তাইৰ ডবাটোত অধিক সংখ্যকেই আছিল পুৰুষ যাত্ৰী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

তাইৰ ডবাটোত অধিক সংখ্যকেই আছিল পুৰুষ যাত্ৰী : Assamese Storyboard

Assamese Storyboard

জেছমিনাই  যিটো  ডবাত আসন সংৰক্ষিত কৰিছিল  সেই ডবাত প্ৰায় বেছিভাগেই পুৰুষ আছিল। বাথৰূম যোৱাৰ চলেৰে তাই তাইৰ ডবাটো ঘুৰি দেখিলে যে গোটেই ডবা খনত কিছু সংখ্যক হে মহিলা আছিল। মনৰ অজানিতে ভয়ত বুকু খন কপি উঠিছিল জেছমিনাৰ ।( Assamese Storyboard )

 প্ৰথম বাৰ তাই ট্ৰেইনত অকলশৰে যাত্ৰা কৰিছে। সেই কাৰণে আৰম্ভণি ৰ পৰাই তাইৰ মনত এক ভয়ৰ সৃষ্টি হৈছিল। নিজকে অলপ স্থিৰ কৰি উপায় বিহীন হৈ নিজৰ চিটটোত বহি কিতাপ এখন উলিয়াই পঢ়িবলৈ ললে। যুৱকৰ দলটো বোধহয় কোনোবা মিলিটাৰি ছাউনীলৈ ৰাওনা হৈছে যাৰ বাবে যুৱক সকলে আনন্দ স্ফূৰ্তি ,গান শ্বায়েৰী  হৈ হাল্লা কৰি গৈ আছিল। আৰু সিহঁতৰ সেই আনন্দ স্ফূৰ্তিয়ে জেছমিনাক আগতকৈও আৰু বেছি ভয় লগাইছিল৷


জেছমিনা এই অনাকাংক্ষিত ভয়ৰ লগতে লাহে লাহে ৰাতিটো পাৰ হব ধৰিছিল। হঠাৎ সন্মুখৰ চিটত বহা যুৱক জনে মাত লগালে। হেলো মই আলী আৰু আপুনি? ভয় ভয় কৈ কম্পিত স্বৰেৰে জেছমিনাই কলে  হে ::::লো মই -------"      একো নাই দিয়া নাম কব বিচৰা নাই যদি নকলেও হব।। এনেই কত যাবা তুমি?  জেছমিনাই লাহেকৈ কলে ডিব্ৰুগড়"  ।। কি??ডিব্ৰুগড় ? ডিব্ৰুগড়ত দেখোন মোৰ মামাৰ ঘৰ, সেই সম্পৰ্কত দেখোন তুমি মোৰ ভন্টি হোৱা।মুখত এক সুন্দৰ হাঁহিৰ সৈতে আলীয়ে কৈছে।।  আৰু তাৰ পিছতেই কবলৈ ললে তাৰ ককাক বহুত নাম কৰা ব্যক্তি, দুই মামা ডিব্ৰুগড় থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া। বহুতে চিনি পায় তাৰ মামা হতক।আৰু বহুতো নতুন পুৰণি কথা  সি জেছমিনাৰ আগত লুক ঢাক নকৰাকৈ কৈ গ’ল৷ লাহে লাহে জেছমিনাৰো তাৰ কথা বোৰত নিজকে সুৰক্ষিত অনুভৱ কৰিবলৈ ললে। আৰু জেছমিনাই ৰাতিটো আলীৰ দৰে দায়িত্ব শীল দাদাৰ চত্ৰ ছায়াত নিজকে সুৰক্ষিত বুলি নিশ্চিন্ত হৈ টোপনিৰ সৈতে ৰাতিটো পাৰ কৰিলে।( Assamese Storyboard )


ৰাতিপুৱা জেছমিনাই কলে লওক মোৰ ঠিকনা ফোন নম্বৰ,  কেতিয়াবা যদি মামাৰ ঘৰলৈ আহে  আমাৰ ঘৰলৈ ও আহিব বুলি আশা কৰিলোঁ।আালি:হেলো৷অ কওক দাদা৷শুনা ভন্তি তুমি সিদিনা ৰেলত বহুত অশান্তি আৰু  নিজকে অ সুৰক্ষিত অনুভৱ কৰি আছিলা আৰু  তোমাৰ মুখ মণ্ডলত এক আনকাংক্ষিত ভয় ফুটি উঠিছিল তেতিয়া মই তোমাৰ লগত অভিনয়ৰে সম্পৰ্ক গঢ়ি তুলিছিলো।মই টো কেতিয়াও ডিব্ৰুগড়লৈ অহাই নাই। কি:? আচৰিত হৈ সুধিলে জেছমিনা।।  ভন্টি আচলতে  সকলো লৰা একে নহয় । অচিনাকি ছোৱালী দেখিলেই সুবিধা লোৱা। আমাৰ মাজৰ পৰাই টো কোনোবা জন পিতৃ ভাতৃ হয়। এইখিনি কৈয়েই আলীয়ে ফোন কাটি দিলে৷ জেছমিনাই অবাক হৈ ৰ’ল যেন তাইৰ কোনোবা সেয়া আপোন দাদাহে আছিল৷ইমান মৰম ইমান বিশ্বাস তাইৰ ভাবিয়েই মনটো ভাল লাগি গ’ল৷  জেছমিনাৰ  আনন্দত চকুলো নিগৰি আহিছিল।


তাইৰ বাৰে বাৰে সেই কথাষাৰে কাণত গুজৰি থাকিল নামিবৰ সময়ত যে কৈছিল"ভন্তি মই আলী নহয় ,মোৰ নাম বিক্ৰম৷জেছমিনাই ভাবিব ধৰিলে এই বিক্ৰম দাৰ দৰে যদি সকলো হ’ল হয়  তেতিয়া  আমাৰ সমাজ খন , গাওঁ খন , দেশ খন,বা  ৰাষ্ট্ৰঃ খনত ছোৱালী সকল সুৰক্ষিত হৈ থাকিলহেতেন৷  যত নাথাকিল হেতেন কোনো হিংসা, অন্যায়, অত্যাচাৰ, অভিচাৰ, যত আমাৰ মা, ভনী, বাইদেউ, পত্নী, সকলে নিজকে সুৰক্ষিত অনুভৱ কৰিলে হেতেন, নিৰ্ভয়ে  অত তত অহা যোৱা কৰিব পাৰিলে হেতেন, এজনে    আনজনৰ সহায়ক হ’ল হেতেন। কোনো জাতি ধৰ্মত বিভাজন নহল হেতেন।আমি একেখন নাৱৰে যাত্ৰী৷ধৰ্ম হওক মানৱ৷

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


2 comments:

  1. বিল্লাল হুছেইনJuly 6, 2021 at 4:14 PM

    ধন্যবাদ জ্ঞাপন কৰিলোঁ আগলৈ ও মোৰ লিখনি বোৰ এনেকৈ এ পাঠক সমাজক পঢ়িবলৈ সুবিধা কৰি দিব বুলি আশা কৰিলোঁ।

    ReplyDelete
    Replies
    1. নিশ্চয়,আপোনালৈও ধন্যবাদ থাকিল

      Delete

Advertisement

Pages