মীৰা, দৰিদ্ৰ পৰিয়ালত ডাঙৰ দীঘল হোৱা এজনী ধুনীয়া ছোৱালী আছিল। মীৰা এতিয়া ১০বছৰীয়া হৈ উঠিছিল। মীৰাৰ মাকে আনৰ ঘৰত কাম কৰিছিল, আৰু দেউতাকে দিন হাজিৰা কৰি ঘৰখন চলাইছিল( Assamese Storyboard )। মীৰাৰ মাকে যাৰ যাৰ ঘৰত কাম কৰিছিল, কেতিয়াবা মাজে সময়ে মীৰাও মাকৰ লগত তালৈ গৈছিল। সেই কাম কৰা লোকৰ মাজত এঘৰ আছিল অনিতা খুড়ী। যিয়ে মীৰাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল।
এদিন অনিতা খুড়ীয়ে মীৰাৰ মাকক সুধিলে, মীৰা স্কুললৈ নাযায় নি!
অনিতা খুড়ীৰ কথাত মীৰাৰ মাকে কলে, নাযায় বাইদেউ। সেয়া আমাৰ ভাগ্যতে নাই যে আমি মীৰাক স্কুললৈ পথিয়াবলৈ পাৰোঁ! যেনে তেনে কৰি পেটৰ অন্নমুঠি যোগাৰ কৰোঁ, সেয়াই আমাৰ বাবে বহুত।
যেতিয়াই মীৰা, অনিতা খুড়ীৰ ঘৰলৈ যায়, তেতিয়া তেওঁ কেৱল মীৰাকে চাই ৰয়। ১০বছৰীয়া মীৰা ইমানে ধুনীয়া আছিল যে, সকলোৰে দৃষ্টি তাইৰ ওপৰলৈ নোযোৱাকৈ নাথাকে। এদিন অনিতা খুড়ীয়ে, মীৰাৰ মাকক কলে, মীৰাক এখন ভাল স্কুলত নাম লগাই দিয়া। মীৰাৰ সম্পূর্ণ পঢ়াৰ দায়িত্ব খৰচ মই বহন কৰিম।
তেতিয়া মীৰাৰ মাকে কলে, অনিতা বাইদেউ নালাগে। আপুনি কিয় ইমান কষ্ট কৰিব। কিছু দিনৰ পাছত মীৰাৰ বিয়া হব আৰু নিজৰ ঘৰলৈ গুচি যাব। পঢ়া শুনা কৰি কৰিব কি!
মীৰাৰ মাকৰ কথাত অনিতাই কলে, মীৰা এতিয়া কেৱল ১০বছৰীয়া সৰু ছোৱালী। এতিয়াই তাইৰ বিয়া কিয়! বৰ্তমান তাইক এতিয়া নিজৰ জীৱনটো উপভোগ কৰিবলৈ দিয়া। অনিতা খুড়ীয়ে, মীৰাৰ মাকক ভালদৰে বুজাই মীৰাক এখন ভাল স্কুলত নাম লগাই দিলে।
সৰুতে যেতিয়া মীৰা গাওঁৰ ঘৰত আছিল, তেতিয়া মীৰাই গাওঁৰে চৰকাৰী স্কুল এখনলৈ গৈছিল। কিন্তু যেতিয়াই চহৰলৈ আহিল মীৰাই আৰু স্কুল যাবলৈ নাপালে। কিন্তু পঢ়া শুনা কৰি সৰুৰে পৰাই মীৰাই ভালপাইছিল আৰু সেই বাবে তাই লাহে লাহে নিজৰ পঢ়া আগুৱাই লৈ গল। আৰু পঢ়া শুনাটো মীৰাৰ মন বহিল। লাহে লাহে মীৰা ডাঙৰ হৈ আহিল। অনিতা খুড়ীয়ে মীৰাৰ এডমিচন এখন ইঞ্জিনিয়াৰিং কলেজত কৰি দিলে। কিন্তু মীৰা আৰু মীৰাৰ মাক দেউতাকে এয়া বুজি পোৱা নাছিল যে, অনিতা খুড়ীয়ে, মীৰাৰ ওপৰত ইমান পইচা কিয় খৰচ কৰিছে। সকলো ভাল ধৰণে আগবাঢ়ি গৈ আছিল। কিন্তু যেতিয়া মীৰা ইঞ্জিনিয়াৰিং কলেজলৈ গল, তেতিয়া কলেজত অৰ্পণ নামৰ লৰা এটাৰ লগত মীৰাৰ চিনাকি হল। মীৰা দেখিবলৈ ধুনীয়া আছিল বাবে, অৰ্পণ কি কলেজৰ বাকী লৰাবোৰো মীৰাক নুচোৱাকৈ থাকিব নোঁৱাৰিছিল। প্ৰতিজনে মীৰাক ২মিনিট সময় ধৰি থৰ লাগি চায়ে ৰৈছিল। সচাঁকৈ সৃষ্টি কৰ্তাই মীৰাক বহুত ধুনীয়া ৰূপ দিছিল। অৰ্পণ, এজন ধনী ব্যৱসায়ীৰ লৰা আছিল। যেতিয়া অৰ্পণে, মীৰাক দেখা পালে, তেতিয়া সি মীৰাক পাবলৈ তাৰ মনৰ ভিতৰত আশা জাগ্ৰত হল। লাহে লাহে কৰি অৰ্পণে মীৰাৰ লগত বন্ধুত্বৰ সম্পর্ক গঢ়ি তুলিলে। আৰু কিছু দিনৰ পাছত অৰ্পণ আৰু মীৰা ভাল বন্ধু হৈ পৰিছিল। আৰু তাহাঁতৰ বন্ধুত্ব লাহে লাহে কৰি ভালপোৱা লৈ সলনি হৈ পৰিল। এই কথা মীৰাৰ মাক দেউতাকে জনা নাছিল আৰু অনিতা খুড়ীয়েও জনা নাছিল। এদিন অৰ্পণে, মীৰাক ফুৰাবলৈ লৈ গল। মীৰা অৰ্পণৰ লগত ফুৰিবলৈ গল হয় কিন্তু অৰ্পণৰ দৃষ্টি মীৰাৰ প্ৰতি অলপো ভাল নাছিল। অৰ্পণে কেৱল মীৰাৰ দেহাটো পোৱাৰ চেষ্টা কৰিছিল। অৰ্পণে মীৰাক বাহিৰত খুৱালে ফুৰালে । তাৰপাছত অৰ্পণে মীৰাৰ একেবাৰে কাষলৈ যাবলৈ বিচাৰিলে।
যেতিয়াই মীৰাৰ একেবাৰে কাষলৈ অৰ্পণ আহিল, তেতিয়া মীৰা আঁতৰি আহিল আৰু কলে যে, নহয় অৰ্পণ আমি এনে কৰিব নোঁৱাৰো। কাৰণ আমি কেৱল ভাল বন্ধুহে।
অৰ্পণে কলে, কেৱল ভাল বন্ধু হে নে! ইমান দিনৰপৰা মই তোমাক অনুভৱ কৰিছো আৰু মই তোমাক সচাঁ ভাল পাই পেলাইছো। আৰু তুমি এই ভালপোৱাক কেৱল বন্ধুত্বৰ নাম দিছা। তোমালোক সকলোবোৰ ছোৱালী এনেকুৱাই। কত কেতিয়া কাৰ মন ভাঙি দিয়া, তাত তোমালোকৰ একো নহয়। কিন্তু যিয়ে সচাঁ ভালপাই, তেতিয়া তেওঁৰ মনত কি হয়, কেৱল তেওঁহে বুজি পায়। অৰ্পণে, নিজৰ মিঠা মিঠা কথাত মীৰাক এনেদৰে বান্ধিলে যে, মীৰাই এই সকলোবোৰ নিবিচৰা স্বত্তেও অৰ্পণৰ হাতত নিজকে এৰি দিবলৈ প্ৰস্তুত হৈ গল। কিছু সময়ৰ পাছত দুয়ো এখন হোটেললৈ গল আৰু এইবোৰ এনেদৰে কিছুদিন চলি থাকিল। মাজে সময়ে কেতিয়াবা অৰ্পণৰ ঘৰত কোনো নাথাকিলে সি তেতিয়া মীৰাক নিজৰ ঘৰলৈ কে মাতি দিছিল। কিছু দিনৰ পাছত মীৰাই এদিন গম পালে যে তাই মাক হবলৈ ওলাইছে। আৰু এই কথা গম পায়ে মীৰাই বহুত ভয় খালে। মীৰাই তৎক্ষনাত অৰ্পণলৈ ফোন কৰিলে কিন্তু অৰ্পণৰ ফোনটো নালাগিল। তেতিয়া তাই লৰালৰিকৈ অৰ্পণৰ ঘৰলৈ গল কিন্তু অৰ্পণৰ ঘৰত মীৰাই অৰ্পণক লগ নাপালে। ইফালে অৰ্পণৰ মাক দেউতাকে মীৰাক কলে যে অৰ্পণৰ বাকী থকা পঢ়া সম্পূর্ণ কৰিবলৈ বিদেশলৈ গুচি গল। মীৰাই যেতিয়াই এই কথা গম পালে যে অৰ্পণ বিদেশলৈ গুচি গল, তেতিয়া তাই তাতে কান্দোনত ভাঙি পৰিল আৰু অৰ্পণৰ মাক দেউতাকক অৰ্পণ আৰু তাইৰ সম্বন্ধৰ কথা কলে আৰু লগতে তাই সন্তান সম্ভৱা কথাটোও কলে। আৰু কলে যে অৰ্পণ আৰু তাই এজনে আনজনক বহুত ভালপাই।
মীৰাৰ কথা শুনি অৰ্পণৰ মাক দেউতাকে ওলোটাই মীৰাকে দুখ দিল আৰু অৰ্পণৰ মাক দেউতাকে কলে, এইটো কাৰ পাপৰ বোজা মোৰ লৰাৰ ওপৰত জাপি দিছ! আমাৰ লৰাই এনে ঘৃণাৰ কাম কেতিয়াও নকৰে। তহঁতি দৰিদ্ৰ লোক এনেকুৱাই! ধনী বাপেকৰ লৰা দেখা পালেই তাক নিজৰ কৰি লবলৈ বহু তললৈ নামিব পাৰ। আমাৰ লৰাই তোৰ লগত কি বন্ধুত্ব কৰিলে, তই তাকে ভালপোৱাৰ নাম দিলিগৈ! উলাই যা মোৰ ঘৰৰপৰা! আজিৰেপৰা মোৰ ঘৰৰ ওচৰত দেখা পালে মোতকৈও আৰু বেয়া কোনো নোলাব।
মীৰাই অৰ্পণৰ মাক দেউতাকৰ এনে ৰূপ দেখা পায়, তাৰেপৰা কান্দি কান্তি আঁতৰি আহিল। আৰু নিজৰ কোঠালৈ আহি কান্দিবলৈ ধৰিলে।
সেই সময়তে মীৰাৰ ওচৰলৈ অনিতা খুড়ী আহিল আৰু মীৰাক কান্দি থকা দেখা পায় সুধিলে, কি হল মীৰা, এনেদৰে কান্দিছা কিয়! ( Assamese Storyboard )
মীৰাই, অনিতা খুড়ীয়েকক কলে, একো হোৱা নাই খুড়ী। অলপ গাটো বেয়া লাগিছিল। অনিতা খুড়ীয়ে যেতিয়া মীৰাৰ মূৰত হাত ফুৰালে তেতিয়া মীৰাৰ মূৰটো বহুত গৰম হৈ আছিল। যেনে মীৰাৰ ৫০০ডিগ্ৰী জ্বৰত জ্বলি থকাৰ দৰে। আৰু মীৰা বহুত দূৰ্বল হৈ পৰিছিল। মীৰাই, অনিতা খুড়ীয়েকৰ লগত কথা পাতি থাকোতেই তাতে মূৰ্চা গৈ পৰিল। মীৰাৰ তেনে হোৱা দেখা পায় অনিতা খুড়ীয়ে বৰ ভয় খালে আৰু লৰালৰিকৈ মীৰাক ডক্টৰৰ ওচৰলৈ লৈ গল। ডক্টৰে যি কথা অনিতা খুড়ীয়েকক কলে, তেতিয়া অনিতা খুড়ীৰ যেন ভৰিৰ তলৰ মাটি নাইকিয়া হৈ পৰিছিল। ডক্টৰে অনিতা খুড়ীয়েকক কলে যে, মীৰা ৪মাহৰ অন্তঃসত্বা। কিন্তু অনিতা খুড়ীয়ে নিজৰ বিকলাংগ পুত্র অমিতৰ বিবাহ মীৰাৰ লগত কৰোৱাব বিচাৰিছিল। অনিতা খুড়ীৰ এটাই লৰা আছিল অমিত। সৰুতে অমিতে এটা পথ দুৰ্ঘটনাত নিজৰ ভৰি দুখন হেৰুৱাই পেলাইছিল। সেইবাবে যেতিয়াৰ পৰা অনিতা খুড়ীয়ে মীৰাক লগ পাইছিল, তেতিয়াৰপৰাই তেওঁ মনতে ভাৱি ৰৈছিল, তেওঁ মীৰাকে নিজৰ বোৱাৰী কৰি লব। সেইবাবে অনিতা খুড়ীয়ে, মীৰাৰ সৰুৰে পৰা এতিয়ালৈকে পঢ়া শুনাৰ সম্পূর্ণ খৰচ বহন কৰিছিল। আৰু মীৰাক ভাল ধৰণে ডাঙৰ দীঘল কৰিছিল। মীৰাই যেতিয়া চকু দুটি খুলিলে তেতিয়া অনিতা খুড়ীয়ে তাইৰ ফালে একদম খংত চাই ৰৈছিল।
আৰু অনিতা খুড়ীয়ে খংত কলে, মীৰা তোমাক এই দিনটোৰ বাবে ইমান পঢ়ালো শুনালো। তই নিজৰ দৰিদ্ৰ ৰেখাৰপৰা বাহিৰ হৈ গলি। ভঙা পজাত থকা, তই অলপ বেছিকে সপোন দেখিলি। এইটো কাৰ পাপ নিজৰ পেটত লৈ ফুৰিছ! মীৰাই কেৱল কান্দি মৌন হৈ ৰৈছিল।
কিছু সময়ৰ পাছত মীৰাই কলে যে, অনিতা খুড়ী মই জনা নাছিলো যে, আপুনি মোক আপোনাৰ লৰাৰ বাবে পচন্দ কৰে বুলি। অনিতা খুড়ীয়ে কলে, তই ইমান অবুজন হবি বুলি মই সপোনটো ভবা নাছিলো। মীৰা মই তোক এইবাবে কোৱা নাছিলো যে, যাতে তই পঢ়াত ভালদৰে মন নিদিবি বুলি? কিন্তু মই তোৰ মা দেউতাক কৈছিলো। তই নিজে বুজি লব লাগিছিল, কোনোবা অচিনাকিয়ে তোৰ ওপৰত ইমান পইচা কিয় খৰচ কৰিছে? এতিয়া যি হব লগা আছিলে হৈ গল। এতিয়া ডক্টৰৰ লগত কথা পাতি এই সন্তানটি নষ্ট কৰি দিয়া যাব। কিছু সময়ৰ পাছত অনিতা খুড়ীয়ে ডক্টৰৰ লগত মীৰাৰ সন্তানটিৰ নষ্ট কৰাৰ কথা পাতিলে কিন্তু ডক্টৰে মীৰাৰ সন্তানটি নষ্ট কৰিব নোঁৱাৰো কলে। কাৰণ সন্তানটি ৪মাহ পাৰ হৈ গৈছিল। আৰু মীৰাৰ জীৱনলৈও সংকত আহি পৰিছিল। কিছু সময়ৰ পাছত অনিতা খুড়ী আৰু মীৰা ঘৰলৈ আহিল। আৰু কিছু দিনৰ পাছত নিবিচৰা স্বত্তেও অনিতা খুড়ীয়েকে মীৰাৰ বিবাহ নিজৰ পুত্র অমিতৰ লগত কৰোৱাব লগা হল। মীৰাও এই বিবাহৰ দ্বাৰা সুখী হোৱা নাছিল কাৰণ অমিতৰ দুখন ভৰিয়ে নাছিল। মীৰা ভঙা পজাত ডাঙৰ দীঘল হলেও, কিন্তু তাইৰ সপোনবোৰ ডাঙৰ ডাঙৰ আছিল। আৰু নহবও নো কিয়? কাৰণ তাই কোনো ফালৰেপৰাই কম নাছিল। সুন্দৰতাৰ লগতে তাইৰ লগত সকলোবোৰ আছিল যি এজনী বুদ্ধিয়ক ছোৱালীৰ লগত থাকে।
কিন্তু অনিতা খুড়ীৰ ধাৰ তাই পুৰাবলৈ লাগিছিল। অনিতা খুড়ীয়েকেৰ ধাৰ পুৰুৱাৰ লগতে, তেতিয়া তাইৰ পেটত থকা সন্তানটিৰ চোৱা চিতা আৰু ভৱিষ্যতৰ কথাও চিন্তা কৰিবলীয়া হৈছিল। কিছু দিনৰ পাছত মীৰাই এটি পুত্র সন্তান জন্ম দিলে। লাহে লাহে সময় বাগৰি গল আৰু মীৰাৰ লৰা মৰমো এতিয়া দুবছৰীয়া হৈছিল। এদিনাখন মীৰাই মৰমক লৈ বজাৰলৈ আহিছিল। তেতিয়া মীৰাই বজাৰত অৰ্পণক দেখা পালে। আৰু অৰ্পণে মীৰাক দেখা পায়ে তাইৰ ওচৰলৈ আহিল। আৰু কলে যে, মীৰা মই বিদেশৰ পৰা অহা দুদিন মাত্র হৈছে। মই যেতিয়াই বিদেশলৈ গুচি গৈছিলো, তোমালৈ বহুত মনত পৰিছিল। কিন্তু কি তুমি বিয়াত বহিলা! আৰু এই সন্তানটো কাৰ হয়! তেতিয়া মীৰাই কলে, নহলে মই কি কৰোঁ! তোমাৰ দৰে এৰি থৈ যোৱা লোকৰ অপেক্ষা কৰোঁ! আঁতৰি যোৱা মোৰ চকুৰ আগৰ পৰা! আৰু কেতিয়াও যেন মোৰ সন্মুখলৈ নাহা! অৰ্পণে মীৰাক কলে, এনে নকবা মীৰা। মই জানো তুমি মোক বহুত বেয়া পাই আছা। হয় মই ভুল কৰিছো। কিন্তু মই জানি বুজি কোনো ভুল কৰা নাই। এদিনাখন মোৰ পাপায়ে তোমাকে মোকে একেলগে বাহিৰত দেখা পাইছিল। আৰু সেইবাবে মই যেতিয়া ঘৰলৈ আহিলো তেতিয়াই মোৰ ফোনটো কাঢ়ি ললে আৰু মোক বহুত দিনলৈ ঘৰলৈ বাহিৰলৈ ওলাবলৈ নিদিলে। আৰু তৎক্ষনাত মোৰ বিদেশলৈ যোৱাৰ থিক কৰি দিলে। কিন্তু মই বিদেশলৈ যাবলৈ বিচৰা নাছিলো। মীৰা মই সচাঁ কৈছো, আৰম্ভণিতে মই তোমাক অন্তৰে ভালপোৱা নাছিলো কিন্তু তোমাৰ লগত মই সময় অতিবাহিত কৰোতে কৰোতে মইও তোমাক সচাঁ ভালপাবলৈ ললো। আৰু মই তোমাক বিয়া কৰোৱাবলৈ বিচাৰিছিলো কিন্তু মীৰা তুমি সচাঁকৈয়ে বিয়াত বহিলা!
তেতিয়া সকলোবোৰ কথায়ে মীৰাই কান্দি কান্দি অৰ্পণক কলে। আৰু মীৰাই কলে যে, তাই মন নথকাটো অনিতা খুড়ীৰ লৰাৰ লগত বিয়াত বহিব লগীয়া হল। আৰু এই মৰম তোমাৰ আৰু মোৰ সন্তান হয়। অৰ্পণে এই কথা শুনা পায় সি লৰালৰিকৈ মৰমক সাৱটি লৈ কান্দিবলৈ ধৰিলে আৰু কলে যে, মীৰা এতিয়াও একো বেয়া হোৱা নাই। তুমি কলে মই মোৰ মা দেউতা পৰা আঁতৰি আহি তোমাক বিয়া কৰোৱাব পাৰিম। এই কথাত মীৰাই কলে, নহয় অৰ্পণ, মই এনে কেতিয়াও কৰিব নোঁৱাৰো। মোৰ ওপৰত সৰু কালৰেপৰা লৈ আজিলৈকে অনিতা খুড়ীৰ ধাৰ আছে। যি মই মৃত্যু সময়লৈকে পুৰাব লাগিব। যদি অনিতা খুড়ী নথকা হলে তোমাৰ লৰা আৰু মই জীৱিত নাথাকিলো হয়! এনে কৈয়ে মীৰা তাৰ পৰা গুচি আহিল। আৰু মীৰা আৰু অৰ্পণৰ ভালপোৱা সদায় বাবে আধৰুৱা হৈ থাকি গল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment