assamese Storyboard

এবাৰ ৰমেন খুড়াই নিজৰ লৰাক লগ কৰিবলৈ দিল্লীলৈ গৈছিল। তেওঁ প্ৰায় আবেলি দিল্লীৰ ট্ৰেইনত উঠি পুতেকৰ ওচৰলৈ ৰাওণা হল।( Assamese Storyboard )

দিল্লী গৈ পাওঁতে খুড়াৰ নিশা প্ৰায় ১১বাজি গৈছিল। দিল্লী গৈ পোৱা পাছত তেওঁ ভাবিলে, ইমান নিশা পুতেক থকা ঠাইলৈ যাবলৈ কোনো যেন গাড়ী এখ। পায়। দিল্লী ষ্টেচনৰপৰা পুতেক থকা ঠাইলৈ প্ৰায় ৬,৭কিলোমিটাৰ দূৰত্ব আছিল। আৰু সেই বাটত এখন দুখন হে গাড়ী চলাচল কৰিছিল। কিন্তু সেই সময়ত সেই গাড়ীকেইখনো পাৰ হৈ গৈছিল। এতিয়া ৰমেন খুড়াই কি কৰিব! প্ৰথমে সেই নিশা তেওঁ ষ্টেচনতে থাকিবলৈ সিদ্ধান্ত কৰিলে, কিন্তু পাছত তেওঁ নিজৰ বেগটো লৈ ট্ৰেইন আলিৰ কাষেদি লৰাটো থকা ঠাইলৈ খোজ কাঢ়িয়ে আগুৱাই গল। ষ্টেচনৰ পৰা কিছু নিলগতে ট্ৰেইন আলিৰ কাষেতে এটা সৰু ঘৰ দেখা পালে আৰু তাতে চাহ পকৰি বিক্রি কৰিছিল। 


ৰমেন খুড়াই নিৰ্ভয়ে, তীব্র গতিৰে ট্ৰেইন আলিৰ কাষেৰে আগুৱাই গৈ আছিল। তেওঁ প্ৰথমৰ পৰাই এনেদৰে খোজ কাঢ়ি যোৱাৰ অভ্যাস আছিল। সেইবাবে সেই গভীৰ নিশাও তেওঁ আগুৱাই গৈ আছিল,যেন দিনৰ পোহৰতে খোজ দিছে। ৰমেন খুড়াই ১কিলোমিটাৰ আগুৱাই যোৱা পাছত তেওঁ ট্ৰেইনৰ আলিৰ মাজতে কিবা এটা ফচি ধৰি বেবাই থকা দেখা পালে। তেওঁ ওচৰলৈ গৈ দেখা পালে, এটা ছাগলী, যাৰ ডিঙিত ৰচি বন্ধা আছিল আৰু সেই ৰচিডাল ট্ৰেইনৰ আলিৰ মাজত ফচি ধৰিছিল। প্ৰথমে ৰমেন খুড়াৰ মনলৈ এই চিন্তা আহিল যে, ইমান নিশা এই ছাগলীটো ইয়ালৈ কেনেকৈ আহিল! আৰু কোনোবাই আনিছিল যদিও ছাগলীটোক ইয়াত কিয় এৰি থৈ গল! কিছু পৰৰ পাছত ৰমেন খুড়াই আৰু চিন্তা নকৰি, সেই ছাগলীটোৰ ফচি থকা ৰচিডাল ওলিয়াবলৈ চেষ্টা কৰিলে। কিন্তু ৰচিডাল এনেদৰে ফচি আছিল যে, ওলোৱাৰ নামে নলৈছিল। সেই সময়তে সেই ট্ৰেইনৰ লাইনতে এখন মালবাহী ট্ৰেইন লাহে লাহে কৰি আহি আছিল। ৰমেন খুড়াই সেই ছাগলীটোৰ ৰচিডাল ওলিয়াবলৈ ইমানে ব্যস্ত হৈ পৰিল যে, তেওঁ আহি থকা মালবাহী ট্ৰেইনখনৰ শব্দ শুনা নাপালে ! 


লাহে লাহে কৰি মালবাহী ট্ৰেইনখন ৰমেন খুড়াৰ কাষ পালেহি। হঠাৎ খুড়াৰ মালবাহী ট্ৰেইনখনৰ অহাৰ আভাশ হল আৰু তেওঁ জপিয়াই ট্ৰেইনৰ লাইনৰ পৰা আঁতৰিব লওঁতে, সেই ছাগলীটোৱে অদ্ভুত ৰূপ ললে। তেতিয়া ৰমেন খুড়াৰ এনে লাগিছিল, ছাগলীৰ ৰূপত যেন সেইটো এটা অসুৰ। তাকে দেখা পায় ৰমেন খুড়াই অলপ ভয় খালে। আৰু তেতিয়া সেই ছাগলীটোৱে খুড়াৰ পেন্টত কামুৰি ধৰি, ট্ৰেইন আলিৰ মাজলৈ টানিবলৈ ধৰিলে। সেই সময়ত খুড়া একেবাৰে অসহায় হৈ পৰিছিল আৰু ঘাম ওলাই সম্পূর্ণ ৰূপে তিতি গৈছিল। এতিয়া সেই মালবাহী ট্ৰেইনখন আৰু কাষ চাপি আহিছিল। তেতিয়া খুড়াৰ এনে লাগিছিল, তেওঁৰ জীৱনৰ, আৰু ৰক্ষা নাই। মৃত্যু এতিয়া তেওঁৰ নিচেই কাষত। তেওঁৰ ধৈর্য্য আৰু বলেও একো কৰিব নোৱাৰা হৈছিল। আৰু তেওঁ নিবিচৰা চত্তেও ট্ৰেইন আলিৰ মাজলৈ গৈ আছিল।তেনেকোৱাতে হঠাৎ আচৰিত ভাৱে এনে ঘটিল, খুড়াৰ সেয়া জ্ঞানৰ বাহিৰ আছিল।


আচৰিত ভাৱে এজনী ১৫,১৬বছৰীয়া ধুনীয়া ছোৱালী প্ৰকট হল। আৰু চাওঁতে চাওঁতে তাই ছাগলীটোৰ মুখৰ পৰা খুড়াৰ পেন্টতো এৰোৱাব ধৰিলে। এতিয়া সেই ঠাইৰ পৰিস্থিতি বহুত ভয়ংকৰ হয় পৰিল। খুড়া সম্পূর্ণ ৰূপে ভয়ত কম্পিত হৈ আছিল, কিন্তু সেই ছোৱালীজনী অহাৰ বাবে খুড়াই অলপ সাহস পাইছিল। এতিয়া মালবাহী ট্ৰেইনখন খুড়াপৰা প্ৰায় ১০ মিটাৰ নিলগত আছিল। ইফালে সেই ছাগলীটো আৰু ছোৱালীজনীক যুদ্ধ অতি ভয়ংকৰ হৈ পৰিছিল। কিন্তু আচৰিত ভাৱে সেই ছোৱালীজনীয়ে ছাগলীটোৰ মুখৰ পৰা ৰমেন খুড়াৰ পেন্টতো ওলিয়াবলৈ সক্ষম হল। আৰু জোৰেৰে খুড়াক ট্ৰেইন লাইনৰ মাজৰ পৰা সেই ছোৱালীজনীয়ে থেলা মাৰি দিলে। তেতিয়া খুড়া ট্ৰেইন লাইনৰ পৰা কিছু আঁতৰত পৰিলেগৈ। তেওঁ কিছু আঁতৰৰ পৰাই মালবাহী ট্ৰেইনখন লাহে লাহে পাৰ হৈ যোৱা দেখিলে। আৰু লগতে দেখা পালে, তেতিয়াও ট্ৰেইন আলিৰ মাজত সেই ছোৱালীজনী আৰু ছাগলীটোৰ ভয়ংকৰ যুদ্ধ চলিয়ে আছিল। সেই সময়তে খুড়া একেবাৰে ভয়তে কম্পিত হৈ উঠিল। তেওঁৰ ভয় খোৱাৰ কাৰণ এই আছিল যে, বৰ্তমানলৈকে তেওঁ কেৱল সেই ছোৱালীজনী আৰু ছাগলীটোৰ যুদ্ধ আৰু পাৰ হৈ যোৱা মালবাহী ট্ৰেইনখন চাই আছিল। কিন্তু তেওঁ এই, কথাত মন কৰা নাছিল যে, সেই ছোৱালীজনী আৰু ছাগলীটো সেই লাইনতে আছিল, যিটো লাইনৰপৰা মালবাহী ট্ৰেইনখন পাৰ হৈ গৈ আছিল। কিন্তু তাৰ দ্বাৰা তাহাঁত দুটাৰ ওপৰত কোনো, অপকাৰ হোৱা নাছিল। আৰু তাহাঁতি দুটা মালবাহী ট্ৰেইনখনৰ চকাৰ তললৈ আহিছিল। আৰু মালবাহী ট্ৰেইনখনৰ চকাৰ তললৈ আহিলটো তাহাঁত দুটাৰ একো অপকাৰ হোৱা নাছিল।( Assamese Storyboard )


এতিয়া ৰমেন খুড়া একেবাৰে ৰঙা চিঙা পৰিল। কিন্তু তেওঁ এই বাহাদুৰ ছোৱালীজনীৰ আত্মাৰ বিষয়ে জানিছিল। তেওঁ বহুলোকৰ পৰা এই বাহাদুৰ ছোৱালীজনীৰ আত্মাৰ কথা শুনিছিল, যিয়ে ৰেলৱে লাইনৰ কাষৰ সমস্যাত পৰা লোকৰ, জীৱ জন্তুৰ জীৱন ৰক্ষা কৰে। এতিয়া মালবাহী ট্ৰেইনখনৰ পাৰ হৈ গৈছিল কিন্তু এতিয়াও তাঁহাত দুটাৰ যুদ্ধখন শেষ হোৱা নাছিল। সেই সময়তে আচৰিত ভাৱে সেই ছোৱালীজনীয়ে ছাগলীটোৰ ফচি থকা ৰচিডালে তাৰ ডিঙিত চেপি ধৰিলে। তেতিয়া এনে লাগিল সেই ছাগলীটোৰ ডিঙি একেবাৰে চেপ খায় গল। আৰু এটা সি ভয়ংকৰ মাত উলিয়াই বেবাব ধৰিলে। ছোৱালীজনীয়ে কিবা এটা বুজি ছাগলীটোৰ ৰচিডাল এৰি দিলে। ৰচিডাল এৰি দিয়াতে ছাগলীটোৱে বেবাই বেবাই অদৃশ্য হৈ পৰিল। তেতিয়া সেই ছোৱালীজনী লাহে লাহে কৰি খুড়া ফালে আগুৱাই আহিল।  খুড়া লাহে কৰি থিয় হল। তেওঁ ভয়ো খাইছিল, কিন্তু তেওঁ এয়ায়ো জানিছিল যে, সেই ছোৱালীজনীৰ আত্মাই, তেওঁক কোনো অনিষ্ট নকৰে। 


সেই ছোৱালীজনীৰ আত্মা লাহে লাহে কৰি ৰমেন খুড়াৰ ওচৰ পালেহি। খুড়া তেতিয়া উঠি লৈ বহিলে। ছোৱালীজনীয়ে নিজৰ হাতখন দি খুড়াক থিয় কৰালে। আৰু দূৰত পৰি ৰোৱা তেওঁৰ বেগটো আনি তেওঁক দিলে। এতিয়া খুড়া অলপ সহজ হৈ উঠিছিল। তেতিয়া তেওঁক ছোৱালীজনীয়ে তেওঁৰ সৈতে আগুৱাই যাবলৈ কলে। তেতিয়া খুড়াই নিজৰ তীব্র খোজেৰে ছোৱালীজনীৰ লগত ট্ৰেইন লাইনৰ কাষেদি খোজ কাঢ়ি যাবলৈ ধৰিলে। কিছু দূৰ আগুৱাই যোৱা পাছত খুড়াই সেই ছোৱালীজনীৰ হাতখন এৰি থটমট খায় সুধিলে, মাজনী, তুমি কোন হয়! আৰু ইমান ৰাতি ইয়াত কিয় ঘূৰি ফুৰিছা! ছোৱালীজনীয়ে প্ৰথমে অলপ থৰ লাগি ৰল তাৰপাছত নিজকে সহজ কৰি কলে, খুড়া, আজিৰেপৰা ৬,৭বছৰৰ আগতে মই মোৰ মা দেউতা লগত এই ৰেল লাইনৰ কাষতে এটা সৰু ঘৰত থাকিছিলো। মোৰ মা দেউতাই সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। মই ছাগলী চোৱা চিতা কাম কৰিছিলো। আচৰিত ভাৱে এদিনাখনৰ মোৰ এই ছাগলীটোৰ (যি মোৰ লগত কাজিয়া কৰি আছিল) ভৰি ৰেল লাইনত লাগি ধৰিছিল। সেইসময়ত এখন ট্ৰেইনো আহিল। মই তাক ৰক্ষা কৰিবলৈ বহুত চেষ্টা কৰিছিলো, কিন্তু সেই চেষ্টাতে মইও ছাগলীটোৰ লগত ভগৱানৰ ওচৰলৈ গতি কৰিলো। সেয়া কয় সেই ছোৱালীজনীয়ে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। তেতিয়া ৰমেন খুড়াৰ সাহস অলপ বাঢ়ি গল। আৰু তেওঁ মৰমেৰে সেই ছোৱালীজনীৰ মূৰত হাতখন ফুৰালে। তেতিয়া ছোৱালীজনী অলপ শান্ত হল। 


 কিছু পৰ দুয়ো মনে মনে ৰল। তাৰপাছত খুড়াই সুধিলে, মাজনী, কিন্তু সেই ছাগলীটোৱে মোক কিয় হত্যা কৰিবলৈ বিচাৰিছিল! তেতিয়া ছোৱালীজনীয়ে কলে, যে দৰাচলতে সেই ছাগলীটোৱে ভাৱে, তাক হত্যা ড্ৰাইভাৰে কৰিছিল, সেইবাবে সেইদিনা পৰা সি মানুহক হত্যা কৰিবলৈ  চেষ্টা কৰি ফুৰে।তাকে লৈ মই তাক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰো যে, তাৰ আৰু মোৰ মৃত্যু সেই ড্ৰাইভাৰৰ বাবে হোৱা নাই। সেই ছাগলীটোৰ ভুলৰ বাবেহে হৈছিল। তাকে ছাগলীটোৱে মানি লবলৈ অমান্তি হৈছিল। 

কথা পাতি পাতি খুড়া সেই ছোৱালীজনীৰ লগত পুতেক থকা ঠাইৰ ষ্টেচন পালেগৈ। তেতিয়া ছোৱালীজনীয়ে কলে, খুড়া আপুনি এতিয়া আগবাঢ়ি যাওক। মই ইয়াৰপৰা আৰু আগলৈ যাব নোঁৱাৰো। কিন্তু ৰমেন খুড়াই তাইক কলে, মাজনী, তুমি বহুত ভাল ছোৱালী। আৰু মই বিচাৰিছো, তুমিও মোৰ লগত মোৰ ঘৰলৈ বলা। মোৰ ছোৱীলী হৈ থাকিবা। খুড়াৰ এনে কথা শুনি ছোৱালীজনীৰ দুখ লাগিল। কিন্তু এনে হব নোঁৱাৰে বুলি যাবলৈ ধৰিলে। খুড়াৰ মতে, সেই ছোৱালীজনী তেওঁ প্ৰায়ে দেখা পাইছিল আৰু মাজে সময়ে তেওঁলোকে কথাও পাতিছিল। এদিনাখনৰ ৰমেন খুড়াই তাইৰ আত্মাৰ শান্তিৰ বাবে এভাগি পূজা কৰোৱালে। আৰু তাৰ পাছৰ পৰাই সেই ছোৱালীজনী আৰু কোনোদিন দেখা পোৱা নগল।

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages