শহুৰৰ ঘৰত এগৰাকী দায়িত্বশীল বোৱাৰী কিমান সুখত থাকিব পাৰে ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

শহুৰৰ ঘৰত এগৰাকী দায়িত্বশীল বোৱাৰী কিমান সুখত থাকিব পাৰে ? Assamese Storyboard

Assamese Storyboard

পুৱা ৮বাজিছিল। তেতিয়া কৈল্যানে মাত দিলে...লিছা, মোৰ পাৰ্চটো কত আছে! লেপটপৰ চাৰ্জাৰডালো পোৱা নাই! আৰু এপাট মোজাও নাই? চোৱা মোৰ চাৰ্টৰ বোতামটো এৰালে! লিছা সোনকালে আহা।( Assamese Storyboard )

পাকঘৰত গৰমত সিজি থকা, লিছাৰ কাণত এই সকলোবোৰ কথা গানৰ দৰে গুঞ্জৰিব ধৰিলে। তাইৰ হাতত আটা লাগি আছিল। কাৰণ তাই ৰুতি বনাই আছিল। তাৱাখনত ৰুটিখন দি, গেছটো জুই কম কৰি, দৌৰ মাৰিলে নিজৰ ৰূমৰ ফালে। ৰূম গৈ পায়ে লিছাই কলে, চিন্তা নকৰিব। মই সকলো বিচাৰি দিম। তাৰপাছত লিছাই কৈল্যানৰ সকলো বস্তু বিচাৰি তাৰ হাতত হেচাঁ মাৰি দিলে।


তাৰপাছত বেজি ওলিয়াই চাৰ্টৰ বোতাম লগাই থাকোতে, শাহুমাকে মাত দিলে, লিছা, বাবুৱে পায়খানা কৰিলে! সোনকালে ইয়াক চফা কৰি দিয়া নহলে, ই সকলোবোৰ ফেনা ফেন কৰিব। লিছাই সোনকালে বোতাম লগাই দিলে আৰু ৰচিডাল চিঙুতেই, বেজিটোৱে লিছাৰ আঙুলিত খোচ মাৰিলে। তেতিয়া লৰালৰিকৈ লিছাই আঙুলিটো মুখত দিলে আৰু পাকঘৰলৈ গল। আৰু পাকঘৰলৈ গৈ টাৱাত থকা ৰুটিখন ঘী লগালে আৰু ওলোটাই দিলে। ৰুটিখন জ্বলি যোৱা নাছিল কিন্তু অলপ কৰকীয়া হৈ গৈছিল। তাৰপাছত দৌৰ মাৰি বাবুৰ ওচৰলৈ যাবলৈ লওঁতে, শহুৰ দেউতাকে মাত লগালে, লিছা, যোৱা কালি তুমি মোৰ দৰৱ, আনিছিলা ন! যদি আনিলা, এতিয়া মোক দি দিয়া! তেতিয়া হে পুৱাৰ আহাৰ খাব পাৰিম। লিছাই নিজৰ বাট সলালে আৰু শহুৰদেউতাকৰ যি দৰৱ টেবুলতে আছিল। সেয়া শহুৰ দেউতাকক দিলেগৈ। আৰু হাঁহি মাৰি শহুৰ দেউতাকৰ ৰূমৰ পৰা বাহিৰলৈ আহোতে, শাহুমাকে পুনৰ মাত দিলে, লিছা গোঁসাই ঘৰৰপৰা জুইশলাটো কত গল! আৰু ধূপৰ পেকেতটো পোৱা নাই যে! লিছাৰ খোজ গোসাঁই ঘৰৰ ফালে আগবাঢ়িল। তাই মাকক ধূপৰ পেকেত আৰু জুইশলাটো হাঁহি মাৰি বিচাৰি দিলে। তাৰপাছত বাবুৰ ওচৰলৈ গল। আৰু গৈ দেখা পালে, বাবুৱে প্ৰস্বাবো কৰি খেলি আছিল। লিছাই বাবুক বাথৰূমলৈ লৈ গল। আৰু বাবুক ভালদৰে চফা কৰি কাপোৰ পিন্ধাই দি কলে, যোৱা আইতাই নমো কৰিছে। লিছাৰ ৩বছৰীয়া বাবুটো যাওঁতেই তাইৰ ৬বছৰীয়া ছোৱালীজনীয়ে মাত দিলে, লিছাই ছোৱালীজনীক চুলি বেনি গাঁথি দিলে, তাইৰ প্ৰয়োজনীয় বস্তু বেগত ভৰালে, আৰু ডায়িনিং টেবুলত বহাই দিলে। লিছাই পাকঘৰলৈ যাওঁতে, ৰুটিখন প্ৰায় জ্বলি গৈছিল। তাকে দেখি লিছাই লৰালৰিকৈ ৰুটিখন ওলোটাই দিওঁতে তাইৰ আঙুলি এটা জ্বলি ছিল। সেই কথাত তাই মন নিদিলে।( Assamese Storyboard )


তেতিয়ালৈ ঘৰৰ সকলো পুৱাৰ আহাৰৰ বাবে ডাইনিং টেবুললৈ আহিল। লিছাই সকলোৰে বাবে তেওঁলোকৰ পচন্দৰ পুৱাৰ আহাৰ তৈয়াৰ কৰিছিল। কৈলান্যৰ বাবে ৰুটি, ছোৱালীৰ বাবে মেগি, শাহু শহুৰৰ বাবে মগু ডাইলৰ খিচিৰী। আৰু নিজৰ বাবে যি বাচি থাকে, তাকে। সকলোৱে গৰম গৰম পুৱাৰ আহাৰ গ্ৰহণ কৰিলে। আৰু উঠিল। প্ৰথমতে শাহু শহুৰ উঠিল। শহুৰদেউতাকৰ দেউতাকৰ দৰে লিছাৰ মূৰত হাত বুলাই আশীষ দিলে। শাহুৱেকে, মাকৰ দৰে মৰমেৰে গালত হাত ফুৰালে। মাজনীয়ে লিছাৰ গালত চুমা আঁকি দিলে। টেবুলৰ পৰা টিফিনটো লৈ, লিছাই কৈল্যানৰ হাতত দিলে। কৈল্যানে তাইক মৰমেৰে সাৱটি ধৰিলে আৰু কলে, থেংকিউ। আৰু লিছাৰ কপাঁলত আৰু গালত চুমা আঁকি দিলে। ছোৱালীজনিয়ে এয়া দেখা পায় কলে, পাপা, তুমি মোক মাথো এটাই চুমা দিলা আৰু মাক তিনিটা! বাবুক কোলাত লৈ থকা লিছাক দেখা পায়, ছোৱালীজনীকো কোলাত লৈ কৈল্যানে কলে, মাজনী, মায়ে আমাৰ সকলোৰে বাবে কিমান কাম কৰে! পুৱাই পুৱাই উঠে আৰু নিশা শুৱালৈকে কাম কৰি থাকে! তোমাৰ আৰু মোৰ স্কুল আৰু অফিচৰ পৰা চুটি হৈ যায় আবেলি লৈ। আৰু দেওবাৰে বন্ধ থাকে। কিন্তু মায়েটো বন্ধ নাপায় ন! সেইবাবে তোমাৰ মাক অলপ বেছিকৈয়ে মৰম দিওঁ মই। আৰু আইতা ককায়ে বেছিকৈ আৰ্শীবাদ দিয়ে। এতিয়া বুজিলা নে, মোৰ পুতলা জনী।লিছাই কৈল্যানৰ ফালে চালে, আৰু তেতিয়া লিছাৰ দৃষ্টিত কৈল্যানৰ বাবে মৰম আৰু সন্মান আৰু বাঢ়ি গল।


যেতিয়া সকলো গল, তেতিয়া লিছাই নিজৰ ফেচবুক একাউন্টৰ নিজৰ ওৱালত পুৱাৰ সম্ভাসনৰ লগত লিখিলে, সম্বন্ধ, যিকোনো সম্বন্ধই আমাৰ, জ্ঞান, মৰম ভালপোৱা, বিশ্বাস, সময় আৰু আনন্দ সুখেৰে নিৰ্মিত হয় আৰু ভাঙি যায়। যেতিয়া লৈকে আমি এই সম্বন্ধক মৰমৰ বান্ধোনেৰে বান্ধি ৰাখো, তেতিয়ালৈকে আমাৰ যিকোনো সম্বন্ধ দূৰ্বল হৈ নপৰে। আৰু সময় আৰু জ্ঞানে এয়াক আৰু শক্তিশালী কৰি তুলিব।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages