৭ মাহৰ গৰ্ভাৱতী আছিল তাই : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

৭ মাহৰ গৰ্ভাৱতী আছিল তাই : Assamese Storyboard

Assamese Storyboard

ৰৈ যোৱা, এনেদৰে অকলশৰীয়া কৈ এৰি থৈ কেনেদৰে যাব পাৰা? কাৰ দায়িত্বত এৰি থৈ গৈছা! কেনেদৰে এই পাহাৰৰ দৰে জীৱনটো জীয়াম।( Assamese Storyboard )

নিভাই, হিৰকৰ মৃতদেহৰ পাচে পাচে গৈ কান্দি কান্দি কয় গৈ আছিল। ঘৰখনত থকা মহিলাসকলকে নিভাক জোৰ কৰি ধৰি ঘৰৰ ভিতৰলৈ আনিলে। ঘৰলৈ ভিতৰলৈ আহি নিভা মৌন হৈ বহি ৰল। যেতিয়া সকলো মহিলাই নিভাক পানী খাবলৈ দিলে, তেতিয়া নিভাই কান্দুনত ভাঙি পৰিল। আৰু হিৰকৰ ফটো খনৰ আগত এনেদৰে বহি কথা পাতিবলৈ ধৰিলে, যেনে হিৰকক সন্মুখত লৈ কথা পাতিছে। আৰু এতিয়াই ফটোৰপৰা যেন হিৰক ওলাই আহি কথা পাতিবলৈ ধৰিব। 


নিভাই অভিযোগ শুৰেৰে হিৰকক কবলৈ ধৰিলে, তুমিটো অফিচলৈহে গৈছিলা, মই তোমাক আজি আবেলি ঘৰলৈ সোনকালে আহিবলৈ কৈছিলো। কাৰণ আজি আমাৰ দ্বিতীয় বিবাহ বাৰ্ষিকী আছিল। আৰু সেইবাবে আজি মই তোমাৰ লগত অধিক সময় থাকিবলৈ বিচাৰিছিলো। তুমি মোক সোনকালে আহিবলৈ কথা দি থৈ গৈছিলা। তেতিয়া হলে কিয় তুমি তোমাৰ কথা ৰাখিবলৈ নোঁৱাৰিলা! একচডিন্টে কেনেদৰে হৈ গল! কোৱা তুমি মোক এতিয়া!

তেতিয়া নিভাৰ শাহুৱেকে তাইক সাৱটি ধৰি লৈ কলে, মাজনী, হিৰক অফিচৰ পৰা আহি থাকোতে, তাৰ গাড়ী সন্মুখত সৰু ছোৱালী এজনী আহি দিলে। সৰু ছোৱালীজনীক ৰক্ষা কৰিবলৈ যাওঁতে, হিৰকৰ গাড়ী খন গৈ এজোপা গছত খুন্দা মাৰি দিলেগৈ। আৰু তেতিয়াই!

নিভাই নিজকে অলপ বুজাই লৈ পুনৰ হিৰকৰ ফটোখনত ওচৰত বহি সুধিবলৈ ধৰিলে, এবাৰো তুমি আমাৰ এই আহিবলগীয়া সন্তানটিৰ কথা নাভাৱিলা যে তুমি যোৱাৰ পাছত সন্তানটিৰ কি হব! যেতিয়াই তোমাৰ আৰু মোৰ কাজিয়া হৈছিল, আৰু তেতিয়া মই খংতে বেলেগ এটি কুঠাত শুৱলৈ যাওঁ, তেতিয়া তুমিয়েই মোক কৈছিলা ন, মানি যোৱা, থমকি ৰোৱা, এবাৰ ওভটি চোৱা, মাত্র তোমাৰ এইষাৰতে মই হাঁহি দিছিলো। আৰু মই সকলো পাহৰি তোমাৰ ওচৰলৈ গুচি আহিছিলো। তেতিয়া হলে আজি তুমি মোক কিয় বেয়া পাই আছা! মই বাৰে বাৰে মাত দিলটো তুমি অহা নাই যে! চোৱা, তুমি যদি মোক কিবা কথাত বেয়া পাই আছা যদি কোৱা! মই আগলৈ আৰু তুমি বেয়া পোৱা কাম একো নকৰোঁ। এবাৰটো তোমাৰ নিভাৰ ফালে চোৱা। মইটো আজি সকলোবোৰ তুমি ভালপোৱা বস্তুকে বনাবলৈ প্ৰস্তুতি কৰিছিলো। মই সকলোবোৰ তৈয়াৰীও কৰিছিলো। এতিয়া সকলোবোৰ কোনে খাব! মইটো আজি তুমি ভালপোৱা সাঁজকে পিন্ধিলো হয়। আহা মোৰ লগত, মই তোমাক সকলোবোৰ দেখুৱাম। মোৰ বাবে নহলেও, তোমৰ আহিবলগীয়া সন্তানটিৰ বাবে আহি যোৱা। যাৰ অহালৈ তুমি বাট চাই ৰৈছিলা।( Assamese Storyboard )


নিভাৰ কথা শুনি, তাত থকা সকলো মহিলাৰ চকুপানী বৈ আহিল।

 অ, তুমি মোক উপহাৰ দি বৰ ভালপোৱা ন! তুমি মনে মনে আহি ওপৰৰ আমাৰ কোঠাত বহি আছাহি ন! এনে কয় কয়ে নিভাই উঠি নিজৰ কোঠাৰ ফালে দৌৰ মাৰি গল। তাৰ আগতে নিভাক কোনোবাই ধৰা আগতে তাই চিৰিপৰা বাগৰি তলত পৰিল। নিভা সেইসময়ত ৭মহীয়া গৰ্ভৱতী আছিল। নিভাক সকলোৱে লৰালৰিকৈ হস্পিটাললৈ লৈ গল। কাৰণ তাই চিৰি পৰা পৰাত মূৰ্চা গৈছিল। হস্পিটাললৈ গৈ পোৱাত ডক্টৰে কলে যে, অতি সোনকালেই, অপাৰেচন কৰিব লাগিব কাৰণ নিভাই পেটৰ ভিতৰত দুখ পাইছিল। 

ডক্টৰে কলে, আমি সন্তান নহলে, মাক কোনোবা এজনকহে জীৱন দিবলৈ পাৰিম! তেতিয়া নিভাৰ শাহু শহুৰে কলে, ছাৰ আপুনি, আমাৰ বোৱাৰীজনীক জীৱন দান দিয়ক। নিভাই আমাক এই ২বছৰত আমাৰ ছোৱালীৰ দৰে মৰম দিলে। 


অপাৰেচনৰ পাছত, ডক্টৰে নিভা আৰু হিৰকৰ নৱজাতক লৰা সন্তানটি আনি নিভাৰ শাহু শহুৰৰ ওচৰত ক্ষমা বিচাৰি কলে, আমি নিভাক জীৱন দান দিব নোঁৱাৰিলো। নিভা আৰু হিৰকৰ প্ৰেম সচাঁ আছিল বাবে, দয়োয়ে আনজনে এজনক এৰি থাকিবলৈ নোৱাঁৰিলে। নিভাৰ শাহুৱেকে বহুত উদাশ মনেৰে নৱজাতক লৰাটি আকোঁৱালি ললে।।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages