প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৩ ) : Assamese Storyboard

Assamese Storyboard

 

মৃত ৰিমাশ্ৰীক মোৰ সন্মুখত জীৱন্ত অৱস্থাত অৰ্থাৎ আত্মাৰ স্বৰূপত দেখি মোৰ চকুৰ ওপৰতে বিশ্বাস হোৱা নাছিল। ৰিমাৰ আত্মাই ক'ব লৈছিল।।( Assamese Storyboard )


আজিৰ পৰা ঠিক ৮ বছৰ আগৰ কথা ৰিমাশ্ৰী বেগমে হায়াৰ চেকেণ্ডেৰীত ষ্টাৰ মাৰ্ক পাই অতি সুখী হৈছিল। তাইৰ ঘৰৰ অৱস্থা অতি বেয়া আছিল বাবে আগলৈ পঢ়িবলৈ তাইৰ সক্ষমতা নাছিল। এটি উজ্জ্বল সপোন তাইৰ ভাঙি পৰিল। এনেদৰে ভঙা সপোনেৰে তাই এবছৰ সম্পূৰ্ণ কৰিলে। সেইদিনা ঈদ্ আছিল। সকলোৰে নিচিনাকৈ সিহতে নতুন কাপোৰ পিন্ধিব নাপালে। ঈদৰ ঠিক দুদিন পিছতেই তাইৰ আব্বা(দেউতাক) আব্দুল ঢুকাই থাকিল। অকলশৰীয়া আম্মা(মাক) জনীয়ে কোনোমতে একমাত্ৰ ছোৱালীজনীক খুৱাই পিন্ধাই ৰাখিলে। কেতিয়াবা এসাজ খাই এসাজ লঘোনে কটোৱাটো সিহতৰ ক্ষেত্ৰত প্ৰায়েই দেখা গৈছিল।


এদিন হঠাতে তাই চিনাকি হৈছিল বিখ্যাত ব্যৱসায়ী মৃণাল চৌধুৰীৰ ল'ৰা প্ৰণৱ চৌধুৰীৰ লগত। প্ৰণৱ বহুত ভাল ল'ৰা আছিল। দেখাটো প্ৰণৱ বহুত ধুনীয়া আছিল। তাৰ সুন্দৰ সুঠাম দেহ,কাপোৰৰ ষ্টাইলে যিকোনো ছোৱালীক তাৰ প্ৰেমত পৰিবলৈ বাধ্য কৰাইছিল। কিন্তু প্ৰণৱ কাৰো প্ৰেমত পৰা নাছিল। আচলতে প্ৰেম শব্দটোৰ পৰা প্ৰণৱ বহুত আতৰত আছিল। এইবিলাকত তেওঁ বেছি আগ্ৰহী নাছিল। প্ৰণৱে সদায় ছোৱালীক সন্মান কৰিছিল। তেওঁৰ ব্যৱহাৰ, তেওঁৰ সন্মানে সকলোকে তেওঁৰ ফালে আকৰ্ষণ কৰিছিল।( Assamese Storyboard )

কিন্তু প্ৰণৱৰ শুকান মৰুভূমিত পানী ঢালিছিল ৰিমাশ্ৰীৰ সৌন্দৰ্যই। প্ৰথম চাৱনীতেই প্ৰণৱে ৰিমাৰ প্ৰেমত পৰি গৈছিল। চাৰি চকুৰ মিলনত যেন যোৰ খাইছিল এক বান্ধোন। দুয়োৰে হৃদয়ে চিঞৰিছিল- "মই তোমাক ভাল পাওঁ"। কিন্তু কোনেও কাৰো আগত প্ৰকাশ কৰা নাছিল। দুয়ো লাহে লাহে ভাল বন্ধু হৈ পৰিছিল। এদিন প্ৰণৱে ৰিমাক ক'লে-


: ৰিমা মই তোমাক ভাল পাওঁ।

: কিন্তু?

: তুমি মোক তোমাৰ হৃদয়ত ঠাই দিবানে? 

: চোৱা প্ৰণৱ মইও তোমাক ভাল পাব লৈছোঁ। কিন্তু তুমিও জানা আমাৰ দুয়োৰে ধৰ্ম বেলেগ বেলেগ। আমাক এই সমাজে প্ৰেম কৰিব নিদিব।

: ৰিমা এইবোৰ পুৰণি কথা এতিয়া আৰু নাই। এতিয়া সকলো শিক্ষিত। এই শিক্ষিত সমাজে আমাক মানি ল'ব।

: মইও তোমাক ভাল পাওঁ প্ৰণৱ।


দুয়ো দুয়োকে সাৱতি ধৰিছিল যেন এক অতুট বান্ধোনত বান্ধ খাবলৈ গৈ আছিল দুয়ো। দুয়ো দুয়োকে বহুত ভাল পাব লৈছিল।


আগলৈ................................................

(আমাৰ সমাজে বাৰু দুয়োৰে প্ৰেমক স্বীকৃতি দিবনে নে হেজাৰ সপোন , সপোন হৈয়েই ৰʼব? পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে")


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages