২০০৭ চনৰ জুন মাহত ইংগাৰচল ৰেন্ড কোম্পানীত কৰ্মৰত হৈ থাকোতেই জাৰ্মানীৰ হেমলীন নগৰখনত এটা বিশেষ প্ৰশিক্ষণৰ বাবে দহ দিনমান আছিলো ( Assamese Storyboard )৷ সেই প্ৰশিক্ষণৰ মাজতেই এটা শনিবাৰৰ ৰাতিপুৱাই আমি ভাৰতীয় সতীৰ্থ কেইজনমান হলেণ্ডৰ আমষ্টাৰডাম চহৰখন ফুৰিবলৈ ওলাই গ'লো ৷ পৰ্যটকৰ মধ্যমণি হলেণ্ডৰ এই ৰাজধানী খনৰ ইতিহাসৰ কিছু তথ্যৰ লগতে মোৰ লগত সংঘটিত এটি অবিস্মৰণীয় ঘটনাও আজি আপোনালোকক অৱগত কৰাম ৷
১২শতিকা মানৰ কথা হ'ব ৷ উত্তৰ সাগৰ আৰু আমষ্টেল নদীৰ মোহনাত পাৰ্শ্বৱৰ্তী অঞ্চলৰ ডাটচ্ সকলে যাতায়তৰ সুবিধাৰ বাবে এখন দলং নিৰ্মাণ কৰিছিল ৷ সেই বিশেষ দলংখনে নদীবান্ধ ( ডেম)ৰ দৰে গাঁওবাসীক উত্তৰ সাগৰৰ জোৱাৰ ভাটাৰ পৰাও ৰক্ষা কৰিছিল ৷ কালক্ৰমত সেই গাঁওখন সকলোৰে বাবে আমষ্টেলডেম নামেৰে পৰিচিত হৈ পৰিছিল ৷ পৰবৰ্তীকালত ১২৭৫ খৃষ্টাব্দত হলেণ্ডৰ ৰজা পঞ্চম ফ্লোৰিছে জাৰ্মানী,ডেনমাৰ্ক আৰু স্কেনদিনেভিয়ৰ পৰা জল পথেদি অহা সাগৰীয় বনিক সকলৰ পৰা দলংখন ব্যৱহাৰ কৰাৰ নামত আদায় কৰা শুল্ক ৰেহাই কৰি দিয়ে ৷ সেই ঘোষণাৰ পাছত আমষ্টেলডেম লাহে লাহে এটা বৃহত্তম আৰু ব্যস্ততাপূৰ্ণ পোতাশ্ৰয়লৈ পৰিগনিত হৈ পৰিছিল আৰু আমষ্টেলডেম নামৰ গাঁওখন বিশ্বৰ অন্যতম চহৰ আমষ্টাৰডামলৈ উন্নীত হৈছিল ৷
শনিবাৰৰ দিনা পুৱা ছয়বজাতেই চাৰিশ কিলোমিটাৰ দূৰৈৰ হলেণ্ডৰ ৰাজধানী আমষ্টাৰডাম চহৰখনলৈ বুলি হেমলীনৰ পৰা ডাটচ্ বন ( জাৰ্মান ৰেল কোম্পানী)ৰ এখন নিৰ্দিষ্ট আইচ ট্ৰেইনত উঠি দিলো ৷ জাৰ্মান ৰেল কোম্পানীটোৰ অত্যাধুনিক আৰু তীব্ৰ বেগী ইণ্টাৰচিটি এক্সপ্ৰেছ ( চমুকৈ আইচ ) ট্ৰেইনৰ চাহিদা বহুত বেছি ৷ এই আইচ ট্ৰেইনৰে জাৰ্মানীৰ সকলোবোৰ নগৰ চহৰৰ উপৰিও দাঁতি কাষৰীয়া হলেণ্ড, পোলেণ্ড, অষ্ট্ৰীয়া আৰু ছুইজাৰলেণ্ড আদি ঠাইলৈ অতি কম সময় আৰু খৰচত ফুৰিব যাব পাৰি ৷ ডাটচ্ বন কোম্পানীৰ বিশাল অথচ অত্যন্ত ছাফছিকুন আৰু ভিৰভাৰ হীন ৰেল জংচন বোৰ দেখি আচৰিত হৈছিলো ৷ জংচন বোৰত বিস্কুট, চিপচ আৰু পানীৰ ভেন্ডিঙ মেছিন, দুই এজন যাত্রীক বাদে আন কাকোৱেই চকুত পৰা নাছিল ৷
ঘন্টাত প্ৰায় দুশ কিলোমিটাৰ গতিবেগত চলা আইচ ট্ৰেইনত উঠি সময়তকৈ আধাঘণ্টামান আগতেই দহ মান বজাত আহি আমি আমষ্টাৰডাম চহৰ পাইছিলো ৷ অত্যাধুনিক চহৰখনৰ মুখ্য ৰেল জংচনটোৰ কাষতে থকা ফেৰী ঘাটত গৈ আমি এখন মটৰ লান্স আৰু এজন গাইড ভাৰা কৰি ঐতিহ্যমণ্ডিত পৰ্য্যটন ক্ষেত্ৰবোৰ এফালৰ পৰা চাই যাবলৈ ধৰিলো ৷ চহৰখনৰ ভিতৰত চলাচল কৰিবলৈ যানযট হীন সূচল জলপথৰ ব্যৱস্থাৰ অভিজ্ঞতাখিনি সচাঁই অবিস্মৰণীয় আৰু অনৱদ্য আছিল ৷ সোতৰ শতিকাৰ সময় চোৱাক আমষ্টাৰডামৰ সোণালী যুগ বুলি কোৱা হয় ৷ সেই শতিকাতে চহৰখনক ঘেৰি চাৰিটা বৃত্তাকাৰ শাল (গ্ৰেষ্টেনগৰ্ডেল) খান্দি এই জলপথ সাজি উলিওৱা হৈছিল ৷ পৰবৰ্তীকালত সেই প্ৰিচেনগ্ৰাষ্ট,কেইজাৰগ্ৰাষ্ট,চিন্জলগ্ৰাষ্ট আৰু হেৰেনগ্ৰাষ্ট নামৰ জলপথ কেইটাক ইউনেস্কোৰ ওৱৰ্লড হেৰিটেজ চাইট বুলি মান্যতা প্ৰদান কৰা হৈছিল ৷ জল পথেদিয়েই আমি একাদিক্রমে চহৰখনৰ ভন গ'গ যাদুঘৰ, ডাটচ্ ৰাষ্ট্ৰীয় যাদুঘৰ, আমষ্টাৰডামৰ ৰাজমহল, ডেম স্কোৱেৰ চাই এটা বিশেষ যাদুঘৰ পালোগৈ ৷ সেইটো আছিল পৃথিৱীৰ বিখ্যাত আৰু বিশাল যৌন যাদুঘৰ ৷ সেই যাদুঘৰটোত সংৰক্ষিত আছিল ভাৰত,চীন,জাপান,তিব্বত, ব্ৰিটেইন, ফ্ৰান্স , ডাটচ্ আৰু অন্যান্য দেশৰ যৌনগন্ধী আৰু কামোত্তেজক বিভিন্ন তথ্য , সাজপোচাক, আচবাবৰ লগতে নগ্ন চিত্ৰ আৰু দেশী বিদেশী পৌৰাণিক কামাসূত্র আৰু বিভিন্ন যৌনাচাৰৰ পুথি ইত্যাদি ৷ এই যাদুঘৰটোতেই সংৰক্ষিত আছে পৃথিৱীৰ বহু কেইজনী বিখ্যাত দেহোপজীৱিনীৰ জীৱন্ত প্ৰতিমূৰ্তিও ৷
তাৰ পাছত গাইড জনে আমাক চহৰখনৰ এখন বিশেষ বজাৰ ফুৰাবলৈ লৈ গৈছিল ৷ সেই বিশেষ বজাৰখন আছিল আমষ্টাৰডামৰ বিখ্যাত দেহোপজীৱিনীৰ বজাৰ ( ৰেড লাইট ডিষ্ট্ৰিক্ট) ৷ ইয়াৰে দেহোপজীৱিনী সকলক হলেণ্ডৰ চৰকাৰে আইনীভাৱে অনুজ্ঞাপত্ৰ প্ৰদান কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে চৰকাৰক বছৰি কৰ পৰিশোধ কৰে ৷ ৰঙা লাইট জ্বলি থকা কাচৰ খিৰিকীৰ সিপাৰৰ পৰা দেহোপজীৱিনীবোৰে কমনীয় চাৱনিৰে পৰ্য্যটক সকলক প্ৰেম নিবেদন কৰি আমন্ত্ৰণ দিয়ে ৷কিন্ত তেওঁ লোকে পথলৈ ওলাই আহিব নোৱাৰে ৷ ষোল্ল শতিকাতে বিদেশী নাবিক সকলক আকৰ্ষিত কৰি দেশৰ অৰ্থনীতিক উন্নীত কৰিবলৈ দেহ ব্যৱসায়ক হলেণ্ডৰ চৰকাৰে আইনীভাবে অনুমোদন দিছিল ৷
মধ্যযুগত ঘটা এটা অলৌকিক ঘটনাৰ পাছত আমষ্টাৰডাম বানিজ্যিক চহৰৰ পৰা তীৰ্থভুমিলৈ পৰিণত হৈছিল ।
কথিত আছে যে প্ৰভূ যীশুই ক্রূছবিদ্ধ হোৱাৰ আগদিনা ৰাতি নিজৰ শিষ্যসকলৰ সৈতে অন্তিমটো নৈশ ভোজন গ্ৰহণ কৰাৰ সময়ত কৈছিল, তোমালোকে ব্ৰেডটো মোৰ শৰীৰ আৰু ৱাইন গিলাচ মোৰ ৰক্ত বুলি গ্ৰহণ কৰা ৷ মই নাথাকিলেও মোৰ সত্বা তোমালোকৰ ভিতৰতেই থাকি যাব ৷ যীশুৰ অন্তিম ভোজনৰ সেই কথাখিনিকে সুঁৱৰি খৃষ্টীয়ান সকলে প্ৰতিটো ৰবিবাৰে দৈনদ্দিন প্ৰাৰ্থনাৰ পাছত গীৰ্জাঘৰত ব্ৰেড আৰু ওৱাইন খাই ৷ ইয়াকে চমৎকাৰী ইউকাৰিষ্ট বুলি কোৱা হয় ৷ ইতিহাসৰ পমখেদি জানিব পাৰিছিলো যে ১৩৪৫ খ্ৰীষ্টাব্দৰ ১৬ মাৰ্চৰ দিনাখন আমষ্টাৰডাম চহৰখনৰ গীৰ্জাঘৰত নগৰবাসী পৰম্পৰাগত সাপ্তাহিক ইউকাৰিষ্টৰ বাবে গোটখাইছিল ৷ পাছে দুৰ্ভাগ্যবশত সেইদিনাখন ইউকাৰিষ্টত পৰিবেশন কৰা ব্ৰেড আৰু ৱাইন খাই এজন লোক সাংঘাটিক ভাৱে অসুস্থ হৈ পৰিছিল ৷ তেতিয়া ধৰ্মীয় নিয়ম অনুসৰি গীৰ্জাঘৰৰ ব্ৰেড আৰু ৱাইন পৰিবেশন কৰা লোকজনক জুইত জাপি দিয়া হৈছিল ৷ কিন্ত অবিশ্বাস্য ভাৱে সেই ব্যক্তিজন দুদিনৰ পাছত অৱশিষ্ট ছাই খিনিৰ পৰা সোঁশৰীৰে উঠি আহিছিল ৷ ( Assamese Storyboard )
এই অলৌকিক ঘটনাটোৰ সত্যাসত্য প্ৰমাণ পাই চহৰ খনৰ নগৰপালিকা আৰু ইউট্ৰাচৰ বিচপে মিলি সেই স্থানতে হেলিগে ষ্টাইড ( পবিত্ৰ স্থান) নামৰ এটা বিশাল গীৰ্জাঘৰ প্ৰতিষ্ঠা কৰি সেই পথ চোৱা হেলিগ ৱে ( পবিত্ৰ পথ) বুলি নামাকৰণ কৰিছিল ৷ পৰবৰ্তীকালত বছৰৰ ১৬ মাৰ্চ তাৰিখে হেলিগ ৱে পথত ৰোমান কেথলিক সকলে মৌন সমদল( ষ্টাইলে ওমগাংগ) উলিয়াই সেই অলৌকিক ঘটনাটোৰ কথা সুঁৱৰিছিল ৷ সেই পৰম্পৰাগত মৌন সমদলত
যোগ দিবলৈ দেশী বিদেশী পৰ্যটক আৰু তীৰ্থ যাত্ৰীয়ে ভিৰ কৰাত আমষ্টাৰডাম চহৰখন লাহে লাহে এখন তীৰ্থভুমি হৈ পৰিছিল ।
কিম্বদন্তিত সেই হেলিগে ষ্টাইড নামৰ গীৰ্জাঘৰটো চাই মেলি আমি আমষ্টাৰডামৰ মুখ্য ৰেল ষ্টেচন উভতি আহো মানে ইতিমধ্যেই নিশা দহ বাজি গৈছিল ৷ ৰাতি দহ বজালৈকে সূৰ্য্য অস্তমিত নোহোৱাৰ বাবে আমাৰ উভতি যোৱা ট্ৰেইনৰ সময় যে পাৰ হৈ গৈছিল ধৰিবই পৰা নাছিলো ৷ ততাতৈয়াকৈ গৈ জংচন পালোগৈ যদিও আমি যাবলগীয়া ট্ৰেইনখন ইতিমধ্যে দহবজাতেই গুচি গ'ল বুলি জানিব পাৰিলো ৷ ডাটচ্ বনৰ বিষয়া এজনে পুৱা পাঁচ বজাতহে হেমলীনলৈ উভতি যোৱা ট্ৰেইন এখন আছে বুলি জনোৱাত কিংকৰ্তব্যবিমোৰ হৈ আমি পাছটা টিকট লৈ ৰাতিটো কটাবৰ বাবে হোটেলৰ সন্ধানত ওলাই আহিলো ৷ পাছে দুই ঘন্টা ধৰি ব্যস্ত চহৰখনৰ সকলো হোটেল,লজ,অতিথি নিবাস আৰু বেচেলৰ আবাস ঘুৰি ঘুৰিও নিশাটো কটোৱাৰ কোনো সুবিধা কৰিব নোৱাৰিলো ৷ ইতিমধ্যেই ৰাতি প্ৰায় বাৰতা বাজি গৈছিল ৷ সেয়েহে বাকী পাছ ঘন্টা সময় আমি আটাইকেইজনে ৰেল ষ্টেচনতে বহি কটাই দিম বুলি ভাবি ষ্টেচন পালোগৈ ৷ পিছে হলেণ্ডৰ ৰেল জংচনটো আমাৰ দেশৰ দৰে নাছিল ৷ নিশা বাৰটাত শেষ ট্ৰেইনখন যোৱাৰ পাছতে বিশাল জংচনটোৰ প্ৰবেশ পথত তলা ওলমি আছিল ৷ ডাটচ্ বনৰ অফিচাৰ এজনে আমাৰ টিকট কেইটা চাই যাত্রাৰ সময়ৰ আধাঘণ্টা মান আগতহে আমি জংচনটোৰ ভিতৰলৈ যাব পাৰিম বুলি জনোৱাত আমি সেমেনা সেমেনি কৰি উভতি আহিলো ৷ সময় কটোৱাৰ বাবে আমি টিকট কাটি এখন নৈশ বাৰলৈ গ'লো ৷ আৰম্ভণিতে ভাল লাগিছিল যদিও পাছলৈ মদ ভাঙৰ উৎকট গোন্ধ আৰু উচ্চস্বৰৰ গান বাজনাৰ শব্দত আমাৰ আটাইকেইজনৰ শৰীৰ অবশ হৈ পৰিছিল ৷ নিশা ডেৰ মান বজাত ভাৰাক্ৰান্ত হৈ বাৰখনৰ পৰা ওলাই আহিলো ৷ ব্যস্ত চহৰখনৰ কৰবাত অলপ বহি জিৰণি লোৱাৰ সন্ধানত কিছুদুৰ আহোঁতেই এটা সুসজ্জিত শীত তাপ নিয়ন্ত্ৰিত বাছষ্টেণ্ডৰ ওপৰত আমাৰ চকু পৰাত সমস্বৰে ইউৰেকা ইউৰেকা বুলি চিঞৰি দিলো ৷
শীত তাপ নিয়ন্ত্ৰিত আৰামদায়ক বাছ ষ্টেণ্ডটোত বহি কিছুসময় জিৰণি লোৱাৰ পাছতেই আমি সকলোৱেই গভীৰ টোপনিত লালকাল দিছিলো ৷ হঠাত কাৰোবাৰ শব্দত মই ঘকমকাই সাৰ পাই দেখো এখন হাতত স্কেট বৰ্ড আনখন হাতত এডাল সৰু লাঠী লৈ এজনী ষোড়শী মোৰ সন্মুখত ৷ ছোৱালীজনীয়ে ডাটচ্ ভাষাত কিবা কিবি সুধিছিল যদিও মই একো বুজিব পৰা নাছিলো ৷ ইতিমধ্যে সতীৰ্থ কেইজনেও টোপনিৰ পৰা সাৰপাই খপজপাই উঠিছিল ৷ আমি সকলোৱেই ছোৱালীজনীক প্ৰথমে দেহোপজীৱিনী বুলি ভাবিছিলো যদিও বাৰে বাৰে তাই পাছপোৰ্ট ৰ বিষয়ে কিবা সোধাত সন্দেহ হৈছিল ৷ আমি ইংৰাজীতে আমাৰ পৰিচয় আৰু পৰিস্থিতিৰ বিষয়ে অৱগত কৰাইছিলো যদিও তাই আমাৰ কথা একোৱেই বুজা নাছিল ৷ অৱশেষত তাই পকেটৰ পৰা এটা ওয়াৰলেচ চেট উলিয়াই কাৰোবাক কিবা কোৱাতহে আমাৰ গা চোবাইছিল ৷ আৰু তাৰ অলপ সময়ৰ পাছতেই আমাৰ সন্দেহ আঁতৰাই এদল হলেণ্ডৰ পুলিচে আগুৰি ধৰিছিল ৷ তাৰে মাজৰে এজনে আমাৰ পাছপোৰ্ট কেইখন জব্দ কৰি আমি কোন, ক'ৰ পৰা আহিছো, কিয় আহিছো, কেতিয়া আহিছো সকলোৰে পৰা বেলেগে বেলেগে স্পষ্টীকৰণ লৈছিল ৷ তেওঁ আমাক জনাইছিল যে আমষ্টাৰডামৰ বাছষ্টেণ্ড , ট্ৰাম ষ্টেণ্ড অথবা ৰেল জংচন আদি ৰাজহুৱা স্থানত শোৱাটো আইনমতে দন্ডণীয় ৷ গতিকে আমি থানালৈ যাবলৈ লাগিব ৷ পাছপোৰ্ট কেইখনৰ লগতে আমাৰ আটাইকেইজনৰে মানিবেগ, ঘড়ী আৰু মোবাইল ফোন সকলোবোৰ জব্দ কৰি গাড়ীত বহুৱাই থানালৈ লৈ গ'ল ৷
থানাত গৈ পোৱাৰ লগে লগে আমাৰ শৰীৰ ৰক্ত চাপ , চকুৰ কৰ্ণিয়া আৰু তেজত মাদকদ্ৰব্যৰ অস্তিত্ব পৰীক্ষা কৰিছিল ৷ বিদেশত পুলিচ তালাচীৰ সন্মূখীন হৈ ভয় আৰু উৎকন্ঠাত অন্ঠ কন্ঠ শুকাই গৈছিল যদিও আমি যিমান পাৰো সংযত হৈ আৰু আত্ম বিশ্বাস ৰাখি পুলিচজনে কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি গৈছিলো ৷ থানাখনৰ পুলিচ সকলেও আমাৰ লগত খুব ভদ্ৰতাৰে সোধপোচ কৰিছিল ৷ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আমাক গাই পতি দুশ ইউৰো ( প্ৰায় ষোল্ল হেজাৰ টকা ) দিব লাগিব বুলি জনাইছিল ৷ আমি বিনি দ্বিধাই আধাঘণ্টামান টোপনিৰ বাবদ সেই জৰিমনা পৰিশোধ কৰি দিছিলো ৷ যাতে আমি আৰু কোনো অনাকাংক্ষিত সংকটত নপৰো ৷ আমাৰ মুখত হোটেল নোপোৱাৰ দূৰ্দশাপূৰ্ণ কাহিনী শুনি ভাৰপ্ৰাপ্ত বিষয়াজনে থানাখনৰ একোনত থকা সুন্দৰ জিৰণী কোঠা এটাত আমাক চাৰিমান বজালৈ আৰাম কৰিবৈও ব্যৱস্থা কৰি দিছিল ৷ কিছু সময় আমি জিৰণি লোৱাৰ পাছত আমাক কিছু লঘু আহাৰ খাবলৈ দিলে ৷ লগতে জব্দ কৰা আমাৰ সকলো বস্তু ঘুৰাই দি চাৰে চাৰিমান বজাত চহৰখনৰ মুখ্য ৰেল জংচনটোত থানাৰ গাড়ীএখনেৰে নমাই থৈ গৈছিল ৷ ট্ৰেইনৰ আসনত নবহালৈকে আমি সকলোৱেই নিশ্চুপ হৈ আছিলো ৷ আধাঘণ্টাৰ জিৰণিৰ নামত হলেণ্ডৰ পুলিচে আমাক গাইপতি ষোল্ল হাজাৰ কৈ টকা জৰিমনা বিহা বাবে ভিতৰি ভিতৰি আমি সকলোৱেই ক্ষুন্ন হৈ পৰিছিলো ৷ কিন্ত কোনেও সেই ভাৱ খালি প্ৰকাশ কৰিব পৰা নাছিলো ৷
সোমবাৰৰ পৰা গতানুগতিক আকৌ আমি প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছিলো ৷ মঙ্গলবাৰে আবেলি চুটীৰ সময়ত আমাৰ প্ৰশিক্ষক ইউৱে মেদাৰে এটা এনভেলপ মোৰ হাতত তুলি দিছিল ৷ এনভেলপটো আমষ্টাৰডাম পুলিচ থানাৰ পৰা কোৰিয়াৰত আহিছিল মোৰ নামত ৷ এনভেলপটো খুলি চোৱাৰ আগতেই হাতভৰি কপি উঠিছিল ৷ আৰু বা কি অথন্তৰ ঘটিল ৷ পাছে এনভেলপটো খুলি বিস্ময়ত আমাৰ আটাইকেইজন সতীৰ্থৰ চকু ডাঙৰ হৈ পৰিল ৷ হলেণ্ডৰ এখন চিভিল কৰ্টে আমাৰ পঞ্চাশ শতাংশ জৰিমনা মাফ কৰা বাবে থানাখনৰ পৰা আমালৈ গাইপতি পঞ্চাশ ইউৰোৰ ট্ৰেভেলাৰছ চেক কাটি পঠিয়াই দিছে ৷ চেক কেইখন পাই আমি হলেণ্ড পুলিচৰ কান্ড দেখি আপ্লুত হৈ পৰিছিলো ৷ তেওঁলোকৰ কৰ্মনিষ্ঠা, সততা আৰু সামাজিক দায়বদ্ধতাৰ আৰ্হি দেখি কৃতজ্ঞতাত মোৰ দো খাই পৰিছিল ৷ মনতে ভাবিছিলো আমাৰ দেশৰ আৰক্ষী আৰু প্ৰশাসন ব্যৱস্থাই সাম্প্ৰতিক সময়ত এনেবোৰ দেশৰ পৰা নৈতিকতাৰ পাঠ শিকাৰ প্ৰয়োজনীয়তা আছে ৷
ধন্যবাদ ৷
- চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment