নূপুৰক লগত লৈ ঋত্বিক বজাৰ কৰিবলৈ গল..., ঋত্বিকে মিঠা মিঠা আৰু চলাহী কথাৰে নূপুৰৰ মন জয় কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে.... নূপুৰ কত বজাৰ কৰিবা বিশাল নে বাজাৰ ইণ্ডিয়া..! ( Assamese Storyboard )
: দুয়োখনতেই সোমাম , যত ভাল লাগে তাতেই লম...,
: কিন্ত শ্বপিং মলতটো বৌ কাৰণে যোৰ কাপোৰ নাপাবা...., প্ৰথম ছিল্ক হাউচলৈকে যাওঁ নেকি..,
: তুমি জানা..., আগতে দিছাইড কৰি লোৱা কত যাবা, বিহুৰ বতৰ ভীৰ লাগিব, বাইকখন থবলৈ অসুবিধা হব...,
: প্ৰথম বৌৰ কাপোৰযোৰ লৈ লওঁ, তাৰ পাছত বাকীবোৰ... ,
: ঠিক আছে ছিল্ক হাউচলৈকে যাওঁ তেনে...., বাইকখন ৰখাই দিলে ঋত্বিকে...., তুমি অকণমান ৰোৱা, মই এটিএমৰ পৰা আহিছোঁ...., পইচা কেইটা পকেটত ভৰাই এটিএমটোৰ ওচৰৰ পান দোকান খনৰ পৰা চিগাৰেট এটা লৈ জ্বলাই ললে...., পান খাবা নেকি নূপুৰ....., ?
: নাই, মই সেইবোৰ একো নাখাও, তুমি চিগাৰেট খাই কি সোৱাদ পোৱা...., চিগাৰেট বস্ত্তটো মোৰ একেবাৰে হজম নহয়... ....., খাই থকা জনৰ আপত্তি নাই, কিন্ত সেই ধোঁৱাবোৰে.....!
: তাৰমানে তুমি মোক বেয়া পাইছা...,
: যদি বুজিয়ে পাইছা..., চিগাৰেটটো পেলাই দিয়া...., ঋত্বিকে চিগাৰেটটো মাটিত পেলাই ভৰিটোৱে মোহাৰি পেলালে...
: আজিৰ পৰা আৰু কেতিয়াও চিগাৰেট নাখাও...,
: প্ৰমিছ কৰা....,
: প্ৰমিছ কৰিছোঁ , আজিৰ পৰা মই চিগাৰেট নাখাও,
: ঋত্বিক তোমাক মোৰ এই কাৰণেই ভাল লাগে, তুমি মোক সন্মান কৰা.., বুজি পোৱা....., ইয়াতকৈ আৰু কি লাগিছে মোক......., তোমাক বন্ধু হিচাপে পাই মই বহুত সুখী .......
: নূপুৰ...! মই কিন্ত তোমাক বন্ধুৰ চকীখনৰ পৰা আঁতৰাই, মোৰ হিয়াৰ ফুলনিৰ মালী সজাব বিচাৰো....!
: বাৰু ......, মোক অলপ সময় লাগিব, মৰমবোৰ মৰম হৈয়ে থাকিবলৈ দিব লাগে , মৰমক সম্পৰ্কেৰে বান্ধিবলৈ গলেই সম্বন্ধত আউল লাগে, বলা এতিয়া....
: তুমি যিমান সময় লোৱা লব পৰা, কিন্ত মনত ৰাখিবা নূপুৰ তোমাৰ অবিহনে মই আধৰুৱা...., কথাষাৰ কৈয়ে ঋত্বিকে বাইকখন ষ্টাৰ্ট দিলে, ... উঠা নূপুৰ .....,,
: বলা..... ,.
কিছুদূৰ যোৱাৰ পাছত বাইকখন ৰখাই ছিল্ক হাউচলৈ সোমাই গল...., নানা ৰঙীন কাপোৰবোৰ সুন্দৰকৈ সজাই থৈছে..., দোকানখনত গ্ৰাহকৰ ভীৰ লাগিছে..., নূপুৰ কি কাপোৰ লবা তুমি চাই লোৱা....,
: দাদা.., পলিপাটৰ যোৰ কাপোৰ হব নে...!
: হ'ব বাইদেউ..., আপুনি ভিতৰলৈ সোমাই আহক...., দোকানী ল'ৰাজনে কলে, নূপুৰ আৰু ঋত্বিক ভিতৰৰ কোঠাটোলৈ সোমাই গল...., ৰঙা, হালধীয়া, গুলপীয়া... কাপোৰবোৰ দম পাতি উলিয়াই দিলে...
: চাওক বাইদেউ কোনযোৰ লাগে..., বিশ শতাংশ ৰেহাই দিয়া হব...,
: গুলপীয়াজোৰ বৰ বেয়া লগা নাই দেই নূপুৰ...., কাপোৰযোৰ লিৰিকি বিদাৰী চালে ঋত্বিকে..,এইযোৰ কিন্ত তুমি পিন্ধিলে বৰ ধুনীয়া লাগিব..., তোমাৰ পছন্দ হৈছে নাই বাৰু...,
: ভাল লাগিছে, দাদাৰ লগত আহিব লাগিব, এতিয়া বৌৰ কাৰণে চোৱা, অলপ কম ফুলৰ...,
: কাপোৰযোৰ যদি তোমাৰ ভাল লাগিছে তুমি লৈ লোৱা.., পে মই কৰিম....,
: নালাগে বাৰু..., মোক ইমান দামী উপহাৰ দিব...,
: তাৰমানে কাপোৰযোৰ নিকিনা...! হ'ব দিয়া ....., নিজৰ বুলি নাভাবাই...,
: তুমি কথাবোৰ বৰ ওলোটাই বুজা...,
: মই ঠিকেই বুজোঁ..., তুমিহে বুজিও নুবুজাৰ ভাও ধৰা...,
: হব...., ধৰি থকা কাপোৰযোৰ, বৌৰ কাৰণে এযোৰ চাই লওঁ...
: বৌৰ কাৰণে ৰাণী কালাৰযোৰ লোৱা,
: ঠিক আছে, তোমাৰ পছন্দেই মোৰ পছন্দ, ময়ো ৰাণী কালাৰ লম বুলিয়েই ভাবি আছিলোঁ,
কাপোৰ দুযোৰ আনি কাউণ্টাৰত দি বিল পে কৰি বাইকখন পাৰ্কিংত থৈ দুয়ো আকৌ বিশাললৈ ৰাওনা হ'ল, শ্বপিং মলত বিহু উপলক্ষে লগাই থৈছিল........ বেঁকা বেকিকৈ চাই মোলৈ কলিজা নাখাবা..., চিধা চিধিকৈ কৈ দিয়া যদি ভালেপোৱা......., বিভিন্ন ডিজাইনৰ কুৰ্তাবোৰ নূপুৰে ইটোৰ পাছত সিটো গাত দি চালে..., যিটোৱে তাইৰ পছন্দ হয় সেইটো হয় ডাঙৰ নাইবা সৰু হয়.., নূপুৰৰ বৰ খঙ উঠিল..., ঋত্বিকৰ হাতত ধৰি বাহিৰলৈ উলিয়াই আনিলে...,
: কি হল নূপুৰ...! এনেকৈ মোক চোঁচৰাই আনিলা যে...!
: দহ বাৰটা মান কুৰ্তা চালোঁ কিন্ত মোৰ চাইজৰ এটাও পোৱা নাই...
: এনেকৈ চোঁচৰাই অনাৰ বাবে মানুহে আমাক ঘূৰি ঘূৰি চাইছে... এতিয়া কি কৰিবা পিছে...!
: বাজাৰ ইণ্ডিয়া যাওঁ ব'লা......., মেইন ৰাস্তাটো ঋত্বিকৰ হাতত ধৰি পাৰ হল নূপুৰ..., বাজাৰ ইণ্ডিয়াৰ দুভাৰমুখ পোৱাৰ লগে লগেই ল'ৰাজনে গ্লাচৰ দুৱাৰখন খুলি দিলে...., দুয়ো কাপোৰ চোৱাত ব্যস্ত.., নূপুৰে খুচৰি খুচৰি মনৰ পছন্দৰ কুৰ্তা এটা পালে..., এইবাৰ ঋত্বিকৰ বাবে ট্ৰিচাৰ্ট এটা চালে...., ঋত্বিকে নিজেই জাপৰ মাজৰ পৰা নীলা ট্ৰিচাৰ্ট এটা উলিয়াই আনিলে......., ঋত্বিক ব্ৰেণ্ডডেট চোৱা..., এইটো কালাৰ যাবও পাৰে.., ( Assamese Storyboard )
: মৰমত দিয়া বস্তু ব্ৰেণ্ডডেট নহলেও চলি যাব...
: মোৰ ভাল লগা নাই.., লিভাইছৰ এটা চোৱা..
: তুমিও যে আৰু...! দাদালৈ ললা নাই..,
: চাই আঁচো.., দাদাই ফৰ্মেল ভাল পাই..., সেয়ে ভাবিচো ট্ৰিচাৰ্ট লওঁ নে চাৰ্ট লওঁ..
: ফৰ্মেল ভাল পাই যদি চাৰ্ট এটাকে লোৱা...,
বস্তু কেইপদ লৈ নূপুৰে লাইনত ঠিয় হ'ল বহুত দীঘলীয়া লাইন.., নূপুৰৰ আগত বিশজন মান মানুহ আছে...., অলপ সময় লাগিব..., ঋত্বিক শুনা...! তুমি লাইনত ঠিয় দি থকা..., মই পাৰ্লাৰৰ পৰা আহো..., এইটো লোৱা পাঁচ হাজাৰ আছে..., মই আহি নাপালে তুমি পেইমেণ্ট কৰি দিবা...,
: ঠিক আছে যোৱা..., তুমি পাবাহিয়ে...!
: মই আহিছোঁ...., তুমি বাইকখনৰ ওচৰতে ৰবা,
হাঁহি হাঁহি ওলাই গল নূপুৰ..., কথাবোৰ নিহাক কৈ দিয়াই ভাল হব বুলি ভাবি..., ঋত্বিকে নীহালৈ ফোন লগালে...
: হেল্ল ...! ঋত্বিক কোৱা..! কত আছা
: মই বাজাৰ ইণ্ডিয়াত আছোঁ....,
: কি বজাৰ কৰিছা..?
: মই বজাৰ কৰা নাই, নূপুৰ আহিছে লগত..., তাই বিহু বজাৰ কৰিছে...,
: অ' ভালেই কৰিছা.., তুমি যিমান পাৰি সিমান ইমপ্রেচ কৰিবলৈ চোৱা..! পিছে তোমাক কিবা দিলে নেকি...
: ট্ৰিচাৰ্ট এটা দিছে....
: আৰু তুমি.....,
: কাপোৰ এযোৰ দিলোঁ..,
: সাৱধান....! বৰ হুৱাদুৱা নকৰিবা...,
: সেইবোৰ আৰু মোক শিকাব লাগে নেকি..! ইমানেই সুন্দৰ অভিনয় কৰিছোঁ যে সেয়া মিছা প্ৰেম বুলি কোনেও সন্দেহেই কৰিব নোৱাৰে..
: good...., মনৰ কথাবোৰ নূপুৰক কৈছা নে নাই,
: মুখ খুলি কোৱা নাই , কিন্ত আওপকীয়াকৈ আজি কৈ দিলো, নূপুৰে অলপ সময় বিচাৰিছে ,
: তাৰমানে তোমাৰ প্ৰেমৰ জালত মাছ সোমাইছে আৰু ....! চাবা যাতে মাছটো জাল ফালি ওলাই নাযায়.....
: মোৰ জালত পৰা এটাও মাছে আজিলৈকে জাল ফালি ওলাই যাব পৰা নাই...., ইয়াতকৈ ডাঙৰ মাছ মোৰ জালত ফচি গৈছে,
: ঠিক আছে, এতিয়া ৰাখো দিয়া...,
: ok মই তোমাক আপডেটবোৰ জনাই থাকিম..., ফোনটো কাটি দিলে নীহাই...
: হেল্ল....! হেল্ল...!
ঋত্বিক লাইনতে থিয় দি আছিল...., নূপুৰ পাৰ্লাৰৰ পৰা ওলাই বাইকখনৰ ওচৰতে ঠিয় হৈ আছিল...., দহ পোন্ধৰ মিনিটমান পাৰ হৈ যোৱাৰ পাছত নূপুৰ আকৌ মলখনলৈ সোমাই আহিল...
: ঋত্বিক...., তোমাৰ চাগৈ আমনি লাগিছে ন...! মই পাৰ্লাৰ পৰা ওলাই বাইকখনৰ ওচৰতে পোন্ধৰ মিনিট মান wait কৰিলোঁ......, তোমাক নেদেখি সেয়ে ইয়ালৈকে গুচি আহিলোঁ....
: তুমি আকৌ ইয়ালৈ অহাতকৈ মোক ফোন এটা কৰি লোৱা হলেও হয়...,
: মোৰ মবাইলটোত চার্জ নাছিল..., অফ হৈ আছে...,
: অ' ৰক্ষা ....! আৰু দুজন আছে..., পাঁচমিনিত মান লাগিব....,
: বহুত সময় হল ঋত্বিক....., কিবা এটা খাই যাম দেই, মোৰ বৰ ভোক লাগিছে....
: মোৰো অলপ অলপ ভোক লাগিছে , ৰবা পেইমেণ্টটো কৰি লওঁ,
বস্তকেইতা হাতত লৈ দুয়ো ওলাই গল, ইফাল সিফালে চাই দুয়ো ন'ভা আখললৈ সোমাই গল, টেবুলখনত বহাৰ লগে লগেই ৱেটাৰজন আহি মেনুখন আগবঢ়াই দিলে ......., কি খাবা ?
: মেনুখন চাই লওঁ দিয়াচোন...,
: লোৱা..., ওপৰৰ পৰা তললৈ চকু ফুৰালে নূপুৰে ...
: ছিলি চিকেন আৰু বাতাৰ নানকে অৰ্ডাৰ কৰোঁ.., নে তুমি বেলেগ কিবা খাবা....!
: মই চিকেন চাওঁ খাম..., ৱেটাৰ.... ঋত্বিকে মাত লগালে,
: ছাৰ কি খাব আপোনালোকে...., ৱেটাৰজনে বৰ নম্রকৈ কলে...
: ছিলি চিকেন আৰু বাতাৰ নান এটা, চিকেন চাওঁ এটা....,
অৰ্ডাৰটো লৈ ৱেটাৰজন গলগৈ, ঋত্বিকে নূপুৰক এবাৰ ভালদৰে লক্ষ্য কৰিলে,
..... সঁচাকৈয়ে বৰ মৰম লগা ছোৱালীজনী, কিন্ত মই নিৰূপায়.., কেইটামান টকাৰ বাবেই কি কি যে কৰিব লগা হৈছে..., নূপুৰটো কোনো দোষ নাই.., ককায়েকৰ সামান্য এটা ভুলৰ বাবেই নূপুৰে নিজৰ জীৱনটো হেৰুৱাব লগীয়া হব....,
: ....... তললৈ মূৰ কৰি কি ভাবি আছা ঋত্বিক....!
: একো ভবা নাই, মানুহৰ জীৱনটো সঁচাই বৰ বিচিত্ৰ , জীৱনৰ বাটত বহুজনকেই লগ পোৱা হয়, তাৰ মাজৰে কোনো এজনে হৃদয়খন অধিকাৰ কৰি লয়,
: মানুহৰ জীৱনটোৱেই তেনেকুৱা....., আমি সকলোৱে জীৱন নাটৰ একো একোজন ভাৱৰীয়া..., ধৰি লোৱা জীৱনত লগ পোৱা যিবোৰ মানুহ তোমাৰ কাষৰ পৰা আতঁৰহৈ গৈছে তেওঁলোকৰ অভিনয় সীমানতে শেষ হৈছে..., আৰু যি জন ব্যক্তিয়ে তোমাৰ হৃদয়খন অধিকাৰ কৰি লৈছে সেইজন ব্যক্তি জীৱন নাটৰ মুখ্য অভিনেতা বা অভিনেত্ৰী....,
: তুমি ঠিক কথা কৈছা নূপুৰ....! .......... দুয়ো কথা পাতি থাকোতেই ৱেটাৰজনে অৰ্ডাৰ কৰা বস্তু কেইটা সুন্দৰকৈ সজাই আনি টেবুলত থলে..., ঋত্বিকে তাৰ থালখনৰ পৰা অলপ চাউ নূপুৰৰ থালখনত বাকী দিলে, নূপুৰেও ঋত্বিকক নান এটুকুৰা আৰু চিকেন কেইডোখৰমান তাৰ থালখনত ঢালি দিলে...., হঠাৎ নূপুৰৰ ঘড়ীটোত চকু পৰিল..., ডেৰটা বাজিল..., ঋত্বিকে বিল পৰিশোধ কৰাৰ পাছত দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল..., বাহিৰত চিপচিপিকৈ বৰষুণ পৰিছে..., চকুত ছাঁত মাৰি ধৰাকৈ বিজুলী আহিছে, কিছুসময়ৰ পাছত হয়টো এজাক দোপালপিতা বৰষুণ আহিব...... বতৰটো বৰ বেয়া দেখুন..., ডাঙৰ বৰষুণ হব পাৰে, অলপ সময় ইয়াত ৰৈ দিওঁ নেকি....!
: মোৰ বহুত দেৰি হৈ যাব ঋত্বিক...., মই অ'ট এখন লৈ গুচি যাওঁ নহলে,
: তুমি এবাৰ ভালকৈ চোৱা...! বতাহ মাৰি আছে, বতৰৰ কথা একো ধৰিব নোৱাৰি..., অলপ ৰৈ দিলে কি অসুবিধা হব তোমাৰ...
: বিশেষ অসুবিধা একো নহয়..., কাইলৈ দাদা আহিব , আজি পিঠাগুৰি খুন্দিব লাগিব, বৰা চাউলৰ পিঠাগুৰি অকলে খুন্দিব নোৱাৰে বৌয়ে, সেয়ে ভাবিচো..! অ'ট এখন লৈ মই গুচি যাওঁ...
: ৰ'বা...! মই অ'ট এখন মাটি দিছোঁ....,
বতৰ বেয়া হোৱাৰ বাবেই সকলো অ'ট, ৰিক্সা নিৰাপদ স্থানত ৰৈ আছে, হঠাৎ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে...., সমগ্ৰ পৃথিৱী আন্ধাৰে গ্ৰাস কৰিলে, প্ৰৱল বেগেৰে ধুমুহা আৰু শিল বৰষুণ হবলৈ ধৰিলে, বতাহত গছৰ ডালত থকা চৰাই বাহবোৰ মাটিত বাগৰি পৰিল.., গছৰ ডাল ভাগিল, প্ৰকাণ্ড প্ৰকাণ্ড গছ উভাল খাই ৰাস্তাত বাগৰি পৰিল..., বিদ্যুৎ সংযোগ বিচ্ছিন্ন হল, বহু ঘৰ বতাহত ভাগি পৰিল..., প্রায় দুঘণ্টা মান সময়ৰ ভিতৰতে গোটেই চহৰখন ধুমুহাই গ্ৰাস কৰিলে..., নূপুৰে ভয়তে ঋত্বিকক সাৱটি তাৰ বুকুৰ মাজত সোমাই থাকিল....., ক্ৰমে ক্ৰমে বৰষুণ আৰু বতাহ কমিবলৈ ধৰিলে..., ঋত্বিক আৰু নূপুৰ দুয়ো বাইকখনৰ ওচৰলৈ গল, বাইকখনৰ ওপৰত বৈদ্যুতিক খুটা এটা ভাগি পৰি আছে..., গতিকে বাইকখন তাতে এৰি অ'ট এখন বিচাৰি নূপুৰক ঘৰলৈ পঠিয়াই দিলে......
( ক্ৰমশঃ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment