কল্পনা অহাকালিলৈ হবলগীয়া অনুষ্ঠানতোৰ বাবে বহুত ফুৰ্তিত আছিল। অমৰেও গোটেই চহৰ খনক নিমন্ত্ৰণ কৰিলে। অফিচত জৰুৰী কাম অলপ থকাৰ বাবে ৰিংকু সোনকালেই অফিচ যাব লগা হল। সি পোৱাৰ পৰাই ৰিয়াৰ লগত কথা পাতিব বিচাৰিছিল কিন্তু ৰিয়াই তাক দেখিলেই মিচিকিয়াই লুকাই গৈছিল।( Assamese Storyboard )
ৰিংকুয়েও তাই এনেদৰে কৰা দেখি মিচিকয়াই ভাবিলে," এতিয়া যিমান লুকাব্ আছে লুকাই লোৱা মাত্ৰ আজিৰ দিনটো তাৰ পাছত তোমাক মোৰ চকুৰ আগৰ পৰা আঁতৰ হব নিদিওঁ।"
ৰিংকু অফিচলৈ ওলাই যোৱাৰ লগে লগে ৰিয়াই স্বস্তিৰ নিশ্বাস ললে,"বাছিলোঁ, যদি তেওঁৰ সন্মুখত আহিলোঁ হয় গোটেই ছাৰপ্ৰাইজ তো শেষ হৈ গল হয়।"
তাৰ পাছত তাই উৰ্মিক ফোন লগালে।
ইফালে মিটিং শেষ হোৱাৰ পিছত অফিচত ৰিংকুৰ মন নবহাত সি ঘৰলৈ গুচি আহিল। ইফালে উৰ্মিয়ে ৰিয়াক হাতত মেহেন্দি লগাই দি আছিল আৰু বেদান্তই মৰমত তাইক আহাৰ খোৱাই দি আছিল। লগতে তিনিওতাই হাঁহি হাঁহি কথা পাতি আছিল। কল্পনাও পাৰ্টীৰ যা -যোগাৰত লাগি আছিল।
ৰিংকুয়ে বহুত বাৰ ৰিয়াক ইঙ্গিত দি মাতিলে কিন্তু তাই মেহেন্দিৰ অজুহাত দেখুৱালে,'এতিয়া একেবাৰে আমাৰ ডেটত লগ পাম আপোনাক।' মনতে ভাবি ৰিয়াই লাজ কৰিলে। তাইক এনেদৰে লাজ কৰা দেখি ৰিংকুয়ে হাঁহি মাৰি ভিতৰলৈ গুচি গল।
ৰিংকুয়ে নিজৰ ৰুমত বহি তাৰ আহিবলগীয়া জীৱনটোৰ কথা ভাবি বহুত সুখী আছিল। তাৰ নিহাৰলৈ মনত পৰাত সি তালৈ ফোন লগালে।
ৰিংকু: কি যে তুমিও নহয়, কাইলৈ মোৰ জীৱনৰ ইমান এটা বিশেষ দিন আৰু তুমি এতিয়ালৈকে অহা নাই।
নিহাৰ: মই কাইলৈ খাটাং পাৰ্টিৰ আগে আগে গৈ পাম। আৰু এইবাৰ একো মূৰ্খামি নকৰিবা।
ৰিংকু: ঠিক আছে নকৰো।
ৰিংকুৰ আকৌ এবাৰ ৰাজু আৰু স্বাতিৰ কথাবোৰ মনত পৰিল। কিন্তু সি মূৰটো জোকাৰি সেইবোৰ পাহৰি গল।
নিহাৰ: তুমি কৈছা যেতিয়া মই মানি লৈছোঁ কিন্তু তোমাৰ খঙটোৰ কোনো ভৰসা নাই। তুমি খঙত ভুল শুদ্ধ সকলো পাহৰি যোৱা।।
ৰিংকু: বাৰু , মই ইয়াৰ ধ্যান ৰাখিম। এতিয়া ফোন ৰাখোঁ বাই, কাইলৈ লগ পাম।
নিহাৰ: বাই।
ৰিংকুয়ে তাৰ ফোনটো কটাৰ লগে লগে স্বাতিৰ মেছেজ আহিল," মই তোমাৰ বাবে হোটেল কৃষ্ণাত ৰৈ আছো, সোনকালে আহা বহুত জৰুৰী কথা আছে।"
এইবাৰ ৰিংকু চিন্তাত পৰিল যে যাব নে নাযাব। তাৰ পাছত সি কিবা ভাবি যাবলৈ ওলাল। তাক ঘৰৰ পৰা ওলাই যোৱা দেখি বেদান্ত আৰু উৰ্মিক তাই ইঙ্গিত দিলে। সিহঁতে ৰিয়াই কোৱাৰ দৰে চাদৰ ওপৰত সকলো প্ৰস্তুতি কৰি দিলে।
ইফালে তাইৰ হাতৰ মেহেন্দি শুকাই যোৱাত তাই ৰিংকুক মেছেজ কৰিলে," ৰাতি ১০ বজাত চাদৰ ওপৰলৈ আহিব মই অপেক্ষা কৰিম। আপোনাৰ বাবে ছাৰপ্ৰাইজ আছে আৰু কিবা কবলগীয়া আছে আপোনাক। প্লিজ দেৰি নকৰিব।"
ৰিংকুয়ে মেছেজটো পঢ়ি হাঁহিলে আৰু স্বাতিক লগ কৰিবলৈ হোটেলৰ ভিতৰলৈ সোমাই গল।
তাত এখন টেবুলত বহি স্বাতিয়ে ৰিংকুৰ বাবে অপেক্ষা কৰি আছিল। ৰিংকু তাইৰ ওচৰত আহি বহিল।
স্বাতি: হাই ৰিংকু।
ৰিংকু: তুমি এনেকৈ মাতি পঠিয়ালা, সকলো ঠিকে আছে নহয়?
স্বাতি: অ সকলো ঠিক আছে আৰু নাই ও।
ৰিংকু: এইটো আকৌ কেনেকুৱা কথা? মই বুজি পোৱাকৈ কথাটো খুলি কোৱাচোন।
স্বাতি: চোৱা ৰিংকু মই তোমাক আপত্তি নকৰো যে তুমি বিয়াও কৰালা আৰু আমাৰ লগৰবোৰক নজনালা। কিন্তু মই তোমাক বেলেগ এটা কথাহে কব বিচাৰো।
ৰিংকু: তুমি কি কব বিচাৰিছা সোনকালে কোৱা।
স্বাতি: ৰিয়া তোমাৰ বাবে ভাল ছোৱালী নহয় ৰিংকু।
ৰিংকুৰ খং উঠিল," যোৱাকালিলৈকে তুমি তাইক মৰম লগা বুলি কৈ আছিলা। বেদান্তৰ লগত তাইৰ বিয়াৰ কথা কৈ আছিলা। এতিয়া হঠাৎ কি হৈ গল?"
স্বাতি: প্লিজ ৰিংকু,ইমান খং নকৰিবা। প্ৰথমে মই তাইক বহুত ভাল বুলি ভাবিছিলোঁ আৰু বেদান্তৰ লগত তাইৰ সম্বন্ধ দেখি সিহঁতৰ মাজত প্ৰেম আছে বুলি ভাবিছিলোঁ।
ৰিংকু: এতিয়া ৰিয়াই এনেকুৱা কি কৰিলে যাৰ কাৰণে তুমি তাইক এতিয়া বেয়া বুলি কৈছা?
স্বাতি: আজি মোৰ সম্পর্কীয় ভাইটি এজন যি বেদান্ত আৰু ৰিয়াৰ লগতেই পঢ়ে তাৰ লগত ৰিয়াৰ বিষয়ে কথা পতাত মই এনে কিছুমান কথা গম পালোঁ যে তোমাক নোকোৱাকৈ থাকিব নোৱাৰিলো।
ৰিংকুয়ে তাইৰ কথাবোৰৰ পৰা আমনি পাই কলে," যি কব আছে সোনকালে কোৱা মোৰ ওচৰত সময় নাই।"
স্বাতি: প্লিজ ৰিংকু খং নকৰিবা। ৰিয়াৰ চৰিত্ৰ ভাল নহয়। গোটেই কলেজত ৰিয়া আৰু বেদান্তৰ বিষয়ে চৰ্চা চলে আৰু লগতে তাৰ বন্ধু বিতুৰ লগতো ৰিয়াৰ নাম জোৰা লগোৱা হয়। যদি তোমাৰ বিশ্বাস হোৱা নাই এইয়া চোৱা।" তাই এনেদৰে কৈ বেগৰ পৰা ৰিংকুক পেকেট এটা উলিয়াই দিলে।
ৰিংকুয়ে সেইটো খুলি চোৱাত তাত ৰিয়া আৰু বেদান্তৰ বহুত ফটো আছিল। কিছুমান ফটোত ৰিয়াই বিতুৰ লগতো হাঁহি হাঁহি কথা পাতি আছিল।
স্বাতিয়ে এইবাৰ ৰিংকুৰ ফালে চাই অন্তিম বাৰ আঘাত কৰিলে,"মই নিহাৰৰ পৰা গম পালোঁ যে তুমি কি পৰিস্থিতিত বিয়া কৰাব লগা হল। তুমিয়েই ভাবি চোৱাচোন নিশ্চয় কিবা কাৰণ আছে যাৰ বাবে সেই লৰাজনে বিয়াৰ আগমুহূৰ্তত ৰিয়াক বিয়া কৰাবলৈ অমান্তি হল। আৰু তাৰ পাছত তোমাৰ লগত বিয়া হোৱাৰ পাছতো তুমি স্বীকাৰ নকৰিলা। এই মাক নোহোৱা ছোৱালীবোৰে নিজৰ সপোন পুৰা কৰিবলৈ বেয়া ৰাস্তাত যোৱাৰ পৰা নিজক ৰখাব নোৱাৰে। তুমি নহলে বেদান্তই ঠিক। ৰাজুয়ে কৈছিল যে বহুতবাৰ তাই ৰাজুৰ লগতো কথা পাতিব চেষ্টা কৰিছিল। কিন্তু ৰাজুৰ এনেকুৱা ছোৱালীৰ প্ৰতি কোনো আকৰ্ষণ নাই। সেইবাবে সি তাইৰ পৰা আঁতৰি থাকে।"
ৰিংকু : কিন্তু,বেদান্তই তাইক নিজৰ বাইদেউ বুলি ভাবে আৰু ৰাখিও পিন্ধি লয় তাইৰ হাতৰ পৰা।( Assamese Storyboard )
স্বাতি: তুমিও যে কোনটো যুগত জীয়াই আছা। কেৱল ৰাখি হে পিন্ধাই নিজৰ বায়েক তো নহয়। আৰু আজিকালি এইবোৰ বস্তুৰ কোনো মূল্য নাই। বিতুক নো কত ৰাখি পিন্ধাই?
ৰিংকুয়ে চিঞৰিলে," নাই এনেকুৱা হব নোৱাৰে। এইবোৰ সকলো মিছা। তোমাৰো ভুল ধাৰণা হৈছে মোৰ দৰে।"
স্বাতি: ৰিংকু লাহেকৈ কোৱা এইটো পাব্লিক প্লেচ হয়। মই মাত্ৰ এজন বন্ধু হোৱাৰ দায়িত্ব পালন কৰিলোঁ আৰু তোমাক সতৰ্ক কৰিলোঁ। বাকী তুমি জানা।
ইমানখিনি কৈ তাই তাৰ পৰা উঠি আহিল। বাহিৰলৈ আহি তাই অকলে অকলে হাঁহি নিজক কলে," ইমান সহজতে তোমাক সেই সামান্য ছোৱালীজনীৰ হবলৈ দিব নোৱাৰো মই। ৰিংকু তুমি মোৰ হব লাগিব কেৱল মোৰ।"
ভিতৰত ৰিংকু এতিয়াও স্বাতিয়ে দিয়া ফটোবোৰৰ মাজত আবদ্ধ হৈ আছিল। তাৰ কাণত স্বাতিৰ কথাবোৰ গুজৰী আছিল। কিছুমান ছবি যেনে ৰিয়াই অনবৰতে বেদান্তৰ আগে পিছে থকা এইবোৰ তাৰ চকুত ভাঁহি আহিল। ৰাতি দেৰিলৈকে দুয়ো একেলগে থকা। হস্পিটেলত ডাক্তৰৰ লগত ৰিয়াৰ লগত বেদান্তৰ সম্পৰ্কৰ ৰহস্যৰ বিষয়ে কথা পতা আৰু বহুত কিবা।
তেতিয়া ৰিংকুৰ মোবাইলট ৰিয়াৰ মেছেজ আহিল," আপুনি কত আছে সোনকালে আহক। মই টেৰেছত আপোনাৰ বাবে ৰৈ আছো।"
ৰিংকুৰ মগজুৱে কাম কৰা নাছিল। তাৰ বহুত খং উঠিল। সি পুনৰ খঙত ভুল শুদ্ধ পাহৰি গল। সি আকৌ কিবা ভাবি হাঁহিলে,"এতিয়া তোমাৰ ছাৰপ্ৰাইজতোও চাই লওঁ।" বুলি সি ঘৰলৈ গল।
ইফালে ৰিয়া সেই বেঙুনীয়া ৰঙৰ শাৰীখন পিন্ধি সাজি কাঁচি আছিল। আজি তাই অলপ মেক আপ কৰিছে। শিৰত ভৰাই লোৱা সেন্দুৰ, কাপোৰৰ লগত মিলাই খাৰু আৰু ৰঙা ফোঁট লগাই তাইক একেবাৰে নৱবিবাহিতা যেন লাগিছিল,"তেন্তে মিছেছ ৰিংকু, তোমাৰ স্বামীৰ লগত ফুৰিবলৈ যাবলৈ সাজু তুমি।" আইনাত নিজকে চাই কলে আৰু লাজ কৰিলে ।
এতিয়া তাই ৰিংকুৰ বাবে অপেক্ষা কৰি আছিল। তেতিয়াই তাই গাড়ীৰ মাত শুনিলে। ওপৰৰ পৰা চোৱাত ৰিংকুৰ গাড়ীখন দেখা পালে। কিছুসময় পাছত ৰিংকু চাদৰ ওপৰলৈ আহিল।
চাদৰ ওপৰত ৰঙীন লাইটেৰে সজাই থোৱা আছিল। মাজতে এখন টেবুল আছিল। ৰিংকুয়ে আহি টেবুলত ৰঙা গোলাপ সজাই থোৱা দেখিলে আৰু তাৰ মন পছন্দ খাদ্য। সি এইবোৰ দেখি হাঁহিলে আৰু চাৰিওফালে চোৱাত ৰিয়া তাৰ পিছফালে পিঠি দি থিয় হৈ আছিল। তাই সেইখন শাৰী পিন্ধিছিল যিখন সিদিনা সি কিনি আনিছিল।
ৰিংকুয়ে মনৰ মাজতে কলে," বেলেগ দিন হোৱা হলে তোমাক সাৱটি ধৰিলোঁ হয় কিন্তু এতিয়া নহব। কাৰন মই এতিয়া তোমাৰ সকলো সঁচা গম পালোঁ।" আৰু হাঁহি দিলে।
তাৰ হাঁহি শুনি ৰিয়াই উভতি চালে," আপুনি আহিলে। মই কেতিয়াবাৰ পৰাই আপোনাৰ বাবে ৰৈ আছিলোঁ। মোৰ ছাৰপ্ৰাইজ তো কেনে লাগিল?"
ৰিংকু: অ বহুত ভাল লাগিছে।
ৰিংকুয়ে এনেকৈ লাহেকৈ কোৱাত ৰিয়া আচৰিত হল। তাৰ পাছত তাই ভাবিলে হয়তো কামৰ বাবে তেওঁ ভাগৰি পৰিল।
তাই লাহে লাহে ৰিংকুৰ ওচৰলৈ আহিল আৰু তাৰ হাতত ধৰি তাক চকী এখনত বহুৱাই কলে," মিষ্টাৰ কলিতা আপোনাক মোৰ এই দেতলৈ স্বাগতম।" তাৰ পাছত তাই অলপ ৰৈ কলে," মই আপোনাক প্ৰথমে কিবা এটা কব বিচাৰো। আজি মই আপোনাক বেদান্ত আৰু মোৰ বিষয়ে এটা কথা কম যিটো গম পোৱা আপোনাৰ বাবে বহুত জৰুৰী।"
ৰিংকুয়ে প্ৰথমে তাইলৈ চালে আৰু লাহেকৈ তাইৰ হাতখন এৰুৱাই দিলে," মোৰো তোমাক কিবা কবলৈ আছে। নহয় নহয় দেখুৱাব লগা আছে তোমাৰ আৰু বেদান্তৰ বিষয়ে। বাৰু তুমি এইটো কোৱাচোন যে তুমি বেদান্তক ভাল পোৱা নে?"
ৰিয়াই আশ্চৰ্যৰে ৰিংকুলৈ চাই কলে," এইয়া আপুনি কি প্ৰশ্ন কৰিছে ? আপুনি ভালকৈয়ে জানে যে মই আৰু বেদান্ত সৰুৰে পৰাই ভাল বন্ধু আৰু আমি ইজনে আনজনক কিমান মানো। তাৰ পাছতো এইটো প্ৰশ্নৰ মানে কি?"
ৰিংকু: বহুত অৰ্থ আছে, প্ৰথমে তুমি উত্তৰ দিয়া।
ৰিয়া: হয়, বেদান্তক মই বহুত মৰম কৰোঁ। সি মোৰ বাবে বহুত বিশেষ হয় মোৰ নিজৰ জীৱনটোতকৈও বেছি।
কথাষাৰ শুনি ৰিংকুৰ মনৰ ভিতৰত যেন কিবা এটা ভাঙি গল। তাৰ পাছত নিজক চম্ভালি সেই ফটোখিনি ৰিয়াৰ সন্মুখত থৈ দিলে,"তেন্তে এই ফটোবোৰ সঁচা।" অলপ খঙেৰে কলে।
এইবাৰ ৰিয়াৰ চিন্তা হল যে হঠাৎ ৰিংকুৰ কি হৈ গল। সি এইবোৰ কি কথা কৈছে? তাৰ পাছত তাই কঁপা হাতেৰে ফটোবোৰ চালে । কিছুমান ফটো সিদিনা ৰাতিৰ আছিল যত বেদান্তই তাইক কোলাত দাঙি আছিল আৰু তাই অচেতন হৈ আছিল,"ৰিংকু দা এইবোৰ কি হয় আৰু আপোনাক এইবোৰ কোনে দিলে? আপুনি এইবোৰৰ বিষয়ে গম পায় ?"
ৰিয়াই ভাৱিলে সিদিনা ৰাতিৰ কথা ৰিংকুক কোনোবাই কৈ দিলে। হয়তো সেইবাবে সি ইমান খঙত আছে,"মই আপোনাক সকলো কম বুলি ভাবিছিলোঁ।"তাই ভয়েৰে কলে।
ৰিংকু: তাকেইটো মই তোমাক সুধিছো যে এইয়া তুমিয়েই হয় নে আৰু মোক কেতিয়া এইবোৰ কলা হেতেন?
ৰিয়াই মনৰ ভিতৰতে কলে," কোনোবাই এওঁক ভুলকৈ এইবোৰ কৈছে।" তাৰ পাছত তাই ৰিংকুক কলে," হয় এইবোৰ মোৰেই ফটো কিন্তু আপুনি ভুল বুজিছে। মই আপোনাক সকলো বুজাই কম।"
ৰিংকুয়ে খঙত চিঞৰি উঠিল," অ , এতিয়ালৈকে সকলো ভুলেই বুজি আছিলোঁ। কিন্তু এতিয়া সকলো শুদ্ধ দেখি পাইছোঁ।" আৰু খঙত টেবুলখন দলিয়াই দিলে।
ৰিয়াই তাৰ হাতত ধৰি ললে,"আপুনি প্ৰথমে মোৰ কথাটো শুনক।"
ৰিংকুয়ে তাৰ হাতখন আঁতৰাই আনি তাইক সন্মুখৰ ৱালত ঠেলি দি কলে," কি শুনিম মই আৰু কিয় শুনিম তোমাৰ কথা? চকুৰ আগত যেতিয়া সকলো স্পষ্ট হৈ আছে। তুমি মোৰ ৰুমলৈ নোযোৱা কিন্তু বেদান্তৰ ৰুমলৈ যেতিয়াই মন তেতিয়াই গুচি যোৱা। অনবৰতে তাৰ আগ পিছ কৰি থাকা। মই সকলো দেখি থাকোঁ। মই যেতিয়া ইয়াত নাছিলোঁ তেতিয়া তো তোমালোক অকলেই আছিলা। মানুহক দেখুৱাবলৈ ৰাখি পিন্ধোৱা। আৰু কোনেও গম নোপোৱাকৈ মোৰ ভাইটিৰ ওপৰত বেয়া চকু দিয়া। সি তো সৰু হৈ আছে একো নাজানে আৰু তোমাক নিজৰ বাইদেউ বুলি ভাবে আৰু উৰ্মিক ভাল পায়। তথাপিও তুমি তাৰ লগত লাগি থাকিবলৈ এটাও সুযোগ এৰি নিদিয়া । যেতিয়া মোৰ ভাইটিয়ে তোমাক গুৰুত্ব নিদিলে তেতিয়া তুমি সেই বিতুক পতাবলৈ আৰম্ভ কৰিলা। কিমান তললৈ নামিব পৰা ছোৱালী হয় তুমি।"ৰিয়াৰ চকুৰে চকুলো বৈ আহিল,"ৰিংকু দা, এতিয়াও আপুনি ভুল বুজিছে। বহুত ভুল বুজিছে মই তেনেকুৱা নহয়। ভগবানৰ কাৰণে মনে মনে থাকক। এবাৰ মোক কবলৈ সুযোগ দিয়ক।"
ৰিংকু: অ ঠিকেই কৈছা তুমি। মই ভুল বুজিছো। কাৰণ তুমি তাতকৈও বেয়া ছোৱালী। আৰু তুমি কবা নো কি? গোটেই কলেজে তোমাৰ এই লীলাৰ চৰ্চা কৰি আছে। যদি তুমি ইমানেই শুদ্ধ হয় তেন্তে যেতিয়া মই তোমাক বিয়াৰ পাছত অস্বীকাৰ কৰিলোঁ তেন্তে তুমি কি সম্পৰ্কৰ বাবে ইয়াত আছা? এইকাৰনেই ন যে এইবোৰ ৰাজসুখ, এই আৰামৰ জীৱন। এইবোৰতো তুমি শিৱসাগৰত থাকিলে নোপোৱা। হয়নে কোৱা? কত কব পাৰিবা নো? কবলৈ কিবা থাকিলে হে তুমি কবা। তোমাৰ নিচিনা ছোৱালীয়ে নিজৰ ফুৰ্তিৰ বাবে নিজক ইমান তললৈ নমাই দিয়া যে চি.. লাজ লাগে তোমাৰ নিচিনাবোৰৰ বাবে।" আৰু তাইক গতিয়াই তাৰ পৰা ওলাই আহিল।
ৰিয়া স্তব্ধ হৈ পৰিল। ৰিংকু ধুমুহাৰ দৰে আহিল আৰু তাইৰ ওপৰত মিছা অপবাদ জাপি গুচি গল। কিছুসময় পাছত গোটেই টেৰেছত তাইৰ ৰুদনেৰে গুজৰী উঠিল," আপুনি মোক কবলৈ সুবিধা নিদিলে। আৰু মোৰ ওপৰত ইমান ডাঙৰ এটা মিছা অপবাদ দি থৈ গল। এইয়া আপুনি একেবাৰে ভুল কৰিলে।"
বহুত দেৰিলৈকে ৰিয়াই তাতে বহি কান্দি থাকিল। তাৰ পাছত যেতিয়া তাই নিজৰ জ্ঞান ঘূৰাই পালে তেতিয়া ৰাতিপুৱা ৩ বাজিছে। তাই লাহেকৈ তললৈ গল। ৰিংকুৰ ৰুমৰ দৰ্জা খোলা আছিল। হয়তো সি তাৰ ৰুমত নাই। তাই ভাগৰুৱা খোজেৰে নিজৰ ৰুমলৈ গল আৰু কাৰোবাক ফোন কৰিলে।
কিছুসময় পাছত তাই বেদান্তৰ ৰুমলৈ গল। তাৰ মূৰত লাহেকৈ হাত ফুৰাই দিলে। তাৰ পাছত কল্পনাৰ ৰুমলৈ গৈ তেওঁক সেৱা কৰিলে আৰু মন্দিৰলৈ গল। ভগবানক সেৱা কৰি এবাৰ তাই গোটেও ঘৰটোত চকু ফুৰালে। তাৰ পাছত এটা সৰু বেগত তাইৰ দুইজোৰ মান কাপোৰ ভৰাই লৈ লগতে দৰকাৰী কাগজ আৰু বেদান্ত ৰিংকুৰ কেইখন মান ফটো লগত লৈ এক অজান যাত্ৰাত গুচি গল।
আগলৈ…
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment