তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ৪ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 14, 2021

তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ৪ ) ? Assamese Storyboard

Assamese Storyboard


আঙুঠি টো ৰাধিকা ৰ । তাৰমানে নিয়ৰে সন্দেহ কৰাৰ নিচিনা হত্যাকাৰী ৰাধিকা ! কিন্তু তাই অকলে কেনেকৈ কৰিৱ ! তাইৰ লগত আৰু কোন কোন আছে ( Assamese Storyboard )! নিয়ৰে যে কথাবোৰ একো ধৰিব পৰা নাই । অফিচাৰ বৰুৱাই নিয়ৰক আকৌ কলে 


- হ'ব , মিষ্টাৰ কাকতি । এই প্ৰশ্নৰ উত্তৰ আপুনি মোক থানাত দিব । এতিয়া বলক ।


             কোনফালে গতি কৰিছে জীৱন ! সৌৰ সিদিনা ইমান কষ্ট কৰি পঢ়া শুনা কৰাৰ ফল পাইছিল হে । কিন্তু আজি যিবোৰ নিয়ৰৰ লগত হ'ব ধৰিছে সকলো বোৰ অনাকাংক্ষিত । তাৰ বৰকৈ মনত পৰিলে দেবী তুল্য মাতৃ গৰাকীলৈ । মনত পৰিলে সহজ - সৰল , চৰকাৰৰ ৰাষ্ট্ৰপতি ৰ পদক প্ৰাপ্ত শিক্ষকতা কৰা তাৰ দেউতাকৰ মুখ খনলৈ । তাৰ সেই চাকৰি পোৱাৰ দিনটোত মাক দেউতাকে কৰা গোপন আলোচনা খিনি আজি তাৰ বৰকৈ মনত পৰিছে ।


- হেৰা, নিয়ৰ ৰ মাক বুজিলা বিশ্বাস , সততা , একাগ্ৰতা থাকিলে মানুহে আকাশ চুব ও পাৰে ।

বগা কৈ ধুনীয়া মানুহ জনৰ মুখৰ পৰা ওলাই আহিছিল তৃপ্তিৰ হাহি ।

- হওক তেওঁ ! লৰাই আমাক অন্তত সুখ কন দিলে । আপোনাৰ সন্মান কন ৰাখিলে ।

- হেৰা ল'ৰা কাৰ ! এই ননীমোহন কাকতিৰ ল'ৰা সি । 

- অলপ বেছি হ'ল নেকি বুঢ়াদেউ 

- এৰা বুঢ়া বুলি নকবা দে , এতিয়া মোলে এজনী দৌৰি আহিব ।

- চি: চি: ওচৰৰ ৰুমত ল'ৰা আছে শুনিব । 

- আচলতে কি জানা সাবিত্ৰী , আমাক মা দেউতা ই বহুত কষ্টত পঢ়াইছিল , কিন্তু নিয়ৰক মই যিমান পাৰোঁ সুবিধা দিছিলোঁ । এটাই ল'ৰা , যাতে সি কোনো ধৰনৰ কষ্ট উপলব্ধি নকৰে । কিন্তু আজি সি মোক ডাঙৰ সুখ দিলে । তাক আমাৰ গাঁৱত কোনে ভাল নাপায় । আজি তাক লৈ গাঁৱৰ মানুহ বহুত সুখী । আৰু সদায় গাঁৱৰ মানুহ ৰ বিপদত থিয় দিব লাগিব সি মোৰ ল'ৰা নহয় সি এই গাওঁ খনৰ প্ৰতি গৰাকী ব্যক্তিৰ সন্তান ।


                 নিয়ৰৰ দুচকুৰে ধাৰাসাৰ চকুলো বৈছিল । কেতিয়া সি পুলিচ থানা আহি পাইছিল গমে নাপালে । 


- আহক , মিষ্টাৰ কাকতি ।

বৰুৱাই স্বাগতম জনাইছিল অপৰাধী নিয়ৰক ।

- আহিছোঁ ।

- আপোনাৰ চকুত চকুপানী কাকতি ?

- নাই ! ঘৰলৈ মনত পৰিছে ।

- এই কথা খিনি যদি কালি উপলব্ধি কৰিলে হেঁতেন তেন্তে এনে এটা ঘটনা কেতিয়াও নহয় কাকতি ।


                নিয়ৰক অফিচাৰ বৰুৱাৰ কোঠালৈ লৈ অনা হ'ল ! অফিচাৰ বৰুৱাই নিয়ৰক ভালকৈ লক্ষ্য কৰিছিল । ভাগি পৰিছে নিয়ৰে । যেন কিবা কব খুজিও বাৰে বাৰে থমকি ৰৈছে । ৩০ ৰ উৰ্দ্ধৰ এজন চফল ডেকা অফিচাৰ । বৰুৱাই আজি ন বছৰ ৰ অভিজ্ঞতাৰ ফালৰ পৰা নিয়ৰক বুজিব চেষ্টা কৰিছে । যে আচলতে এনে বোৰ মানুহে বহুত ডাঙৰ আঘাট পালে এনেবোৰ ঘটনা ঘটাব পাৰে । 


- বাৰু কাকতি কওকচোন আপুনি এই হত্যা কাণ্ড সংঘটিত কৰিলে ?

- ছাৰ মই কেনেকৈ প্ৰমান কৰিম যে মই হত্যাকাৰী নহয় ।

- কিন্তু আপুনি‌ পলাশক ফোন কৰি দিয়া ভাবুকিয়ে প্ৰমান হিচাপে থিয় দিছে ।

- হয় মই ভাবুকি দিছিলোঁ । কিন্তু মই তাক হত্যা কৰা নাছিলোঁ ।

- কিন্তু আপুনি পলাশ ক ভাবুকি কিয় দিছিলে ?

- কাৰন সি মোৰ প্ৰেমিকাক বিৰক্ত কৰি থাকে ।

- অ আচল কথা সেইটো ! হয় কাকতি আজিকালি এই প্ৰেম শব্দটোৰ পৰাই মই বেলেগ ৰ কথা নকও‌ অসম খনত যথেষ্ট হত্যা কাণ্ড সংঘটিত হৈছে । বিশেষকৈ ত্ৰিকোণ প্ৰেম , পৰকীয় প্ৰেম ইত্যাদি । বাৰু এইবোৰ বাদ দিয়ক আপোনাৰ প্ৰেমিকাৰ নাম কি বাৰু ! 


            এইবাৰ হে বিপদে লগ দিলে নিয়ৰক । কি কৈ পেলালে সি ! নাই নাই সি ৰাধিকা ৰ নামটো কব নোৱাৰে ।সি ৰাধিকা ৰ নাম নকয় ! মিছাকৈ নাম এটা কব নেকি ! নাই নাই পুলিচ ৰ আগত সেই ভুল কৰিলে সি আকৌ ভালকৈ হে ফচিব । তেন্তে কি কৰিব এতিয়া সি !( Assamese Storyboard )


- কি হল কাকতি ! কব নে ?

- মই কম ছাৰ ! কিন্তু তাৰ আগতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰোঁ !

- আপোনালোকে পলাশৰ ওপৰত কিবা কিবি তথ্য সংগ্ৰহ কৰিছে নে ছাৰ ?

- নাই কৰা, কাৰন সেয়া পৰ্যায়ক্ৰমে যাব ।

- কিন্তু ছাৰ আপোনালোকে প্ৰথমে তাৰ তথ্য বোৰ সংগ্ৰহ কৰক ।

- তাৰমানে আপুনি কব বিচাৰিছে যে আপুনি হত্যাকাৰী নহয় ?

- হয় ,কব বিচৰা নাই ,প্ৰমান কৰি দিব বিচাৰোঁ যে মই হত্যাকাৰী নহয় । কিন্তু চাৰ যেতিয়ালৈ প্ৰমান কৰিব নোৱাৰোঁ সিদিনা লৈ আপোনালোকৰ লকআপ ৰ আলহী হৈ থাকিম মই ।

- ধন্যবাদ ! আমি ও বিচাৰোঁ অতি সোনকালেই ধৰা পৰক পলাশৰ হত্যাকাৰী অপৰাধী‌ । লাগিলে সেয়া আপুনি এ হওক বা অইন কোনোবাই হওক ।

- ধন্যবাদ ছাৰ ।


                    ৰাধিকা ই নিজৰ কোঠাত বহি টিভিৰ নিউজ চাই আছিলে । হঠাৎ দেখিলে 


" এয়া চাওক গণেশগুৰি ত কালি সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ হত্যাকাৰী , অসম পৰ্যতন বিভাগৰ বিষয়া নিয়ৰ কাকতিক ইতিমধ্যে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । কিন্তু কি কাৰনত হত্যা কৰা হ'ল পলাশ নামৰ যুৱক জনক এতিয়ালৈ জানিৱ পৰা হোৱা নাই , ইতিমধ্যে অসমৰ বহু কেইটা সংগঠনে হত্যাকাৰী ৰ ন্যায় ৰ দাবী কৰিছে । অন্যাথা ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে । হয় এই চাম মুখা পিন্ধা ভদ্ৰ মানুহৰ অপৰাধ অসম পুলিচ বা আইন ব্যৱস্থা কেনেকে লয় সেয়া লক্ষ্যনীয় হ'ব । "


               ৰাধিকা ই কব নোৱাৰাকৈ কান্দি পেলাইছিল । নিয়ৰ চাগৈ হত্যাকাৰী হ'ব নোৱাৰে । সি তাইক ভাল পাইছিল আৰু তাইক ভালপোৱা ৰ স্বাৰ্থ ত হয়টো সি প্ৰকাশক ভাবুকি দিছিল । কিন্তু পলাশ ক হত্যা কৰিলে কোনে ? তাৰ শত্ৰু ! নিশ্চয় থাকিব পাৰে যিহেতু সি এইবিলাক কামত জড়িত । নাই নাই তাই নিয়ৰক শেষ হৈ যাৱ দিব নোৱাৰে । তাই কাইলৈৰ ৰাতিপুৱা ই থানা লৈ যাৱ ।


               নিয়ৰৰ আজি লকআপৰ ভিতৰত প্ৰথমটো নিশা । হয়টো জীৱনৰ জটিল সময়ৰ অধ্যয়নৰ দিশে নিয়ৰ । থানা খনৰ পুলিচ খিনিয়ে বৰ্তমানলৈ তাক কোনো ধৰনৰ কঠোৰ নিৰ্দেশ বা কথা শুনোৱা নাই । কিন্তু সাজু এনেকুৱা সাস্তি গ্ৰহন কৰিবলৈ । কাৰন অপৰাধী ৰ চিনাকী ঠিকনা থানাৰ ভিতৰত এইটো এ । তাক সময়ত ভাত দিছিলে কিন্তু সি নাখালে । কাৰন তাৰ ভাত খাৱলৈ মন‌ নাই । সি মাত্ৰ ভয় খাইছিল লক আপৰ ভিতৰত ডাঙৰ ডাঙৰ মহ কেইটা দেখি । সি জানে সি তাত শুৱ নোৱাৰে । কিন্তু উপায় নাই এনেকৈ থাকিবলৈ সি আজি সাজু ।


                  - সুপ্ৰভাত অফিচাৰ 

- গোড মৰ্ণিং , কিন্তু আপুনি !

- মোৰ চিনাকী আপোনাক পিছত দিম । কিন্তু তাৰ আগতে আপোনাৰ লক আপত থকা হত্যাকাৰী জনক মই এবাৰ লগ পাব বিচাৰোঁ ।

- ঠিক আছে ।


               অফিচাৰ বৰুৱাৰ সন্দেহ হ'ল ! এই খংত থকা মানুহ জনে হয়টো বৰুৱা ক হত্যাকাৰী নিশ্চিত হোৱাৰ দিশত আজিয়ে সহায় কৰিব । এনেকুৱা লাগিছে যেন তেখেতে সকলো জানে ।


 ‌।                            ক্ৰমশঃ © ৰাগ ৰঞ্জন

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages